02/11/2025
এজন সেনা জোৱানৰ গাঁওবাসীলৈ মুকলি পত্ৰ
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
সন্মানীয় টাপা অঞ্চলবাসী,
মই হিমাংশু ঠাকুৰীয়া, ভাৰতীয় সেনাত কৰ্মৰত আপোনালোকৰেই এজন সন্তান। আজি মই গভীৰ উদ্বেগ আৰু শংকাৰে আমাৰ অঞ্চলটোৰ বৰ্তমানৰ এক জটিল পৰিস্থিতিৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ।
আপোনালোকে হয়তো ইতিমধ্যেই লক্ষ্য কৰিছে যে, আমাৰ এই শান্তিপূৰ্ণ অঞ্চলত শেহতীয়াকৈ কিছুমান সন্দেহজনক অচিনাকি লোকৰ আনাগোনা বৃদ্ধি পাইছে। শুনা খবৰ অনুসৰি, এই লোকসকলে গোপনে আমাৰ গাঁওবোৰত নজৰ ৰাখিছে — কোন ঘৰত কোন থাকে, কাৰ কিমান সম্পত্তি, কোনে ক'লৈ অহা-যোৱা কৰে, এই সকলো খবৰ তেওঁলোকে ৰাখিছে বুলি এক গুৰুতৰ অভিযোগ উঠিছে।
এই কথাষাৰ মই আজি নিজে ভুক্তভোগী হৈ বুজিছোঁ। আজি আবেলি মোৰ ঘৰৰ দুটাকৈ ডাঙৰ ছাগলী বাটৰ কাষত ঘাঁ খাই থাকোঁতেই কোনোবাই চুৰি কৰি লৈ গ'ল। মোৰ খুৰাই চাবলৈ যাওঁতেহে এই ঘটনা পোহৰলৈ আহে। দুৰ্ভাগ্যজনকভাৱে, এনে চুৰিৰ ঘটনা আমাৰ টাপা অঞ্চলত এতিয়া প্ৰায়েই ঘটি আছে।
কিন্তু কথা কেৱল ইমানতেই শেষ হোৱা নাই। আটাইতকৈ চিন্তনীয় বিষয়টো হ'ল, এই একেই সন্দেহজনক লোকসকলে আমাৰ অঞ্চলৰ প্ৰায় ৫০০ (পাঁচশ) বিঘাৰো অধিক কৃষিভূমি ভাড়াত লৈ খেতি আৰম্ভ কৰিছে। অভিযোগ অনুসৰি, তেওঁলোকে আমাৰ মাটিত বিষাক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি যি ধৰণে খেতি কৰিছে, সেয়া আমাৰ মাটিৰ উৰ্বৰতা চিৰদিনৰ বাবে নষ্ট কৰি পেলাব।
ইয়াৰ লগতে, বহুতো ৰাইজৰ মতে, এই লোকসকল অহাৰ পিছৰ পৰাই আমাৰ গাঁওবোৰত চুৰি কাণ্ড আৰু নিচাজাতীয় সামগ্ৰীৰ উপস্থিতি বৃদ্ধি পাইছে।
মই নিজে দেশৰ সুৰক্ষাৰ বাবে বাহিৰত কৰ্মৰত। কিন্তু মোৰ নিজৰ ঘৰখন, মোৰ পৰিয়ালটোৱেই যদি মোৰ গাঁৱত সুৰক্ষিত নহয়, তেন্তে মই কেনেকৈ শান্তিত থাকিম? আজি ছাগলী চুৰি হৈছে, কাইলৈ মানুহৰ ঘৰত ডকাইতি হ'ব। এইদৰে চলি থাকিলে আমাৰ সুন্দৰ অঞ্চলটো অচিৰেই অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হ'ব আৰু আমাৰ চিনাকি গাঁওখন এদিন অচিনাকি হৈ পৰিব।
সময় থাকোঁতেই আমি সকলো গাঁওবাসী সজাগ আৰু একতাবদ্ধ হোৱাৰ প্ৰয়োজন আছে। নহ'লে, আমাৰ এই সুন্দৰ, শান্তিপূৰ্ণ অঞ্চলটোও এদিন বাংলাদেশৰ দৰে অচেনা মানুহৰ দখললৈ যোৱাৰ সম্ভাৱনা নথকা নহয়।
সেয়ে, সকলোৱে একগোট হৈ সজাগতা অৱলম্বন কৰাটো অতি জৰুৰী। আমি নিজেই আমাৰ অঞ্চলটো সুৰক্ষিত কৰি ৰাখিব লাগিব। আমাৰ মাটি, আমাৰ গাঁও আৰু আমাৰ সুৰক্ষাৰ দায়িত্ব আমিয়েই ল'ব লাগিব।
ধন্যবাদেৰে,
হিমাংশু ঠাকুৰীয়া
(ফটোখন প্ৰতীকি ৰূপত দিয়া হৈছে)