Dima Hasao Time

Dima Hasao Time Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dima Hasao Time, B. C Kemprai Road, Haflong.

Dima Hasao Time ...কেৱল খৱৰ !!
ইতিবাচক, বস্তুনিষ্ঠ বাতৰিৰ ডিজিটেল প্ল্যাটফর্ম।
ষষ্ঠ অনুসূচিৰ পাহাৰীয়া ডিমা হাছাও জিলাৰ প্ৰথম আৰু একমাত্ৰ অসমীয়া ডিজিটাল সংবাদ মাধ্যম।
The only Digital news platform in Assamese from Dima Hasao.

26/07/2026

📌 তীব্ৰ উৎকণ্ঠাৰ অৱসান!
সুৰক্ষিতভাৱে উভতি আহিল ডিমা হাছাওৰ ২৬ গৰাকী বনকৰ্মীৰ দল !

DIPR Dima Hasao

26/07/2026

দুৰ্গম হাবিৰ পৰা সন্ধানহীন হোৱা বনকৰ্মীৰ দলটোৰ সন্ধান পোৱা গৈছে !!

DIPR Dima Hasao

📌 সন্ধানহীন বনকৰ্মীৰ দলৰ সন্ধান পোৱা গৈছে। তেঁওলোক নিৰাপদত আছে। ম'বাইল নেটৱৰ্ক নথকা বাবে যোগাযোগ কৰাত সমস্যা হৈছিল। ২৬ জ...
26/07/2026

📌 সন্ধানহীন বনকৰ্মীৰ দলৰ সন্ধান পোৱা গৈছে। তেঁওলোক নিৰাপদত আছে। ম'বাইল নেটৱৰ্ক নথকা বাবে যোগাযোগ কৰাত সমস্যা হৈছিল। ২৬ জনীয়া দলটো লাংটিঙৰ ওচৰত আছে।

📌 তথ্য নিশ্চিত কৰিছে ডিমা হাছাও আৰক্ষীয়ে।

DIPR Dima Hasao


AI generated Image

🚨 BIG BREAKING ⭕ মাইবাঙৰ পৰা ওলাই সন্ধানহীন হৈছে ২৬ জনীয়া বনকৰ্মীৰ দল, ডিমা হাছাওত চেপা উত্তেজনা ।📌 মাইবাঙৰ পৰা নাগালেণ...
26/07/2026

🚨 BIG BREAKING

⭕ মাইবাঙৰ পৰা ওলাই সন্ধানহীন হৈছে ২৬ জনীয়া বনকৰ্মীৰ দল, ডিমা হাছাওত চেপা উত্তেজনা ।

📌 মাইবাঙৰ পৰা নাগালেণ্ড সীমান্তৱৰ্তী খেপ্ৰে হৈ লাংটিংলৈ অভিযানত ওলাই যোৱা বন বিভাগৰ ২৬ জনীয়া এটা দল শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে।

📌 জানিব পৰা মতে, দলটোত দুজন ৰেঞ্জ অফিচাৰ, এজন সহকাৰী ৰেঞ্জ অফিচাৰ আৰু ২৩ জন ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড আছিল। নিৰ্ধাৰিত সময়ত লাংটিংত উপস্থিত হোৱাৰ কথা থাকিলেও, আজিলৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই।

📌 আটাইবোৰ মোবাইল ফোন 'Not Reachable' দেখুওৱাৰ ফলত উদ্বেগ অধিক বৃদ্ধি পাইছে। ইতিমধ্যে ঘটনাৰ খবৰ পোৱাৰ পিছতেই অসম আৰক্ষী, অসম ৰাইফলছ আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল সন্ধান অভিযানত নামিছে।

📌 ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ডিমা হাছাও জিলাত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে। বনকৰ্মীসকলৰ সন্ধানত অভিযান অব্যাহত আছে।

24/07/2026

📌 লামডিং–বদৰপুৰ পাহাৰীয়া ৰে'লপথত ৰে'ল পথৰ নিউ হাৰাংগাজাও ষ্টেচনৰ ওচৰত ট্ৰ্যাকত বিসংগতি ।

📌 বৃহস্পতিবাৰে নিশা নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ য়াৰ্ডৰ কিলোমিটাৰ ১১৮/১–৩ অংশত ট্ৰ্যাক বহি যোৱাৰ বাবে লামডিং–বদৰপুৰ পাহাৰীয়া ৰে'ল শাখাত ৰে'ল চলাচল ব্যাহত হৈছে।

📌 ৰেলপথৰ প্ৰায় ২০০ মিটাৰ এলেকা ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানে ১০ কিলোমিটাৰ গতিবেগত ৰেল চলাচল অব্যাহত আছে।
📌 এন এফ ৰে'ল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত অংশত যুদ্ধকালীন তৎপৰতাৰে মেৰামতিৰ কাম আৰম্ভ কৰিছে।

DIPR Dima Hasao

📌 জাতিংগা পৰিষদীয় সমষ্টিৰ পৰিষদ সদস্য ফ্লেমিঙ ৰূপছি শ্বাইলাক পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ডেপুটি চেয়াৰম্যানৰ দায়িত...
22/07/2026

