13/05/2026
আজি অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত UCC সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত “লিভ-ইন ৰিলেশ্যনশ্বিপ” বন্ধ কৰাৰ বিষয়টো বিশেষভাৱে চৰ্চালৈ আহিছে।
বিশেষকৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত ভাড়া ঘৰসমূহত লিভ-ইন ৰিলেশ্যনশ্বিপৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বুলি বহু লোকৰ অভিযোগ। সমাজৰ একাংশৰ মতে, এই ধৰণৰ পৰিৱেশে যুৱ প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে সামাজিক মূল্যবোধকো লাহে লাহে ক্ষতিগ্ৰস্ত কৰি তুলিছে।
এই পৰিস্থিতিৰ মাজতে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তক বহুতে সাহসী আৰু সময়োপযোগী পদক্ষেপ বুলি অভিহিত কৰিছে। বহুজনৰ মতে, সমাজত এটা সুস্থ, সুৰক্ষিত আৰু দায়িত্বশীল পৰিৱেশ গঢ়ি তুলিবলৈ এনে সিদ্ধান্তৰ প্ৰয়োজন আছিল।
এই সিদ্ধান্তই আগন্তুক সময়ত সমাজলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বুলিও বহুতে মত প্ৰকাশ কৰিছে।
অসম চৰকাৰৰ UCC সন্দৰ্ভত “লিভ-ইন ৰিলেশ্যনশ্বিপ” বন্ধ কৰাৰ সিদ্ধান্ত , আপোনাৰ মতে-
👍 সঠিক পদক্ষেপ
👎 সমৰ্থন নকৰোঁ
কমেন্টত জনাওক মতামত।।