KhabarPlus

KhabarPlus News for truth.

30/05/2025

গুৱাহাটীৰ কৃত্ৰিম বানপানী উদ্ভূত পৰিস্থিতি পৰ্যবেক্ষণ গৃহনিৰ্মাণ আৰু নগৰ উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

📌বশিষ্ঠৰ ইন্দিৰা নগৰত বানত আবদ্ধ বৃদ্ধা, শিশুক উদ্ধাৰ বশিষ্ঠ আৰক্ষীৰ।
30/05/2025

📌বশিষ্ঠৰ ইন্দিৰা নগৰত বানত আবদ্ধ বৃদ্ধা, শিশুক উদ্ধাৰ বশিষ্ঠ আৰক্ষীৰ।

30/05/2025

অসমৰ জনতাই বন্দুক নহয় সংস্থাপন বিচাৰে। বিজেপিয়ে বিচাৰিছে কেৱল নিজৰ কৰ্মী আৰু আৰ এছ এছৰ হাতত বন্দুক তুলি দিবলৈ । যাৰফলত স্থানীয় ব্যৱসায়ী আৰু দোকানীসকলক হাৰাশাস্তি কৰা হ’ব। গুপ্তহত্যা আৰু সৎ ব্যৱসায়ী সকলক ভীতিগ্ৰস্ত কৰা সেই বেয়া দিনবোৰ ঘূৰি আহিব।--সাংসদ গৌৰৱ গগৈ, সভাপতি,অসম প্ৰদেশ কংগ্ৰেছ

People of Assam want jobs and not guns, and BJP will only give these guns to its workers and RSS. Local businessmen and shopkeepers are going to be harassed. Those bad days of secret killings and intimidation of honest businessmen are going to return.

26/05/2025

গুৱাহাটীত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ

কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীলৈ আহিছে গৌতম গম্ভীৰ

23/05/2025

Exclusive Truth...Beyond Some of Media Mirchi

মূল ঘটনা~~
আৰ কে সিঙৰ পুত্ৰ ৰিতেশ সিঙৰ পত্নী মুস্কান আৰু কিৰণ সিঙৰ জীয়েক তনু শ্বাহীৰ মাজত প্ৰচণ্ড কাজিয়া,
আব্দুল, প্ৰকাশ চাহু সহ অন্যান্য দখলকাৰী যুৱকৰ শ্বাহীৰ পৰিয়ালৰ সৈতে তীব্ৰ খণ্ডযুদ্ধ,
তনু শ্বাহীৰ ভাতৃক দলবদ্ধ প্ৰহাৰ ৰিতেশ সিঙৰ নেতৃত্বত অহা এদল তেল ডিপোৰ দখলকাৰীৰ ~~
তনু শ্বাহীয়ে অসমীয়া জাতিক অপমান কৰা নাই
কেৱল পেট্ৰল পাম্পত দাদাগিৰি কৰিবলৈ
যোৱা যুৱককেইজনকহে কথাটো কৈছিল। মই নিজেই এজন অসমীয়া, সমগ্ৰ অসমীয়া জাতিক তনুৱে এই কথা কোৱা নাই। দুই বিহাৰী ফৈদৰ কাজিয়াত এজন তেজাল অসমীয়া যুৱক শংকৰজ্যোতি বৰুৱা জেইলত আছে আৰু আন এজন তেজাল লৰা শৃংখল চলিহা জেইল যাব হ'য়তো আজি। লাভ কাৰ হৈছে এই অহেতুক আৱেগ সৃষ্টিৰ পৰা। আব্দুল মুকলি আকাশত, প্ৰকাশ চাহু দমত ঘূৰি আছে আৰু আমাৰ অসমীয়া লৰা বিলাক আইনী মেৰপাচত সোমাই বহুমুলীয়া সময় ও জেপৰ টকা খৰচ কৰি আছে। এইদৰে আনৰ কু-চক্ৰান্তৰ বলি হৈ মগজ ব্যৱহাৰ নকৰাকৈ অকল আৱেগত চলিলে জাতি ৰক্ষা নপৰিব কিন্তু। এইবোৰ সোনকালে বন্ধ হ'ব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যি উন্নয়নৰ ধাৰা বৈছে আকৌ যদি সেই ৮০-৯০ দশকৰ দৰে আন্দোলন অসম বন্ধ অনা-অসমীয়াক খেদা আৰম্ভ হৈ যায় তেন্তে ৰাজ্যৰ উন্নয়ন স্থবিৰ হৈ পৰিব আৰু তাৰ কুফল আমি অসমীয়াই ভোগ কৰিব লাগিব।

© Siddharth Sharma

23/05/2025

এইটো আকৌ কি?

