SAI ASU TV

SAI ASU TV ENTERTAINMENT

30/05/2026

যোৰহাটৰ ব্ৰিটিছৰ দিনৰ সেই ভয়াবহ ভৌতিক ঘৰটো, ভাবিলে বহু জ্যেষ্ঠজনৰ আজিও বুকু কঁপি উঠে ।



দিছপুৰপ্ৰথম ৰাউণ্ডৰ পাছত আগবাঢ়ি আছে
04/05/2026

দিছপুৰ
প্ৰথম ৰাউণ্ডৰ পাছত আগবাঢ়ি আছে


মৰিয়নি√ ৰূপজ্যোতি কুৰ্মী ৪৫৫৫ টা ভোট লাভ√ জ্ঞানশ্ৰী বৰা : ২৯২২ টা ভোট লাভবিজেপি ১৬৩৩ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে
04/05/2026

মৰিয়নি
√ ৰূপজ্যোতি কুৰ্মী ৪৫৫৫ টা ভোট লাভ
√ জ্ঞানশ্ৰী বৰা : ২৯২২ টা ভোট লাভ
বিজেপি ১৬৩৩ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে



যোৰহাট অগ্ৰগতি -ভোটৰ ব্যৱধান-হিতেন্দ্ৰ নাথ গোস্বামী১০৫৬ টা ভোট
04/05/2026

যোৰহাট অগ্ৰগতি -
ভোটৰ ব্যৱধান-
হিতেন্দ্ৰ নাথ গোস্বামী
১০৫৬ টা ভোট



গোলাঘাটদ্বিতীয় ৰাউণ্ডৰ পাছত অগ্ৰগতি -ভোটৰ ব্যৱধান-√ গোলাঘাটআজন্তা নেওগ : ২১০০ টা ভোট√ খুমটাইমৃণাল শইকীয়া : ৮০০০ টা ভোট√ ...
04/05/2026

গোলাঘাট
দ্বিতীয় ৰাউণ্ডৰ পাছত অগ্ৰগতি -
ভোটৰ ব্যৱধান-
√ গোলাঘাট
আজন্তা নেওগ : ২১০০ টা ভোট
√ খুমটাই
মৃণাল শইকীয়া : ৮০০০ টা ভোট
√ সৰুপথাৰ
বিশ্বজিৎ ফুকন : ১৪০০ টা ভোট
√ দেৰগাঁও
মৃদুল দত্ত : ৭৭০০ টা ভোট
√ বোকাখাট
অতুল বৰা : ৮০০০



09/04/2026
যোৰহাট জিলাত 'ড্ৰাই ডে' ঘোষণাবিধানসভাৰ নিৰ্বাচনৰ বাবে  অসম চৰকাৰৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশনা মৰ্মে ৰাজ্যপ...
02/04/2026

যোৰহাট জিলাত 'ড্ৰাই ডে' ঘোষণা
বিধানসভাৰ নিৰ্বাচনৰ বাবে অসম চৰকাৰৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশনা মৰ্মে ৰাজ্যপালে সমগ্ৰ যোৰহাট জিলাত মদ আৰু অন্যান্য নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী তথা বিতৰণ নিষিদ্ধ কৰি 'ড্ৰাই ডে' ঘোষণা কৰিছে। এই নিৰ্দেশ অনুসৰি অহা ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ ভোটদান প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে সমগ্ৰ জিলাখনতে সুৰা নিষিদ্ধকৰণ প্ৰযোজ্য হ’ব। ইয়াৰ উপৰি ভোট গণনাৰ দিন অৰ্থাৎ ৪ এপ্ৰিলৰ দিনাও গণনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে জিলাখনত 'ড্ৰাই ডে' বাহাল থাকিব বুলি ঘোষণা কৰা হৈছে। এই নিৰ্ধাৰিত সময়ছোৱাত যোৰহাট জিলাৰ অন্তৰ্গত সকলো হোটেল, ৰাজহুৱা ভোজনালয়, ক্লাব, সুৰাৰ দোকান, পাইকাৰী গুদাম আৰু বটলিং ইউনিটসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব। ৰাজহুৱা বা ব্যক্তিগত যিকোনো স্থানতে কোনো ধৰণৰ সুৰা বা নিচাযুক্ত দ্ৰব্য মজুত ৰখা, বিক্ৰী কৰা অথবা বিতৰণ কৰাটো এই নিৰ্দেশৰ দ্বাৰা নিষিদ্ধ কৰা হৈছে। যদি কোনো অনুজ্ঞাপত্ৰধাৰীয়ে এই চৰকাৰী নিৰ্দেশ উলংঘন কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে অসম আবকাৰী আইন আৰু বিধিৰ প্ৰাসংগিক ধাৰা অনুসৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


