SAMAY ASSAM

SAMAY ASSAM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SAMAY ASSAM, News & Media Website, .

SAMAY ASSAM is an initiative by Nattirtha (NGO) which covers the current issues and reflects the Art and Culture of our people and Exclusive NEWS is our prime focus.

13/08/2025

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাগজ্যোতিষপুৰ মণ্ডলৰ উদ্যোগত " ঘৰ ঘৰ ত্ৰিৰঙ্গা" কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰঙ্গা যাত্ৰাৰ আয়োজন

13/08/2025

গোলাঘাট জিলাৰ মৰঙী মণ্ডলৰ উদ্যোগত আয়োজিত 'ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ন।

গোলাঘাটৰ পৰা পল্লৱীকা বৰুৱাৰ ৰিপৰ্ট সময় অসম।

13/08/2025

ঐতিহাসিক সম্পদ বেদখলৰ বিৰুদ্ধে আহোম সেনা আৰু জয়া বাহিনীৰ উত্তাল প্ৰতিবাদ

যমুনা, মৰিবিল-ৰূপহীজান, ৰংঘৰ আৰু তলাতল ঘৰৰ চৌহদ বেদখল মুক্ত নকৰিলে জংগী আন্দোলনৰ হুংকাৰ

শিৱসাগৰৰ ঐতিহাসিক যমুনা, মৰিবিল, ৰূপহীজান, ৰংঘৰৰ চৌহদ আৰু তলাতল ঘৰৰ চৌহদত দীৰ্ঘদিন ধৰি চলি থকা বেদখলৰ বিৰুদ্ধে দৌলমুখ চাৰিআলিত আহোম সেনা আৰু জয়া বাহিনীয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত অংশগ্ৰহণ কৰা আহোম সেনাৰ শতাধিক কৰ্মী আৰু বিষয়ববীয়াই “ঐতিহাসিক সম্পদৰ ওপৰত হোৱা বেদখল বন্ধ কৰক”, “ ঐতিহাসিক চৰকাৰী সংৰক্ষিত ভূমি যমুনা, মৰিবিল-ৰূপহীজান বেদখলমুক্ত কৰক”, “আহোম সেনা জিন্দাবাদ” আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীয়ে অভিযোগ তোলে যে শিৱসাগৰৰ গৌৰৱ বহন কৰা এই ঐতিহাসিক স্থানসমূহ বছৰ বছৰ ধৰি প্ৰভাৱশালী বেদখলকাৰীৰ দখলত থকাৰ ফলত সম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভয়ংকৰ সংকট সৃষ্টি হৈছে । আহোম সেনা আৰু জয়া বাহিনীয়ে স্পষ্ট ভাৱে সতর্ক কৰে যে যদি অচিৰেই এই ঐতিহাসিক সম্পদসমূহ বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰে । তেনেহ’লে আগন্তুক দিনত অধিক জংগী আন্দোলনৰ পথ বাছি ল’ব ।

13/08/2025

অসম সাহিত্য সভাৰ ব্যতিক্ৰমী মহৎ পদক্ষেপ..
গোলাঘাটৰ বৰজান চাহ বাগিচা অঞ্চলত এক দৃষ্টিনন্দন পৰিৱেশঃ