23/05/2025

#জাতীয় সংগঠন(!)বোৰক জাতি ৰক্ষাৰ দায়িত্ব আৰু কৰ্তৃত্ব কোনে দিলে?

বিগত প্ৰায় ৪ টা দশক ধৰি অধিকাংশ জাতীয় সংগঠনৰ নেতা বা প্ৰতিনিধিয়ে নিজকে জাতি ৰক্ষাৰ অভিভাৱক বুলি দাবী কৰি আহিছে। কিন্তু তেওঁলোকক এই জাতি ৰক্ষাৰ দায়িত্ব কোনে দিলে? ময়ো অসমীয়া। মোৰ জিভাৰ ভাষা অসমীয়া। এগৰাকী অসমীয়া হিচাপে জগত সভাত নিজকে প্ৰতিষ্ঠা কৰিবলৈ যিখিনি যোগ্যতা লাগে সেইখিনি মোৰ আছে। তেওঁলোকক জাতি ৰক্ষাৰ দায়িত্ব মই দিয়া নাই, আপুনি দিয়া নাই, আপোনাৰ-মোৰ দৰে হাজাৰ-হাজাৰ লাখ জনে দিয়া নাই। তাৰ পিছতো তেওঁলোক জাতীয় সংগঠন কেনেকৈ হ'ল? আলফাৰ পৰেশ বৰুৱা স্বয়ম্ভু সেনাধ্যক্ষ হোৱাৰ দৰে তেওঁলোকো Self claimed Jatiya Sangathan; No doubt about it!

এতিয়া আহো বিভিন্ন জাতীয় (!) সংগঠনৰ নেতৃত্বৰ প্ৰসংগত। এই জাতীয়(!) সংগঠনবোৰে যে জাতি ৰক্ষাৰ ভীমৰ ভাও দিছে তাৰ বাবে তেওঁলোকক কোনোবাই দায়িত্ব দিছে নেকি? এই জাতীয়(!) সংগঠনবোৰৰ নেতৃত্বক ৰাইজে অনুৰোধ জনাইছে নেকি যে,বোপা তোমালোকে অমুক,তমুকৰ বিৰোধিতা কৰা;নহ'লে কালিলৈৰ পৰা অসমীয়া ভাষা আৰু জাতিটো নাথাকে। দায়িত্ব অৰ্পণ কৰা নাই এওঁলোকৰ ওপৰত। এওঁলোক Self declared জাতিৰ অভিভাৱক। তোমালোকে ঘৰত শুই বহি থাকিলেও জাতিটোৰ একো ক্ষতি সাধন নহয়। কিন্তু সকলোৱে নিজৰ স্বাৰ্থত একোটা ৰাজনৈতিক Degine & defination সৃষ্টি কৰি লৈছে;য'ত চগা পৰাদি জপিয়াইছে একাংশ আৱেগিক-উন্মাদ লোকে।

অসমৰ প্ৰতিটো তথাকথিত জাতীয় সংগঠনৰ নেতাৰ আয়ৰ উৎস (Source of Income) কি? সেয়া ৰাজহুৱা কৰাৰ সাহস হ'ব! জাতীয়(!) সংগঠনৰ নেতৃত্বলৈ অহাৰ পূৰ্বে তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি(Movable and immovable property) কি আছিল আৰু আজি কি তাৰ হিচাপ দিবলৈ সাহস হ'ব?

একাংশ মানুহে এটা ধাৰণা দিবলৈ বিচাৰি আছে যে,যিয়ে মাৰোৱাৰী,বঙালী, বিহাৰীৰ বিৰোধিতা কৰে তেওঁলোক জাতীয়তাবাদী। আজ্জৈ ঐ দেহা হয়নে? নিজ সন্তানক পঢ়ুৱাবা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত,সন্তানে পিতৃ-মাতৃক সম্বোধন কৰিব Papa, Mummy বুলি,খুৰা-খুৰীক সম্বোধন কৰিব Uncle-Unty বুলি, জন্মদিনত কেণ্ডেল নুমাই বাৰ্থদে চেলিব্ৰেশ্যন কৰিবা,মুখত কেক সানিবা,জীৱনত বৰফেৰৰ চুড়ীয়া এখন পিন্ধি নাপালা,মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই সন্তানক উচ্চ শিক্ষাৰ বাবে অনা-অসমীয়া অধ্যুষিত দিল্লী-মুম্বাইলৈ পঠিয়াবা। এয়াই তোমালোকৰ জাতীয়তাবাদ,এয়াই অসমীয়াগিৰি। নহয়। এওঁলোক হ'ল Seasonal Assamese! অসমৰ বাহিৰতো যে,এখন পৃথিৱী আছে সেয়া জানেনে?

