SH 10.Live

SH 10.Live videos creator

12/06/2025

গৰম যথেষ্ট হৈছে…

(1) মাছ, মাংস, ডিম খোৱাৰ পৰা যথাসম্ভৱ বিৰত থাকক।
(2) তেল, ঘিঁউ আদি কৰি অন্য চৰ্বিযুক্ত খাদ্য যথাসম্ভৱ পৰিহাৰ কৰক ।
(3) যথেষ্ট পৰিমাণে পৰিস্কাৰ পানী খাওক। গৰম লাগিছে বুলি ফ্ৰীজত ঠাণ্ডা কৰা পানী, কল্ড ড্ৰিংকছ, আইচক্ৰীম উৎকট গৰমৰ সময়ত নাখাব ; বিয়লিৰ পিছত কম পৰিমাণে খাব পাৰে।
(4) নেমুৰ চৰবৎ, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস, গ্লুকজপানী মাজে মাজে খাব পাৰে। ডায়েবেটিজৰ ৰোগীয়ে গ্লুকজ পানী বৰ্জন কৰিব, কম পৰিমাণৰ কুঁহিয়াৰৰ ৰস খাব পাৰে যদি তেজৰ শৰ্কৰাৰ পৰিমাণ যথেষ্ট বেছি নহয়।
(5) ঢিলা, বগা কপাহী কাপোৰ পিন্ধক। চিন্থেটিক পোছাক পৰিহাৰ কৰক।
(6)বাহিৰলৈ ওলাই গ'লে ছাতি, টুপী, ক'লা চশমা ইত্যাদি ব্যৱহাৰ কৰিবলৈ সংকোচ নকৰিব।
(7) উচ্চ ৰক্তচাপৰ ৰোগী আৰু হৃদৰোগী সকলে পোনপটীয়া সূৰ্য্যৰ পোহৰত বেছি সময় ঘূৰাপকা নকৰিব।
(8) বাৰে বাৰে গা নুধুব।
(9) কঠোৰ শাৰিৰীক পৰিশ্ৰমৰ কাম পুৱা ৯/১০ বজাৰ আগতে শেষ কৰক, বিয়লি ৪ বজাৰ পৰা পুণৰ সৰ্বাধিক ডেড় দুঘণ্টাৰ বাবে কৰিব পাৰে যদি শৰীৰে অনুমতি দিয়ে।
(10) যথেষ্ট পৰিমাণে জিৰণি লওক, নিজকে উত্তেজিত কৰিব পৰা খাদ্য, আচৰণ আৰু পৰিৱেশৰ পৰা দূৰত ৰাখক।
(11) শৰীৰে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে অভ্যাস বশতঃ খাদ্য গ্ৰহণ নকৰিব।
(12) ৰন্ধা খাদ্য বেছি সময় ৰাখি থৈ নাখাব।
(13) চিৰা দৈ কল গুড় আদি খাদ্যৰ প্ৰতি মনোযোগ দিয়ক।
(14) শাকপাচলি, ছালাড, শুকান ফল আদি এই সময়ত উপকাৰী।
(15) পৰম্পৰাগত খাদ্য যেনে ভেদাইলতা, নৰসিংহ মানিমুনিৰ লগত সম্পৰ্ক স্থাপন কৰক। নহৰু আৰু তেতেলি ব্যৱহাৰ কৰিব পাৰে।
(16) উপযুক্ত পৰিমাণে প্ৰস্ৰাৱ যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখক।

কুশলে থাকক, সুস্থ থাকক।

শুভৰাত্ৰি 🙏

📌প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।📌প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১১...
10/06/2025

📌প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।
📌প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ।
📌মাধ্যমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ।
📌উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময় ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ।

নিগনিয়ে প্ৰধানকৈ কিছুমান সংক্ৰামক ৰোগৰ বাহকৰ কাম কৰে: প্লেগ (Plague):প্লেগ বেক্টেৰিয়াৰে সংক্ৰমিত এন্দুৰে নিগনিৰ জৰিয়ত...
03/06/2025

নিগনিয়ে প্ৰধানকৈ কিছুমান সংক্ৰামক ৰোগৰ বাহকৰ কাম কৰে:
প্লেগ (Plague):
প্লেগ বেক্টেৰিয়াৰে সংক্ৰমিত এন্দুৰে নিগনিৰ জৰিয়তে মানুহত এই ৰোগ বিয়পায়।
লেপটোস্পাইৰোসিস (Leptospirosis):
নিগনিৰ মুত্ৰত এই বেক্টেৰিয়া থাকে, যি পানী বা খাদ্যৰ জৰিয়তে মানুহত সংক্ৰমিত হয়।
হেইমোৰাছিক জ্বৰ (Hemorrhagic fever):
কিছুমান নিগনিয়ে হেইমোৰাছিক জ্বৰৰ ভাইৰাছ বহন কৰে, যি নিগনিয়ে কামোড়িলে মানুহৰ শৰীৰত সংক্ৰমিত হ'ব পাৰে।
এই ৰোগবোৰৰ পৰা হাত সাৱটোৱাৰ বাবে নিগনিৰ সংস্পৰ্শ নোহোৱাকৈ থাকিব লাগে। লগতে নিগনিৰ দূষণমুক্ত কৰিব লাগে, যেনে খাদ্যৰ ঠাইত পৰিস্কাৰ-সিস্টেম ৰখা, পানীৰ উৎস পৰিস্কাৰ ৰখা, ইত্যাদি।

26/05/2025
29/04/2025

বৰবালি গাওঁ পঞ্চায়তৰ ৰাস্তাৰ বিষয়ে কি ক'লে।
এই ব্যক্তিজনে।

19/01/2024

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when SH 10.Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share