
23/07/2025
বালিপৰাৰ জ্যেষ্ঠ সাংবাদিক, লেখক নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰালৈ গোৰ্খা মিত্ৰ সন্মান
বিশ্বনাথ ২৩ জুলাই :
শোণিতপুৰ জিলাৰ বালিপৰাৰ জ্যেষ্ঠ সাংবাদিক, লেখক তথা নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰালৈ গোৰ্খা মিত্ৰ সন্মান প্ৰদান কৰিছে গোৰ্খা সন্মিলন শোণিতপুৰ জিলা সমিতিয়ে। অহা ২৬ জুলাইত তেজপুৰত অনুষ্ঠিত হ'ব লগীয়া সন্মান সমাৰোহত এই সন্মান আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব বুলি প্ৰকাশ কৰে শোণিতপুৰ জিলা সমিতিয়ে। উল্লেখযোগ্য যে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা লগত জড়িত হোৱা লগতে বিভিন্ন লেখা মেলা কৰা ওপৰিও সমাজৰ হৈ কৰি আহিছে
বৰাই । বিশেষকৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিশেষ ভাৱে গোৰ্খা জনগোষ্ঠীৰ হৈ বিভিন্ন কিতাপ লেখা লগতে সমস্যা সমূহ বিভিন্ন মাধ্যমৰে উপস্থাপন কৰি আহিছিল প্ৰাঞ্জল বৰাই।বিশেষকৈ বিভিন্ন জাতীয় হকে সমন্বয় মূলক ভাৱ ধাৰাৰে বিভিন্ন মাধ্যমযোগে কৰ্ম সম্পাদন কৰি অহাৰ বাবে এই স্বীকৃতি দিয়া বুলি জানিব পৰা গৈছে । ইফালে গোৰ্খা জনগোষ্ঠীৰ হৈ বিভিন্ন ৰাজ্যত বিভিন্ন সমস্যাৰ সমাধানৰ বাবে লগতে ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যৰে চিক্কিম, নেপালকে ধৰি বিভিন্ন স্থানত প্ৰতিনিধিত্ব কৰি আহিছে জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰাই।
ইফালে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে বিগত সময়ত সমাজৰ হৈ কাম কৰা ক্ষেত্ৰত বিশিষ্ট সেৱা সন্মান ,অসম নেপালী নাট্য সন্মিলন, যুৱ পৰিৱেশ সচেতক সম্বৰ্ধনা গ্ৰহণ,জিলা বন বিভাগে,ৰাধামোহন ঠাকুৰ সাংবাদিকতা পুৰস্কাৰ ধৰি বিভিন্ন সন্মান অৰ্জন কৰিবলৈসক্ষমহৈছে জ্যেষ্ঠ সাংবাদিক গৰাকীয়।