crazy sujay

crazy sujay vairel news

12/02/2026
18/01/2026
18/01/2026
27/12/2025

মৈমনসিং কেতিয়াও কোনো বিদেশী ভূমি নাছিল। ই আছিল প্ৰাচীন কামৰূপৰ অবিচ্ছেদ্য অংশ— সভ্যতা, সংস্কৃতি তথা ইতিহাসেৰে গঢ় লোৱা পুৰণি অসমৰ অভিন্ন অংশ। ইছলামৰ আগমনৰ বহু আগতেই কোচ, হাজং, বড়ো আদিকে ধৰি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে এই অঞ্চলত বসতি স্থাপন কৰি ভাষা, সংস্কৃতি আৰু ইয়াৰ জীৱনধাৰাক গঢ় দিছিল। ইতিহাস, সংস্কৃতি আৰু নৃতাত্ত্বিক দিশৰ পৰা মৈমনসিং সদায়েই অসমৰ সৈতে স্বাভাৱিকভাৱে জড়িত আছিল।

কিন্তু সেই অবিৰত সংযোগক অতি কৌশলেৰে নোহোৱা কৰা হ’ল।

যি অঞ্চল এসময়ত জনগোষ্ঠীয় আৰু স্বদেশী লোকৰ বাসভূমি আছিল, তাক লাহে লাহে জনগাঁথনিগত পৰিৱৰ্তন, ৰাজনৈতিক তুষ্টিকৰণ আৰু অনিয়ন্ত্ৰিত ধৰ্মীয় উগ্ৰবাদে তাৰ পৰিৱেশ সলনি কৰে। সভ্যতাৰ ওপৰত মতাদৰ্শৰ আধিপত্য স্থাপন হ’লে এটা স্বাভাৱিক, শান্ত অঞ্চল কেনেকৈ অস্থিৰতাৰ দিশে ঠেলি দিয়া যায়, তাৰ উল্লেখযোগ্য উদাহৰণ হৈছে আজিৰ মৈমনসিং।

এই পৰিণাম অত্যন্ত ভয়াৱহ : যি ভূমি এসময়ত একে সভ্যতাৰ পৰিসৰৰ অন্তৰ্গত আছিল, সেই ভূমিত আজি হিন্দুসকল সুৰক্ষিত নহয়। এই কথা সকলোৱে গভীৰভাৱে অনুধাৱন কৰাটো উচিত। এয়া কোনো দূৰৈৰ ৰাষ্ট্ৰত ঘটি থকা ঘটনা নহয়— অসমৰ সীমান্তৰ পৰা মাত্ৰ ৯০ কিলোমিটাৰ দূৰতেই ঘটি আছে এই ঘটনা। শেহতীয়াকৈ নিৰ্দিষ্ট উদ্দেশ্যৰে দি থকা ভাবুকি, উদ্ভণ্ডালি তথা হিংসাৰ ঘটনাসমূহে বহুদিন ধৰি বহুলোকে দি থকা সতর্কবাণীকেই সত্য প্ৰতিপন্ন কৰিছে।

কিন্তু আপোনালোকে জানেনে, এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ এটা ৰাতিৰ ভিতৰতে হোৱা নাই। ইয়াৰ বীজ ৰোপণ হৈছিল ঐতিহাসিক ৰাজনৈতিক কিছুমান ভুল সিদ্ধান্তৰ জৰিয়তে। প্ৰথমে বিভাজনৰ সময়ত— যেতিয়া ক্ষণস্থায়ী ৰাজনৈতিক স্বাৰ্থৰ বাবে ক্ষেত্ৰভিত্তিক সত্যতা, সভ্যতাক জলাঞ্জলি দিয়া হৈছিল। তাৰ পাছত তথাকথিত 'আইৰণ লেডী'ৰ নীতি আৰু নীৰৱতাই বিভাজনত সমৰ্থন কৰা শক্তিসমূহক আৰু অধিক সাহসী কৰি তুলিছিল।

এই ঐতিহাসিক ভুল সিদ্ধান্তসমূহৰ মূল্য আজি সেই সময়ত দিল্লীত বহি ফাইলত স্বাক্ষৰ কৰা ন্যস্ত স্বাৰ্থজড়িত ৰাজনৈতিকসকলে দিয়া নাই, দিছে মৈমনসিঙৰ সাধাৰণ হিন্দুসকলে— যিয়ে নিজৰেই পূৰ্বপুৰুষৰ ভূমিত ভয়-ভীতৰ মাজত জীৱন কটাবলগীয়া হৈছে।

এয়া কেৱল ইতিহাস নহয়, এয়া এক সতৰ্কবাণী। বাস্তৱৰ সন্মুখীন হ'বলৈ অস্বীকাৰ কৰিলে আৰু এই কাণ্ডক অকল মাত্ৰ 'ভয় দেখুওৱা' বুলি উপহাস কৰিলে, মৈমনসিঙত যি ঘটিল, তাৰ পুনৰাবৃত্তি আন ঠাইতো হ'ব পাৰে। নিকৃষ্ট ৰাজনৈতিক স্বাৰ্থসিদ্ধি আৰু মতাদৰ্শগত বিৰোধিতাৰ ফলস্বৰূপে এটা সমগ্ৰ অঞ্চল কেনেকৈ ধ্বংসৰ দিশলৈ ঠেলি দিয়া হয়— তাৰ জীৱন্ত স্মাৰক হৈ থিয় দি থাকিব মৈমনসিঙৰ মৰ্মান্তিক কাহিনী!

10/12/2025

কিমান ঠাণ্ডাৰ মাজত আমাৰ বীৰ সৈন্য সকলে ভাৰত মাতাক পহৰা দি আছে ........

Address

Jagiroad

Website

Alerts

Be the first to know and let us send you an email when crazy sujay posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to crazy sujay:

Share