📌 জাতিংগা পৰিষদীয় সমষ্টিৰ পৰিষদ সদস্য ফ্লেমিঙ ৰূপছি শ্বাইলাক পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ডেপুটি চেয়াৰম্যানৰ দায়িত্ব অৰ্পণ।

DIPR Dima Hasao

বানপীড়িত অঞ্চলত স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পৰ্যালোচনা সভা মন্ত্ৰী অশোক সিংহলৰ...
21/07/2026

বানপীড়িত অঞ্চলত স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পৰ্যালোচনা সভা মন্ত্ৰী অশোক সিংহলৰ

গুৱাহাটী,২১ জুলাই:

শেহতীয়াকৈ হোৱা অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বানপীড়িত অঞ্চলসমূহত স্বাস্থ্যসেৱা অব্যাহত ৰখা, জনস্বাস্থ্য সুৰক্ষিত কৰা আৰু সম্ভাৱ্য ৰোগ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিস্তৃত পৰ্যালোচনা কৰা হয়।
সভাত বান সাহায্য শিবিৰসমূহত নিয়মীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, গৰ্ভৱতী মহিলা, শিশুসকল, বৃদ্ধ লোকসকলৰ স্বাস্থ্য পৰীক্ষা নিশ্চিত কৰা, প্ৰয়োজনীয় ঔষধ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰি ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে বানপীড়িত গাঁওসমূহত স্বাস্থ্যকৰ্মীৰ জৰিয়তে পৰবৰ্তী সময়ত ঘৰে-ঘৰে স্বাস্থ্য পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়োৱাৰ নিৰ্দেশনা প্ৰদান কৰা হয়।

বানপানী শেষ হোৱাৰ পিছত ডেংগু, মেলেৰিয়া আদি প্ৰতিৰোধৰ বাবে সময়মতে ধোঁৱা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।ইয়াৰ উপৰিও ডায়েৰিয়া ৰোগৰ সম্ভাৱ্য প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আগতীয়াকৈ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।সভাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি. অশোক বাবুৱে বান সাহায্য শিবিৰসমূহত বিতৰণ কৰা খাদ্যসামগ্ৰীৰ গুণগত মান খাদ্য সুৰক্ষা বিভাগৰ জৰিয়তে নিয়মীয়াকৈ পৰীক্ষা কৰি জনসাধাৰণৰ বাবে নিৰাপদ খাদ্য নিশ্চিত কৰিবলৈ সংশ্লিষ্ট জিলাসমূহক নিৰ্দেশ প্ৰদান কৰে।ইয়াৰ উপৰি প্ৰতিখন জিলাত স্বাস্থ্যসেৱাৰ সামগ্ৰিক প্ৰস্তুতি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নিয়োজন, জৰুৰীকালীন চিকিৎসা দল, এম্বুলেঞ্চ সেৱা, ঔষধৰ মজুত আৰু ৰোগ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰি ৰাখিবলৈও নিৰ্দেশনা দিয়া হয়।

সভাৰ অন্তত সংশ্লিষ্ট জিলাসমূহৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু জিলা কাৰ্যসূচী পৰিচালকসকলক বান পৰিস্থিতিৰ প্ৰতি সতৰ্ক হৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰি স্বাস্থ্যসেৱা অধিক ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াৰ লগতে যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে সদায় সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হয়।আজিৰ এই পৰ্যালোচনা সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিৎ শৰ্মাৰ লগতে বহু কেইগৰাকী স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত উপস্থিত থাকে।
এক প্ৰেছ বিবৃতিযোগে মন্ত্ৰীৰ জনসংযোগ বিষয়ায় এই তথ্য সদৰি কৰিছে।

21/07/2026

🥋 ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ডিমা হাছাও শ্ব'ট'কান কাৰাটে দলৰ উজ্জ্বল সফলতা 🏆

ডিমা হাছাও শ্ব'ট'কান কাৰাটে দলে পশ্চিমবংগৰ হাওড়াত অনুষ্ঠিত ৪ৰ্থ APJ Abdul Kalam International School & Senior National Karate Championship-2026-ত অসাধাৰণ সাফল্য অৰ্জন কৰি জিলাখনৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

চেন্সেই চন্দ্ৰসিং চিনথংৰ নেতৃত্বত দলে কাটা (Kata) আৰু কুমিতে (Kumite) প্ৰতিযোগিতাত মুঠ ২১টা পদক লাভ কৰিবলৈ সক্ষম হয়।

🏅 ফলাফলঃ
🥇 প্ৰথম স্থান – ১১টা
🥈 দ্বিতীয় স্থান – ২টা
🥉 তৃতীয় স্থান – ৮টা

দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ মাজত ডিমা হাছাওৰ খেলুৱৈসকলে শৃংখলা, দক্ষতা আৰু সাহসিকতাৰ পৰিচয় দি এই সাফল্য অৰ্জন কৰিছে।