গোলাঘাটৰ পৰা পল্লৱীকা বৰুৱাৰ ৰিপৰ্ট সময় অসম।

13/08/2025

পুনৰ বন্ধ হ'ল চেপন-চোনপোৰা পথ

খহি পৰিল দিচাং নদীৰ দলঙৰ এটা মূৰৰ অংশ

আজিৰ পৰা প্ৰায় তিনিবছৰ পূৰ্বে চেপন-চোনপোৰা পথত থকা দিচাং নদীৰ দলঙখনেদি যাতায়াত কৰা এখন ডাম্পাৰ গাড়ী দলঙৰ এটা মূৰৰ প্ৰায় ছয় মিটাৰ অংশত খহি পৰাত ডাম্পাৰখন দলঙত ওলমি পৰে । এই ঘটনাৰ সময়ৰ পৰাই এমাহমান সেই পথেদি যান বাহন চলাচল বন্ধ হৈ পৰে । পিছত অ' এন জি চিয়ে চিঙি পৰা দলঙৰ অংশৰ পৰা পাৰলৈকে লোহাৰে লঘু বাহন চলাচল কৰিব পৰাকৈ নির্মাণ কৰি দিয়ে । চৰকাৰেও তেতিয়াই দলঙখনৰ কাষৰ পৰাই এখন পকী দলঙ নিৰ্মাণৰ বাবে পৰ্যাপ্ত ধন আৱণ্টন দি দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে । যদিও মাত্ৰ এটা খুটা পুতিয়েই দলঙৰ নিৰ্মাণৰ কাম স্থবিৰ কৰি ৰাখে । আজি পৰ্যন্ত দলঙখনৰ চাৰিভাগৰ এক অংশও কাম সম্পন্ন হোৱা নাই বিভাগীয় বৰমূৰীয়া আৰু সংশ্লিষ্ট ঠিকাদাৰৰ হেমাহিৰ বাবে । তালি তোপোলা মাৰি দলঙখনেদি লঘু বাহন চলাচল কৰি আহিছিল । যদিও আজি পুনৰ এই দলঙৰ ওপৰেদি যান বাহন চলাচল বন্ধ হৈ পৰে । দিচাং নদীৰ খহনীয়া আৰু বান নিয়ন্ত্ৰণ ( মঠাউৰি ) বিভাগৰ বৰমূৰীয়া সকলৰ দায়িত্বহীনতাৰ বাবেই আজি দলঙখনৰ এটা মূৰৰ অংশ খহি পৰে । ইয়াৰ ফলত স্থানীয় ৰাইজে খহি পৰা দলঙৰ অংশৰ ওপৰত ডাঙ মাৰি দি যান বাহন চলাচল বন্ধ কৰি দিবলৈ বাধ্য হয় । সমষ্টিটোত প্ৰতিনিধিত্ব কৰা বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু জিলাৰ অভিভাৱক মন্ত্রী ৰনোজ পেগুৱে উক্ত দিচাং নদীৰ দলঙখন তিনিমাহৰ ভিতৰত নিৰ্মাণ সম্পন্ন কৰা হ'ব বুলি জনগণক প্ৰতিশ্ৰুতি দিছিল । যদিও আজি প্ৰায় তিনি বছৰ অতিক্ৰম কৰাৰ পিছতো দলঙখন নিৰ্মাণৰ কাম চাৰিভাগৰ এক অংশও সম্পন্ন নোহোৱাত ৰাইজে ক্ষোভ উজাৰিছে ।

13/08/2025

অৱস্থান ধৰ্মঘট..
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,গোলাঘাট জিলা সমিতিৰ অৱস্থান ধৰ্মঘট গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত ৷

গোলাঘাটৰ পৰা পল্লৱীকা বৰুৱাৰ ৰিপৰ্ট সময় অসম ৷

13/08/2025

কৃত্ৰিম বানৰ কবলত উত্তৰ গুৱাহাটী মহাবিদ্যালয় । মুষলধাৰ বৰষুণৰ ফলত মহাবিদ্যালয় চৌহদ জলমগ্ন হোৱাৰ লগতে মহাবিদ্যালয় কোঠাটো সোমাইছে পানী।

# শিক্ষাৰ্থী সকল মহাবিদ্যালয়লৈ আহি সন্মুখীন হৈছে অসুবিধাৰ । এগৰাকী শিক্ষাৰ্থীৰ অভিভাবক মহাবিদ্যালয়ৰ প্ৰবেশদ্বাৰতে দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হয়।

# কৰ্মচাৰীয়ে পুৱাৰে পৰা মহাবিদ্যালয়ৰ কোঠাৰ পানী সিঁচি পানী মুক্ত কৰাৰ চেষ্টা চলায়ে আছে ।

# এটা বিজ্ঞান সন্মত নলাৰ অভাবতে উত্তৰ গুৱাহাটী মহাবিদ্যালয় এইদৰে জলমগ্ন থকাত বাধাগ্ৰস্ত হৈ আহিছে শৈশিক পৰিবেশ ।

13/08/2025

বুধবাৰে পুৱা মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীৰ চক্ষুৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । এই ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৰহা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মা । আনহাতে মৃত দম্পতীৰ কন্যা কৃপালীম গাৰ্গক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । জানিব পৰা মতে মঙ্গলদৈৰ নিজা বাসগৃহৰ পৰা ৰহা উভিমুখ আহি থকা
মাৰুতি এছ ক্ৰচ As 01ET 2351 নম্বৰৰ গাড়ীখনে ক্ষেত্ৰীৰ চক্ষুৰাৰ ৰাষ্ট্ৰীয় ঘাই পথত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে নিয়ন্ত্ৰন হেৰুৱাই পথৰ ডিভাইডাৰৰ মাজত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে যাৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে ক্ষেত্ৰী যান বাহন থানাৰ আৰক্ষীয়ে। আনহাতে মৃত দম্পতীৰ হালৰ ঘৰ মঙ্গলদৈ ৰ মেনাপাৰাত ।
Byte যান বাহন শা

13/08/2025

নলবাৰীৰ বৰক্ষেত্ৰীত তীব্ৰ উত্তেজনা।
ৰাজেন মহন্ত নামৰ লোক এজনৰ গৃহত আবকাৰী বিভাগৰ অভিযান।

