Krishani's Mom

Krishani's Mom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Krishani's Mom, Digital creator, Nagaon.

 #স্তনপান_কিয়_জৰুৰী?সখী ১: মোৰ ছোৱালীজনীৰ ৪মাহ হৈছে। এতিয়া কি খুৱাব পাৰিম সখী?সখী ২ : চেৰলেক দিব পাৰি ময়ো ল'ৰাটোক চাৰ...
13/08/2025

#স্তনপান_কিয়_জৰুৰী?

সখী ১: মোৰ ছোৱালীজনীৰ ৪মাহ হৈছে। এতিয়া কি খুৱাব পাৰিম সখী?

সখী ২ : চেৰলেক দিব পাৰি ময়ো ল'ৰাটোক চাৰিমাহৰ পৰাই দিছোঁ।

সখী ১: তাকেই ময়ো ভাবিছোঁ। আগতে দেখোন ৩ মাহতে দিয়ে।

সখী৩ : তোমালোকে দিছা ন সখী? মোৰ মাইনাৰ ৫ মাহ সোমাইছে। গাখীৰ নুলাই মোৰ। ময়ো দিম।

আজিকালি নিয়মীয়াকৈ লিখা নহয়। কিন্তু যেতিয়া বিভিন্ন ঠাইত বা গ্ৰুপবোৰত এনে ধৰণৰ মাৰাত্মক আলোচনাবোৰ নিতৌ দেখা পোৱা যায়, মনটোৰ সহ্য নহয়। এতিয়াও আমাৰ অসমত সন্তান জন্মৰ এঘন্টাৰ ভিতৰত গাখীৰ খুৱাই মাত্ৰ ৪৯% লোকেহে। অতি পুতৌলগা। ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে বিশ্ব স্তনপান সপ্তাহ। আজি কেইটামান প্ৰচলিত কথা অৱগত কৰিবলৈ বিচৰা হৈছে-

১৷ শিশুৰ জন্মৰ এঘণ্টাৰ ভিতৰত স্তনপান কৰোৱা কিয় জৰুৰী?

উত্তৰ- প্ৰথম ওলোৱা ডাঠ গাখীৰক কল'ষ্ট্ৰাম বুলি কোৱা হয়। এয়া শিশুৰ প্ৰথম প্ৰতিষেধক। বহুতো লোকে এই ডাঠ গাখীৰখিনি পেলাই দিব বিচাৰে। যিটো সম্পূৰ্ণ ভুল। এই ডাঠ গাখীৰ খিনি শিশুৰ বাবে অত্যন্ত জৰুৰী। গতিকে জন্মৰ এঘণ্টাৰ ভিতৰত কেৱল মাকৰ গাখীৰ মুখত দিব লাগে।

জন্মৰ এঘণ্টাৰ ভিতৰত শিশুটি খুব সক্ৰিয় হৈ থাকে গতিকে ভালদৰে চুপিব পাৰে।

মাকৰ গাখীৰে শিশুক ৰোগ বা সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

জন্মৰ পিছতেই গাখীৰ খুৱালে শিশুৰ শৰীৰৰ পৰা তাপ কমি যোৱাৰ পৰা সুৰক্ষা দিয়ে।


২৷ মোৰ ছিজাৰিয়ান ডেলিভাৰী হ'ব এঘণ্টাৰ ভিতৰত গাখীৰ কেনেকৈ খুৱাম?

উত্তৰ- চিকিৎসা কৰ্মী বা পৰিয়ালৰ ব্যক্তিৰ সহায়ত খুৱাব লাগিব। গৰ্ভাৱস্থাৰ পৰাই মাক গৰাকীৰ লগতে পৰিয়ালৰ ব্যক্তিও সাজু হ'ব লাগিব। লগতে চিকিৎসা কৰ্মীক জনাব যে আপুনি জন্মৰ এঘণ্টাৰ ভিতৰত গাখীৰ খুৱাব। কেঙ্গেৰু মাদাৰ কেয়াৰ পদ্ধতিৰে সন্তানক বুকুত শুৱাই গাখীৰ খুৱাব পাৰে। মাকৰ বুকুৰ ওপৰত সদ্যোজাত শিশু এটি ৰাখিলে সি প্ৰাকৃতিক ভাৱেই স্তনপান কৰিবলৈ বিচাৰে। এইটো প্ৰাকৃতিক। জন্মৰ পিছতে শিশুটি বেছি সক্ৰিয় হৈ থাকে।

