E24LiveBreaking

  • Home
  • E24LiveBreaking

E24LiveBreaking No biased, only with general people, for the people, for justice, and against all injustice...

18/09/2025

আবদ্ধ হৈ থকা সামগ্রী কঢ়িওৱা গাড়ীৰ চালকৰ মাজত হাহাকাৰ সৃষ্টি!মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধৰ বাবে পথ অবৰোধ!!

18/09/2025

মৰিগাওঁ স্কুল খেল পথাৰত অনুষ্ঠিত হব ৩২ সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতা ।

মৰিগাওঁ স্কুল খেল পথাৰত ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হব ৩২ সংখ্যক কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণিত সদৌ অসম একাংক নাট প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতা বাবে মৰিগাওঁ স্পিডিং ক্লাৱত আনুষ্ঠানিক ভাৱে অস্থায়ী কায্যালয় মুকলি কৰা পৰিলক্ষিত হয় । কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণিত আয়োজিত সদৌ অসম একাংক নাট প্ৰতিযোগিতা বাবে সকলো কাম কাজ পৰিচালনা কৰিবলৈ আজি ৰঙা ফিটাৰ কাটি মৰিগাওঁ স্পিডিং ক্লাৱত কায্যালয় মুকলি কৰে লিপিকা বৰুৱাই । আৰু উক্ত কায্যালয় মুকলি অনুস্থানত মৰিগাওঁ জিলা জ্যেষ্ঠ নাগৰিক সভা সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা , একাংক নাট প্ৰতিযোগিতাৰ মুখ্য উপদেষ্টা প্ৰণৱজ্যোতি বৰকটকী , সম্পাদক সীমান্ত হাজৰিকা ৰ লগতে আৰু বহু সন্মানীয় ব্যক্তি উপস্থিত থকা কায্যসূচীত বন্তি প্ৰজ্বলন কৰে ৰাজ্য বিশিষ্ট নাট্যকাৰ, পৰিচালক অজিত বৰঠাকুৰে

Byte লিপিকা বৰুৱা
byte সীমান্ত হাজৰিকা

18/09/2025

হাতে লোতে ধৰা পৰিল পৰকীয়া প্ৰেমিক যুগলৰ দৃশ্য !!

18/09/2025

*কামৰূপৰ বংশৰত এগৰাকী নবম শ্ৰেণী ছাত্ৰীৰ গ্ৰন্থ “ অস্তিত্ব ” উন্মোচন*

কামৰূপৰ বংশৰত পিতৃৰ জন্ম দিনত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে উপহাৰ দিলে নিজে লিখা উপন্যাসিকা “ অস্বিত্ব ”কামৰূপ বংশৰৰ নাৰায়ণ দাসৰ কন্যা ধৃতিমা দাসে নিজে লিখা গ্ৰন্থ পিতৃৰ জন্ম দিনত উন্মোচন কৰি পিতৃলৈ উৎসৰ্গিত কৰে l
কামৰূপৰ বংশৰস্থিত যাত্ৰা পুথিভঁৰাল প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত নৱম শ্ৰেণীৰ ছাত্ৰী ধৃতিমা দাসৰ উপন্যাসিকা “ অস্বিত্ব ” শীৰ্ষক এখনি উন্মোচন কৰা হয় ।
গ্ৰন্থ খন উন্মোচন কৰে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰাৰঞ্জন কলিতাই l
সভা খন সঞ্চালনা কৰে শিক্ষাবিদ কনক দাসে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান উপস্থিত থাকে বংশৰ তথা শুৱালকুছি অঞ্চলৰ বহু বিশিষ্ট সকলৰ লগতে উপস্থিত থাকে ছাত্ৰ - ছাত্ৰী সকল

শুৱালকুছিৰ পৰা দ্বীপজ্যোতিবৈশ্যৰ ৰিপ'ৰ্ট

17/09/2025

চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত
প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী
কেন্দ্ৰ উদ্বোধন।

প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী যোজনাৰ অধীনত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰ আদৰ্শ চিকিৎসালয় চৌহদত আজি মুকলি কৰা হল প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰ। কেন্দ্ৰ টি নিজ হাতে ফিতা কাটি উদ্ঘাটন
কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাই।