নলবাৰীৰ বৰক্ষেত্ৰীৰ জয়সাগৰত মুকালমূ্ৱা আৰক্ষীৰ সহযোগত নলবাৰী আবকাৰী বিভাগৰ অভিযান।
পূৰ্বেও ৰাজেন মহন্তই তিনি চাৰিবাৰ অবৈধ সুৰাৰ লগতে গাঞ্জাৰ অবৈধ ব্যৱসায়ৰ বাবে আটক হোৱা বুলি জনাইছে স্থানীয় লোকে।
স্থানীয় লোকে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। ৰাজেন মহন্ত নামৰ এজন লোকে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ বিলাতী সুৰা গাঞ্জা আদিৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল। কাৰ্টুনে কাৰ্টুনে অবৈধ বিলাতী সুৰাৰ লগতে গাঞ্জা জব্দ কৰে নলবাৰী আবকাৰী বিভাগে। আৰক্ষীৰ আগমনৰ উমান লাভ কৰি সুযোগ বুজি পলায়ন কৰে ৰাজেন মহন্ত নামৰ লোকজনে। ইতিমধ্যে মুকালমুৱা আৰক্ষীয়ে ৰাজেন মহন্তৰ পত্নীক আটক কৰিছে। নলবাৰী আবকাৰী বিভাগৰ লোকেৰে মিতিৰালিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অঞ্চলবাসীয়ে ৰাজেন মহন্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

13/08/2025

অসমত ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ খদমদম

অসমত ৩৫-৪০ টা সমষ্টিত দিব দলীয় প্ৰাৰ্থীত্ব

জিলাই জিলাই গঠন কৰিছে কমিটি

বিজেপিক পৰাভূত কৰাৰ বাবে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ পদক্ষেপ গ্ৰহণ

মধ্য অসমতো কমিটি গঠনৰ ব্যাপক প্ৰস্তুতি

আজি মৰিগাঁও আৰু নগাঁও জিলা কমিটি গঠন ।

আজি নগাঁৱত এই কথা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমীয়ে

12/08/2025

জি এন আৰ চি গ্ৰুপ অব হাস্ফতালৰ উদ্যোগত স্নায়ু ৰোগৰ বিভিন্ন চিকিৎসাৰ বাবে মঙ্গল বাৰে মহানগৰীৰ দিশপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিকৰ উন্মোচন কৰা হয় ।
উন্মোচনত উপস্থিত থাকে দিশপুৰ শাখাৰ জেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নৱজ্যোতি বৰকটকী , ডাঃ ৰূপ জ্যোতি দাসৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে

12/08/2025

দিপীলা গাওঁপঞ্চায়তৰ প্ৰতিনিধিক আদৰণি তথা কাৰ্যভাৰ অৰ্পন অনুষ্ঠান।

ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দিপীলা গাঁওপঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি,উপসভাপতি আৰু সদস্যসকলক আদৰণি তথা কাৰ্যভাৰ অৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়।দিপীলা গাঁওপঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত দিপীলা গাঁও পঞ্চায়তৰ সচিব বিবেক ভট্টই আঁতধৰা অনুষ্ঠানত সভাপতিত্ব কৰে দিপীলা গাওঁ পঞ্চায়তৰ সভাপতি গজেন্দ্ৰ কলিতাই।আয়তীৰ নামপ্ৰসংগ আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত সভাত অৱসৰী শিক্ষক তথা সাহিত্যসেৱী কমলাকান্ত ডেকা,খটৰাসত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত,সম্পাদক গংগাৰাম বৈশ্য,পশ্চিম দৰং প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত কাকতি,বিজেপি দৰং জিলা সমিতিৰ সভাপতি মকুন্দ্ৰ ডেকা,সম্পাদক অমূল্য দাস,বিজেপি পাথৰিঘাট মণ্ডলৰ সম্পাদক ভাস্কৰ কলিতা,লোহিত হাজৰীকা,দিপীলা ব্যৱসায়ী সন্থাৰ সভাপতি মিলন চন্দ্ৰ কলিতা,শক্তিকেন্দ্ৰৰ আহ্বায়ক ভুপেন কলিতা,ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত শৰ্মাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগহণ কৰে।আনহাতে দিপীলা গাঁও পঞ্চায়তৰ তৰফৰ পৰাও নৱনিৰ্বাচিত সভাপতি উপসভাপতি আৰু ৱাৰ্ডসদস্যসকলক উষ্ম আদৰণি তথা সম্বৰ্ধনা জনোৱাৰ লগতে কাৰ্যভাৰ প্ৰদান কৰে।

Address


Alerts

Be the first to know and let us send you an email when SAMAY ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SAMAY ASSAM:

  • Want your business to be the top-listed Media Company?

Share