৩৷ মোৰ গাখীৰ নোলাই

উত্তৰ- প্ৰত্যেক গৰাকী মাতৃয়ে এয়া প্ৰাকৃতিক ভাৱে লাভ কৰে। গৰ্ভাৱস্থাৰ পৰাই গাখীৰ খুৱাবৰ বাবে মাক গৰাকী সাজু হ'ব লাগে। গৰম পানীৰে ধুই নিতৌ স্তনৰ নিপুল অংশ পৰিস্কাৰ কৰিব লাগে যাতে ছিদ্ৰ খোল খাই আৰু স্পৰ্শৰ জৰিয়তে সংবেদনশীল হৈ উঠে। জন্মৰ পিছতে শিশুক নিপুলৰ লগতে কাষৰ ক'লা অংশ (এৰ’লা) লৈকে চুপিবলৈ দিব লাগে। ক'লা অংশ এক সংবেদনশীল অংশ। চুপিবলৈ ধৰাৰ লগে লগে হৰম’ন সক্ৰিয় হৈ উঠে আৰু গাখীৰ ওলায়। বহু ক্ষেত্ৰত কেৱল নিপুল চুপাৰ বাবে গাখীৰ নুলায়।

আকৌ বহু ক্ষেত্ৰত দেখা যায় যে স্তনপান কৰোৱাৰ পদ্ধতি নাজানে। আমাৰ সমাজত এটা প্ৰচলিত কথা আছে যে প্ৰথমকণ গাখীৰ পিয়াহৰ আৰু বাকীকণ গাখীৰে ভোক গুচায়। এইটো সঁচা কথা। সেই কাৰণে স্তনপান সদায় এফালে সম্পূৰ্ণকৈ শেষ কৰিহে অন্য ফালে খুৱাব লাগে।

৪৷ মোৰ গাখীৰ পনীয়া

উত্তৰ- হয়। প্ৰত্যেক মাতৃৰে প্ৰথম গাখীৰ পনীয়া থাকে যি শিশুৰ পিয়াহ গুচায়। পিছৰখিনি ডাঠ গাখীৰ যি শিশুৰ ভোক গুচোৱাৰ লগতে আৱশ্যকীয় পুষ্টি দিয়ে।

৫৷ স্তনপান কিয় জৰুৰী?

উত্তৰ- কল'ষ্ট্ৰাম শিশুৰ প্ৰথম প্ৰতিষেধক। স্তনপানৰ জৰিয়তেই শিশুৰ সৰ্বাংগীন পৰিপুষ্টি সাধন হয়। মাতৃৰ ৰক্তক্ষৰণ বন্ধ হয়। মাতৃৰ স্বাস্থ্য উন্নত হয়। ই জন্মনিৰোধনত সহায় কৰে। শিশু মাতৃৰ সম্পৰ্ক সুদৃঢ হয়।

৬৷ মোৰ গাখীৰে সন্তানৰ পেট নভৰে নেকি? ফৰ্মূলা মিল্ক লাগিব নেকি?

উত্তৰ- শিশুটিক পেট ভৰিবৰ বাবে মাকৰ গাখীৰেই যথেষ্ট। পেট নভৰাৰ ধাৰণাটো ভুল। ফৰ্মূলা মিল্ক শিশুৰ বাবে উপযোগী নহয়। এয়া যধে মধে প্ৰেচক্ৰাইব কৰাটো আইনৰ আওতাতো পৰে। জন্মৰ পৰা ছমাহলৈ কেৱল মাকৰ গাখীৰ খুৱাব লাগে। পানী এটুপিও খুৱাব নালাগে।

৭৷ শিশুক কেতিয়ালৈকে মাকৰ গাখীৰ খুৱাব লাগে?

উত্তৰ- জন্মৰ পৰা ২ বছৰলৈকে বাধ্যতামূলক ভাৱে স্তনপান কৰোৱাটো জৰুৰী। জন্মৰ পৰা ছমাহলৈকে কেৱল মাকৰ গাখীৰ আৰু ছমাহৰ পিছত মাকৰ গাখীৰৰ সৈতে পৰিপূৰক আহাৰ দিব লাগে।

জন্মৰ পৰা ছমাহলৈকে কেৱল মাকৰ গাখীৰ খুৱাব লাগে। কোনো কাৰণত অতিৰিক্ত আহাৰ দিব নালাগে সেয়া শিশুৰ বাবে ক্ষতিকাৰক। শিশুৰ বাবে উপযোগী আৱশ্যকীয় উপাদান মাকৰ গাখীৰত থাকে। অতিৰিক্ত আহাৰ কেৱল ছমাহৰ পিছতহে প্ৰয়োজন হয়। ছমাহ হোৱাৰ দিনাই অৰ্থাৎ ১৮১ দিনৰ পৰাই পৰিপূৰক আহাৰ দিব লাগে।

৮৷ কেঁচুৱাটোৰ বেমাৰ গাখীৰ খুৱাব পাৰিম নে?

উত্তৰ- পাৰিব। মাকৰ গাখীৰে শিশুক সোনকালে আৰোগ্য কৰি তোলে। বৰঞ্চ বেছিকৈ খুৱাব লাগে।


৯৷ স্তনপানৰ জৰিয়তে মাকৰ পৰা জ্বৰ আদি বিয়পে নেকি?

উত্তৰ- মাকৰ গাখীৰৰ পৰা শিশুটিলৈ কোনো বেমাৰ নিবিয়পে। সঘনাই খুৱাবহে লাগে।

১০৷ গাখীৰ খুৱাই থকা মহিলাই সিদ্ধ খাব লাগে নেকি?

