nava axom

nava axom musical

মায়াবিনী ৰাতিৰ বুকুতদেখা পালোঁ তোমাৰ ছবিধৰা দিলা গোপনে আহিহিয়াৰ কোণত…তুমি যে মোৰ শুকান মনতনিয়ৰৰে চেঁচা টোপালনামি অহা, ৰ’...
24/09/2025

মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা, ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।

প্ৰতি শৰতৰ প্ৰভাতি ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।

দুচকুলে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা।।

15/09/2025

Address

Karbi Anglong

Website

Alerts

Be the first to know and let us send you an email when nava axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share