AI Bitupan

AI Bitupan AI video maker, music video, ai video, story,

সকলোৰে দিনটো খুভ হক
24/06/2025

সকলোৰে দিনটো খুভ হক

"মূল্যৱান উপহাৰ দি কি লাভ যদিহে আপুনি কাৰোবাক আপোনাৰ অলপমান সময়ে দিব নোৱাৰে"
22/06/2025

"মূল্যৱান উপহাৰ দি কি লাভ যদিহে আপুনি কাৰোবাক আপোনাৰ অলপমান সময়ে দিব নোৱাৰে"

নাৰী...শব্দটি নিচেই সৰু। ইয়াৰ অৰ্থ.....??? হয়তো সকলো শব্দয়েই ইয়াৰ সঠিক অৰ্থৰ বাবে ব্যর্থ। শব্দটিৰ বাৰু পৰিধি কি....??? ...
22/06/2025

নাৰী...শব্দটি নিচেই সৰু। ইয়াৰ অৰ্থ.....??? হয়তো সকলো শব্দয়েই ইয়াৰ সঠিক অৰ্থৰ বাবে ব্যর্থ। শব্দটিৰ বাৰু পৰিধি কি....??? হয়তো এই সূত্র আজিলৈকে আৱিষ্কাৰ হোৱা নাই...!! যোগ, বিয়োগ, পূৰণ, হৰণ সকলো হয়তো ব্যর্থ এই বিশেষ শব্দটিৰ পৰিধি উলিওৱাত..!! নাৰী... তুমি সাহস, ধৈর্য, সহ্য, ত্যাগ নে স্নেহ-প্রীতিৰ জীৱন্ত প্রতীক....??? ওহো!!! ইয়াৰ উত্তৰ নিৰোত্তৰ। তুমি নাৰী... হয়তো শ্ৰেষ্ঠত শক্তি সমূহৰ যোগফল তুমি... তুমি নাৰী..! তুমিয়েই লক্ষ্মী, তুমিয়েই দুর্গা, তুমিয়েই মা কালি...তুমিয়েই....!!
তোমাৰ হৃদয়খন স্বাধীনচিতীয়া। উম্ হয়!!! পিছে নিজক নিৰাপত্তা দিওঁতেই স্বাধীন হৃদয়খন সংকুচিত হয়হি..!! যুঁজাৰ বৰ হেঁপাহ তোমাৰ এই সংকোচনৰ বিৰুদ্ধে!! পিছে যুঁজিবলৈ খুব কমেই আগবাঢ়ি যোৱা..! বেছিয়েই থমকি ৰোৱা কিছু ভয়ত... সমাজখনৰ ভয়ত... কিছু কথাৰ ভয়ত..... আ......!!!
হে নাৰী!!! হৃদয়খন তুমি সাহসৰ ৰাজমহল কৰি গঢ়ি তোলা। যুঁজ দিয়া মা দুর্গা হৈ, মা কালি হৈ দানৱৰ বিৰুদ্ধে বজ্ৰৰ দৰে উদাত্ত কণ্ঠে...!


- জুৰণি প্রিয়া

সৰাপাততুমি আকৌ আহিলা বৃষ্টিৰ সৰু সৰু টোপালবোৰ চেঁচা চেঁচা কুঁৱলীবোৰ তুমি নমাই আনিলা এই ধুনীয়া ধৰাৰ বুকুত সংগোপনে।তুমি মো...
22/06/2025

সৰাপাত

তুমি আকৌ আহিলা বৃষ্টিৰ সৰু সৰু টোপালবোৰ চেঁচা চেঁচা কুঁৱলীবোৰ তুমি নমাই আনিলা এই ধুনীয়া ধৰাৰ বুকুত সংগোপনে।

তুমি মোৰ নিচেই আপোন তুমিয়েই ৰচাহি নব নব সপোন। তোমাৰ প্রেমিকা সেই শুকুলা শেবালি আশাৰে বাট চাই বয় মাথোঁ তোমাৰ বাবেই। এতিয়া তুমি আহিলা শেৱালিৰ ওঁঠত তুলিলা ৰঙীন হাঁহি।
প্ৰেমৰ দোমোজাত
সেই দুবৰিক চুমি থকা নিয়ৰৰ ফুলবোৰে; জিলিকে মুকুতা মনিৰ দবে আৰু পদুলিবে ভৰা শেৱালি যেন পশ্চিমৰ আবেলি অনাদবত শুকাই গৈ শেৱালি পাহিবোৰ যায় মৰহি এইবোৰ যেন শৰতৰেই ধেমালী।
মোৰ পৃঃখরাত মই প্রেমিক চৰাই অন্তহীন আশালৈ অসীমত উৰিছো দিগন্তলৈ যে কিমান দিন বাকী, অনাগত দিনৰ উশাহ হ'বলৈ আছেনে কোনোবা মোৰ ব্যতিক্রমী জগতত, নাই মোৰ পৃথিৱীত কেৱল ধোৱা আৰু যোৱা কিন্তু বৰষুণো দিয়ে, বৰবি ৰষি বৰষা যেতিয়া নামে, তেতিয়া সবাতকৈ শীতলোতম হয় মোৰ ধৰা, প্রেয়সী তুমি ক'ত বুজিবা।