উদ্বোধনী অনুষ্ঠানৰ অন্তত সাংসদগৰাকীয়ে ৰাজহুৱা সভাত ভাষণ দি কয় যে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰ হৈছে সাধাৰণ জনতাই কম দামত জেনেৰিক ঔষধ ক্ৰয় কৰিব পৰা ঠাই। জন ঔষধী কেন্দ্ৰৰ পৰা জীৱন ৰক্ষাকাৰী ঔষধ ক্ৰয় কৰি দৰিদ্ৰ, মধ্যবিত্ত আৰু সাধাৰণ ৰাইজে উপকৃত হ'ব হেইয়ে ৰাইজক এই ঔষধ কেন্দ্ৰৰ পৰা আহি ঔষধ ক্ৰয় কৰিবলৈ আহ্বান জনায়।
লগতে চৰকাৰে নতুনকৈ অত্যাৱস্বকীয় বস্তু ক্রয় কৰাৰ ক্ষেত্ৰত GST কৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ও
ৰাইজক অৱগত কৰাই। আজিৰ এই কাৰ্যসূচীত যুটীয়া স্বাস্থ্য সেৱা বিষয়া ডাঃ জগত মোহন প্ৰসাদ, চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ডাঃ ফৰিদ কামন, ধেমাজি জিলা পৰিষদৰ অধ্যক্ষ ভূপেন চুতীয়া, চিলাপথাৰ পৌৰসভাৰ পৌৰপতি লৱণ্য পাইঠ দলে, বিশিষ্ট সমাজকৰ্মী গংগা পেগু, গিৰিণ চুতীয়া, মুখ্য চিকিৎসক ডাঃ ধৰ্মকান্ত দেউৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে প্ৰতিকুল বতৰক নেওচি ভালে সংখ্যক লোক উপস্থিত থাকে ।

ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ প্ৰতিবেদন।

17/09/2025

*যোৰহাটত জাতীয়-জনগোষ্ঠীয় সংগঠনৰ জোঁৰ সমদল*......................................
*যোৰহাট, ১৬ ছেপ্টেম্বৰ:*

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি যোৰহাটত জাতীয়-জনগোষ্ঠীয় সংগঠনে 'কা'- বাতিলৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই)২০২৫ আদেশ বাতিল কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰা, অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰা, অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত এই জোঁৰ সমদল উলিয়াই।

এই জোৰ সমদল বাহিৰ কৰা সময়ত প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল' গানেৰে পৰিৱেশ উত্তাল কৰি যোৰহাটৰ ৰাজপথ কপাই তোলে। # # #
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট

কৰ্মযোগী, ভাৰত মাৰ সুযোগ্য সন্তান, যোগ পুৰুষ, ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ ৭৫তম জন্ম বাৰ্ষিকীৰ আমিও জনা...
17/09/2025

কৰ্মযোগী, ভাৰত মাৰ সুযোগ্য সন্তান, যোগ পুৰুষ, ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ ৭৫তম জন্ম বাৰ্ষিকীৰ আমিও জনালো অশেষ শুভ কামনা....

16/09/2025

ACS বিষয়া নুপুৰ বৰাৰ কেলংকাৰী ছমাহৰ পৰা গোপনে তদন্ত কৰিছিল CM VIGILANCE-এ।
সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত হৈ থকা কেলেংকাৰীৰ বিষয়ে
CM VIGILANCE-ৰ জালত পৰিল ACS বিষয়া নুপুৰ বৰা!!