অসমত বিহাৰী, বঙালী, মাৰোৱাৰী, ভোজপুৰী সংগঠন কিয় থাকিব লাগে তোমালোকৰ প্ৰশ্ন! আৰে বা: বা: কি ক'ম! Assam association Delhi, Assam association Bangalore, Assamese association UK, Assamese association USA এইবোৰ কি?

কালি এটা নিউজ পৰ্টেলৰ সাক্ষাৎকাৰত এজন জাতীয়তাবাদীয়ে কৈছে যে,আমি চান্দা নলও; আমি টেক্স লও। এইটো কিন্তু কম ডাঙৰ কথা কোৱা নাই। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অংগৰাজ্যত কোনো বেচৰকাৰী সংগঠনে কৰ লোৱাটো সমান্তৰাল চৰকাৰ চলোৱাৰ লেখিয়া।

In a democratic state, the collection of taxes by an NGO is like running a parallel government.

জাতীয় আত্মভিমান লাগে। কিন্তু এই জাতীয় আত্মভিমানৰ নামত সংগঠন জন্ম দি কেনেকৈ লুণ্ঠন চলাইছে এবাৰ শুনক।

মোৰ মামাৰ ল'ৰা। তাৰ ঘৰ শিৱসাগৰ জিলাৰ জয়সাগৰৰ সমীপৱৰ্তী শলগুৰিত। ২০১১-১২ চনৰ কথা। সি তদানীন্তন সাংসদ পুঁজিৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৱৰ্তী ৰাজমাই বজাৰখন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। সেই ঠিকা লাভ কৰাটোৱেই তাৰ অপৰাধ হ'ল। এদিনাখন সি উক্ত বজাৰস্থলীলৈ যাওঁতে তাক একাংশ জাতীয় সংগঠনৰ নেতাই ধৰি বান্ধি একপ্ৰকাৰ অপহৰণ কৰাৰ দৰে লৈ গ'ল এদোখৰ দূৰ্গম অঞ্চললৈ। তাৰ পিছত তাক কোৱা হ'ল যে, উক্ত বজাৰখনৰ নিৰ্মাণ সামগ্ৰী তেওঁলোকে যোগান ধৰিব। সি ক'লে ঠিক আছে। আপোনালোকে সামগ্ৰীৰ Rates দিব;যদিহে Rate মিলে তেন্তে যোগান ধৰিব পাৰিব। তেওঁলোকে তেতিয়া ক'লে যে, আমি যি Rate দিম সেই Rate তেই সামগ্ৰী কিনিব লাগিব। অন্যথা কাম কৰিব নিদিওঁ। সি উপায়ন্তৰ হৈ তেওঁলোকক সামগ্ৰী যোগানৰ দায়িত্ব দিলে। শেষত লাভৰ মূৰত তাৰ হাতত ফুটাকঢ়ি এটাও নাথাকিল। সি ক'লে মই কাণত ধৰিছো আৰু ইয়াত ব্যৱসায় নকৰোঁ।

মোৰ এজন বন্ধু। তাৰ ঘৰ শিৱসাগৰ জিলাৰ ঢুলীয়াপাৰত। চনটো সম্ভৱতঃ ২০১১-১২ । সি আৰু তাৰ লগৰ কেইটামানে ম'বাইলৰ টাৱাৰত তেল যোগান ধৰাৰ এটা ঠিকা লাভ কৰিলে। অঞ্চলটো তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ আৰু এতিয়াৰ চৰাইদেউ জিলাৰ সোণাৰীৰ। সিহঁতি সেই ঠিকাটো লাভ কৰাৰ পিছতেই স্থানীয় বিভিন্ন দল-সংগঠনে সিহঁতৰ পৰা চান্দা বিচৰা আৰম্ভ কৰিলে। উপায়ন্তৰ হৈ সিহঁতে সেই কামটো বাদ দিলে।

এনেকুৱা অজস্ৰ উদাহৰণ আছে। শিৱসাগৰৰ স্থানীয় যুৱক হৈয়ো সিহঁতি ব্যৱসায় কৰিব নোৱাৰিলে একমাত্ৰ এই চান্দাজীৱি সংগঠন সমূহৰ উৎপাতত। সিহঁতি আকৌ বিহাৰী,বঙালী আৰু মাৰোৱাৰী নহয় দেই For your kind information. They are local, indigenous,son of the soil.