উত্তৰ- এগৰাকী স্তনপান কৰাই থকা মহিলাৰ পৰিপুষ্টিত বিশেষ গুৰুত্ব দিব লাগে। আমাৰ সমাজত আটাইতকৈ বেছি অৱহেলা কৰে প্ৰসূতি মাতৃ গৰাকীক। গৰ্ভাৱতী মহিলা এগৰাকীতকৈ এগৰাকী প্ৰসূতি মাতৃক অধিক পুষ্টি আৰু যতনৰ প্ৰয়োজন। গৰ্ভৱতী মহিলাই খোৱাতকৈ অধিক ভালকৈ পুষ্টিকৰ আহাৰ বিশেষকৈ দিনটোত কমেও চাৰিটা খাদ্য গোটৰ উপাদান থাকিব লাগে। সিদ্ধ খাই থাকিলে সন্তানৰ বাবে ক্ষতিকাৰকহে। মাতৃৰ স্বাস্থ্য ভগ্ন হোৱাৰ লগতে স্তনপানত জটিলতা আহিব। ৰক্তহীনতা, পুষ্টিহীনতাৰ চিকাৰ হ'ব পাৰে।

পুষ্টিকৰ খাদ্যৰ লগতে মাতৃ গৰাকীক পৰিয়ালৰ মানসিক সঁহাৰিৰ প্ৰয়োজন। পৰিয়ালৰ ব্যক্তিয়ে বিশেষকৈ সন্তানৰ পিতৃজনে স্তনপানৰ ক্ষেত্ৰত মহিলা গৰাকীক সকাহ দি সহায় কৰিব লাগে ।

বিশ্ব স্তনপান সপ্তাহৰ আজি সামৰণি। আশা কৰোঁ কথাবোৰ চৰ্চা হওক। দুখৰ কথাটো হ’ল যে আমাৰ দেশৰ কিছুমান ব্যক্তিগত স্বাস্থ্য খণ্ডৰ চিকিৎসালয়ত স্তনপানৰ ওপৰত সজাগতা অলপ কম।

শেষত কওঁ যে আপোনাৰ এলেকাৰ গৰ্ভাৱতী বা শিশু মাতৃৰ স্বাস্থ্যৰ লগতে আনুসংগিক যিকোনো বিষয়ৰ ওপৰত জানিব খুজিলে আটাইতকৈ নিৰ্ভৰযোগ্য ব্যক্তি হৈছে অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মী গৰাকী। কাৰণ প্ৰতিমাহে তেওঁলোকক ইয়াৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। তেঁওলোকৰ প্ৰধান দায়িত্বই হৈছে শিশু আৰু প্ৰসূতি মাতৃৰ যতন তথা আনুসংগিক দিশৰ ওপৰত দায়িত্ব পালন কৰা। গতিকে ইণ্টাৰনেট বা অন্য পৰামৰ্শতকৈ এওঁলোক বেছি নিৰ্ভৰযোগ্য আৰু পাৰদৰ্শী।

ধন্যবাদ।

(সংগ্ৰহ)
✍️শিৱানী

জীৱনত এটা সিদ্ধান্ত লৈ লওঁক। যিয়ে আপোনাক এৰি দিয়ে আপুনি তাক পাহৰি যাওঁক।  লাগিলে গোটেই জীৱন অকলেই থাকিব। কিন্তু জোৰ কৰ...
07/08/2025

জীৱনত এটা সিদ্ধান্ত লৈ লওঁক। যিয়ে আপোনাক এৰি দিয়ে আপুনি তাক পাহৰি যাওঁক। লাগিলে গোটেই জীৱন অকলেই থাকিব।

কিন্তু জোৰ কৰি কাৰো লগত সম্পৰ্ক স্থাপন নকৰিব।৫ টা অভ্যাস মানুহে এৰি দিব লাগে।

১.সকলোকে সুখত থোৱা।

২.আনৰ পৰা বেছি আশা কৰা।

৩.জীৱনতো অতীতত জীয়াই থকা।

৪.নিজকে আনতকৈ কম বুলি ভবা।

৫.বেছিকে চিন্তা কৰি থকা।

এটা কথা মনত ৰাখিব কাৰোবাৰ ওচৰত কান্দিলে বা তাৰ ভৰিত পৰিলে নাইটো সন্মান পাব আৰু নাইটো মৰম। সেই কাৰণে নিজৰ আত্মসন্মান বজায় ৰাখক কিবা যদি পাব লগা আছে আপুনি ইনেও পাব।

জীৱনত আগবাঢ়ি যাব বিচাৰে যদি কাণে নুশুনা দৰে হৈ পৰক। কাৰণ কিছুমান মানুহৰ কথায়ে আপোনাৰ মনোবলহে ভাঙিব। কেতিয়াও হাৰ নমনা অভ্যাসে এদিন গৈ আপোনাক জিকিবলৈ মনোবল দিয়ে।