16/09/2025

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বৈঠকত হোৱা মাৰপিতক লৈ স্পষ্ট কৰিলে সংগঠনটোৰ নেতৃত্বই ।যোৱা ১১ ছেপ্টেম্বৰত যোৰহাট ত অনুষ্ঠিত হোৱা অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বৈঠকত সংগঠন টোৰ বহিস্কৃত সদস্য মুক্তি নাথ দাস আৰু অমৃৎপ্ৰান দাসে ভেৰনিয়া গুন্দা লৈ হথাৎ আক্ৰমণ কৰে আৰু সুনিল দাস আৰু দিব্য হাজৰিকাৰ উপৰত শাৰীৰিক প্ৰহাৰ কৰে বুলি জানিবলৈ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনিল দাসে! সংগঠনটোৰ বিভিন্ন সময়ত সংগঠন বিৰুদ্ধি কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পাচ জনকৈ সদস্যক সংগঠনটোৱে বহিস্কৃত কৰিছিল বুলিও কয় নেতা গৰাকীয়ে! সেই বহিস্কৃত দলটোৰ দুজন সদস্য মুক্তি নাথ দাস আৰু অমৃৎপ্ৰান দাসৰ বিৰুদ্ধে মাৰপিতৰ এনে বেআইনী কাম কৰাৰ বাবে সংগঠনটোৱে আৰক্ষী চকীত এজাৰ দাখিল কৰিছে বুলিও জানিবলৈ দিয়ে!!

16/09/2025

বিতৰ্কৰ মাজত সোমাই থকা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা পূৰ্বৰ সমিতি ভংগ কৰি নতুন সমিতি গঠন......

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাসৰ অভিযোগ অনুসৰি বহিস্কৃত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ বিৰুদ্ধে মহা অভিযোগ যে টকাৰ পাহাৰ‌ গঢ়িলে অবৈধ ভাৱে...

বেংক বেলেঞ্চ যদি চি আই ডিয়ে যদি অনুসন্ধান কৰে তেতিয়া হ'লে অনুসূচিত জাতিৰ লগতে অসমৰ ৰাইজক চকু কপালত উঠিৱ আৰু এক মহা অভিযোগ দাঙি ধৰিছে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমিত প্ৰাণ দাসে..

লগতে আৰু এক গুৰুত্বৰ অভিযোগ যে পি আই এল আপিল কাৰৰ ক্ষেত্ৰত আমাক যোৰহাটৰ পৰা দিল্লী লৈ যোৱাৰ পাছত তাত এক নিদিষ্ট স্থানত ৰাখি তেওঁ অকলেহে অধিবক্তাৰ হৈ গোপনে বৈথক কৰে এই কথা কাকো জানিবলৈ নিদিয়ে এই লৈ আমাৰ প্ৰশ্ন উত্থাপিত হৈছে যে অনুসূচিত জাতি লোকক বিপদে পৰিচালিত কৰিছে বুলি এক গুৰুত্বৰ অভিযোগ উত্থাপিত কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমিত প্ৰাণ দাসে...

তাৰ বিপৰীতে ৰুবুল দাসক চেলেঞ্জ কৰি আজি যোৰহাট প্ৰেছ ক্লাবত এক সাধাৰণ সভা অনুষ্ঠিত কৰি যোৰহাট জিলা সমিতি পূৰ্বৰ সমিতি খন
ভংগ কৰি নতুনকৈ ৩১ জনীয়া নতুন সমিতি গঠন কৰা হয়...
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট

16/09/2025

*যোৰহাটৰ চাৰিগাঁও বাইপাছত গৰু ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত*

*মৃত এজনী জাৰ্চি গৰু*

*প্ৰত্যক্ষ দৰ্শীৰ মতে আজি পুৱাৰ ভাগত গৰু ভৰ্তি এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়*

*তাৰ পাছতেই বাহনৰ পৰা দুৰ্ঘটনাত আঘাত পোৱা গৰু সমূহ পূব , পশ্চিম দিশত আঁতৰি যায়*

*দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই পলায়ন কৰে ট্ৰাকত চালক*

*গৰু সমূহ ক'ৰ পৰা কোনে আনিছিল সেইয়া বৰ্তমানেও জানিব পৰা হোৱা নাই*

*আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাহন খন*
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট

16/09/2025

শোনিতপুৰ জিলাৰ ঢেকিয়াজুলি ৫ নং ৱাৰ্ডত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডৰ দৃশ্য!!

Address


Telephone

+918638582961

Website

Alerts

Be the first to know and let us send you an email when E24LiveBreaking posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to E24LiveBreaking:

  • Want your business to be the top-listed Media Company?

Share