06/08/2025
যি সময়ত আমি দেখিছো আমেৰিকাই তেওঁলোকৰ অবৈধ প্ৰৱৰ্জনকাৰীক হাতকেৰিয়া লগাই,আমাৰ ভাৰতৰ মানুহকো যি ধৰণে ইয়ালৈ প্ৰত্যাবৰ্তন কৰিছে,ইয়ালৈ খেদি দিছে।হাত-ভৰি বান্ধি একোপ্লেনত উঠাই ভাৰতবৰ্ষত থৈ গৈছেহি।সেই সময়ত আমি অসমৰ পৰা এজনো বিদেশীক চিনাক্তকৰণ কৰি তেওঁলোকক বহিস্কাৰ কৰা নেদেখিলো,কিন্তু বিদেশীক লৈ প্ৰত্যেকবাৰেই নিৰ্বাচনৰ সময়ত আমি বিজেপি দলক ৰাজনীতি কৰাহে দেখিবলৈ পালো।অসমত বিদেশীৰ প্ৰসংগক লৈ এইদৰেই সংবাদ মাধ্যমৰ আগত সৰৱ হৈ উঠিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ।গগৈয়ে কয় যে-আৰ এছ এছ আৰু বিজেপিয়ে ৯ বছৰৰ শাসনকালত আটাইতকৈ কম বিদেশী আইনগতভাৱে অসমৰ পৰা বহিস্কাৰ কৰিছে।অথচ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনতে কৈছিল ২০১৪ চনৰ ১৬ মেৰ পৰা অসমৰ প্ৰত্যেকজন বিদেশী শেষ হৈ যাব তেওঁলোকক টালি-টোপোলা লৈ খেদি দিয়া হব।তেওঁ পুনৰ কয়-কিন্তু তাৰ দহ বছৰৰ পাছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে অসমত এক কোটি বিদেশী আছে।যদি এক কোটি বিজেপি আছে,তোমালোকে কি কৰি আছা? তোমালোকে সেই বিদেশী বহিস্কাৰৰ বাবে কিয় এতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাই? সেই বিদেশী চিনাক্তকৰণৰ বাবে কিয় এতিয়াও এন আৰ চি খন সম্পূৰ্ণ কৰা নাই? যদি এক কোটি বিদেশী আছে সেই এক কোটি বিদেশী খেদোৱাৰ দায়িত্ব কাৰ বুলি গগৈয়ে প্ৰশ্ন কৰে।অসমত চলি থকা উচ্ছেদটো এটা সম্পূৰ্ণ সাম্প্ৰদায়িক,ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী তেওঁলোকে পাৰ হব খুজিছে বুলি উল্লেখ কৰি গগৈয়ে উৰিয়ামঘাটৰ প্ৰসংগ টানি কয়-উৰিয়ামঘাটত বাংলাদেশীয়ে মাটি দখল কৰিছে বুলি কলে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই বাংলাদেশীৰ এজনকো ধৰি লৈ অসমৰ পৰা বাংলাদেশলৈ নপঠালে।ঘৰ ভাঙি চলোৱা উচ্ছেদৰ পাছত সেই মাটিবিলাকত এতিয়া নগাই আহি দখল কৰিছে।নগাৰ পৰা সেই মাটি সুৰক্ষিত কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ প্লেন কি? নে কেৱল হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক বাতাৱৰণ এটা সৃষ্টি কৰাই তেওঁৰ উদ্দেশ্য।গগৈয়ে এইদৰে মুখ্যমন্ত্ৰীক কটাক্ষ কৰে।উৰিয়ামঘাটৰ উচ্ছেদে আমাক এইটোৱে শিক্ষা দিলে বুলি উল্লেখ কৰি গগৈয়ে কয়-অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি সুৰক্ষিত কৰিবৰ বাবে নহয়,যেন বহিঃৰাজ্যক দিবলৈহে কৰিছে।প্ৰয়োজন সাপেক্ষে নগাক দি দিব,কিন্তু অসমীয়া মানুহক বহিবলৈ নিদিয়ে।গগৈয়ে কয় গোৱালপাৰা বা ধুবুৰী যতেই উচ্ছেদ হৈছে,তাৰ মূল উদ্দেশ্য হল আদানীক,আম্বানীক মাটি দিয়া।কাৰ্বি আংলঙৰ ১২ হাজাৰ বিঘা মাটি আদানীক দিব খোজা হৈছে চলাৰ প্ৰজেক্টৰ কাৰণে।তেওঁ কয় যে-উচ্ছেদ অসমৰ ৰাইজৰ ভালৰ কাৰণে নহয় ২০২৬ চনৰ বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ বাবে কৰা এটা অংকহে।কোনো জাতীয় দায়িত্ব পালন কৰিবলৈ উচ্ছেদ কৰা নাই বুলিও গগৈয়ে কয়।উচ্ছেদ কেৱল হিন্দু-মুছলমানৰ মাজত সংঘাত লগাবলৈ বুলি প্ৰকাশ কৰি গগৈয়ে কয় কিছুমান সংগঠনক পৃষ্ঠপোষকতা কৰি দায়িত্ব অৰ্পণ কৰি দিয়া হৈছে,যাতে এক সংঘৰ্ষমূলক পৰিস্থিতি এটাৰ সৃষ্টি কৰা হয়।গগৈয়ে কয় যে-সমগ্ৰ অসসজুৰি যি সাম্প্ৰদায়িক,উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি কৰা হৈছে,সেয়া অসমৰ সু-নাগৰিকসকলক বাবে বৰ্তমানৰ সময়খিনি দু-সময় হিচাপে পৰিগণিত হৈছে।সাতামপুৰুষীয়া ঐক্যত বিনষ্ট আৰু বিশৃংখল কৰিবৰ বাবে বিজেপি চৰকাৰৰ নেতৃত্বত আৰু পৃষ্ঠপোষকতাত সমগ্ৰ ৰাজ্যজুৰি উত্তেজনাময় পৰিৱেশ এটাৰ সৃষ্টি কৰি দিয়া হৈছে।যাৰ পৰিপেক্ষিতত একাংশ লোকে এতিয়া উদ্বেগত থাকিবলীয়া হৈছে।