BA News

BA News নিৰ্ভীক নিৰপেক্ষ আৰু সত্যৰ পক্ষত BA NEWS, ২৪ ঘণ্টাই ৰাইজৰ সেৱাৰ বাবে ৰাইজৰ ওচৰত।

20/05/2026

লামডিঙত ধৰ্মঘটৰ প্ৰভাৱ।
∶-
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰেল নগৰী লামডিঙতো ই-ফাৰ্মাচী আৰু ইণ্টাৰনেটযোগে ঔষধ বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ঔষধ ব্যৱসায়ীসকলে। সমগ্ৰ দেশজুৰি “All India Organisation Of Chemists and Druggists” ৰ আহ্বানত পালন কৰা হয় এই বন্ধ কাৰ্যসূচী।
এই ধৰ্মঘটৰ ফলত লামডিঙৰ অধিকাংশ ঔষধৰ দোকান বন্ধ দেখা যায়। যদিও জৰুৰীকালীন ৰোগীৰ সুবিধাৰ কথা লক্ষ্য ৰাখি লামডিং ৰেলৱে চিকিৎসালয়ৰ সন্মুখত এখন আৰু লামডিং সিভিল চিকিৎসালয়ৰ সন্মুখত আন এখন ফাৰ্মাচী খোলা ৰখা হয়।
ৰোগীয়ে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতিও বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইফালে, অনলাইন ঔষধ বিক্ৰীৰ ফলত সৰু সৰু মেডিচিন দোকানসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰে ব্যৱসায়ীসকলে। ধৰ্মঘটৰ জৰিয়তে চৰকাৰক অনলাইন ঔষধ বিক্ৰী ব্যৱস্থাৰ ওপৰত কঠোৰ নীতি গ্ৰহণৰ দাবী জনায় ৷

নিউজ ডেস্ক ৰিপৰ্ট লামডিং ৷

20/05/2026

লামডিং শ্ৰীমা ভৱনত লামডিং বজাৰ মাৰ্চেন্ট এছ’চিয়েচনৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।
∶-
অনুষ্ঠানত লামডিং সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বিজয়ী হোৱা বিজেপি বিধায়ক শিবু মিশ্ৰক ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উষ্ম আদৰণি জনোৱা হয়।
অনুষ্ঠানত লামডিং বজাৰ মাৰ্চেন্ট এছ’চিয়েচনৰ বিষয়ববীয়া, সদস্য-সদস্যা আৰু বহু ব্যৱসায়ী উপস্থিত থাকে। উপস্থিত বক্তাসকলে বিধায়ক শিবু মিশ্ৰৰ আগন্তুক দিনসমূহৰ সফলতা কামনা কৰাৰ লগতে লামডিঙৰ উন্নয়নৰ ক্ষেত্ৰত অধিক কাম কৰাৰ আশা ব্যক্ত কৰে।
ইফালে বিধায়ক শিবু মিশ্ৰই লামডিং বজাৰ মাৰ্চেন্ট এছ’চিয়েচনক ধন্যবাদ জ্ঞাপন কৰি লামডিঙৰ উন্নয়ন আৰু ব্যৱসায়ী সমাজৰ স্বাৰ্থত সদায় কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে।

নিউজ ডেস্ক ৰিপৰ্ট লামডিং ৷ BA News Hilights

কলাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা। বহিঃৰাজ্যৰ চোৰ-ডকাইটি গেঙৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন যুৱকক কৰায়ত্ত  কলাইগাঁও আৰক্ষীৰ।...
19/05/2026

কলাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা।

বহিঃৰাজ্যৰ চোৰ-ডকাইটি গেঙৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন যুৱকক কৰায়ত্ত কলাইগাঁও আৰক্ষীৰ।

ধৃত চোৰ তিনিজন হৈছে এক্কম চৌহান (দিপেন), দ্বীপক চৌহান আৰু সুভাষ চৌহান। ইয়াৰে এক্কম চৌহান আৰু দ্বীপক চৌহান কলাইগাঁও থানাৰ অন্তৰ্গত ভোলাবাৰী বাগিছাৰ বাসিন্দা আৰু সুভাষ চৌহান ধূলা থানাৰ অন্তৰ্গত বেগাৰখাছৰ নিবাসী বুলি জানিব পৰা গৈছে।

19/05/2026

সৰ্পবান্ধৱ বঁটাত সমগ্ৰ অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা কমলেশ্বৰ ৰাভাৰ সাহসী কাৰ্য।
∶-
প্ৰথমে এই দৃশ্যত এবাৰ মন কৰকচোন ৷

