15/10/2025
দেৰগাঁৱত কেইটামান মাহৰ পূৰ্বে অনুষ্ঠিত হোৱা
এক কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম চাহ নিগমৰ অধীনত থকা চাহ বাগিচা সমুহৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি ২০৫ টকা পৰা ২৫০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল , এই মাহৰ ১অক্টোবৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হব , কিন্তু আজি অক্টোবৰ মাহৰ ১৫ টা দিন পাৰ হ'ল,মুখ্যমন্ত্ৰী কেবিনেটৰ ঘোষণা কাৰ্যকৰী নোহোৱাত ক্ষুদ্ধ হৈ আজি অসম চাহ নিগমৰ অধীনৰ কেইবাখনো চাহ বাগিচা শ্ৰমিক ৰাইজ একত্ৰিত হৈ চিনামৰা চাহ বাগিচা মুখ্য কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰী বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।যদি মজুৰি বৃদ্ধি নহয় তেতিয়া হলে আন্দোলন ভয়াৱহ হব বুলি হুংকাৰ দিয়ে।