অনুভূতি - the feeling

অনুভূতি - the feeling গান, ভিডিঅ, কবিতা, সৃষ্টিমূলক লেখা আদি প্ৰকাশ কৰিবলৈ আৰু দেশ-বিদেশৰ বা-বাতৰি লাভ কৰিবলৈ আমাক লাইক/ ফল'/ শ্বেয়াৰ কৰিব 👏ধন্যবাদ 👏👏

24/10/2025

♥️ #জুবিন গাৰ্গ: বহুত ভোক লাগিছে ৰ দুটা লুচি খায় আঁহো তহঁতে গাড়ী খনতে অলপ বহ,,,
♥️জুবিন গাৰ্গ : ঐ দোকানী খাবলৈ কি আছে ?
✅দোকানী : দাদা লুচি আৰু ভাঁজি।
✅দোকানী : দাদা লুচি কেইটা দিম ?
♥️জুবিন গাৰ্গ : ২ টা দে পাতল কৈ ।
✅দোকানী : বাৰু দাদা ২ মিনিট !
♥️জুবিন গাৰ্গ : কোনো কথা নাই তই বনা,,, মোৰ ভোক লাগিছে বহুত অলপ পাৰিলে সোনকালে কৰিবিচোন , প্ৰগ্ৰেম কৰি আহিছোঁ ৰাতিটো একো খোৱা নাই ।
✅দোকানী : দুই মিনিটৰ পাছত ,,,দাদা আপোনাৰ লুচি !
♥️জুবিন গাৰ্গ : দে ,,, তই সাংঘাটিক বহুত ভাল বনাইছ দেখোন ।।
✅দোকানী : মিছিকিয়াই হাঁহি মাৰি নহয় দিয়ক দাদা ।
♥️জুবিন গাৰ্গ : তই চৱজি কি কি দি বনাইছ ?
✅দোকানী: দাদা পানী লাওঁ , আলু আৰু মটৰ !
♥️জুবিন গাৰ্গ : তই একদম গাঁৱলীয়া ষ্টাইলত বনাইছ দেখোন !
✅দোকানী : হয় দাদা ,,একদম গাঁৱলীয়া ষ্টাইলত বনাইছো ,,,আমি ঘৰত এনেকৈয়ে খাওঁ।
✅দোকানী : দাদা ইমান ডাঙৰ মানুহ দাদাক কত বহিব দিম বাৰু ভাল চকী এখনো নাই । দাদা বেয়া নাপায় যদি এই টেবুল খনতে বহি খাওঁক।।
♥️জুবিন গাৰ্গ : হব দে ,,একো নহয় , মই থিয় হৈ খাম। কিন্তু পাছত গৈ টেবুল খনত বহি খালে।
♥️জুবিন গাৰ্গ : তই লুচি , ভাঁজি বহুত সাংঘাটিক বনাইছোঁ দেখোন ভাল লাগিল খায়।
✅দোকানী : নাজানো আৰু দাদা আপুনি ভাল পালে ভাল লাগিল ।
♥️জুবিন গাৰ্গ : জুবিন দাই হঠাৎতে কলে ,,,, তই ১১ জন মানুহৰ কাৰণে এতিয়া লুচি বনাব পাৰিবি নে ?
✅দোকানী : দাদা পাৰিম ।
♥️জুবিন গাৰ্গ : জুবিন দাই লগৰ কেইজনক মাতিলে ঐ তহঁতেও আহ লুচি খাবলৈ ,,,,,,
লগৰ কেইজনে দোকানৰ ওচৰলৈ আহি কলে ,,দাদা কি হল ?
♥️জুবিনৰ গাৰ্গ : তহঁতৰোঁ ভোক লাগিছে ,,গতিকে ইয়াতে খায় ল ,,,,লগৰ কেইজনে আপচোচ কৰি কলে দাদা আমি ইয়াত নাখাওঁ ,,,, তহঁতে খা চোন ভাল পাবি।
লগৰ কেইজনে আপচোচ কৰি খালে ,,খোৱাৰ পাছত জুবিন দাই দোকানী জনক সুধিলে ঐ দোকানী কিমান টকা হল ,,,,দাদা এক প্লেটত ১০ টকাকৈ ,,,,,
♥️জুবিন গাৰ্গ : জুবিন দাৰ পকেটত যিমান খিনি টকা আছিল সিমান খিনি টকা দি কলে,, ঐ দোকানী এইয়া ল ,,,
✅দোকানী : দাদা ১২০ টকা হে হৈছে ,,,আপুনি মোক ৩০০০ হাজাৰ টকা দিলে যে ? ল একো নহয় তই ৰাখচোন,,, কিবা বিপদ হলে কবি মই আছোঁ । ইয়াতে আহি থাকোঁ।
✅দোকানী: বাৰু দাদা ,,,
♥️জুবিন গাৰ্গ : লুচি ভাজি খায় ,,টকা দি গুছি গল ।
♥️জুবিন গাৰ্গ : জুবিন দাই ৬ দিনৰ পাছত গৈ আকৌ কলে ঐ দোকানী খাবলৈ কি আছে ?
✅দোকানী: দাদা লুচি !
♥️জুবিন গাৰ্গ: ২ খন লুচি দে ,,বেছি নহয় ।
✅দোকানী: বাৰু দাদা ।
জুবিন দাই লুচি খায় দোকানী জনক ৫০০ টকা দিলে !
দোকানী: দাদা ১০ টকাহে হয় আপুনি মোক ৫০০ টকা দিলে যে ,,, তই ৰাখি থ ,,,, আৰু লাগিলে কবি ।
অলপ দিনৰ পাছত,,,,
♥️জুবিন গাৰ্গ : ঐ দোকানী টোৰ ঘৰ কত ,, তুৰ নামটো কি ?
✅দোকানী: দাদা মই শদিয়াৰ,, সোণোৱাল কছাৰীৰ লৰা ,, অমুক
♥️জুবিন গাৰ্গ : অ তই সোণোৱাল, কছাৰীৰ লৰা হে,,,,হয় দাদা ,,,তুক মই আজিৰ পৰা কছাৰী বুলি মাতিম,,,
✅দোকানী : হব দাদা
জুবিন দাই দোকানী জনক কেৱল কছাৰী বুলি মাতিছিল,,, কছাৰী নামৰ বাহিৰে আৰু একো বুলি মাতা নাছিল ।
এদিন হঠাৎতে জুবিন দাই আহি দোকানী জনক সুধিলে ঐ কছাৰী তুৰ দোকান খনৰ নাম কি ?
✅দোকানী : দাদা এতিয়া লৈ ভবা নাই !
♥️জুবিন গাৰ্গ : তুৰ দোকান খনৰ নাম আজিৰ পৰা মই কছাৰী হোটেল দিলোঁ,,, কছাৰী হোটেল
✅দোকানী: থিক আছে দাদা আজিৰ পৰা মোৰ দোকান খনৰ নাম কছাৰী হোটেল ।

