Ranju N Ahmed

Ranju N Ahmed Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ranju N Ahmed, Digital creator, Mangaldai.

13/03/2025
' শেষৰ পৰা যি আৰম্ভ হয়, তাৰ শেষ কেতিয়াও নহয়।ʼ  🌸ৰাধা🌸
13/03/2025

' শেষৰ পৰা যি আৰম্ভ হয়, তাৰ শেষ কেতিয়াও নহয়।ʼ
🌸ৰাধা🌸

16/02/2025

কিছুমান মানুহ সদায় বিশেষ । 'কি খবৰ' বুলি সোধাজনতকৈ 'মন বেয়া' নেকি বুলি সোধাজন সদায় বিশেষ। 'কিবা হ'লে মোক ক'বা' বুলি কোৱাজনতকৈ 'কি হৈছে মোক কোৱা' বুলি কোৱাজন সদায় বিশেষ........! ,💐🌸🌷
াফুল

15/02/2025

দূৰৰ পৰা মানুহক নিখুঁত যেন লাগে,

কিন্তু ওচৰ চাপি গ'লে অগণন অসম্পূর্ণতাই দেখা দিয়ে।

যিমানেই প্রিয় মানুহ নহওক কিয়, এদিন তেওঁলোকৰ ভিন্ন ৰূপ দেখি আমি আচৰিত হৈ পৰো।

কিবা এটা সলনি হয়, কিবা এটা প্রকাশ পায়-আৰু আমি ভাবো, "এইজনেই নে সেই মানুহজন?"

দৰাচলতে, কোনোৱেই নিখুঁত নহয়! আমিয়েই তেওঁলোকক আমাৰ ভাবনাৰ ৰঙেৰে অংকন কৰোঁ।

বিষয়বস্তু সৃষ্টিকৰ্তা

যদি মানুহে এই সত্যটো গ্ৰহণ কৰিলেহেঁতেন তেন্তে সম্পৰ্কবোৰত বিচ্ছেদো কমিলেহেঁতেন।

15/02/2025

প্ৰেমটো হ’ল এটি সুকুমাৰ সপোন,
নিশাৰ নীলা আকাশত জ্বলি থকা তৰাৰ চিন।
এদিন আহে এটি সুকণি বতাহ,
নহওঁতেই বুকুৰ মাজত জগাই তোলে আশাৰ জুই।

চকুত ৰঙীন সপোন উঠে,
হাঁহিৰ ভাষা বুজিব খোজে হৃদয়।
ওচৰত থাকোতে যেন বতাহো গীত গায়,
দূৰত থাকিলে হৃদয়টো আকা বেদনাৰে কাঁইট।

কোনোবা পাই সুখৰ আকাশ,
কোনোবা নোপোৱাই হয় অন্তিম বিশ্বাস।
যাক পাই, সি জীৱন,
যাক নোপোৱাই, সি স্মৃতিৰ গভীৰ বেদন।

প্ৰেমটো এক কোমল স্পৰ্শ,
যি মনত থাকে চিৰকালৰ অনুভৱ।

ফেব্ৰুৱাৰীতকৈ ফাগুন হে দেখোন প্ৰিয় । কাৰণ ফাগুন যে ফেব্ৰুৱাৰীৰ দৰে মডাৰ্ণ নহয় জানা ! ফাগুন একেবাৰে গাঁৱলীয়া । সৰাপাতৰ...
14/02/2025

ফেব্ৰুৱাৰীতকৈ ফাগুন হে দেখোন প্ৰিয় । কাৰণ ফাগুন যে ফেব্ৰুৱাৰীৰ দৰে মডাৰ্ণ নহয় জানা ! ফাগুন একেবাৰে গাঁৱলীয়া । সৰাপাতৰ ভাঁজে ভাঁজে ফাগুন , পলাশৰ ডালে ডালে ফাগুন , সেই হৃদয় পৰশা নিলাজ পছোৱা জাকৰ সৈতেও ফাগুন আৰু ফাগুন কʼত আছে জানা ! কবিৰ কবিতাবোৰত , প্ৰেমিক হৃদয়ৰ মিঠা অনুভৱবোৰত আৰু সকলোৰে বুকুৰ মাজত ফাগুন । ফাগুন মানে এবুকু মিঠা আৱেগ, ফাগুন মানে লাজুকী মদাৰ , চঞ্চলা শিমলু আৰু অভিমানী পলাশৰ উতনুৱা ধেমালি ♥️

ফাগুনী ওলগ সকলোলৈকে ❤️

14/02/2025

প্ৰেম সফল হওঁক বা আধৰুৱা ......
মৰমবোৰ অনুভৱবোৰ আচলতে নিঃস্বাৰ্থ আৰু সচাঁ হ'ব লাগে........💌

প্ৰেম কেৱল ব্যক্তিৰ প্ৰতি নহয়, কেতিয়াবা নিজ কৰ্ম ৰ প্ৰতিও ,কেতিয়াবা আকৌ জিৱ-জন্তুু , চৰাই-চিৰিকটি, আকাশ, জোন তৰা ,নদী আৰু কেতিয়াবা এই ফাগুনৰ বতাহজাকৰ সৈতেও হ'ব পাৰে ♥️...................

আজি প্ৰেম দিৱস ত সেই প্ৰত্যেক জনলৈ মোৰ শুভকামনা যিয়ে প্ৰেমক সচাঁ অন্তৰেৰে অনুভৱ কৰিছেঁ ................💖

13/02/2025

তাইৰ প্ৰিয়

ৰং বোৰ তাইৰ খুব প্ৰিয়
প্ৰকৃতিৰ ৰঙৰ দলিচা খন তাইৰ প্ৰিয়
প্ৰকৃতিৰ মনোমোহা ৰঙীন
ফুলৰ সুভাষ বোৰ তাইৰ প্ৰিয়
ৰঙা ৰংটো যে তাইৰ খুব প্ৰিয়,
এই ৰঙা বোৰতেই
যে প্ৰাণ পাই উঠে
তাইৰ প্ৰিয়জনক পোৱাৰ হেঁপাহ বোৰ
ৰঙতেই যে ৰাঙলী তাই
সেইয়ে কওঁ
ৰং বোৰ তাইৰ প্ৰিয় ।

13/02/2025

জীৱনৰ বাটত
যেতিয়া মই জীৱনৰ বাটত
খোজ দিওঁ এক অচিন হেঁপাহত
নাজানো কিয় সেই হেঁপাহেই যেন
দি যায় দুখ মোৰ হৃদয়ত ।
প্ৰতিটো খোজাতে এটা প্ৰশ্ন
প্ৰতিটো উশাহ এটাকৈ অনুৰোধ,
বাৰে প্ৰতি উজুতি খাও মই
আগুৱাই যাব খোজো জীৱনৰ বাটত ।
প্ৰতি বছৰ প্ৰতিদিন তাৰেই আশা
আহিব নেকি সুখ মোৰ এই জীৱনত……..
জীৱনৰ প্ৰতিটো ক্ষণত
প্ৰতিটো অনুভৱে কৈ গ’ল মোক
কাণে কাণে বহুতো কথা, আকৌ
অভিজ্ঞতাই দিলে নতুন শিক্ষা ।

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Ranju N Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share