Rk Axom

Rk Axom Axom Daily Live is An Assamese News Portal 24×7

14/10/2025

📌📌চনি টিভিৰ চুপাৰ ডাঞ্চাৰ অধ্যায় 5 বিজয়ী চিলাপথাৰ, ধেমাজিৰ আধ্যাশ্ৰী উপাধ্যায়লৈ আন্তৰিক অভিনন্দন! তাইৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।

14/10/2025

13/10/2025

📌📌আৰু কিমান মানুহৰ মৃত্যু হলে চৰকাৰে আমাৰ দুখ বোৰ বুজি পাব!
📌📌অসম চৰকাৰে যদি আমাক গুৰুত্ব দিব নিবিচাৰে, আমাৰ সমস্যা বোৰ যদি সমাধান কৰিব নিবিচাৰে, আমাক সুকীয়া ৰাজ্য দিয়ক।
📌📌কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমা বিবাদৰ ফলত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত লিটচন ৰংফাৰৰ তাৎপয্য পূৰ্ণ মন্তব্য।

📌📌চনি টিভিৰ চুপাৰ ডাঞ্চাৰ অধ্যায় 5 বিজয়ী হোৱাৰ বাবে চিলাপথাৰ, ধেমাজিৰ আধ্যাশ্ৰী উপাধ্যায়লৈ আন্তৰিক অভিনন্দন! তেওঁৰ অভ...
13/10/2025

📌📌চনি টিভিৰ চুপাৰ ডাঞ্চাৰ অধ্যায় 5 বিজয়ী হোৱাৰ বাবে চিলাপথাৰ, ধেমাজিৰ আধ্যাশ্ৰী উপাধ্যায়লৈ আন্তৰিক অভিনন্দন! তেওঁৰ অভূতপূৰ্ব প্ৰতিভা আৰু নিষ্ঠাৰে অসমলৈ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। তাইৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।

12/10/2025

📌📌হাওৰাঘাটৰ উত্তৰ বৰবিল কালিবাৰিত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভা #

📌📌হাওৰাঘাট, ১২ অক্টোবৰ : 'পাচঁ হাজাৰ জনৰ দৰকাৰ নাই । সমাজ এজনে গঢ়িব পাৰে আৰু সপোন এজনে দেখিব পাৰে । সপোন যদি সঠিক হয় তেন্তে সেই সপোন পূৰণৰ বাবে লক্ষ লক্ষ জনতাই আহি সহযোগ কৰিব আৰু যোগ দিব । তাৰ বাস্তৱ উদাহৰণ হৈছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায়, নেতাজী সুভাষচন্দ্ৰ বসু আৰু স্বামী বিবেকানন্দ ।' কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ উত্তৰ বৰবিল কালিবাৰিত দেওবাৰে অনুষ্ঠিত কৰা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰা এখন সভাত এই মন্তব্য প্ৰদান কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে'ই । ললিত চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে'ৰ উপৰি কাৰ্বি আংলং জিলা বাঙালী সমাজৰ সভাপতি চিতু কান্ত নাথ, কাৰ্বি আংলং জিলা যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি অমৰ কৃষ্ণ দাস, সম্পাদক বিশ্ব নাথ, হিদিবংলং আঞ্চলিক সমিতিৰ সভাপতি প্ৰতাপ দাস আৰু সম্পাদক ৰূপন ৰয়, উত্তৰ বৰবিল আঞ্চলিকৰ সভাপতি নৰেশ দাস আৰু সম্পাদক ৰঞ্জিত চন্দ্ৰ দাস , দীঘলীপাৰ আঞ্চলিকৰ সভাপতি জ্যোতিৰ্ময় নাথৰ লগতে হাওৰাঘাট অঞ্চলৰ শতাধিক পুৰুষ মহিলা উপস্থিত থাকে ।

12/10/2025

📌📌 সাংবাদিক নেত্ৰকমল শৰ্মাৰ জ্যেষ্ঠ ভাতৃ আৰু নবৌ'ৰ অকাল মৃত্যুত ফুলনিত শোকৰ ছাঁ #

📌📌হাওৰাঘাট,১২ অক্টোবৰ'২০২৫ চন : আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু' কাৰ্বি আংলং জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক তথা ফুলনিৰ সাংবাদিক নেত্ৰ কমল শৰ্মাৰ জেষ্ঠ ভাতৃ যজ্ঞেশ্বৰ শৰ্মা (বাপু) (৪৩)ৰ ১০ অক্টোবৰত এক জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি হয় । সাংবাদিক নেত্রকমল শৰ্মাৰ জেষ্ঠ ভাতৃ যজ্ঞেশ্বৰ শৰ্মাই মাত্ৰ পাঁচ মাহৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল । আনহাতে জ্যেষ্ঠ ভাতৃ জন চিকিৎসাধীন থকাৰ অৱস্থাতে তেওঁৰ পত্নী কৰৱী দেৱীৰো মধুমেহ ৰোগত আক্ৰান্ত হৈ ৫ অক্টোবৰত গুৱাহাটী ডাউন টাউন হস্পিটেলত মৃত্যুবৰণ কৰিছিল । এটা পৰিয়ালৰ দুয়োজনকৈ পতি আৰু পত্নীৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে অকাল বিয়োগত এতিয়া ভাগি পৰিছে সাংবাদিক নেত্ৰ কমল শৰ্মাৰ পৰিয়ালৰ লগতে আত্মীয় সকল । এক হৃদয় বিদাৰক ঘটনাৰ সাক্ষী হৈ ৰ'ল সাংবাদিক নেত্ৰ কমল শৰ্মাৰ পৰিয়ালবৰ্গ । একেইখন ঘৰতেই দুজনকৈ লোক স্বৰ্গীয় হোৱা ঘটনাই এতিয়া কাৰ্বি আংলং জিলাৰ সমগ্ৰ ফুলনি বজাৰৰ অঞ্চলটোত শোকৰ ছাঁ পেলায় । এই খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন দল, সংগঠনৰ লগতে হাওৰাঘাটৰ অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে নেত্ৰকমল শৰ্মাৰ জ্যেষ্ঠ ভাতৃ আৰু নবৌ'ৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

10/10/2025

📌📌কাৰ্বি আংলং জিলাৰ, অসম-মেঘালয় সীমান্তত দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘ দিনৰ পৰা চলি থকা ভূমি বিবাদৰ ফলত কালি দুৰ্ভাগ্যজনক ভাৱে এজন যুৱক প্ৰাণ হেৰুৱাৰ বিপৰীতে আন এজন গুৰুত্বৰ ভাৱে আহত হবলগা হল। ইয়াৰ পিছতে আজি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কায্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ গুৰুত্বপূৰ্ণ মন্তব্য !

10/10/2025

📌📌ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৬ । ভূমিকম্পৰ পাছতে আতংকময় পৰিৱেশ...

07/10/2025

📌📌আজি ‘অৰুণোদয়-৩.০’ৰ শুভাৰম্ভ !
৩৮ লাখৰো অধিক মহিলালৈ ১২৫০ টকাকৈ প্ৰদান!
খানাপাৰা খেলপথাৰত শুভাৰম্ভণি অনুষ্ঠান !
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ !

05/10/2025

📌📌প্ৰৱল ধুমুহা বৰষুণ'কো নেওচি হাওৰাঘাটত RSS অৰ শতবৰ্ষ পালন #

Address

Karbi Anglong

Website

Alerts

Be the first to know and let us send you an email when Rk Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share