Jorhat updates

Jorhat updates যোৰহাট জিলাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ খবৰসমুহ তথ্যসহ প্ৰতিযোগিতাৰ দৌৰক নেওচি আপোনালোকৰ সম্মুখত সত্য আৰু শুদ্ধতাৰে উপস্থাপন কৰা আমাৰ প্ৰথম আৰু প্ৰদান দায়িত্ব।

25/08/2026

যোৰহাট ক্লাব ৰোডত আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ ড্ৰাগছসহ সন্দেহযুক্ত পিষ্টল। সামগ্ৰীসমুহৰ লগতে আটক গোলাঘাটৰ বাসিন্দা আজাদুৰ ৰহমানক। অভিযানত আজাদুৰ ৰহমানৰ পৰা প্ৰায় ৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ লগতে এটা সন্দেহযুক্ত পিষ্টল উদ্ধাৰ।

25/08/2026

যোৰহাটত নিজ ঘৰৰ পৰা ধন-সোণ চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা য়াচ ধনুকা ওৰফে আগৰৱালাক আটক যোৰহাট আৰক্ষীৰ। পিতৃৰ এজাহাৰৰ পাছতেই আৰক্ষীয়ে আটক কৰে যুৱকজনক। অভিযুক্ত য়াচ ধনুকাই কৰিছে বিস্ফোৰক স্বীকাৰোক্তি। "পূৰ্বালী দত্তই কৰিছিল ব্লেকমেইল", "ছমাহৰ পিছত বিয়া হোৱাৰ কথা পাতিম বুলি কৈছিল", " পূৱালী দত্ত পূৰ্বে তিনিবাৰকৈ বিয়া হোৱা বুলিও অৱগত কৰিলে য়াচে"।

22/08/2026
22/08/2026

যোৰহাটৰ অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ নতুন তথ্য। অভিযুক্ত অংকিত দাসে আদালতত হাজিৰ হৈ কৰে বিস্ফোৰক মন্তব্য। "মই বেলেগৰ পৰা আনিহে খাওঁ, অৰ্পিতা সেইদিনা কাষৰ ৰুমতে আছিল, অন্বেষা দুবছৰ পুৰ্বে মোৰ জেঠাইৰ লৰা'লৈ বিয়া হৈছিল, তেনেকৈয়ে চিনি পাইছিলো"। বহু গুৰুত্বপুৰ্ণ মন্তব্য।

22/08/2026

যশোধা হাস্পতাল, হায়দৰাবাদৰ দ্বাৰা অসমত যকৃৎ প্রতিস্থাপন আউটৰিচ ক্লিনিকৰ সেৱা মুকলি। হায়দৰাবাদৰ মালাকপেটস্থিত যশোধা হাস্পতালে বিশিষ্ট লিভাৰ ট্রান্সপ্লান্ট চাৰ্জন ড° ললিত কুমাৰ ৰেড্ডী কন্থলাৰ নেতৃত্বত অসমত এক বিশেষ যকৃৎ প্রতিস্থাপন আউটৰিচ ক্লিনিক মুকলি কৰিছে। ইয়াৰ মাধ্যমেৰে উজনি আৰু মধ্য অসমৰ ডিব্ৰুগড়, যোৰহাট, নাজিৰা, শিৱসাগৰ, বোকাখাত আৰু তেজপুৰৰ ৰোগীসকলক সর্বাংগীন যকৃৎ চিকিৎসা সেৱা আগবঢ়োৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সংবাদমেলত ড° ললিত কুমাৰ ৰেডীয়ে কয় যে, প্ৰন্নত লিভাৰ প্ৰতিস্থাপন আৰু এইচপিবি অনকো চাৰ্জাৰী বিভাগটো লিভাৰ চিৰ'ছিছ, একিউট লিভাৰ ফেলিয়ৰ, লিভাৰ কৰ্কট ৰোগ, মেটাবলিক লিভাৰ ডিজিজ, ভাইৰেল হেপাটাইটিছ, জটিল পেনক্রিয়াটিক আৰু পিত্তনলীৰ ৰোগকে ধৰি বিভিন্ন জটিল যকৃৎ ৰোগৰ উন্নত চিকিৎসা প্রদান কৰিবলৈ সম্পূৰ্ণ সাজু।

21/08/2026

ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত। যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত ৮০০ গ্ৰাম গাঞ্জা উদ্ধাৰ। কেন্দুগুৰিৰ ১নং বামুণগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা। অভিযানত অচ্যুত শইকীয়া নামৰ ৫২ বছৰীয়া এজন লোকক নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অচ্যুত শইকীয়াৰ বাসগৃহত তালাচী চলাই প্ৰায় ৮০০ গ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰে।

21/08/2026

যোৰহাটত ড্ৰাগছৰ বৃহৎ সৰবৰাহক লৈ আমিও চিন্তিত, এই ড্ৰাগছৰ লগত কিছু ৰাজনীতিবিদৰ ছিণ্ডিকেট জড়িত হৈ থাকিব পাৰে। যোৰহাটত আজি সন্ধ্যা উপস্থিত হৈ কাজিৰঙা সুৰক্ষাৰ ওপৰত এক চিত্ৰ অংকনৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰি এই মন্তব্য কৰে লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে।
স্থান : ডচ এণ্ড কো চাৰিআলি।

অংকিত দাসক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত অংকিত দাস। অন্বেষাক ড্রাগছ যোগান ...
20/08/2026

অংকিত দাসক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত অংকিত দাস। অন্বেষাক ড্রাগছ যোগান ধৰিছিল অংকিতে।

যোৰহাট আৰক্ষীৰ গ্ৰেপ্তাৰ আৰিয়ান গোস্বামীক। যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত দলৰ মুল মাষ্টাৰমাইণ্ড আছিল ধৃত আৰিয়...
18/08/2026

যোৰহাট আৰক্ষীৰ গ্ৰেপ্তাৰ আৰিয়ান গোস্বামীক। যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত দলৰ মুল মাষ্টাৰমাইণ্ড আছিল ধৃত আৰিয়ান। ড্ৰাগছৰ পাৰ্টি কৰিছিল এটা এপাৰ্টমেণ্টৰ কোঠাত। অৱশেষত গোলাঘাটৰ ৰঙাজানৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত যুৱকজনক।

Address

AT Road
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Jorhat updates posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share