26/09/2025
যেতিয়াই পঢ়োঁ, চকুপানী ওলাই আহে, এনেলাগে যেন জুবিনদাই নিজেইহে কৈ আছে 😰
৷ ফেচবুকতে পোৱা এটা লেখা, কোনে লিখিছে নাজানো, কেইবাজনৰ FB প্ৰফাইলত পালোঁ, আমি কিছু সম্পাদনা কৰি প্ৰকাশ কৰিছোঁ ৷ সময় পালে এবাৰ পঢ়িব 🙏
#জুবিন_আহিছে ......
জুবিন গুৱাহাটী পাবহিয়েই এতিয়া, বেছি সময় নাই ৷ আহিয়েইতো একদম হুলস্থুল লগাই দিব:
“অই কি হ'ল তহঁতৰ ? চিতা ৰেডি হোৱাই নাই নেকি মোৰ বাবে ?”
“আবে, সেইবাবেইতো মই কওঁ, দুই পেগ দি ল'ব লাগে ৷ কাম কৰাৰ বাবে এনাৰ্জি আহি যায় ৷ হাঃ হাঃ হাঃ.... নাই নাই মদ বেয়া বস্তু ৷ খাব নালাগে ৷ ময়ো কমাইছোঁ আজিকালি, বহুত কমাইছোঁ, আগতে বহুত খালোঁ ৷”
“আৰু তহঁতে জানই দেখোন মই নিশাচৰ মানুহ ৷ সেইবাবেই এইবাৰ একদম এন্ধাৰ হৈ আহিছো ৷ ইমানগাল চাকি, মমবাতি জ্বলাই লৈ আহিব লাগে নে বাৰু তহঁতে ? আৰে জানই দেখোন, মই এন্ধাৰ ভালপাওঁ...I love it...I enjoy it...”
“গোটেইগাল আহি একেবাৰে এয়াৰপৰ্ট পাইছহি যে? আৰু ইমানগাল ফুল কিয় আনিছ ? ফুল নোহোৱা হৈ যাব দেখোন অসমত ৷ তহঁতে জানই দেখোন, I love nature, মই একদম জংঘলী মানুহ ৷ হাবিত থাকি ভালপাওঁ ৷ ফুল ছিঙিলে ভাল নালাগেতো ৷ ফুল ফুলি থাকিব দে নিজৰ জেগাত, ৰ'দৰ ফুল”
“তাতকৈ তহঁতি নাহৰৰ পুলি দুটামান নানিলি কিয় ? মইটো কৈছিলোঁৱেই মই নাহৰ গছ ভালপাওঁ বুলি ! মোক জ্বলাই দিয়াৰ আগতে সকলোৱে নাহৰ পুলি ৰুই দিওঁ আহ ৷ নাহৰৰ অৰণ্য বনাই দিওঁ ৷”
“এদিন নাহৰ গছবোৰ ওখ হৈ যাব ৷ নাহৰৰ গছত উঠিবি ৷ মোক ওচৰৰ পৰা দেখিবি ৷”
“আৰু তহঁতে এনেকৈ কান্দি কিয় আছ' অই ? পাগল হলি নেকি ? সাগৰৰ তলিত শুই আহিছো ৷ পানীবোৰহে বেছিকৈ সোমাই গ'ল নাকে-মুখে এইবাৰ ৷ হ'ব দে একো নাই ৷ হৈ য়ায় কেতিয়াবা...It happens...Don't worry. ”
“চাওঁ... চাদা অকণ দেচোন কোনে বনাইছ ৷ মোৰ হাত একদম ঠাণ্ডা কৰি দিছে সাগৰে ৷ চাদাৰ জোৰেই নুঠিব, ঘেণ্টা… ৷ ওপৰলৈ গৈ আকৌ চাদা ভাগত পাওঁনে নাই বা ৷ ইয়াত অকল গৰীমাৰহে শাসন চলে ৷ তাতে এফালে জংকীয়ে ধৰিব, এফালে মাই ধৰিব ৷ হৈছে আৰু কেলা চাদা খোৱা মোৰ ৷”
“বাকী Bindas একদম ৷ দূৰ্গাপূজা আহি আছে ৷ ৰঙীণ কাপোৰ চাপোৰ চবেই লবি হা ৷ মানুহ একদম Colourful হৈ থাকিব লাগে... I love colour...পেনপেনাই কান্দি কান্দি পূজা বৰবাদ নকৰিবি আৰু ৷ সদায় এনজয় কৰি থাকিব লাগে ৷”
“কাম অলপ বাকী ৰৈ গ'ল অ’ ! ‘ৰৈ ৰৈ বিনালে’খন ৰিলিজ কৰিবলৈ থাকি গ'ল ৷ এইখন মানে একদম মিউজিকেল ফিল্ম....first time in Assam...মই নিজে আছোঁ, বাকী ইহঁতবোৰো আছে ৷ ইহঁতকে complete কৰিবলৈ কৈছোঁ ৷ গৰিমাই কামবোৰ চাব, তাই পাৰিব, সাহসী ছোৱালী ৷ চবেই চাবি হাঁ ৷ অসমীয়া চিনেমা ৷ চাব লাগে ৷ মৰম দিব লাগে ৷ বাকী কি ক'ম আৰু.... Love you all...”
“তহঁতবোৰৰ লগত এইখিনিলৈয়েই আছিল আৰু ৷ উপায় নাই ন, টাইম আহি গ'ল....don't worry হাঁ, দুখ কৰি নাথাকিবি ৷ গানবোৰ বজাই থাকিবি ৷ মইতো গানৰ মানুহ, গানতেই থাকো সদায়...”
“বাৰু শেষবাৰৰ বাবে এবাৰ নিজেই গুণগুণাই দিছো দে:
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি,
ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত।
তুমি যে মোৰ শুকান মনত,
নিয়ৰৰে চেঁচা টোপাল,
নামি অহা ৰ'দৰে নৈ,
মোৰ দেহত প্ৰতি পুৱা।
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন,
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন।
নিজানৰ গান মোৰ শেষ হ'ব
ভাবোঁ… তোমাৰ বুকুত...”
তুমিতো হাঁহি হাঁহি গুছি গ’লা জুবিনদা, আমিহে এতিয়া কান্দি কান্দি জীয়াই আছোঁ ৷ কথা দিছোঁ তোমাক, আমি নমৰালৈকে তোমাক জীয়াই ৰাখিম, তোমাৰ গান গাম ৷
ুবিন_দা