দোকানী জনে কছাৰী হোটেল বুলি নামটো ৰাখি থলে আৰু এতিয়ালৈ আছে ।

♥️জুবিন দাই এনেকৈয়ে কছাৰী হোটেলৰ টেবুলত বহি লুচি , ভাঁজি খাইছিল ,,,কেতিয়াবা চকীত বহি ,, কেতিয়াবা আকৌ থিয় হৈ ,কেতিয়া আকৌ টেবুলখনত বহি ,,,,, জুবিন দাই কছাৰীৰ দোকানত লুচি ভাজি খোৱা দেখি তাত বহুতো মানুহে খাবলৈ যোৱাৰ লগতে জুবিন দাৰ লগত selfie উঠিব গৈছিল,,,,,লুচি ভাজি খোৱা এৰি কেতিয়াবা selfie লব যোৱা মানুহক সময় দিছিল ,,,,কেতিয়া লুচি ভাজি খায় থকাৰ সময়তো selfie লব দিছিল আৰু লৈছিল কিন্তু জুবিন দাই কেতিয়াও কাকো বেয়া ব্যৱ্হাৰ কৰি গালি পৰা নাছিল । বা খোৱা সময়ত selfie নলবি বুলি একো কোৱা নাছিল ,,,, বিন্দাচ আছিল ।✅

এনেকৈ কিছূমান দিন কছাৰী হোটেলত খাব গৈছিল আৰু গৈ কছাৰী জনৰ পৰা number টো লৈছিল জুবিন দাই ।।।।

♥️জুবিন দাই এদিন হঠাৎতে দোকানী জনক মানে কছাৰী জনক call 🤙 কৰি কলে যে আমি ১১ জন নলবাৰীৰ পৰা গৈ আছোঁ তই ১১ জন মানুহৰ কাৰণে লুচি, ভাঁজি বনাই থবি আমি গৈ খাম ,, দোকানী জনে লুচি, ভাঁজি ১১ জন মানুহৰ বাবে বনাই ৰৈ আছিল যদিও জুবিন দাই খাবলৈ নাহিল । খাবলৈ অহা নাছিল যদিও call কৰি কৈছিল তই চিন্তা নকৰিবি কালি আমি গৈ আছোঁ ।।

