DailyAxom

DailyAxom this is the site where we collect news from different places to provide you in short news

31/08/2025
28/08/2025

নাৰকাসুৰে কোন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল?
A. পাল ৰাজবংশ
B. বৰ্মন ৰাজবংশ
C. শলস্থম্ব ৰাজবংশ
D. ভৌম ৰাজবংশ

Comment your Answer

15/08/2025

প্ৰাৰ্থনাৰ পৰিৱৰ্তে কোৰাণৰ ফাতিহা চূড়া পৰিৱেশন! অসমৰ চৰকাৰী বিদ্যালয়ত কি চলিছে? বঙাইগাঁৱৰ কাকৰাগাঁও ৬১৯ নং পশ্চিম ভদ্ৰাগাঁও চৰকাৰী বিদ্যালয়ৰ ভাইৰেল ভিডিঅ'ক লৈ জনাওক আপোনাৰ অভিমত।

15/08/2025

স্বাধীনতা দিৱসত বাইক ৰেলী উলোৱা ৰূ জৰুৰী নেকি?

Aru kiba kono ne...
12/08/2025

Aru kiba kono ne...

29/07/2025
ইণ্ডোনেছিয়াৰ উত্তৰ চুলাৱেছিৰ টালিছ দ্বীপৰ সমীপত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰায় ২৮০ জন লোক কঢ়িয়াই অনা এ...
20/07/2025

ইণ্ডোনেছিয়াৰ উত্তৰ চুলাৱেছিৰ টালিছ দ্বীপৰ সমীপত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰায় ২৮০ জন লোক কঢ়িয়াই অনা এখন যাত্ৰীবাহী নাওত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কমেও ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে একাংশ লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে সাগৰত জপিয়াই পৰে।

প্ৰাপ্ত তথ্য অনুসৰি, এই নাওখন মানাডো বন্দৰলৈ যাত্ৰা কৰিছিল। একাংশ যাত্ৰী জুইৰ পৰা হাত সাৰিবলৈ সাগৰত জপিয়াই পৰাৰ বিপৰীতে একাংশ লোক এতিয়াও জুইৰ মাজত আবদ্ধ হৈ আছে । অগ্নিকাণ্ড সংঘটিত জাহাজখনৰ নাম "KM Barcelona VA"। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়।

সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সৈতে জড়িত বিষয়া ভেৰী আৰিয়ানটোৱে কয় যে, "তিনিজন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৫০ জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় মাছ ধৰা নাওৰ যৌথ দলে তেওঁলোকক উদ্ধাৰ কৰে।

উল্লেখ্য যে, অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই। তেওঁলোকৰ মতে বিদ্যুৎ বিকল হোৱা, ইন্ধন লিক হোৱা বা ইঞ্জিন বিকল হোৱা আদি কিছুমান সম্ভাৱ্য কাৰণত এনে ঘটনা সংঘটিত হৈছে।

মৰিগাঁৱৰ বোৱালগুৰিৰ পৰা গ্রেপ্তাৰ এটা চাইবাৰ অপৰাধীকধৃত চাইবাৰ অপৰাধীটোৰ নাম মুজ্জামিল হকআদিত্য বিৰলা, এক্সিছ বেংককে ধৰি...
20/07/2025

মৰিগাঁৱৰ বোৱালগুৰিৰ পৰা গ্রেপ্তাৰ এটা চাইবাৰ অপৰাধীক
ধৃত চাইবাৰ অপৰাধীটোৰ নাম মুজ্জামিল হক
আদিত্য বিৰলা, এক্সিছ বেংককে ধৰি কেইবাটাও বিত্তীয় প্রতিষ্ঠানক প্রৱঞ্চনা
প্রৱঞ্চনাৰে মুজ্জামিল হকে গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ
পেছাত এজন ৰাজমিস্ত্রী চাইবাৰ অপৰাধী মুজ্জামিল হক
এবছৰ ধৰি পলাতক অৱস্থাত আছিল অপৰাধীটো
এই পৰ্যন্ত মৰিগাঁৱত ২৭৯টা চাইবাৰ অপৰাধীক গ্রেপ্তাৰ