সৰু সৰু ভুলৰ পৰা বাচিবলৈ চেষ্টা কৰক। কাৰণ মানুহে পাহাৰত নহয় পাথৰতহে খুন্দা খাই।নিজৰ ভুলটো মানি নোলোৱালৈকে আপুনি কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। জীৱনৰ কঠিন দৌৰ তেতিয়া আৰম্ভ হয় যেতিয়া আপুনি নিজকে বিচাৰিবলৈ লয়।

অহংকাৰী মানুহে নাইটো নিজৰ দোষ দেখে নাইটো আনৰ ভাল দেখে। কেতিয়াও কাকো নিজৰ অভ্যাস হিচাপে গঢ় নিদিব।যেতিয়া সেই মানুহজন সলনি হয় তেতিয়া সেই ব্যক্তিজনতকৈ বেছি নিজৰ ওপৰত খং উঠে।

আজিকালি কিছুমান মানুহ বিক্ৰী হয় যদি আপোনাৰ তাত পইচা আছে। এই পৃথিৱীত কোনো কাৰো নহয়। যিমান চেষ্টা কৰি সম্পৰ্ক ভাল কৰিবলৈ চালেও কোনো কাৰো নহয়।যি আনন্দ সলনি হোৱাত। সেই আনন্দ শত্ৰুতা কৰাত নহয়।

হাজাৰ মিছা সম্পৰ্কতকৈ ভাল আপুনি অকলশৰীয়াকৈ থকাতোঁ।মনত ৰাখিব অপমানৰ প্ৰতিশোধ কাজিয়া লাগি নহয়। সন্মুখৰ জনতকৈ বেছি সফল হৈ লোৱা হয়। জীৱনত সফল হ'ব বিচাৰে যদি এই ৫টা কথা পাহৰি যাওঁক।

১. মই নোৱাৰিম।

২.মানুহে কি ক'ব।

৩.মোৰ মন নাই।

৪.মোৰ কপাল বেয়া।

৫. মোৰ ওচৰত সময় নাই।

আপোনাৰ সফলতা লাগিলে সৰুৱে হওঁক । কিন্তু নিজৰ বলত হ'ব লাগে। মানুহৰ আচল সুন্দৰতা তেওঁৰ চৰিত্ৰ আৰু কথাত থাকে। কেতিয়াবা কেতিয়াবা আত্মসন্মান কাৰণে কিছুমান সম্পৰ্ক ভাঙি আগবাঢ়ি যোৱাৰো প্ৰয়োজন হয়।

যিয়ে আপোনাৰ সংঘৰ্ষ দেখিছে,সি আপোনাৰ সংঘৰ্ষৰ মূল্য ও বুজি পাব। আনৰ কাৰণেটো আপোনাৰ কপালহে ভাল।এটা প্ৰতিশ্ৰুতি নিজকে দিয়ক যে যি কামে আপোনালোকৰ মা-দেউতাক কন্দোৱাই সেই কাম আপোনালোকে কেতিয়াও নকৰে। যিয়ে ভগৱান আছে নে নাই সন্দেহ কৰে সি নিজৰ মাক-দেউতাকক চালেই হ'ল।

ধাৰ আৰু প্ৰেম বা মৰম তেওঁকহে দিয়ক ,যিয়ে আপোনাক ঘূৰাই দিব পাৰে।প্ৰেম অকল নিজৰ কাম আৰু ভগৱানক কৰক । কাৰণ এই দুয়োটায়ে কেতিয়াও বিশ্বাসঘাটকতা নকৰে।

সময়ক বুজাটো বুদ্ধিমত্তা আৰু সময়ত বুজাটো কৰ্তব্য বা দায়িত্ব। মিছা কথাত বিশ্বাস কৰা সহজ সৰল মানুহ সদায় বৰবাদ হৈ যায়। সদায় নিজক বেছি মহত্ব দিব।

কাৰণ আনক দিলে আত্মসন্মান হেৰুৱায় পেলাব। পৰিস্থিতিয়ে মানুহক এনেকুৱা কৰি তোলে,যিটো তেওঁ আগতেই নাছিলেই

#সংগ্ৰহিত

❌🔹 আপুনি কেতিয়াওঁ সকলোৰে প্ৰিয় হ'ব নোৱাৰে, সকলোৰে পচন্দৰ হ'ব নোৱাৰে,কাৰণ সকলোৰে Choice বোৰ বেলেগ বেলেগ।🔹 মনত ৰাখিব —সবাত...
06/08/2025

❌🔹 আপুনি কেতিয়াওঁ সকলোৰে প্ৰিয় হ'ব নোৱাৰে, সকলোৰে পচন্দৰ হ'ব নোৱাৰে,
কাৰণ সকলোৰে Choice বোৰ বেলেগ বেলেগ।

🔹 মনত ৰাখিব —
সবাতোকৈ সোৱাদ লগা ৰেচিপি, খোৱাদ লগা খাদ্যওঁ‌ সকলোৰে প্ৰিয় নহয়।

🔹 আপুনি যদি অমৃতো সকলোকে খোৱাই দিয়ে,
তেতিয়াও কাৰোবাৰ বাবে তাত- মিঠা বেছি বা কম হ'ব।
🥄