♥️Next day জুবিন দাই কছাৰীৰ হোটেলত আহি একো নোকোৱা কৈ জুবিন দাই দোকানী জনক মানে কছাৰীক ৫০০০ হাজাৰ টকা দিলে কিন্তু দোকানী জনে কলে দাদা আপুনি মোক ৫০০০ টকা কিয় দিলে ? জুবিন দাই কৈছিল তই ১১ জন মানুহৰ বাবে যি খিনি কষ্ট কৰি লুচি ভাঁজি বনাই ৰাখিছিলি তাৰ বাবে মই টোক দিলোঁ,,,,,,, দোকানী জনে কলে দাদা মই সেই ১১ জন মানুহৰ লুচি ভাজি খিনি বেছি দিলোঁ,,,, জুবিন দাই কলে কোনো কথা নাই ৰাখি থ তই ।।

✅এই বুলি কৈ জুবিন দাই কছাৰীক কলে ,,, কছাৰী মই আজি লুচি বনাম , তই চাই থাক ,,,,,,,,

দোকানী জনে মানে কছাৰীয়ে কলে জুবিন দাক ,, দাদা আপুনি বনাব নোৱাৰিব।

জুবিন দাই কলে কছাৰী তই চাই গৈ থাক মই আজি লুচি বনাম ।

♥️জুবিন দাই , আটা মাৰিলে,,আটা মাৰি লুচি বেলিলে,,,,,,লুচি টো বেলোতে বেঁকা বেকি হল ,,, তাক লৈ জুবিন দাই কলে কছাৰী লুচি টো দেখোন কিবা বেঁকা বেকী হৈ গল ,,,,, আৰু হাঁহি হাঁহি জুবিন দাই কলে একো নাই কছাৰী শদিয়া আৰু ধুবুৰী হৈ একেবাৰে চীন পালেগৈ । এনেকৈ হাঁহি ধেমালি কৰি লুচি বনাই খালে ।✅

♥️জুবিন দাই লুচি ভাজি বনাই খায় যোৱাৰ পাছত জুবিন দাই কছাৰীক জনক মৰমত ৫০০০ হাজাৰ টকা আকৌ দিলে আৰু কলে তই এইখিনি ৰাখ টোক মই মৰমত এইখিনি দিছোঁ । তেনেকৈ কোৱাৰ বাবে কছাৰী জনে টকা খিনি ৰাখিলে ।

♥️জুবিন দাই মৰমত দিয়া ৫০০০ টকা খিনিয়ে কছাৰী জনে এটা TV ললে জুবিন দাৰ নামত যি টো TV আজি লৈ আছে কছাৰী জনৰ ঘৰত ,,,TV টো নাচায় কিন্তু জুবিন দাই মৰমত দিয়াৰ বাবে ২০১১ চনৰ পৰা আজি লৈ ধুনিয়াকৈ সাজি ৰাখিছে ।

♥️এইয়াই হৈছে জুবিন দাৰ মৰম মানুহৰ বাবে ,,, জুবিন দাৰ এই মৰমৰ কাৰনে হয়টো আজি কোনো স্বাৰ্থ নোহোৱাকৈ অসমে ,,মানুহে কান্দিছে 💔 আপুনি কান্দিছে মই কান্দিছে মোৰ ঘৰৰ মানুহে জুবিন দাক লৈ কান্দিছে 💔

এই কথাখিনি আছিল ২০১১ চনৰ বুধবাৰৰ ৰাতিপুৱাৰ কথা ।

জুবিনদাৰ এই কাহিনীটো ভাল লাগিল বাবে Fb ৰ পৰা কপি কৰি সাঁচি ৰাখিলোঁ |


(বিদ্ৰ.- কছাৰী হোটেলখন .GMCH ৰ সন্মূখত আছে)









22/10/2025

স্কুলৰ হেডমাষ্টৰক ছাত্ৰছাত্ৰীয়ে অভিযোগ দিছে যে স্কুলৰ দমকলটো বেয়া হৈছে ভাল কৰি দিব লাগে হেডমাষ্টৰে দমকলটো ভাল কৰিব পাৰে কিন্তু তাকে নকৰি স্কুলৰ সন্মুখত ছাত্ৰছাত্ৰীৰ লগত প্ৰতিবাদ কৰি আছে যে দমকলটো ভাল কৰি দিব লাগে...🤗

Copied Post From Facebook!!

20/10/2025

১১ ফুট উচ্চতাৰ জুবিনদাৰ প্ৰথমটো প্ৰতিমূৰ্ত্তি...জয় জুবিনদা 🙏
19/10/2025

১১ ফুট উচ্চতাৰ জুবিনদাৰ প্ৰথমটো প্ৰতিমূৰ্ত্তি...
জয় জুবিনদা 🙏

16/10/2025

স্কুলৰ পৰা ঘূৰি আহোতে কণমানি কেইটাৰ মুখত জুবিনদাৰ "মায়াবিনি"...