28/03/2026

TOP POST
যোৰহাটত সন্দেহজনক সামগ্ৰী বিস্ফোৰণত এটি শিশুসহ এজনলোক নিহত হয় । যোৰহাট নগৰৰ ৰজামৈদাম নিউ কলনিত থকা এটা ভঙা-চিঙা সামগ্ৰী ক্ৰয় কৰা ঘৰত আজি বিয়লি ৪ বজাত এজন লোকে এক বিশেষ সন্দেহযুক্ত সামগ্ৰী কাটি থকা অৱস্থাত হঠাৎ বিস্ফোৰণ ঘটে । ফলত নগাঁৱৰ নুৰ মহম্মদ ( ৪০) নামৰ লোকজন বিস্ফোৰণস্থলীতে নিহত হয় । উল্লেখ্য যে স্থানীয় লোকে প্রথমে চিলিণ্ডাৰৰ বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰিছিল যদিও পাছত ভাল দৰে চোৱাত কিবা বিস্ফোৰণ সামগ্ৰী বুলি সন্দেহ কৰা হৈছে । বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে বিস্ফোৰণ সামগ্ৰী কাটি থকা লোকজনৰ শৰীৰ টুকুৰা টুকুৰ হৈ চিটিকি পৰিছিল । আনহাতে কাষতে খেলি থকা কাষৰ ভাড়া ঘৰৰ দুটি শিশু গুৰুত্বৰ ভাবে আহত হয় । শিশু দুটিক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও মহম্মদ ইকবাল (১১) নামৰ শিশুটো চিকিৎসালয়ত মৃত্যু ঘটে ।

পেট্ৰল-ডিজেলৰ শুল্কক লৈ কেন্দ্ৰৰ সিদ্ধান্ত --পেট্র'লত ১০ টকা শুল্ক হ্রাস কৰিলে কেন্দ্রই । ১৩ টকাৰ পৰা ৩ টকালৈ কমিল পেট্ৰ...
28/03/2026

পেট্ৰল-ডিজেলৰ শুল্কক লৈ কেন্দ্ৰৰ সিদ্ধান্ত --
পেট্র'লত ১০ টকা শুল্ক হ্রাস কৰিলে কেন্দ্রই । ১৩ টকাৰ পৰা ৩ টকালৈ কমিল পেট্ৰ'লৰ শুল্ক ।ডিজেলত শূন্য হ'ল আবকাৰী শুল্ক । ডিজেলৰ ১০ টকাৰ শুল্ক সম্পূৰ্ণ কৰ্তন কৰিলে কেন্দ্ৰই ।

TOP POST২০২৬ ৰ অসমৰ বিধান সভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী এআইইউডিএফ ৰ মৌলানা বদৰুদ্দিন আজমল । মনোনয়ন পত্ৰৰ নিৰ্বাচনী ...
25/03/2026

TOP POST
২০২৬ ৰ অসমৰ বিধান সভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী এআইইউডিএফ ৰ মৌলানা বদৰুদ্দিন আজমল । মনোনয়ন পত্ৰৰ নিৰ্বাচনী শপতনামাত উল্লেখ কৰা অনুসৰি ৫৬২ কোটি টকাৰ গৰাকী বদৰুদ্দিন আজমল । অস্থাবৰ সম্পত্তিৰ মূল্য ৫২.৪৩ কোটি টকা, আজমলৰ স্থাৱৰ সম্পত্তিৰ মূল্য ১৬৯ কোটি টকা । আজমলৰ আছে ৪.৪৫ কোটি টকাৰ ঋণ । ২০২৪-২৫ বিত্তীয় বৰ্ষত বদৰুদ্দিন আজমলৰ ব্যৱসায়িক লাভ ৩.২১ কোটি টকা । বিভিন্ন ক্ষেত্ৰত আজমলে ২০০ কোটি টকাৰ বিনিয়োগ কৰা আছে । বৰ্তমান হাতত নগদ জমা আছে ১১ লাখ ৩২ হাজাৰ ২৩১ টকা, বেংকত জমা আছে ৯.৭৩ কোটি টকা । শ্বেয়াৰ মাৰ্কেটত আজমলে বিনিয়োগ কৰা আছে ১০.৯ কোটি টকা । আজমলৰ সোণৰ অলংকাৰ আছে ৫২.৩২ কোটি টকা মূল্যৰ । বদৰুদ্দিন আজমলৰ ১১১.৬৩ কোটি টকা মূল্যৰ কৃষিভূমি আছে আৰু অনাকৃষিভূমিৰ মূল্য ৩.৬৫ কোটি টকা । আজমলে ব্যৱহাৰ কৰা গাড়ীখনৰ মূল্য ১.৫৭ কোটি টকা । পত্নী ৰিজৱান আজমলৰ নামত আছে বেংকত জমা আছে ৪.৩৯ লাখ টকা । পত্নীৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ ১০.০৮ লাখ টকা আৰু পত্নীৰ অস্থাবৰ সম্পত্তি ২৯.০৮ কোটি টকা, স্থাবৰ সম্পত্তি ৪৭.০৮ লাখ টকা । পত্নীৰ গাড়ীৰ মূল্য ৬০ লাখ টকা । পত্নীৰ সোণৰ মূল্য ৩০.৮২ লাখ টকা ।

Address

Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when SAI ASU TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share