🔹 মনত ৰাখিব আপুনি মানুহহে —
আৰে' মানুহে টো ভগৱানকো দোষ ধৰে, ভুল ধৰে।
🧎‍♂️

🔹 মানুহে ভগৱানকো কেতিয়াবা গালি দিয়ে,
তেন্তে!আপুনি সাধাৰণ মানুহ হৈ সকলোকে কেনেকৈ সন্তুষ্ট কৰিব?
🫣

🔹 কোনোবাই আপোনাৰ চেহেৰা বেয়া পাব,
কোনোবাই আপোনাৰ বিচাৰ-বিবেচনা বেয়া পাব,
কোনোবাই আপোনাৰ মাত-কথা বা চকুৰ চাৱনী, চাল-চলন বেয়া পাব।
👁️

🔹 আপুনি সকলোকে সম পৰিমাণে কেতিয়াওঁ সুখী কৰিব নোৱাৰে।
⚖️

🔸 এতিয়া আপুনি কি কৰিব???
নিজৰ জীৱনটোক সুখী কৰিবলৈ চেষ্টা কৰিব
নে সকলোৰে পচন্দৰ হ'বলৈ জীয়াব?

🔹 যদি আপুনি সকলোৰে অভিযোগ নাইকিয়া কৰিবলৈ চেষ্টা কৰে,
এসময়ত আপুনি নিজেই শেষ হৈ যাব,
আপোনাৰ অস্তিত্বই নাইকিয়া হৈ যাব।

🔹 গতিকে —
নিজৰ ফালে চাওঁক,
আনৰ ক্ষতি নোহোৱাকৈ নিজৰ মতে জীয়াওঁ‌ক।

🔹 অ-কাৰণতে আপোনাক বেয়া পোৱা মানুহ বহুত থাকিব,
অ-কাৰণতে অভিযোগ বহুতেই তুলিব।

🔹 সেইবোৰত গুৰুত্ব নিদিব।
💪

👉 নিজক ভাল পাব শিকক।
👉 নিজৰ জীৱনক মান দিয়ক।
👉 আত্মবিশ্বাসেৰে আগবাঢ়ক।
🚶‍♀️

সংগ্ৰহিত

আপোনাৰ সন্তানে সদায় তৰ্ক কৰে নেকি? তেওঁৰ আচৰণ সলনি কৰাত সহায়ক হোৱাকৈ ৫টা টিপছ -শিশুৱে প্ৰায়ে প্ৰাপ্তবয়স্কৰ লগত মুখাম...
06/08/2025

আপোনাৰ সন্তানে সদায় তৰ্ক কৰে নেকি? তেওঁৰ আচৰণ সলনি কৰাত সহায়ক হোৱাকৈ ৫টা টিপছ -

শিশুৱে প্ৰায়ে প্ৰাপ্তবয়স্কৰ লগত মুখামুখিকৈ তৰ্ক কৰে। তেওঁলোকে কঠোৰ শব্দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, যাৰ ফলত ভৱিষ্যতে তেওঁলোকৰ ক্ষতি হ’ব পাৰে। অবাধ্য শিশুকো সঠিক দিশত পথ প্ৰদৰ্শন কৰা সম্ভৱ।

পিতৃ-মাতৃৰ সকলো চেষ্টাৰ পিছতো বহু সময়ত সন্তানে আশা কৰা ধৰণে আচৰণ নকৰে। ৰুক্ষ আচৰণৰ পৰা আৰম্ভ কৰি তেওঁলোকে প্ৰাপ্তবয়স্কৰ সন্মুখত প্ৰতিশোধ লয়। শিশুসকলে নিজৰ চিন্তা প্ৰকাশ কৰাৰ অধিকাৰ আছে। কিন্তু পিতৃ-মাতৃৰ সন্মুখত অনবৰতে কথা কোৱাৰ প্ৰৱণতা ইতিবাচক নহয়। কাৰণ সঠিক সময়ত শিশুটিক নিয়ন্ত্ৰিত নহ’লে তেওঁৰ এই স্বভাৱটোৱে ভৱিষ্যতে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে শিশুটিৰ মংগলৰ বাবে কেইটামান পদক্ষেপ ল’ব পাৰি।

১) শীতল মূৰ : শিশুৱে মৌখিকভাৱে তৰ্ক কৰিলে পিতৃ-মাতৃৰ মনত ক্ষোভৰ সৃষ্টি কৰে। এই পৰিস্থিতিত বহু লোকে নিজৰ সন্তানক বকাবকি কৰে। কেতিয়াবা হাত উঠায়, কিন্তু তাৰ ফলস্বৰূপে শিশুটি অধিক বিদ্ৰোহী হ’ব পাৰে। শান্তভাৱে তেওঁক বুজাই দিলে সমস্যাটো সমাধান হ’ব পাৰে।