15/10/2025

News Upsate:

🔹বাক্সা জিলাত ম'বাইল ইণ্টাৰনেট সেৱা বন্ধ
🔹পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব এই সেৱা
🔹ৰাজনৈতিক (এ) বিভাগৰ জাননী জাৰি
🔹বাক্সাত উ*ত্তপ্ত পৰিস্থিতিৰ পাছতে এই সিদ্ধান্ত
🔹এই সময়খিনিত 'ভইচ কল' আৰু লেণ্ড লাইন ইণ্টাৰনেট সেৱা অব্যাহত থাকিব

জিম মৰিছনেই নেকি আমাৰ জুবিন দা ♥️সঁচা অৰ্থত মই পূৰ্বে জন্মাতৰবাদ বিষয়টো বিশেষ বিশ্বাসী নাছিলোঁ । কিন্তু পৃথিৱীত সংঘটিত ক...
15/10/2025

জিম মৰিছনেই নেকি আমাৰ জুবিন দা ♥️

সঁচা অৰ্থত মই পূৰ্বে জন্মাতৰবাদ বিষয়টো বিশেষ বিশ্বাসী নাছিলোঁ । কিন্তু পৃথিৱীত সংঘটিত কিছু আচৰিত ঘটনাই ভবাই তুলিবলৈ যেন আমাক বাধ্য কৰায় দিয়ে । বৰ্তমান সময়ত জন্মাতৰবাদক বহু সংখ্যকলোকে বিশ্বাস নকৰিলেও পুনৰ জন্ম প্ৰসংগক লৈ বিজ্ঞানেও এক মুখে অস্বীকাৰ কৰি লোৱা নাই । যদি আত্মা-পৰাত্মা বিশ্বাস কৰা হয় তেন্তে পুনৰ জম্মও নিশ্চিতভাবে বিশ্বাস কৰিব লাগিব । পৃথিৱীত এনে কিছু ঘটনা ঘটিছে যি পুনৰ জন্ম বুলি দাবী কৰি আহিছে । আমাৰ জুবিন দাৰ আত্মাৰ দেহ ত্যাগৰ পাছতেই পুনৰ জন্ম সম্পৰ্কত কৰা এক ভিডিঅ' চর্চাৰ বিষয় হৈ পৰিছিল । সমগ্ৰ অসমবাসীয়ে সেৱা জনাইছিল, আহ্বান জনাইছিল যে পুনৰ আমাৰ মাজলৈ আহক জুবিন দাৰ আত্মা

মই জিম মৰিছনৰ বিষয়ে জানিছিলোঁ, এজন অতি জনপ্ৰিয় সংগীত শিল্পী হিচাপে । কিন্তু ইমান গভীৰভাবে জিম মৰিছনৰ বিষয়ে অধ্যয়ন কৰা নাছিলোঁ । মাত্ৰ জানিছিলোঁ কম বয়সতে মৃত্যুক সাৱটি লোৱা

আমেৰিকাৰ এজন প্ৰখ্যাত সংগীত শিল্পী, যাৰ বৃহৎ অনুৰাগী আজিও আছে । কিন্তু মুকুল দাৰ লিখনিটো পঢ়ি জিম মৰিছনৰ বিষয়ে অলপ অধ্যয়ন কৰি মই নিজেই সচকিত হৈ পৰিলোঁ । কেনেদৰে এয়া সম্ভৱ হব পাৰে । জিম মৰিছনৰ সংগীত চর্চা, কৰ্ম-কাণ্ড, চেহেৰা, শৰীৰ অবয়ব সকলো আমাৰ জুবিন দাৰ লগত প্ৰায় মিল আছে। তেন্তে মুকুল দাই কোৱাৰ দৰে আমি সচাকৈ ভাবিব পাৰো নেকি যে জিম মৰিছন আৰু আমাৰ জুবিন দা যেন একেই আত্মা!