বহিঃৰাজ্যত পুনৰ অসমৰ শ্ৰমিকক নির্যাতনঅবৈধ বাংলাদেশীৰ নামত ৪১ জন অসমৰ শ্ৰমিকক হাৰিয়ানাত গ্ৰেপ্তাৰহাৰিয়ানাৰ গুৰগাঁও ছেক্টৰ...
20/07/2025

বহিঃৰাজ্যত পুনৰ অসমৰ শ্ৰমিকক নির্যাতন
অবৈধ বাংলাদেশীৰ নামত ৪১ জন অসমৰ শ্ৰমিকক হাৰিয়ানাত গ্ৰেপ্তাৰ
হাৰিয়ানাৰ গুৰগাঁও ছেক্টৰ ১০ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসমৰ শ্ৰমিকক
মানকাচৰ, বৰপেটা এলেকাৰ পৰা হাৰিয়ানালৈ গৈছিল শ্ৰমিক কেইজন
শ্ৰমিক কেইজনক উভতাই অনাৰ দাবী মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ
বিষয়টো লৈ বিধায়ক আমিনুল ইছলামৰ মুখ্যমন্ত্ৰী আৰু DGPৰে যোগাযোগ
বাংলাদেশীৰ নামত ভাৰতীয় লোকক হাৰাশাস্তিৰ অভিযোগ বিধায়কগৰাকীৰ

গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ বেছিভাগ লোকেই ঠাণ্ডা পানী, চৰবত বা আইচক্ৰীম খায়। কিন্তু আপুনি জানেনে যে অত্যাধিক আইচক্ৰ...
19/07/2025

গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ বেছিভাগ লোকেই ঠাণ্ডা পানী, চৰবত বা আইচক্ৰীম খায়। কিন্তু আপুনি জানেনে যে অত্যাধিক আইচক্ৰীম গ্ৰহণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে ? হয়, এই দিনকেইটাত অত্যাধিক আইচক্ৰীম খোৱাৰ ফলত আপুনি মেদবহুলতা, ডায়েবেটিচ আৰু হৃদআক্ৰমণত আক্ৰান্ত হ'ব পাৰে। শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে। আইচক্ৰীমৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে আজি জানো আহক-

মেদবহুলতা
গ্ৰীষ্মকালত অত্যাধিক আইচক্ৰীম সেৱনে আপোনাৰ মেদবহুলতা বৃদ্ধি কৰিব পাৰে। আপুনি জানি আচৰিত হ’ব যে ২-৩ স্কুপ আইচক্ৰীমত ১০০০ তকৈ অধিক কেলৰি থাকে। এনে পৰিস্থিতিত যদি আপুনি বেছিকৈ আইচক্ৰীম খায়, তেনেহ'লে ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে।

ডায়েবেটিচ
আইচক্ৰীমত যথেষ্ট পৰিমাণৰ চেনী থাকে, যিয়ে আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যাৰ ফলত ডায়েবেটিচৰ হোৱাৰ ভয় থাকে। অৱশ্যে, ৰক্ত শৰ্কৰাৰ পৰিমাণ কম থকা লোকসকলৰ বাবে সীমিত পৰিমাণৰ আইচক্ৰীম খোৱাটো উপকাৰী হ'ব পাৰে।

হৃদআক্ৰমণ
এক গৱেষণাই প্ৰমাণ পোৱা মতে, একাপ ভেনিলা আইচক্ৰীমত সংপৃক্ত চৰ্বি আৰু ২৮ গ্ৰাম চেনী থাকে। দিনত এটা আইচক্ৰীম খোৱাৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়। সেয়েহে যদি আপুনি দিনে ৩-৪ কাপ আইচক্ৰীম খায়, তেনেহ'লে হৃদৰোগৰ আশংকা বৃদ্ধি হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰা
যদিও আইচক্ৰীমে আমাক শীতলতাৰ অনুভৱ দিয়ে, কেতিয়াবা ইয়াৰ ফলত ডিঙিৰ বিষ, কাহ আৰু চৰ্দিও হয়। এনে পৰিস্থিতিত, শৰীৰত আন বহুতো ৰোগ হ'ব পাৰে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী প্ৰভাৱিত কৰে।

Address

Nellie
Jagiroad
782413

Alerts

Be the first to know and let us send you an email when DailyAxom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DailyAxom:

Share