২) নিয়মৰ বৃত্ত: পিতৃ-মাতৃয়ে শিশুটিক বুজাব লাগে কি কৰিব লাগে আৰু কি কৰিব নালাগে। গতিকে বয়োজ্যেষ্ঠসকলৰ সন্মুখত কথা কোৱাৰ নেতিবাচক দিশবোৰ তেওঁৰ সন্মুখত স্পষ্টকৈ উজ্জ্বল কৰি তুলিব লাগে। তেওঁক বয়োজ্যেষ্ঠসকলক সন্মান কৰা, নিম্ন মাতেৰে কথা কোৱা আদি বিভিন্ন নিয়ম শিকাব লাগে। পৰিয়ালৰ সদস্যৰ সন্মুখত ল’ৰা-ছোৱালীক নিয়মবোৰ বুজাব লাগে। তেতিয়া তেওঁলোকে বিষয়টোক গুৰুত্ব দিব।

৩) শিশুৰ প্ৰতি গুৰুত্বঃ ঘৰত থকা শিশুৱে প্ৰাপ্তবয়স্কৰ লগত কাজিয়াত লিপ্ত হয়। কাৰণ বহু সময়ত তেওঁলোকৰ কথাক গুৰুত্ব দিয়া নহয়। ইচ্ছা প্ৰকাশ কৰিবলৈ জোৰ দিয়ে। বহু সময়ত শিশুৱে বিৰক্তিৰ বাবে ডাঙৰকৈ কথা ক’ব পাৰে। গতিকে প্ৰথমে তেওঁলোকৰ কথা স্পষ্টকৈ আৰু গুৰুত্বসহকাৰে শুনা উচিত। ল’ৰা-ছোৱালীৰ মন বুজিলে তেওঁলোকো আশ্বস্ত হ’ব। শান্ত হৈ থাকিব।

৪) কৃতজ্ঞতা: যদি শিশুৱে প্ৰাপ্তবয়স্কৰ কথা শুনি থাকে, তেন্তে তেওঁক ধন্যবাদ দিয়া উচিত। সেই কথা শুনিলে তেওঁক উপহাৰ দিব পাৰি। ইয়াৰ জৰিয়তে শিশুসকলে ভৱিষ্যতে বিষয়টোক অধিক গুৰুত্ব দিব।

৫) অনুশাসনঃ শিশুটিক এবাৰ বুজাই ফলাফল পোৱা সম্ভৱ নহ’বও পাৰে। গতিকে শিশুটিৰ আচৰণৰ বিষয়ে অনবৰতে বুজাব লাগে। এই কথা মনত ৰখা উচিত যে তেওঁ প্ৰাপ্তবয়স্কৰ লগত ব্যক্তিগতভাৱে তৰ্ক কৰিব নালাগে। যদি তাৰ পিছতো সমস্যাটো সমাধান নহয়, তেন্তে শিশুটিৰ বাবে মনোবিজ্ঞানীৰ পৰামৰ্শ ল’ব পাৰি।

সংগ্ৰহ

05/08/2025

Good morning 🌅

♥️
28/07/2025

♥️

বেলিৰ কোমল ৰ’দালি, এটা নতুন দিনৰ আৰম্ভণি     ゚viralfbreelsfypシ゚viral  ゚viralシfypシ゚viralシalシ
27/07/2025

বেলিৰ কোমল ৰ’দালি, এটা নতুন দিনৰ আৰম্ভণি
゚viralfbreelsfypシ゚viral ゚viralシfypシ゚viralシalシ

💔 বোৱাৰী হোৱাৰ বাবেই তাই কথাই কথাই উত্তৰ দিব নোৱাৰে, যদি উত্তৰ দিয়ে তাই বেয়া(দেউতাকৰ আলাসৰ একাংশ জীয়ৰী (বেটী)ৰ  এক অধ্যা...
26/07/2025

💔 বোৱাৰী হোৱাৰ বাবেই তাই কথাই কথাই উত্তৰ দিব নোৱাৰে, যদি উত্তৰ দিয়ে তাই বেয়া(দেউতাকৰ আলাসৰ একাংশ জীয়ৰী (বেটী)ৰ এক অধ্যায়💔)

"বিয়াৰ পিছত হাঁহি হাঁহিও কিয় ছোৱালীবোৰ ভিতৰৰ পৰা ভাঙি যায়?"

🔹 ১/ পৰিচয় হেৰাই যায়... 🪞

👩 🎓 এসময়ত সেই ছোৱালীজনী চিনাকি হৈছিল - নামেৰে, দক্ষতাৰে, কথাৰে -
বিয়াৰ পিছত তাই মাত্ৰ কাৰোবাৰ বোৱাৰী, কাৰোবাৰ পত্নী, কাৰোবাৰ মাক হৈ পৰে, নিজৰ সপোনবোৰ সংসাৰৰ নামত ত্যাগ কৰে, তথাপিওঁ‌ যেন তাই সুখী🙏

🪷 তাই ক'ত হেৰাই গৈছে - কোনেও প্ৰশ্ন নকৰে।

🔹 ২.প্ৰতিটো দিন তাইৰ বাবে হৈ পৰে এক অধ্যায় 🔥

🧹 সকলোৰে যত্ন লয়, কিন্তু নিজকে পিছুৱাই ৰাখে।

🍛 ভালকৈ ৰন্ধা নাছিল নেকি? তাইৰ দোষ।

📦 কোনোবাই কিবা কওঁ‌তে, উত্তৰ দিলে নেকি? যদি উত্তৰ দিছে তেন্তে তাই বেয়া বোৱাৰী !"