প্ৰকৃততে জিম মৰিছনক কেৱল সংগীত শিল্পী বুলি আখ্যা দিলে ভুল হব । যেনেদৰে আমাৰ জুবিন দাৰ ক্ষেত্ৰত কব নোৱাৰি । জিম মৰিছন আছিল সংগীতৰ এক ধাৰা, এক প্ৰতিবাদী সত্বা, এক বিপ্লৱী সত্বা ।
জিম মৰিছন, সম্পূৰ্ণ নাম জিম ডগলাচ মৰিছন । জিম মৰিছন আছিল এজন অসাধাৰণ প্ৰতিভাৰ অধিকাৰী । তেওঁ আছিল আমেৰিকাৰ প্ৰখ্যাত গায়ক, সংগীতজ্ঞ আৰু গীতিকাৰ । জিম মৰিছনৰ গীতে নৱ প্ৰজন্মৰ লগতে সংগীতপ্ৰেমিক আচৰিতভাবে আকৰ্ষিত কৰিছিল । যেনেদৰে আমাৰ জুবিন দাই কৰিছিল । ১৯৪৩ চনৰ ৮ ডিচেম্বৰত ফ্লৰিডাৰ মেলবৰ্ণ চহৰত জন্ম হৈছিল জিম মৰিছনৰ । দেউতাক জৰ্জ ষ্টেফেন মৰিছন আৰু মাক আছিল ক্লাৰা ভাৰ্জিনিয়া । জিম মৰিছনে প্রায় ৮ বিধ বাদ্য বজাব জানিছিল । বিশেষকৈ তেওঁ গান গোৱাৰ সময়ত পাৰ্কচন আৰু হাৰমনিকা সংগত কৰিছিল । জিম মৰিছনে ১৯৬৫ চনত ড'ৰচ ( Doors) নামেৰে এটা সংগীত গ্ৰুপ মুকলি কৰে । যিটো গ্ৰুপে সেই সময়ত আমেৰিকাত এক প্ৰকাৰে সংগীত ক্ষেত্ৰখনত আলোড়ণৰ সৃষ্টি কৰিছিল । পাছত "ৰিক এণ্ড দ্য ৰাৱিন্স" নামেৰে অন্য এটা মিউজিক ব্ৰেণ্ড আৰম্ভ কৰে । জিম মৰিছনৰ গীতৰ অবিহনে সেই সময়ত আমেৰিকাত কোনো সংগীতানুষ্ঠান সম্পূৰ্ণ নহৈছিল । লাহে জিম মৰিছনৰ গীত কেৱল আমেৰিকাতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিব ধৰিলে । জিম মৰিছনৰ পাছে পাছে দৌৰি ফুৰিছিল যুৱ প্ৰজন্ম তথা অনুৰাগী । এবাৰ দৰ্শনৰ বাবে, এবাৰ স্পৰ্শ কৰিবৰ বাবে যেন পাগল হৈ পৰিছিল বহু অনুৰাগী ।

জিম মৰিছন আছিল আমাৰ জুবিন দাৰ দৰেই মনৰ ৰজা । নিজৰ বাবে একো চিন্তা কৰা নাছিল । সকলো উপাৰ্জিত ধন দৰিদ্ৰজনৰ মাজত বিলাই দিছিল । তেওঁ অধিক ধন ব্যয় কৰিছিল বেমাৰী আৰু আৰ্তজনৰ মাজত । কিন্তু নিজৰ বাবে একো নাথাকিলেও ৰজাৰ দৰে আছিল জিম মৰিছন । লাহে লাহে সুৰাৰ প্ৰতি আসক্ত হৈ পৰিছিল জিম মৰিছন ।

সংগীতানুষ্ঠানসমূহত চৰকাৰৰ বিৰুদ্ধে, ৰাজনৈতিক নেতাৰ বিৰুদ্ধে বলিষ্ঠ মন্তব্য কৰিছিল জিম মৰিছনে । যাৰ বাবে গীত পৰিৱেশন কৰি থকাৰ সময়তে বহুবাৰ গ্ৰেপ্তাৰ হব লগা হৈছিল জিম মৰিছন । কিন্তু ভয় কৰা নাছিল জিম মৰিছন । জুবিন দাৰ দৰে যেন সেই একেই মনোভাব "ঘেন্টাও খাতিৰ নকৰোঁ" । জিম মৰিছনৰ সাহস আছিল তেওঁৰ অনুৰাগী । অনুৰাগীৰ প্ৰতিবাদত গ্ৰেপ্তাৰৰ পাছত বহুবাৰ আৰক্ষীয়ে জিম মৰিছনক মুকলি কৰি দিব লগা হৈছিল । ১৯৭১ চনৰ ৩ জুলাইত পেৰিচত জিম মৰিছনৰ আচৰিতজনকভাবে মৃত্যু ঘটে । তাতোকৈ আচৰিতজনক কথা যে জিম মৰিছনক পুৱা ৬ বজাত গা ধোৱা ঘৰৰ বাথটাবত পানীত ডুব গৈ থকা অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৭ বছৰ । মৃত্যুৰ আনুষ্ঠানিক কাৰণ হৃদযন্ত্ৰৰ বিফলতা হিচাপে তালিকাভুক্ত কৰা হৈছিল যদিও ফৰাচী আইন অনুসৰি ইয়াৰ কোনো মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল । মৃত্যুৰ সময়ত আমেৰিকা, পেৰিছ, চিকাগু আদি বিভিন্ন প্ৰান্তত অনুৰাগীৰ কান্দোনৰ ৰোল উঠিছিল । জিম মৰিছনৰ ফটো লৈ কান্দি কান্দি ৰাজপথলৈ ওলাই আহিছিল বহু অনুৰাগী ।

