Himanta Biswa Sarma Fans Club Assam

Himanta Biswa Sarma Fans Club Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Himanta Biswa Sarma Fans Club Assam, Digital creator, Guwahati.

অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিভিন্ন জনকল্যাণমুখী পদক্ষেপ সমূহ প্ৰচাৰ কৰা।

আপোনালোকে আমাৰ পেজটো Like আৰু Follow কৰি সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান পৰিস্থিতিৰ ক্ষয়-ক্ষতিৰ সঠিক নিৰূপণৰ বাবে অনুষ্ঠিত "ম'বাইল ...
07/08/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান পৰিস্থিতিৰ ক্ষয়-ক্ষতিৰ সঠিক নিৰূপণৰ বাবে অনুষ্ঠিত "ম'বাইল এপৰ জৰিয়তে ক্ষয়-ক্ষতিৰ দ্ৰুত মূল্যায়ন সমীক্ষাৰ প্ৰশিক্ষণ" (Training on Rapid Assessment Survey of Damages using Mobile App) কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই বিশেষ কাৰ্যসূচীত যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বিভাগীয় বিষয়াসকলক ম'বাইল এপৰ ব্যৱহাৰেৰে বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

বানপানীৰ ক্ষয়-ক্ষতিৰ জৰীপ জিলা পৰ্যায়ত প্ৰশিক্ষণৰ পাছত ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ হ’ব আৰু প্ৰথম পৰ্যায়ৰ জৰীপ ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ চলিব বুলি উল্লেখ কৰে। লগতে তেখেতে স্বচ্ছ আৰু ডিজিটেল জৰীপ ব্যৱস্থাৰ জৰিয়তে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সঠিক তথ্য সংগ্ৰহৰ বাবে কম্পিউটাৰাইজড প’ৰ্টেল আৰু এপ ব্যৱহাৰ কৰা হ’ব বুলিও জনায়।

বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ প্ৰাথমিক মেৰামতিৰ বাবে প্ৰতিখন বিদ্যালয়লৈ ২ লাখকৈ প্ৰদান কৰাৰ লগতে পাঠদান কৰিব নোৱৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ওচৰৰ বিদ্যালয়ত পাঠদানৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে।

লগতে কৃত্ৰিম বানপানী ৰোধত চৰকাৰ-ৰাইজৰ সমন্বিত প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে।


06/08/2026


বন্যাৰ্তৰ মাজত আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ।
04/08/2026

বন্যাৰ্তৰ মাজত আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ।



কামেই পৰিচয়... জনতাৰ সৈতে সদায়।
04/08/2026

কামেই পৰিচয়... জনতাৰ সৈতে সদায়।

30/07/2026
অসমত সংঘটিত প্ৰলয়ংকৰী বানত হাজাৰ হাজাৰ পৰিয়াললৈ গভীৰ অমানিশা নামি আহিছে। এই দুৰ্যোগৰ সময়ত আপোনালোকৰ বহুতেই বান ক্ষতিগ...
24/07/2026

অসমত সংঘটিত প্ৰলয়ংকৰী বানত হাজাৰ হাজাৰ পৰিয়াললৈ গভীৰ অমানিশা নামি আহিছে। এই দুৰ্যোগৰ সময়ত আপোনালোকৰ বহুতেই বান ক্ষতিগ্ৰস্ত পৰিয়াললৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে।

যিসকলে অসম চৰকাৰৰ জৰিয়তে আৰ্তজনৰ কাষত সহায়ৰ হাত আগবঢ়াব বিচাৰে, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ (Chief Minister's Relief Fund) নিজৰ সামৰ্থ্য অনুসৰি অনুদান আগবঢ়াব পাৰে।



আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটী মহানগৰীৰ গড়ল ভক্তোৱাৰীত আয়োজিত মহাপ্ৰভু জগন্নাথ ৰথযাত...
24/07/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটী মহানগৰীৰ গড়ল ভক্তোৱাৰীত আয়োজিত মহাপ্ৰভু জগন্নাথ ৰথযাত্ৰাৰ পৱিত্ৰ কাৰ্যসূচীত উপস্থিত হৈ ভগৱানৰ চৰণত সেৱা আগবঢ়োৱাৰ লগতে 'অমৃত ভোগ' কাৰ্যসূচীতো অংশগ্ৰহণ কৰে৷


আজি গোলাঘাট জিলা প্ৰশাসন আৰু বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য ...
23/07/2026

আজি গোলাঘাট জিলা প্ৰশাসন আৰু বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত তেখেতে শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত লোকসকলৰ সৈতে কথা-বতৰা পাতি তেওঁলোকৰ সমস্যা, অভিযোগৰ বুজ লয় আৰু খাদ্য, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, অনাময় ব্যৱস্থা, জৰুৰীকালীন সেৱা আদি সকলো অত্যাৱশ্যকীয় সুবিধা সুচাৰুৰূপে উপলভ্য হোৱাৰ খতিয়ান লয়।


আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কমাৰবন্ধাস্থিত ভাস্কৰ উচ্চ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহা...
23/07/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কমাৰবন্ধাস্থিত ভাস্কৰ উচ্চ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি আশ্ৰয় লৈ থকা বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু সাহায্য ব্যৱস্থাৰ বুজ লয়।

মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ সকলো প্ৰয়োজনীয় সাহায্য সময়মতে নিশ্চিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰে।


Address

Guwahati

Alerts

Be the first to know and let us send you an email when Himanta Biswa Sarma Fans Club Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share