👉 এই বোজাৰ ভৰত তাইৰ প্ৰতিদিনে অলপ অলপকৈ মৰি আছে
---

🔹 ৩/ শহুৰেকৰ ঘৰতো একাংশ বোৱাৰীৰ নিজৰ বাবে ঠাই নাই, কেৱল আশাহে আছে কিজানিবা এদিন সকলো ঠিক হয়!🚪

👣 যি ঘৰক "আমাৰ" বুলি কবলৈ মা-দেউতাই শিকাইছিল...

সেই ঘৰ খনত প্ৰতিটো খোজতে অনুভৱ হয় - "তাই বেলগৰ ছোৱালী", "তাই মাকৰ ঘৰত একো শিকি নাহিলে",

🔹 ৪/ হৃদয়ৰ কথা? 🤐

👂তাই যদি স্বামীক কয়, স্বামিয়ে কয় - বোৱাৰী,বোৱাৰীৰ দৰে থকা এইখন ঘৰত উস্তাদি কমায় দেখুৱাবা।তাইৰ দুখৰ কথাবোৰ, স্বামীয়ে আওঁ‌কাণ কৰে। বেছিকৈ ক'লে গালি পাৰে। ভুল যেন তাইৰে!
📞তাই যদি মাক-দেউতাকক ফোন কৰি কয়, উত্তৰত এইটোৱে কব - "সেইখন এতিয়া তোমাৰ ঘৰ, তাতেই থাকা"।
আচলতে বোৱাৰী/ছোৱালী জনীৰ আচল ঘৰ কোনখন?
💭এটা সময় এনেকুৱা আহে লাহে লাহে তাই নিজৰ লগতো কথা পতা বন্ধ কৰি দিয়ে। প্ৰশ্ন বোৰ নাইকিয়া হয় আৰু নাইকিয়া হৈ যায় আশা-সপোন সকলো।

🔹 ৫/ সপোন আছে... কিন্তু "ত্যাগৰ" দাবী 🕊️

🎨 যিয়েই এসময়ত ছবি আঁকিছিল, গান গাইছিল,নৃত্য কৰিছিল, ভালকৈ পঢ়া শুনা কৰিছিল.
🎓 যিয়ে এসময়ত নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ সপোন দেখিছিল...

বিয়াৰ পিছত সেই সকলোবোৰ কেৱল " ঘৰখন চোৱাচিতা কৰিব লাগিব" লৈ পৰিণত হয়

🔹 ৬/ তুলনা, ঠাট্টা, আৰু অৱজ্ঞা 😣

🗣️ "ৰাতিপুৱা ৪ বজাত তাই সাৰ পায়...সকলো কাম কৰে"

🗣️তাৰ পিছতো তাই শুনে "বোৱাৰীৰে কোনো এটা কাম ভালকৈ নকৰে, মাক বাপেকে ঘৰত একো নিশিকালে..."

🧠 এনেবোৰ কথাই প্ৰতিদিনে তাইৰ আত্মসন্মানক থেতেলিয়াই পেলায়।

🔹 ৭) স্বাধীনতা নাই, কেৱল প্ৰশ্ন ⛓️

📱কাৰ লগত কথা পাতি আছিলা?

👗তুমি কিয় এনে কাপোৰ পিন্ধিছা?

👁️টকা কিয় লাগে, টাইম মতে খাবলৈ-পিন্ধিবলৈ চোন পাইছাই?

🏡 যোৱাবাৰ কেতিয়া মাৰ ঘৰলৈ গৈছিলা?
আকৌ কিয় যাব লাগে? ইত্যাদি বহুত প্ৰশ্ন

👉 লাহে লাহে তাইৰ এনেকুৱা অনুভৱ হয়— এতিয়া তাই আন কাৰোবাৰ বন্দী, যেন তাই জেইলত আছে, য'ত মৰম-চেনেহ, সন্মান, গুৰুত্ব একো নাই।

🔹 ৮. বোৱাৰী "মেচিন" নহয়😔

🤰 " গৰ্ভৱতীৰ সময়ত বহুত কথা যেনে- আমাৰ দিনত আমি ইমান নাটক কৰা নাছিলো, তাইৰ হে ইমান নাটক। সন্তান হে জন্ম দিব ওলাইছে সৰু কথা ইত্যাদি?"

👶 "এইবাৰ চোন ছোৱালী হে হ'ল ? অহাবাৰ আমাক ল'ৰা এটা লাগে!" ইত্যাদি

😷 লাহে লাহে তাইৰ বিষ, ভয়, ডাক্তৰ, হস্পিটেল, ঔষধৰ লগত চিনাকী বাঢ়ে — তথাপিওঁ‌ কোনেও বুজি নাপায় তাইৰ দুখৰ অনুভৱ।

---

🔹 ৯.প্ৰেমৰ সলনি কেৱল আদেশহে দিয়া হয় 💬

💍 বিৱাহৰ প্ৰতিশ্ৰুতি আছিল — একেলগে থাকিবলৈ...