ভয় নেখাবো — এয়া হৈছে এক বৃহৎ আকাৰৰ অজগৰ সাপ।

দিনে দিনে বিলুপ্তিৰ দিশে আগবাঢ়িছে এনে প্ৰজাতিৰ প্ৰকাণ্ড অজগৰ সাপ।

কোনোবাই মোবাইল কেমেৰাত দৃশ্য বন্দী কৰাত ব্যস্ত, আন কোনোবাই আকৌ ভয়ত আতংকিত।

আপোনাৰ ঘৰ বা বাৰীতো যদি কোনো সাপ দেখা যায়, আতংকিত নহ’ব।

সাপৰ পৰা সুৰক্ষিতভাৱে পৰিত্ৰাণ পাবলৈ প্ৰয়োজন মাত্ৰ এটা ফোন কল।

সৰ্পবান্ধৱ কমলেশ্বৰ ৰাভাই যোৱা নিশা প্ৰায় ১২ ফুট দীঘল এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰে ওদালগুৰি জিলাৰ কলাইগাঁওৰ কবিৰালীৰ বুঢ়ীগাঁও অঞ্চলৰ পৰা।

হঠাতে অঞ্চলটোত এই বৃহৎ অজগৰ সাপ দেখা পোৱাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ। মুহূৰ্ততে গাঁওখনত চাঞ্চল্যৰ সৃষ্টি হয় আৰু শতাধিক লোক ঘটনাস্থলীত ভিৰ কৰে। আনুমানিক ৬০০ৰো অধিক লোক এই প্ৰকাণ্ড সাপটো চাবলৈ আহি গোট খায়।

প্ৰথমে স্থানীয় ৰাইজে নিজাববীয়াকৈ সাপটো খেদিবলৈ চেষ্টা চলায় যদিও সফল নহয়। পিছত সকলোৱে মনত পেলায় সৰ্পৰক্ষী কমলেশ্বৰ ৰাভাৰ নাম। তৎক্ষণাত ফোন কৰা হয় ৰাভা ডাঙৰীয়ালৈ।

ফোন কৰাৰ মাত্ৰ ১৫ৰ পৰা ২০ মিনিটৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হয় কমলেশ্বৰ ৰাভা। অত্যন্ত সাহস আৰু কৌশলেৰে তেওঁ সাপটো উদ্ধাৰ কৰি সুৰক্ষিতভাৱে নিজৰ নিয়ন্ত্ৰণলৈ আনে।

তেওঁৰ এনে সাহসী পদক্ষেপ দেখি আচৰিত হৈ পৰে উপস্থিত স্থানীয় ৰাইজ। কোনোবাই ভিডিঅ’ কৰে, কোনোবাই সেলফি তোলে, আন কোনোবাই আকৌ ভয়তে হতবাক হৈ পৰে।

উদ্ধাৰৰ পিছত ঘটনাটোৰ বিষয়ে বন বিভাগক অৱগত কৰা হয়। বন বিভাগৰ বিট অফিচাৰ মৃণ্ময় হাজৰিকাৰ নেতৃত্বত সাপটো পুনৰ সুৰক্ষিত পৰিৱেশত এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। জানিব পৰা মতে, অজগৰ সাপটো খালিংদুৱাৰ ৰিজাৰ্ভ অৰণ্যত পুনৰ এৰি দিয়া হ’ব।

এয়াই আছিল কলাইগাঁৱৰ সৰ্পবান্ধৱ কমলেশ্বৰ ৰাভাৰ এক সাহসী আৰু ব্যতিক্ৰমী উদ্ধাৰ অভিযানৰ কাহিনী।

কলাইগাঁৱৰ পৰা সংগীতা চক্ৰৱৰ্তীৰ ৰিপৰ্ট ৷

18/05/2026


কলাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা।
∶-
বহিঃৰাজ্যৰ চোৰ-ডকাইটি গেঙৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন যুৱকক কৰায়ত্ত কলাইগাঁও আৰক্ষীৰ।

ধৃত চোৰ তিনিজন হৈছে এক্কম চৌহান (দিপেন), দ্বীপক চৌহান আৰু সুভাষ চৌহান। ইয়াৰে এক্কম চৌহান আৰু দ্বীপক চৌহান কলাইগাঁও থানাৰ অন্তৰ্গত ভোলাবাৰী বাগিছাৰ বাসিন্দা আৰু সুভাষ চৌহান ধূলা থানাৰ অন্তৰ্গত বেগাৰখাছৰ নিবাসী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বহিঃৰাজ্যৰ এক চোৰ ডকাইটি গেংৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিওজনকে আটক কৰে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, এই সমগ্ৰ গোচৰটোৰ তদন্তকাৰী বিষয়া আছিল কলাইগাঁও থানাৰ উপ-পৰিদৰ্শক ৰাম লাল সিং। তেওঁৰ নেতৃত্বত চলা তদন্তৰ ভিত্তিত এই সফলতা লাভ কৰিবলৈ সক্ষম হয় কলাইগাও আৰক্ষী।