সকলোৰে দিনতো শুভহক 🙏
21/06/2025

সকলোৰে দিনতো শুভহক 🙏

আজিৰ দিনটো শুভকামনাৰে কামাখ্যা মন্দিৰ  হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত ...
21/06/2025

আজিৰ দিনটো শুভকামনাৰে

কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ ( নৃত্য-মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্যও দেখা যায়।

কোনে লিখিছে নাজানো, কিন্তু অসাধাৰণ👌১. মায়ে ৯ মাহ বহন কৰে, দেউতাই বছৰ বছৰ বহন কৰে, দুয়ো সমান,তথাপিও নাজানো কিয়  দেউতা ...
20/06/2025

কোনে লিখিছে নাজানো, কিন্তু অসাধাৰণ👌

১. মায়ে ৯ মাহ বহন কৰে, দেউতাই বছৰ বছৰ বহন কৰে, দুয়ো সমান,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।

২. মায়ে দৰমহা নোহোৱাকৈ পৰিয়ালটো চলায়, দেউতাই ঘৰৰ বাবে সকলো দৰমহা খৰচ কৰে, দুয়োৰে সমান প্ৰচেষ্টা, তথাপিও নাজানো দেউতা কিয় পিছ পৰি ৰয়।

৩. মায়ে যি মন যায় ৰান্ধে, দেউতাই যি বিচাৰে কিনি আনে, তেওঁলোকৰ মৰম সমান, কিন্তু মাৰ মৰমক শ্ৰেষ্ঠ বুলি দেখুওৱা হয়। ,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।

৪. ফোনত কথা পাতিলে প্ৰথমে মাৰ লগত কথা পাতিব মন যায়, বিপদত পৰিলে 'মা' বুলি কান্দো। প্ৰয়োজনৰ সময়তহে দেউতালৈ মনত পৰে, কিন্তু দেউতাই কেতিয়াও বেয়া নাপায় যে আমি আন সময়ত তেওঁক মনত নেপেলাওঁ? সন্তানৰ পৰা মৰম পোৱাৰ ক্ষেত্ৰত পিতৃসকল কিয় পিছ পৰি আছে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নাজানো।

৫. আলমাৰীটো ৰঙীন শাৰী আৰু ল’ৰা-ছোৱালীৰ বহুত কাপোৰেৰে ভৰি পৰিব কিন্তু দেউতাকৰ কাপোৰ খুব কম, নিজৰ প্ৰয়োজনৰ প্ৰতি তেওঁ গুৰুত্ব নিদিয়ে, ,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।

৬. মাৰ বহুত সোণৰ অলংকাৰ আছে, কিন্তু দেউতাৰ মাত্ৰ এটা আঙঠি আছে যিটো তেওঁৰ বিয়াৰ সময়ত তেওঁক দিয়া হৈছিল। তথাপিও মায়ে কম গহনা বুলি অভিযোগ কৰে আৰু দেউতাই নকৰে। এতিয়াও নাজানো দেউতা কিয় পিছ পৰি ৰয়।

৭. দেউতাই গোটেই জীৱন কষ্ট কৰি পৰিয়ালটো চোৱাচিতা কৰে, কিন্তু স্বীকৃতিৰ কথা আহিলে নাজানো কিয় তেওঁ সদায় পিছ পৰি থাকে।

৮. মায়ে কয় এই মাহত কলেজৰ ফীজ দিব লাগিব, তথাপিও প্লিজ মোক উৎসৱৰ বাবে শাৰী এখন কিনি দিব, কিন্তু দেউতাই নতুন কাপোৰৰ কথাও নাভাবিলে। দুয়োৰে মৰম সমান, ,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।

৯. মাক-দেউতাক বুঢ়া হ’লে ল’ৰা-ছোৱালীবোৰে কয়, ঘৰৰ কাম চোৱাচিতা কৰাত আৰু পৰিয়াল পৰিচালিত কৰাত মা সকলোতকৈ উপযোগী।
দেউতা পিছ পৰি ৰৈছে কাৰণ তেওঁ পৰিয়ালটোৰ মেৰুদণ্ড। আৰু আমাৰ মেৰুদণ্ড আমাৰ শৰীৰৰ পিছফালে থাকে। তেওঁৰ বাবেই আমি নিজৰ ওপৰত থিয় দিব পাৰো। হয়তো, এই কাৰণেই তেওঁ গোটেই পৰিয়ালটো ধৰি ৰাখিছে...!!!!

কোনে লিখিছে নাজানো। সকলো পিতৃলৈ উৎসৰ্গিত পৃথিৱীৰ সকলো পিতৃলৈ প্ৰণাম |

ৰাধে ৰাধে লিখক আৰু জিমান পাৰে shyar কৰক  #কৃষ্ণ
20/06/2025

ৰাধে ৰাধে লিখক আৰু জিমান পাৰে shyar কৰক
#কৃষ্ণ

Address

Indian Assam Majuli
Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when AI Bitupan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share