ডিমা হাছাওত শ্ব'ট'কান কাৰাটেৰ বিকাশত চেন্সেই চন্দ্ৰসিং চিনথংৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ প্ৰশিক্ষণ আৰু দিক-নিৰ্দেশনাত জিলাখনৰ বহু খেলুৱৈয়ে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰি আহিছে।

ডিমা হাছাও শ্ব'ট'কান কাৰাটে দলৰ এই গৌৰৱময় সাফল্যৰ বাবে সকলো খেলুৱৈ, প্ৰশিক্ষক তথা দলৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। এই সফলতাই জিলাখনৰ অধিক সংখ্যক যুৱ-যুৱতীক খেলধূলা আৰু কাৰাটেৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি আশা কৰা হৈছে।

DIPR Dima Hasao

Potential & Concept Educations , Guwahati (Assam) students shined at all India level in NEET UG 2026The students of this...
19/07/2026

Potential & Concept Educations , Guwahati (Assam) students shined at all India level in NEET UG 2026
The students of this educational institution are proud of winning the position of Northeast Rank 3 and Northeast Girl Topper.
Devpriya Nath
673/720
AIR 427
Northeast Rank 3
Lara Rahman
663/720 AIR 763
Northeast Girl Rank 1
= Notable achievement this year
8 students scored 600+ marks.
31+ students 550+ marks.
80 students 500+ marks.
Based on results available so far, around 200 students are expected to get seats in government medical college.
This success is not just a result—it is a reflection of hard work, right direction, and belief.
Potential & Concept Educations - where dreams become success.



🔶 ‘বাঙালী জাতীয় পরিষদ, অসম’-ৰ আত্মপ্ৰকাশডিমা হাছাও টাইমগুৱাহাটী। ১৯ জুলাই অসমৰ হিন্দু বাঙালিসকলৰ ৰাজনৈতিক, সাংবিধানিক আ...
19/07/2026

🔶 ‘বাঙালী জাতীয় পরিষদ, অসম’-ৰ আত্মপ্ৰকাশ

ডিমা হাছাও টাইম
গুৱাহাটী। ১৯ জুলাই

অসমৰ হিন্দু বাঙালিসকলৰ ৰাজনৈতিক, সাংবিধানিক আৰু সামাজিক অধিকাৰ সুৰক্ষাৰ লক্ষ্যৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিলে ‘বাঙালী জাতীয় পরিষদ, অসম’-এ।

তিনিচুকীয়াৰ উত্তম দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে চিত্ত পালক সভাপতি, উত্তম দাস আৰু পঙ্কজকুমাৰ দেবক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি ২১ জনীয়া ৰাজ্যিক কমিটি গঠন কৰা হয়।

সভাত চিত্ত পালে কয়, ৰাজ্যৰ হিন্দু বাঙালীসকলৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা চৰকাৰৰ লগতে বিধানসভাৰ বিৰোধী দলনেতাৰ আগতো উত্থাপন কৰা হ’ব। জনস্বাৰ্থত চৰকাৰৰ ইতিবাচক পদক্ষেপক স্বাগতম জনোৱা হ’ব, আৰু প্ৰয়োজন হ’লে গঠনমূলক সমালোচনাও কৰিব সংগঠনটোৱে। তেওঁৰ মতে, ৰাজ্যৰ অন্যান্য বাঙালি সংগঠনৰ সৈতে সমন্বয় ৰাখি বৃহত্তৰ হিন্দু বাঙালি সমাজৰ স্বাৰ্থৰক্ষাৰ বাবে কাম কৰিব এই নবগঠিত পৰিষদে।

নবগঠিত কমিটিত কাৰ্যকৰী সভাপতি হিচাপে হেমাঙ্গ শেখৰ দাস, সহ-সভাপতি হিচাপে ৰাজা সাহা, আপন দাস আৰু ধীৰেন চন্দ্ৰ চৰকাৰ, সাংগঠনিক সম্পাদক হিচাপে শঙ্কৰলাল দাস, অৰ্থ সচিব হিচাপে হাফলঙৰ আশীষ দত্ত, জনসংযোগ আৰু সমাজমাধ্যম বিষয়ক সচিব হিচাপে ৰঞ্জন চৌধুৰী আৰু সচিব হিচাপে অমিত নন্দীয়ে দায়িত্ব লাভ কৰিছে।

সভাত উপস্থিত সদস্যসকলে ৰাজ্যজুৰি সংগঠনৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰা, হিন্দু বাঙালিসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষা আৰু সমাজৰ বিভিন্ন সমস্যা লৈ ঐক্যবদ্ধভাৱে কাম কৰাৰ অঙ্গীকাৰ ব্যক্ত কৰে।

নবগঠিত ‘বাঙালী জাতীয় পরিষদ, অসম’-ৰ সকলো পদাধিকাৰী আৰু সদস্যলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

Address

B. C Kemprai Road
Haflong
788819

Telephone

+917002316436

Website

Alerts

Be the first to know and let us send you an email when Dima Hasao Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dima Hasao Time:

Share