তদুপৰি জানিলে আৰু আচৰিত হব যে আমি জানিব পাৰিছো যে জুবিন দাই মৃত্যুৰ পূৰ্বে গাহৰি মাংস আৰু বিয়েৰ খাইছিল । এয়াই জুবিন দাৰ শেষ আহাৰ আছিল । ইফালে জিম মৰিছনৰ মৃত্যুৰ পূৰ্বে শেষ আহাৰ আছিল জ্বলা মুৰ্গীৰ মাংস আৰু বিয়েৰ । লগতে দুয়োগৰাকী মহান ব্যক্তি মৃত্যুৰ লগত উপৰোক্ত কাৰক হিচাপে আছে পানী । এজন বাথটাবৰ পানীত, অন্যজন সাগৰৰ পানীত ।

জিম মৰিছনৰ মৃত্যুৰ এক বছৰৰ পাছত ১৮ নৱেম্বৰ ১৯৭২ চনত আমাৰ জুবিন দাৰ জন্ম হৈছিল । দুয়োজন মহান ব্যক্তিৰ মাজত অন্য এক সাদৃশ্য আছিল যে সংখ্যাতত্ব অনুসৰি জুবিন দাক ৯ সংখ্যাটোৱে জীৱন প্ৰভাৱিত কৰিছিল, একেদৰে জিম মৰিছনক ৭ সংখ্যাটোৱে জীৱন প্ৰভাৱিত কৰিছিল । আজি জুবিন দাক যেনেদৰে "হামিং কিং" হিচাপে বিশ্বই চিনি পায়, তেনেদৰে জিম মৰিছনক "লেজাৰ্ড কিং" হিচাপে বিশ্বই চিনি পায় । এতিয়া চিন্তা কৰক ব্যক্তিগতভাবে হলেও মই কেনেদৰে ভাবিব নোৱাৰো জিম মৰিছনৰ আত্মাই আমাৰ জুবিন দা । যদি এয়া সত্য হয় তেন্তে আমি নিশ্চিতভাবে আশাবাদী যে জুবিন দা আমাৰ মাজলৈ পুনৰ আহিব ।

Source : Facebook.


সাধাৰণতে জনসাধাৰণৰ মাজত পুলিচ সম্পৰ্কে এটা ধাৰণা আছে যে নিজৰ কৰ্তব্যৰ সময়ত তেওঁলোক খুউব কঠোৰ, নীতি-নিয়মৰ মাজত আবদ্ধ হৈ থ...
13/10/2025

সাধাৰণতে জনসাধাৰণৰ মাজত পুলিচ সম্পৰ্কে এটা ধাৰণা আছে যে নিজৰ কৰ্তব্যৰ সময়ত তেওঁলোক খুউব কঠোৰ, নীতি-নিয়মৰ মাজত আবদ্ধ হৈ থাকে।

পুলিচৰ আবেগ-অনুভূতি নাথাকে। কাৰোৰে সুখ-দুখ নুবুজে। মৃত্যু-হত্যা,মৃতদেহ দেখিলেও আৱেগত উতলি নুঠে।

কিন্তু তাৰ বিপৰীত চিত্ৰ এখন অসমত প্ৰায় বিশ দিনৰ আগত দেখিব পোৱা গৈছিল য'ত আৱেগহীন,হৃদয়হীন,কঠিন মনৰ পুলিচ বিষয়াসকলেও হিয়া ঢাকুৰি কান্দিছিল।

কি মহিলা পুলিচ, কি পুৰুষ পুলিচ আটায়ে।পুলিচৰ কঠিন হৃদয়কো গলাই গলাই চকুৰে লোতক বোৱাব পৰাজনেই আছিল জুবিন গাৰ্গ।
যাৰ কাৰণে ক'ব পাৰি জুবিন মানেই একক আৰু অনন্য।



©ছবি আৰু পোষ্ট ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে।

゚viralシfypシ゚viralシalシ

জুবিন গাৰ্গে মৃত্যুৰ ইংগিত জীয়াই থাকোতেই পাইছিল নেকি?কিছুমান কথাৰ কোনো ব্যাখ্যা নাথাকে যদিও মনটো দোলা দি যায়।(এক) চিৰদি...
11/10/2025

জুবিন গাৰ্গে মৃত্যুৰ ইংগিত জীয়াই থাকোতেই পাইছিল নেকি?
কিছুমান কথাৰ কোনো ব্যাখ্যা নাথাকে যদিও মনটো দোলা দি যায়।

