Bikash Das jorhat

Website

Bikash Das jorhat অসমীয়া সংস্কৃতি অতি চহকী।🌸💗

য’ত শিৱ আছে, তাতেই শান্তি আছে। মহাদেৱৰ কৃপা সদায় সকলোৰে ওপৰত থাকক। 🔱✨
03/08/2026

য’ত শিৱ আছে, তাতেই শান্তি আছে। মহাদেৱৰ কৃপা সদায় সকলোৰে ওপৰত থাকক। 🔱✨

28/07/2026

ত্ৰিভুৱন কঁপাই আহিছে মহাবলী অসুৰৰ দৰ্প! 👹🔥 ইন্দ্ৰৰ সিংহাসন আজি সুৰক্ষিত নহয়!

ধৰ্ম, জাতি বা ভেদাভেদ পাহৰি আজি সমগ্ৰ অসমবাসী কেৱল 'মানুহ' হৈ ৰাজপথলৈ ওলাই আহিছে। বানপানীৰ এই কৰুণ সময়ত কোনেও কাকো চিনাক...
25/07/2026

ধৰ্ম, জাতি বা ভেদাভেদ পাহৰি আজি সমগ্ৰ অসমবাসী কেৱল 'মানুহ' হৈ ৰাজপথলৈ ওলাই আহিছে। বানপানীৰ এই কৰুণ সময়ত কোনেও কাকো চিনাকি সোধা নাই, কেৱল সহায়ৰ হাতখন আগবঢ়াই দিছে। ধন্য আমাৰ আই অসমী আৰু ধন্য আমাৰ এই একতা! বিপদে আমাক ভাঙিব নোৱাৰে, বৰঞ্চ আমাক আৰু বেছি শক্তিশালী কৰে। আমি একেলগে যোজ দিম, একেলগে জিকিম।"✊️

25/07/2026

জীৱনত কেতিয়াও কল্পনাও কৰা নাছিলো যে এনেকুৱা এটা দিনো দেখিবলৈ পাম! মোৰ গোটেই জীৱনটোত এনেকুৱা ভয়াৱহ আৰু নোহোৱা-নোপোজা বানপানী কেতিয়াও দেখা নাই। যিফালেই চকু যায়, মাথোঁ পানী আৰু পানী। সকলো ফালে কেৱল হাহাকাৰ ময় পৰিৱেশ। ৰাইজৰ সৰ্বস্ব যেন আজি চকুৰ পলকতে পানীৰ তলত হেৰাই গ’ল। 🥺

আমাৰ আপোন যোৰহাট, ঐতিহাসিক শিৱসাগৰ আৰু নাজিৰাৰ পৰিস্থিতি দিনক দিনে অতি সংকটজনক হৈ পৰিছে। মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতি-পথাৰ সকলো পানীৰ তলত। বহু পৰিয়াল আজি নিজৰ ঘৰখন এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। খোৱা পানী আৰু খাদ্যৰ বাবে হাহাকাৰ লাগিছে। এই দৃশ্যবোৰে সঁচাকৈয়ে বুকুত বৰকৈ আঘাত দিছে। 💔

এই কঠিন আৰু প্ৰত্যাহ্বানমূলক সময়ত কেৱল চৰকাৰ বা প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ’ব। আহক, আমি সকলোৱে মানৱতাৰ খাতিৰত একগোট হওঁ। নিজৰ সামৰ্থ্য অনুযায়ী বানপীড়িত লোকসকলৰ কাষত থিয় হওঁ আৰু সহায়ৰ হাত আগবঢ়াওঁ। আপোনাৰ সৰু এটি সহায়েও কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে।

সকলোৱে নিজৰ আৰু পৰিয়ালৰ খেয়াল ৰাখিব। সাৱধানে থাকিব আৰু নিৰাপদ স্থানত আশ্ৰয় ল’ব। ভগৱানে সকলোকে সোনকালে এই বিপদৰ পৰা উদ্ধাৰ কৰক। 🙏

মই যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে মোৰ চকুৰ সমুখতে উজনিত দেখা দিয়া এই বিভীষিকাৰ কথা আপোনালোকৰ মাজলৈ আনিব বিচাৰিছোঁ। বিগত...
24/07/2026