ইতিমধ্যে কলাইগাঁও আৰক্ষীয়ে তিনিওজন অভিযুক্তক ৰঙা ঘৰৰ আলহী, অৰ্থাৎ জেললৈ প্ৰেৰণ কৰিছে।

নিউজ ডেস্ক ৰিপৰ্ট কলাইগাঁও ৷

18/05/2026

অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ।
∶-
ওদালগুৰি জিলাৰ ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ ২ নং কুকুৰ ভুকা গাঁৱত বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে এটা লক্ষ্মী মন্দিৰ। জানিব পৰা মতে, অৰুণাচল পাহাৰৰ পৰা নামি অহা এজাক বনৰীয়া হাতীয়ে নিশা প্ৰায় ৯ মান বজাত গাঁওখনত প্ৰৱেশ কৰি মন্দিৰটো ক্ষতিগ্ৰস্ত কৰে।
ইয়াৰ উপৰিও গাঁওখনৰ ৰিফেন গোঁড় নামৰ এজন লোকৰ চাৰিটা নাৰিকল গছ আৰু কেইবাটাও তামুল গছ ভাঙি পেলায় বনৰীয়া হাতীৰ জাকে। ঘটনাৰ পিছতেই মাজবাট বন বিভাগৰ বনকৰ্মীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
ইফালে, কুকুৰ ভুকা গাঁওবাসীয়ে ভাঙি যোৱা লক্ষ্মী মন্দিৰটো পুনৰ নিৰ্মাণ কৰি দিবলৈ ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী Charan Boro-ক দাবী জনায় ৷

18/05/2026

লামডিঙত পুনৰ ৰেলৱে আৰক্ষীৰ জালত অবৈধ বিদেশী সুৰা সৰবৰাহ চক্ৰ।
∶-
এক গোপন সূত্ৰৰ ভিত্তিত লামডিং RPF DOG SQUAD আৰু RPF-ৰ SI অনিল কুমাৰ নাথৰ নেতৃত্বত চলোৱা এক বিশেষ অভিযানত বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, লামডিং ৰেলৱে জংচনৰ প্লেটফৰ্ম নম্বৰ ৪ত চলোৱা তালাচীত সন্দেহজনক টলি বেগৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় MDowells No.1 ব্ৰেণ্ডৰ ১৯টা বিদেশী সুৰাৰ বটল।
বিদেশী সুৰা সৰবৰাহৰ বাবে নতুন কৌশল ব্যৱহাৰ কৰাৰ ঘটনাই ৰেলৱে আৰক্ষীকো চিন্তিত কৰি তুলিছে। টলি বেগৰ ভিতৰত কৌশলেৰে সুৰা ভৰাই সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল বুলি আৰক্ষীৰ অনুমান।
ঘটনাৰ পিছতে জব্দ কৰা সুৰাখিনি জিম্মাত লৈ অধিক তদন্ত আৰম্ভ কৰিছে লামডিং ৰেলৱে আৰক্ষী আৰু RPF DOG SQUAD টীমে।

নিউজ ডেস্ক ৰিপৰ্ট লামডিং ৷

17/05/2026

ৰৌতাৰ ধনশ্ৰীঘাটত নৱ নিযুক্ত কেবিনেট মন্ত্ৰী চৰণ বড়োৰ বিজয় উৎসৱ সমাৰোহ আৰু সমষ্টিবাসীক ধন্যবাদ প্রদান অনুষ্ঠান ৷
∶-
প্রায় ২০ হাজাৰ লোকক আমন্ত্রণ কৰি প্রীতিভোজ আয়োজন চৰণ বড়োৰ ৷ তৃতীয়বাৰৰ বাবে বিধায়ক আৰু দ্বিতীয়বাৰৰ বাবে কেবিনেট মন্ত্রীত্ব লাভ কৰি মাজবাট সমষ্টিৰ ৰাইজক ধন্যবাদ জনায় নেতাগৰাকীয়ে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৰুণাচলৰ কালাকটাং বিধানসভা সমষ্টিৰ বিধায়ক Tseten Chombay Kee
বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰি সমষ্টিৰ বিধায়ক ৰিহন দৈমাৰী, EM ফ্ৰেছ মুছাহাৰী লগতে বহু জেষ্ঠ নেতা উপস্থিত থাকে অনুষ্ঠানত ৷
মাজবাট সমষ্টিবাসীৰ আশীৰ্বাদত আকৌ এবাৰ মন্ত্ৰীত্ব লাভ কৰাত সমষ্টিবাসীৰ প্রতি চিৰকৃতজ্ঞতা প্রকাশ চৰণ বড়োৰ ৷ প্রথম মন্ত্ৰীসভাৰ 8 গৰাকী মন্ত্রীৰ তালিকাত স্থান লাভত সুখী চৰণ বড়ো ৷প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শপতগ্রহণ অনুষ্ঠানত মন্ত্ৰীগৰাকীক হাতত ধৰি বহুবাৰ 'বাধাই হো' অর্থাৎ শুভকামনা জনায় বুলি কয় নেতাগৰাকীয়ে ৷ শপতগ্রহণ অনুষ্ঠান সমাৰোহ আৰু প্রধানমন্ত্রীক সাক্ষাতৰ স্মৃতি জীৱনৰ এক এৰাব নোৱাৰা স্মৃতি বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ আগন্তুক ৫ বছৰত সমষ্টিত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রত অধিক গুৰুত্ব দিয়াৰ প্রতিশ্রুতি প্রকাশ কৰে মাজবাট সমষ্টিৰ তৃতীয়বাৰৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী চৰণ বড়োৰ ৷