(এক)
চিৰদিনৰ বাবে আঁতৰি যোৱাৰ মাত্ৰ দুদিন পুৰ্বে ড° ৰীতা চৌধুৰীক দিয়া দীঘলীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল, সাগৰ এটা dead end. মই সাগৰ দেখিলেই জপিয়াই দিও৷ সাগৰ কিমান গভীৰ তালৈ ভ্ৰুক্ষেপ নকৰো৷ তাৰ পুৰ্বেও তেওঁ 'সাগৰ তলীত শুবৰে মন' বুলি গান গাই থৈছিল৷
(দুই)
নিজৰ অন্তিম চিনেমা 'ৰৈ ৰৈ বিনালে' এনেকুৱা এজন যুৱকৰ কাহিনী, যি চকুৰে দেখা নাপায়৷ কিন্তু সাগৰখন চুই চাব খোজে৷ বহুদিন ধৰি ভাৱি থকা কাহিনী জীৱনৰ শেষ সময়ত কৰিলে তেওঁ৷ চিনেমাৰ বিষয়: সাগৰ৷ দুৰ্ভাগ্যজনক মৃত্যুৰ স্থানো সাগৰ৷
(তিনি)
'ৰৈ ৰৈ বিনালে'ৰ টাইটেল গানটোলৈ মন কৰক:

ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতিপুৱাবলে কিমান পৰ

ডাৱৰে ডাৱৰে
এন্ধাৰে সিপাৰে
জেউতি লুকালে অসীমত

নভবা কথাও হঠাতে হয় চাগে
পায়ো হেৰুৱালো
বুজি পোৱাৰ আগতে
ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতিপুৱাব কেতিয়া

মন কৰিব, গীতৰ কথাখিনি কিদৰে মিলি গৈছে৷ শুকুৰবাৰে গধুলি জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ খবৰ আহিল৷ সন্ধিয়ালৈ মৃত্যু নিশ্চিত বুলি খবৰ আহিল৷
তাৰ পিছত তেওঁ গোৱাৰ দৰে, 'নিশায়ে বিনালে/ৰাতি পুৱাবলে কিমান পৰ!'
সঁচাকৈ নিশাই বিনালে, সমগ্ৰ অসমবাসীয়ে বিনালে৷ ৰৈ ৰৈ বিনালে৷ জুবিন গাৰ্গৰ খবৰ পাবলৈ৷ তেওঁৰ নশ্বৰ দেহ দেখা পাবলৈ৷ সেই দুখৰ ৰাতিটো যেন অসমবাসীৰ সবাতোকৈ দীঘল ৰাতি আছিল৷ বিনাই বিনাই পাৰ কৰিছিল৷
তাৰ পিছত কি গালে?
ডাৱৰে ডাৱৰে/ এন্ধাৰে সিপাৰে/ জেউতি লুকালে অসীমত

জুবিন গাৰ্গ সঁচা অৰ্থত জেউতি আছিল৷ অসীমত লুকাই থাকিল৷

তাৰ পিছত গালে,
নভৱা কথাও হঠাতে হয় চাগে/
পায়ো হেৰুৱালো/
বুজি পোৱাৰ আগতে/
ৰৈ ৰৈ বিনালে

সঁচাকৈ অসমবাসীয়ে নভৱা কথাটো হঠাৎ হৈ গ'ল৷ আমি বুজি পোৱাৰ আগতে৷ তাৰ পিছত আমি বিনালো৷ অসমে বিনালে৷ ৰৈ ৰৈ বিনালে৷

সাগৰৰ কাহিনীৰ পৰা, তেওঁ নিজমুখে Dead End বুলি কোৱাৰ পৰা ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, জেউতি লুকালে/
সকলো কথা কিদৰে মিলি গ'ল৷
কোনোবাই তেওঁৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰাৰ ইংগিত ঐশ্বৰিক ভাৱে পাইছিল নেকি জুবিন গাৰ্গে ? নিজৰ সৃষ্টিৰ মাজেদি তেওঁ তাৰেই ইংগিত দিছিল নেকি ?
এই কথাও চিৰদিনলৈ ৰহস্য হৈ ৰৈ গ'ল।


#সংগ্ৰহ

◆ দৈনিক এটাকৈ দেখিবলৈ পোৱা পডকাষ্টবোৰ, মিলিয়ন ভিউজ থকা ইউটিউবাৰসকল ক'ত গ'ল! ◆  ক'ত গ'ল জুবিন গাৰ্গৰ এটা সাক্ষাৎকাৰৰ বাবে...
10/10/2025

◆ দৈনিক এটাকৈ দেখিবলৈ পোৱা পডকাষ্টবোৰ, মিলিয়ন ভিউজ থকা ইউটিউবাৰসকল ক'ত গ'ল!

◆ ক'ত গ'ল জুবিন গাৰ্গৰ এটা সাক্ষাৎকাৰৰ বাবে উত্ৰাৱল হৈ থকা ইউটিউবাৰসকল!

