22/09/2025
অসমৰ মুখ্যমন্ত্ৰীৰ সচাঁকৈ অসম তথা জাতিপ্ৰেম আছেনে? অসমৰ মুখ্যমন্ত্ৰীয়ে আজি যি জুবিন প্ৰেম দেখুৱাইছে সেয়া যদি সচাঁ হয় তেন্তে এই কামকেইটা সফল কৰি দেখুৱাঁওক
১/ সোনাপুৰত যদি জুবিন দাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে তেন্তে যোৰহাট, গুৱাহাটী চহৰ (ভূপেন দাৰ সমাধিক্ষেত্ৰৰ কাষত) আৰু নগাঁওত জুবিনৰ সমাধিক্ষেত্ৰ বনাঁওক৷
২/ জুবিনৰ মৃত্যুৰ সময়ত লগত থকা সকলোকে জেললৈ প্ৰেৰণ কৰি CBI ৰ দ্বাৰা জুবিন হত্যাৰ তদন্ত হওঁক৷
৩/জুবিনৰ মুঠ সম্পত্তি কোনে কোনে বেদখল কৰি আছে, তাৰ তথ্য ৰাজহুৱা কৰি সেয়া জুবিনৰ পিতৃৰ হাতত গতাই দিয়ক
৪/ নৰ্থ ইষ্ট ফেষ্টিবেল চিৰদিনৰ বাবে BAN কৰক
৫/ স্কুলীয়া পাঠ্যক্ৰমত জুবিনৰ জীৱন কাহিনী অন্তৰ্ভুক্ত কৰক
৬/ ৰাজকীয় মৰ্যাদাৰে জুবিনৰ চিতা ভস্ম যোৰহাটলৈ নি তাতে সমাধিক্ষেত্ৰ নিৰ্মাণ কৰক
৭/জুবিনৰ নামত গুৱাহাটীত এখন মিউজিক একাডেমী স্থাপন কৰক৷
৮/ কলাক্ষেত্ৰত জুবিনৰ সৃষ্টিৰাজী নৱ প্ৰজন্মই দেখিব পৰাকৈ জুবিন ঘৰ নিৰ্মাণ কৰক
৯/ জীৱিত অৱস্থাত দিয়াৰ সাহস নহল যেতিয়া, মৃত্যুৰ পিছতো ভাৰতৰত্ন সন্মান প্ৰদান কৰি নিজৰ দায়িত্ব পালন কৰক৷
১০/ জুবিনক অসম ৰত্ন ঘোষণা কৰক৷
১১/ জুবিন কোন, তেওঁ গানহে ভালকে গাব পাৰে, আৰুনো কি জানে বুলি কোৱা আপোনাৰ সতীৰ্থ প্ৰশান্ত ফুকন দলীয় দায়িত্বৰ পৰা নিলম্বন কৰাৰ লগতে জুবিনক সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে বুলি কোৱা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰক৷
১২/ নগাঁও, যোৰহাট, ধুবুৰী, গুৱাহাটী খানাপাৰা, হোজাই, জাগিৰোড আদি ঠাইত জুবিনৰ প্ৰতিমূৰ্তি স্থাপন কৰক৷
অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে এই কামসমূহ সোনকালে সম্পন্ন কৰি অসম তথা অসমীয়াৰ আবেগক উচিত মৰ্যাদা দিয়ক৷ যদি এইখিনি কৰিব নোৱাৰে তেন্তে মিছাতে জাতিপ্ৰেম, অসমপ্ৰেম আৰু অসমীয়াপ্ৰেমী বুলি জাহিৰ কৰা বন্ধ কৰক৷ বাকীখিনি ২০২৬ ত ৰাইজে নিজে নিজে কৰি লব৷