
11/03/2025
ধুবুৰী জিলাৰ গৌৰৱ, ঐতিহ্যমণ্ডিত, প্ৰখ্যাত টেৰাকোটা শিল্পী,শ্ৰীযুত ধীৰেন্দ্ৰনাথ পাল ডাঙৰীয়াক " অসম গৌৰৱ" সন্মানেৰে বিভূষিত কৰিবলৈ আজি অসম কেবিনেটত সিদ্ধান্ত লোৱা হয় বুলি মাননীয় মুখ্যমন্ত্ৰী,ডঃ হিমন্ত বিশ্বশৰ্মা দেৱে সদৰি কৰে। ৰাজ্য,দেশ এনেকি আন্তৰ্জাতিক প্ৰেক্ষাপটত নিজ জিলাখনৰ নাম উজ্বলাই ইতিমধ্যে বহুবাৰ পুৰস্কৃত হোৱা ধীৰেন্দ্ৰনাথ পাল ডাঙৰীয়াই আকৌ এবাৰ "অসম গৌৰৱ" বঁটাৰে বিভূষিত হোৱাৰ প্ৰাক ক্ষণত ধুবুৰী জিলা বাসি হিচাবে অত্যন্ত গৌৰৱৰে অযুত শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে অসমৰ সৰ্বোচ্চ অসামৰিক সম্মান লাভ কৰা আন সকলো শ্ৰদ্ধাৰ ব্যক্তি সকলোকো জনাইছোঁ হিয়া ভৰা ওলগ আৰু অভিনন্দন।