◆ ক'ত গ'ল লাখৰো ওপৰ ফল'ৱাৰ্ছ থকা অনেক সহগায়ক, গায়িকা! যি এটা গান জুবিন গাৰ্গৰ লগত গাবৰ বাবে অপেক্ষা কৰিছিল ওৰেটো জীৱন! আৰু ওলোৱাৰ লগে লগে হিট হৈছিল কেৱল জুবিন গাৰ্গৰ বাবেই! ক'ত গ'ল তেওঁলোক!

◆ বহুত তেনেকুৱা প্ৰফাইল খুলি চাই দেখিছোঁ তেওঁলোকে ফটো শ্বেয়াৰ কৰিছে বিভিন্ন মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে একেলগে তোলা। কিছুসংখ্যকে চুলি দীঘল জুবিন গাৰ্গ নামৰ মানুহজনৰ সৈতেও নিজৰ ফটো শ্বেয়াৰ কৰিছে। মানে সেই চিনাকী বহু, বহু বছৰীয়া। কিন্তু ন্যায়ৰ হকে এষাৰ মতা দেখা নাই। অথবা খুব বেছি কিবা এষাৰ লিখিছে।

' মিছ উ জুবিন দা, মিছ উ গল্ডি দা, ক'ত গুচি গ'লা আমাক এৰি'- সেইবোৰ লিখিবলৈ গোটেই জীৱন পৰি আছে। কিন্তু আপোনালোক হাই প্ৰফাইল মানুহ, তথাকথিত বৰ মানুহ। এষাৰ মাতক না ন্যায়ৰ বাবে। এই যে আজি একৈশটা দিনে আমি বিভিন্নজনে বিভিন্ন মত দি থকাৰ বাদে নিৰ্দিষ্টকৈ মানুহজন কেনেকৈ গুচি গ'ল একোৱেই নাজানোঁ, সেই বিষয়ে এষাৰ লিখক না... ন্যায়িক প্ৰক্ৰিয়াত দেৰি লাগিলেও অন্ততঃ কেনেকৈ কি হৈছিল জানিবলৈ অকণমান সোনকাল কৰাৰ কথা লিখক না...

সঁচাকৈয়ে মন নাযায় নে আপোনালোকৰ জানিবলৈ!
আমাৰ মনলৈ একেৰাহে আহি থকা শত সহস্ৰ প্ৰশ্নৰ দৰে আপোনালোকৰ কি মনলৈ নাহে! একোৱেই নাহে...!
কিছুসংখ্যকক বাদ দি এই কাম কৰা, এইবোৰ প্ৰশ্ন সোধা মানুহ যেন কোনোৱেই নাই...

কোনে কাক মামা কিয় বুলিব, কোন চিংগাপুৰলৈ প্ৰথম শ্ৰেণীৰ টিকট কৰি যাব, কোনে হাত দাঙি চিতাৰ কাষত কি ক'লে, কাৰ গাৰ্লফ্ৰেণ্ড কাৰ ঘৰলৈ যায় সেইবোৰ পাতিবলৈকো আমাৰ ওচৰত অজস্ৰ সময় ওলাব। এতিয়াই পতাৰ কি সচাঁই প্ৰয়োজন আছে!

আজি একৈশটা দিনে এটাই কথা বুজিলোঁ জুবিন গাৰ্গ জীয়াই থাকোঁতেও ব্যৱসায়ৰ আহিলা, হেৰাই যোৱাৰ পাছতো ব্যৱসায়ৰ আহিলা...কোনোবাই কম'ডিটি ( পণ্য সামগ্ৰী) বুলি খুল্লাম খুল্লা কৈ বিপদত পৰিছে, কোনোবা একো নোকোৱাকৈ মনে মনে থাকি নিজকে নিৰ্দোষী সজাইছে।

✍️ গায়ত্ৰী প্ৰান্তিক শৰ্মা ।

সকলোৱে পোষ্ট শ্বেয়াৰ কৰিব যাতে চিনাকি মানুহ ওলাই। ছোৱালী জনীক গাইনদী ৰেল দলংৰ কাষত কোনোবাই এনে অৱস্থাত পেলাই থৈ গৈছে......
10/10/2025

সকলোৱে পোষ্ট শ্বেয়াৰ কৰিব যাতে চিনাকি মানুহ ওলাই।

ছোৱালী জনীক গাইনদী ৰেল দলংৰ কাষত কোনোবাই এনে অৱস্থাত পেলাই থৈ গৈছে...

হয়টো হত্যা কৰিছে!!

ঘৰৰ মানুহে গম পালে সঠিক তথ্য পোহৰলৈ আহিব।




Address

Jorhat

Alerts

Be the first to know and let us send you an email when অনুভূতি - the feeling posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to অনুভূতি - the feeling:

Share