Team 8

Team 8 মানৱ সেৱাই প্ৰকৃত সেৱা।

11/08/2026

ৰাতুল কলিতাৰ বিৰুদ্ধে আজমল চিএচআৰৰ মানহানিৰ গোচৰ

27/07/2026
মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত ডবকাৰ বানাক্ৰান্ত সকলৰ মাজত হাম হস্পিটেলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত৷ স...
26/07/2026

মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত ডবকাৰ বানাক্ৰান্ত সকলৰ মাজত হাম হস্পিটেলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত৷ স্বাস্থ্য পৰীক্ষা শিৱিৰত হাম হস্পিটেলৰ পোন্ধৰজন বিজ্ঞ চিকিৎসকলৰ লগতে হস্পিটেলখনৰ এটা বৃহৎ দল উপস্থিত থাকি প্ৰায় ১৮০০ লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সকলোকে বিনামূলীয়া দৰৱ পাতি যোগান দিয়ে হাম হস্পিটেলে৷ উল্লেখ্য যে বানৰ প্ৰকোপ কমাৰ পিছতে ডবকাৰ এই বান প্ৰভাৱিত অঞ্চলসমূহৰ বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে মৌলানা বদৰুদ্দিন আজমলে তাৎক্ষনিকভাৱে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ হাম হস্পিটেলক নিৰ্দেশ দিছিল৷

পিতৃহীনা খাদিজা আখতাৰা৷ আজমলে শিক্ষাৰ্থীগৰাকীৰ প্ৰতিভাৰ উমান পাই নীলবাগানৰ হাজী আজমল আলী কলেজত বিনামূলীয়াকৈ অধ্যয়নৰ সুবি...
25/07/2026

পিতৃহীনা খাদিজা আখতাৰা৷ আজমলে শিক্ষাৰ্থীগৰাকীৰ প্ৰতিভাৰ উমান পাই নীলবাগানৰ হাজী আজমল আলী কলেজত বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা দিছিল৷ আজি সেইগৰাকী শিক্ষাৰ্থীয়ে স্নাতক পৰীক্ষাত ইংৰাজী বিষয়ত সমগ্ৰ অসমৰ ভিতৰতে ১ম স্থান দখল কৰি গল্ড মেডেল লাভ কৰিবলৈ সক্ষম হল৷ কৃতি শিক্ষাৰ্থী গৰাকীক আজি আজমল ফাউণ্ডেচনৰ। ডিৰেক্টৰ ড° খছৰুল ইছলাম সহ হাজী আজমল আলী কলেজৰ অধ্যাপক অধ্যাপিকাই জাপি, ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ খাদিজা আখতাৰা এগৰাকী অধ্যাপক হব বিচাৰে৷ মৌলানা বদৰুদ্দিন আজমলে শিক্ষাৰ্থীগৰাকীৰ ভৱিষ্যতৰ সকলো খৰছ বহন কৰি আজমল বিশ্ববিদ্যালয়তে চাকৰিৰ সুবিধা দিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

গৌৰৱৰ এক ঐতিহাসিক অধ্যায়! NEET ২০২৬ত পুনৰ সাফল্যৰ নতুন ইতিহাস ৰচিলে আজমল ছুপাৰ ৪০।৭৫০ৰো অধিক শিক্ষাৰ্থীৰ উজ্জ্বল সফলতাই...
19/07/2026

গৌৰৱৰ এক ঐতিহাসিক অধ্যায়!

NEET ২০২৬ত পুনৰ সাফল্যৰ নতুন ইতিহাস ৰচিলে আজমল ছুপাৰ ৪০।

৭৫০ৰো অধিক শিক্ষাৰ্থীৰ উজ্জ্বল সফলতাই পুনৰবাৰ প্ৰমাণ কৰিলে যে সুযোগ,সঠিক দিশ-নিৰ্দেশনা আৰু অক্লান্ত পৰিশ্ৰম একেলগে থাকিলে কোনো সপোনেই অসাধ্য নহয়।

গোলাঘাটৰ অভিৰুহন প্ৰিয়মে ৭২০ৰ ভিতৰত ৬৬০ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰাৰ লগতে আৰিয়ান হুছেইন (৬৫৭), মুজতাবা এ. মামুন (৬৫৩), জাবেদ আখতাৰ (৬৫২), ছুজেন কুমাৰ ৰয় (৬৩৭), চাহিল তানবিৰ (৬৩৬), আৰিফ হুছেইন (৬২৮) আৰু জাইনুৰ আলি (৬২৬) নম্বৰৰ লাভ কৰাৰ লগতে শতাধিক মেধাৱী শিক্ষাৰ্থীয়ে অসাধাৰণ ফলাফলৰে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আজমল ছুপাৰ ৪০, আজমল পৰিয়ালক গৌৰৱান্বিত কৰিছে।

এই সফলতা কেৱল ফলাফল নহয়; ই হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিষ্ঠা, শিক্ষাৰ্থীসকলৰ অধ্যৱসায়, অভিভাৱকসকলৰ আস্থা আৰু আজমল ফাউণ্ডেচনৰ শিক্ষা আৰু সমাজসেৱাৰ প্ৰতি অটল অংগীকাৰৰ এক উজ্জ্বল প্ৰতিফলন।সকলো সফল শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু আজমল ছুপাৰ ৪০ৰ সমগ্ৰ পৰিয়াললৈ আজমল পৰিয়াল তথা আজমল ফাউণ্ডেচনৰ পৰিয়ালৰ তৰফৰ পৰা জনালোঁ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।

18/05/2026

ৰাজ্যিক জমিয়তৰ সভাপতি তথা বিধায়ক মৌলানা বদৰুদ্দিন আজমল গুৰুতৰভাবে অসুস্থ৷ মুম্বাইৰ জাচলক হস্পিটালত ইতিমধ্যে এডমিট হৈছে আজমল ৷২১ তাৰিখত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল ৷সকলোৰ ওচৰত দোৱাৰ আবেদন জনাইছে মৌলানা বদৰুদ্দিন আজমলে

09/05/2026

ৰৌৱাৰপাৰৰ উচ্চেদিত প্ৰতি পৰিয়ালক একোখনকৈ আৱাস৷ লগতে উচ্চেদিত ৬৫০ শিশুৰ উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিব আজমলে

17/04/2026

মা' তুমি চিন্তা নকৰিবা৷ মই আছো তোমাৰ লগত: এই কথা কৈয়েই হুকহুকাই কান্দিলে আজমলে

Address

Main Road Hojai
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Team 8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share