31/07/2026
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
বানাক্ৰান্ত ৩জিলাৰ ৰাইজৰ বেংক সম্পৰ্কীয় সমস্যাৰ ক্ষেত্রত বিশেষ মন্তব্য
বানত ক্ষতিগ্রস্ত হৈছে ১৯টা ৰাজহ চক্র, ১১৩১খন গাঁও
৯,৯৬,০৬৬গৰাকী লোক বানত আক্রান্ত হৈছে
১৮৫টা বান শিবিৰ স্থাপন কৰিছে য’ত ৬৭,৬৯৭গৰাকী ব্যক্তি শিবিৰত আছে
৭১গৰাকী লোকৰ মৃত্যু হৈছে, শিৱসাগৰৰ এজন লোক সন্ধানহীন
৩৯৭টা অংগনৱাড়ী কেন্দ্র, ৫৯৮খন বিদ্যালয় ক্ষতিগ্রস্ত
বহু চৰকাৰী আন্তঃগাঁথনি ক্ষতিগ্রস্ত বানত
এই পৰ্যন্ত ১৯,৪৬৯ কুইণ্টল চাউল, ৩,৬২২কুইণ্টল দালি, ৮৪ হাজাৰ লিটাৰ মিঠাতেল দিয়া হৈছে
এতিয়া বানাক্ৰান্তৰ বাবে বিশেষ কিট প্রস্তুত কৰা হ’ব
শিৱসাগৰলৈ ২,৩৭,৫১৩টা কিট, চৰাইদেউলৈ ৬৩হাজাৰ কিট প্রেৰণ
এই সাহায্য অভিযান ভৱিষ্যতলৈ অব্যাহত থাকিব
প্রতিগৰাকী অৰুণোদয় হিতাধিকাৰীক আঢ়ৈ হাজাৰকৈ দিয়া হ’ব
বানাক্রান্ত জিলাৰ হিতাধিকাৰীয়ে পাব এই ধন
১৫হাজাৰ ধন দিয়াৰ ঘোষণাৰ ক্ষেত্রত তালিকা প্রস্তুত কৰি থকা হৈছে
বেংক একাউণ্টযোগে প্রেৰণ কৰা হ’ব এই ধন
বিনামূলীয়া পাঠ্যপুথি আজিৰে পৰা প্রেৰণ কৰা প্রক্রিয়া আৰম্ভ হৈছে
বিদ্যালয় শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয়সমূহক এই নিৰ্দেশ দিয়া হৈছে
উচ্চ মাধ্যমকিৰ ছাত্রৰ বাবে ১০০০, ডিগ্রীৰ ছাত্রৰ বাবে ৩০০০টকা
বিশ্ববিদ্যালয়ৰ ছাত্রৰ বাবে ৫০০০টকাকৈ দিয়াৰ তালিকা প্রস্তুত কৰা হৈছে
কেন্দ্রীয় বিত্তমন্ত্রীৰে বেংকৰ ঋণ সম্পৰ্কীয় আলোচনা সম্পন্ন হৈছে
SLBCৰ সৈতে বিশেষ বৈঠকত RBI, নাবাৰ্ডকে ধৰি সকলো বেংক উপস্থিত আছিল
বানাক্ৰান্ত জিলাত ৩.১৮ লাখ বেংক একাউণ্ট আছে
এই একাউণ্ট সমূহত আউটষ্টেণ্ডিং ঋণৰ পৰিমাণ হৈছে ১১,৪০০ কোটি টকা
ঋণ থকা ব্যক্তিসকলৰ বাবে সকাহমূলক আঁচনি প্রস্তুত
যিসকল ব্যক্তি বান আক্রান্ত হোৱা নাই, সেইসকলে আঁচনিলৈ অপেক্ষা নকৰিব
বানত ক্ষতিগ্রস্ত নহ’লে ব্যক্তিৰ বাবে ই প্রযোজ্য নহ’ব
এই সকাহ কোনে কোনে পাব-
১৯ জুলাইৰ পূৰ্বে যিসকলৰ একাউণ্ট NPA হোৱা নাছিলে তেওঁলোকে পাব ইয়াৰ সুবিধা
গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ ঋণৰ বাবে ৬ মাহৰ বাবে ম’ৰেটৰিয়াম ঘোষণা
অহা ৬ মাহলৈ বানাক্ৰান্ত লোকে ঋণ ঘূৰাই দিব নালাগে
প্রয়োজন হ’লে ঘূৰাই দিয়াৰ সময় আৰু এবছৰলৈ বৃদ্ধি কৰিব পাৰে
ম’ৰেটৰিয়াম ১৯ জুলাইৰ পৰা প্রযোজ্য হ’ব