আপোনালোকে কল্পনা কৰক, অসমীয়া মানুহ হৈয়ো সিহঁতৰ ওপৰত এই তথাকথিত জাতীয়তাবাদী চান্দাজীৱি সংগঠনৰ কিমান উৎপাত। তেন্তে কল্পনা কৰক মাৰোৱাৰী,বিহাৰী, বঙালী ব্যৱসায়ীৰ ওপৰত এই সংগঠন সমূহে কি লেভেলত নিৰ্যাতন চলাইছিল।

এতিয়া আহো গুৱাহাটীৰ প্ৰসংগত। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ সমীপত এখন ধাবা আছে। ধাবাখন ৰাতি ১-২ বজালৈ খোলা থাকে। তাত সুৰা,মাছ,মাংস সকলো পোৱা যায়। ময়ো সেই ধাবাখনত মাজে-সময়ে যাওঁ। মই বহুদিন লক্ষ্য কৰিছোঁ যে,Range rover,Fortuner, Scorpion ইত্যাদি বিভিন্ন বিলাসী গাড়ীত অহা কেইটামান মানুহে মদে-ভাতে খাই অনা-অসমীয়া মালিকটোক এটকাও নিদিয়াকৈ গুছি যায়। মই এদিন মালীকটোক সুধিলো যে,সি কিয় সিহঁতৰ পৰা টকা নলয়। সি তেতিয়া মোৰ আগত ক'লে যে, তেওঁলোক অমুক সেনা,তমুক মঞ্চ,তমুক পৰিষদৰ নেতা। সেয়ে উপায়ন্তৰ।

কেৱল এয়াই নে? গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত লালমাটিত এখন হোটেল আছে। নাম Gogoi Hotel.ইয়াত গাহৰি, ছাগলী,কুছীয়াকে ধৰি প্ৰায় ভাগ অসমীয়া Indigenous local food পোৱা যায়। ইয়াৰ মালিক গগৈ দাৰ ঘৰ শিৱসাগৰত। গগৈ দাই কষ্ট কৰি ১০-১২ টা অসমীয়া মানুহক সংস্থাপন দিবলৈ সক্ষম হৈছে হোটেলখনৰ জৰিয়তে। ইয়াতো বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে চান্দা বিচাৰি আহে; তেওঁ দিবলৈ বাধ্য হৈছে। আৰু কিবা থাকিল!

আমি গুৱাহাটীত জন্ম হৈছোঁ। গুৱাহাটীত ডাঙৰ-দীঘল হৈছোঁ। প্ৰায় গুৱাহাটীখন নখদৰ্পনত। তাৰ পিছতো আজিলৈকে কোনো অনা-অসমীয়াক দকা-হকা দি ফকটীয়া খায়ো পোৱা নাই আৰু নিজৰ পৰিয়ালৰ পেটো পোহা নাই। কিন্তু এইবোৰ কি?

অসমীয়া মানুহক আলফা,আছু সকলোৱে ঠগালে। এতিয়া নতুনকৈ জাতি ৰক্ষাৰ ভীমৰ ভাও দিয়া কেইটামান ভস্মাসুৰৰ আৱিৰ্ভাৱ হৈছে। অসমীয়াই কিন্তু এই ভস্মাসুৰবোৰৰ পৰা সাৱধান হ'বলৈ হ'ল। অন্যথা ভৱিষ্যত অন্ধকাৰ! This is just a time warning !

বিশ্বজিৎ নাথ
২৩/০৫/২০২৫
গুৱাহাটী।

21/05/2025

কি সঁচা কি মিছা?

দুলীয়াজানত বি ,এন,সিং তেল ডিপোৰ পৰিচালক মিন্টু শইকীয়াৰ সংবাদমেল ।

21/05/2025

দুলীয়াজান কাণ্ডত নাম সাঙোৰ খোৱা তানু শ্বাহীৰ স্পষ্টিকৰণ~~

16/05/2025

পঞ্চায়ত নিৰ্বাচনত সফল ভূমিকা পালন। এতিয়া বিভাগীয় দায়িত্বক গতিশীল কৰাৰ সময়।আজি গুৱাহাটীত কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত এক্সন মুডত দেখা গ'ল অসম চৰকাৰৰ গৃহনিৰ্মাণ আৰু নগৰ উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক।

04/05/2025

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে নলবাৰী জিলাৰ বাঁ‌হজানী মণ্ডলত অনুষ্ঠিত বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱাই।

03/05/2025

পঞ্চায়ত নির্বাচন ২০২৫- ৰ প্ৰচাৰৰ বাবে নলবাৰী জিলাৰ মহিনাত আয়োজিত নির্বাচনী সভালৈ গণেশ মন্দিৰৰ পৰা বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

Address


Website

Alerts

Be the first to know and let us send you an email when KhabarPlus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share