25/05/2025
সদৌ অসম ছাত্র সন্থা (AASU) ৰ মজিয়াৰ পৰা পদত্যাগ কৰি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে নি:স্বাৰ্থৰে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে আজি অনুষ্ঠিত " TMPK, কেন্দ্রীয় কাৰ্যনিৰ্বাহ সভা "ৰ জড়িয়তে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য শ্ৰী বিকাশ মিচং মিগমক সদৌ মিচিং ছাত্র সন্থা (TMPK) ৰ পবিত্র মজিয়াত আনুষ্ঠানিক ভাৱে TMPK,কেন্দ্রীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে অন্তর্ভুক্ত কৰে । প্ৰিয় সংগ্ৰামী সতীৰ্থ লৈ TMPK , ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ তৰপৰ পৰা আগন্তুক সংগ্রামী দিনৰ শুভেচ্ছা জনোৱাৰ লগতে আন্তৰিকতাৰে TMPK পবিত্র মঞ্চলৈ স্বাগতম জনাইছোঁ । অনাগত দিনবোৰত জাতিৰ স্বাৰ্থত, জাতিটোৰ প্ৰগতিশীল আৰু উত্তৰণৰ হকে, ন-উদ্যমেৰে , ঐক্যবদ্ধ বাবে কাম কৰি যাব বুলি আশা ৰাখিলোঁ।