মই যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে মোৰ চকুৰ সমুখতে উজনিত দেখা দিয়া এই বিভীষিকাৰ কথা আপোনালোকৰ মাজলৈ আনিব বিচাৰিছোঁ।

বিগত ৬০ বছৰৰ ভিতৰত উজনিত হোৱা আটাইতকৈ ভয়াৱহ বানপানীৰ কৱলত পৰিছে আমাৰ যোৰহাট, শিৱসাগৰ আৰু নাজিৰা। নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ (Cloudburst) ফলত নদীসমূহৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।

🚨 যোৰহাটৰ পৰিস্থিতি:ভোগদৈ নদী আৰু বৈনক-ধণ্টলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মথাউৰি ভাঙি যোৱাৰ ফলত আমাৰ জিলাৰ প্ৰায় ১৭৭ খনতকৈও অধিক গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। এলঙমৰা, টীয়ক, নামদেউৰী, গৰমূৰ আদি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল গৃহহাৰা হৈ এতিয়া মথাউৰিত আশ্ৰয় লৈছে। মানুহৰ খোৱাপানী আৰু পশুখাদ্যৰ প্ৰচণ্ড হাহাকাৰ লাগিছে।

🚨 শিৱসাগৰ আৰু নাজিৰাৰ সংকট:পৰিস্থিতি তাত আৰু অধিক ভয়াৱহ! নাজিৰা সমষ্টিৰ প্ৰায় ২৫%-৩০% অঞ্চল বৰ্তমান বিচ্ছিন্ন হৈ পৰিছে। নাজিৰাৰ প্ৰায় ৫০,০০০ আৰু শিৱসাগৰৰ ৩০,০০০ জন লোক এতিয়াও আবদ্ধ হৈ আছে, য’ত প্ৰশাসনৰ সাহায্য এতিয়াও সম্পূৰ্ণৰূপে গৈ পোৱা নাই। বহুলোকে ঘৰৰ চালত আশ্ৰয় লৈ কেৱল উদ্ধাৰকাৰী দললৈ বাট চাই আছে।

চৰকাৰ আৰু প্ৰশাসনে NDRF-SDRF, ড্ৰোণ আৰু হেলিকপ্টাৰেৰে সাহায্যৰ চেষ্টা চলাইছে যদিও এই পৰিস্থিতি ইমানেই ব্যাপক যে আমাৰ প্ৰত্যেকৰে সহায়ৰ প্ৰয়োজন আছে।

নিজে সুৰক্ষিত থাকক, চুবুৰীয়াৰ খবৰ ৰাখক। এই বিপৰ্যয়ৰ সময়ত আমি সকলোৱে ইজনে সিজনক সহায় কৰোঁ আহক।

ভগৱানে আমাৰ উজুনিবাসীক কুশলে ৰাখক! 🙏

"যি সৃষ্টিৰ আদি আৰু অন্ত, তেৱেই হৈছে দেৱাদিদেৱ মহাদেৱ। ওম নমঃ শিৱায়।" 🙏✨
17/07/2026

"যি সৃষ্টিৰ আদি আৰু অন্ত, তেৱেই হৈছে দেৱাদিদেৱ মহাদেৱ। ওম নমঃ শিৱায়।" 🙏✨

17/07/2026

হাতে জপমালা শিৰে জটাজুট ধাৰী।বল্কল বসন পিন্ধি চলে মহামুনীবৰী॥নয়ন কমল যুগল ক্ৰোধে কম্পমান।কোন দেৱ শ্ৰেষ্ঠ বুলি কৰিতে সন্ধান॥ত্ৰিভুৱন ফুৰি ঋষি আইলা এই থান।দেখি সভাসদ লোকে কৰয় প্ৰণাম॥
#ভাওনাগীত #অসমীয়াভাওনা #ভৃগুমুনি

বুকুৰ আপোন হেঁপাহৰ গামোচাখনি আৰু অসমীয়া সংস্কৃতিৰ অনন্য ৰূপ।           ৃষ্টি
17/07/2026

বুকুৰ আপোন হেঁপাহৰ গামোচাখনি আৰু অসমীয়া সংস্কৃতিৰ অনন্য ৰূপ। ৃষ্টি

Address

Gramur Itakhuli
Jorhat

Alerts

Be the first to know and let us send you an email when Bikash Das jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share