নিউজ ডেস্ক ৰিপৰ্ট ৰৌতা ৷

15/05/2026

লামডিঙত বিজেপিৰ বিজয় উৎসৱ উদযাপন কৰা হয় ৷
∶-
লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ বিধানসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে বিজয়ী হোৱাক লৈ ভাৰতীয় জনতা পাৰ্টি, লামডিং মণ্ডল কমিটিৰ উদ্যোগত এই বিজয় উৎসৱ পালন কৰা হয় ৷
উৎসৱ উপলক্ষে বিজেপি কৰ্মী-সমৰ্থকসকলে আনন্দ উল্লাসেৰে এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়ায় আৰু বিভিন্ন স্থানত আতচবাজী ফুটি মিঠাই বিতৰণ কৰে ৷ দলীয় পতাকা আৰু শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ হৈ উঠে ৷
এই অনুষ্ঠানত দলীয় নেতা-কৰ্মীসকলৰ লগতে বহু সংখ্যক সমৰ্থক উপস্থিত থাকে ৷ উপস্থিত বক্তাসকলে বিধায়ক শিবু মিশ্ৰৰ বিজয়ক লামডিংবাসীৰ উন্নয়ন আৰু বিশ্বাসৰ জয় বুলি উল্লেখ কৰে ৷

নিউজ ডেস্ক ৰিপৰ্ট লামডিং ৷

12/05/2026

ৰেল নগৰী লামডিঙৰ ড° শ্যামা প্ৰসাদ মুখাৰ্জী মহকুমা অসামৰিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰা হয়৷
∶-
এই উপলক্ষে চিকিৎসালয়খনত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷
চলিত বৰ্ষৰ নাৰ্ছ দিৱসৰ মূল বিষয়বস্তু আছিল— “Our Nurses, Our Future: Empowered Nurses Save Lives” অৰ্থাৎ “আমাৰ নাৰ্ছ, আমাৰ ভৱিষ্যত। সবলীকৃত নাৰ্ছে প্ৰাণ ৰক্ষা কৰে”৷ এই বিষয়বস্তুৰ জৰিয়তে নাৰ্ছসকলক সঠিক প্ৰশিক্ষণ, সুৰক্ষা আৰু সন্মান প্ৰদান কৰি স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷
অনুষ্ঠানত আধুনিক নাৰ্ছিং সেৱাৰ পথপ্ৰদৰ্শক Florence Nightingaleৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে ফুল অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিকিৎসক, নাৰ্ছ আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলে৷
উপস্থিত বক্তাসকলে নাৰ্ছসকলৰ ত্যাগ, সেৱা আৰু মানৱতাৰ মনোভাৱৰ শলাগ লৈ সমাজত তেওঁলোকৰ অৱদান অতুলনীয় বুলি উল্লেখ কৰে৷

নিউজ ডেস্ক ৰিপৰ্ট লামডিং ৷

12/05/2026

নতুন চৰকাৰক লৈ লামডিং বাসী ৰাইজ বহুতো আশাবাদী লগতে লামডিঙৰ সাধাৰণ ৰাইজৰ মন্তব্য ৷
∶-
আজি ড০ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী। শপত লোৱাৰ পাছৰে পৰাই ৰাইজৰ আশা বাস্তৱত ৰূপায়িত কৰিব। আমি মুখ্যমন্ত্ৰীক সহায় আগবঢ়াম'। নতুন চৰকাৰৰ শপত গ্ৰহণক লৈ আৰু কি ক'লে লামডিং স্থানীয় ৰাইজে ৷

নিউজ ডেস্ক ৰিপৰ্ট লামডিং ৷

Address


784507

Alerts

Be the first to know and let us send you an email when BA News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BA News:

  • Want your business to be the top-listed Media Company?

Share