🧊 কিন্তু বাস্তৱত তাই পাইছিল — কামৰ আদেশ, আৰু ভুলৰ বাবে ঠাট্টা লগতে গালি।

💔 তাইৰ মনত প্ৰশ্ন হয় — "মোক কেৱল কাম কৰিবলৈহে ইয়ালৈ অনা হৈছে নেকি?"

🔹 ১০) মৌনতাই হৈ পৰে তাইৰ একমাত্ৰ সংগী 🌑

🕯️ কোনেও নুশুনিলে তাই মনে মনে কান্দে।

🧘 ♀️ কোনেও বুজি নাপালে তাই অসহায় হৈ পৰে।

🧱 বাহিৰৰ পৰা সকলোৱে ভাৱে — "সকলো ঠিকেই চলি আছে"।

কিন্তু ভিতৰত এখন দেৱাল সৰি পৰিছে তাইৰ মূৰত
😞 "অজিকালি তাই কাৰোবাৰ বোৱাৰী, মাক, পত্নী... কিন্তু তাই যেন আজিকালি দেউতাৰ সেই "ৰাণী" জনী হৈ থাকা নাই, আজিওঁ‌ তাই দেউতাৰ ঘৰলৈ গলে আগৰ দৰেই মৰম কৰে যেন তাই আজিওঁ‌ কণমানি "বেটী"। মায়ে শিকাই ডাঙৰক সন্মান কৰিবি, ঘৰ খন ধৰি ৰাখিবি। কিন্তু ঘৰ খন সামৰি ৰাখিবলৈ গৈয়ে যে তাই নিজকে সামৰিব নোৱাৰা হৈ পৰিছে সেইটো কোনেওঁ‌ গম নাপায়।
কষ্ট বোৰ দেউতাক নকওঁ‌, নহ'লে দেউতাই কষ্ট পাব- তাই মনতে ভাৱে।

> 🤍 বিয়াৰ পিছত প্ৰতিগৰাকী ছোৱালীয়ে নতুন জীৱনত ভৰি দিয়ে,
কিন্তু বহু সময়ত একাংশ ছোৱালীৰ জীৱনত ‘সুখ’ৰ কোনো স্থান নাথাকে।

যদি আপুনি এগৰাকী ছোৱালী, আৰু কেতিয়াবা এই সকলোবোৰ অনুভৱ কৰিছে —
তেন্তে আপোনাৰ যন্ত্ৰণা বাস্তৱ।
🙏 আৰু যদি আপুনি এজন পুৰুষ হয় জানি লওঁ‌ক এগৰাকী নাৰীৰ জীৱনটো ভাল কৰি তুলিব পাৰি... তাইৰ কথা শুনি, তাইৰ কথা বুজি, আৰু তাইৰ লগত থাকি।
---
যদি আপুনি বিচাৰে অহাবাৰ আকৌ লিখিম:

➡️ 💡 "ছোৱালী এজনীয়ে বিয়াৰ পিছত আকৌ কেনেকৈ হাঁহিব পাৰে?"

➡️ 🧘 ♀️ "আকৌ নিজকে চিনি পোৱাৰ উপায়"।

➡️ 💬 "পুৰুষৰ বাবে - পত্নীক প্ৰকৃত সমৰ্থন কেনেকৈ দিব?"

ইয়াৰ পিছত কোনটো বিচাৰে কওকচোন?কমেন্টত জনাব🙏

সংগ্ৰহ
#শ্বেয়াৰ ゚viralfbreelsfypシ゚viral #

📌২০ টা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ 🌸১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী...
26/07/2025

📌২০ টা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ 🌸

১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব।

২) মাইগ্ৰেইন ৰ মুৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰিত্ৰাণ পাব।

৩) পেটৰ খুব জ্বলা পোৰা হলে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোবাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা পোৰা আঁতৰি যাব।

৪) দৈনিক পাঁচ কাপ ৰঙা চাহ খালে পেটৰ চৰ্বী কমি নাইকিয়া হৈ যাব।

৫) দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিট হাঁহি ২ ঘণ্টা টোপনিত কৈ ও উত্তম।

৬) হাসি চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমাই জোৰ দিয়ক হাচি কমিব।

৭) দিনত অকণমান বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।

৮) বিচনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে।

৯) নিয়মিত যদি ভাল লগা গান বা সুৰিয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।

১০) ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা ( spirit) অনুভৱ কৰিব।

১১) মুখৰ ছালখন এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।

১২) বিষণাসক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা / কণিষ্ঠ আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।

১৩) পেটৰ চৰ্বি কমাবলৈ যদি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওঁক । ই আপোনাৰ কাম দুগুণ সহজ কৰিব।

১৪) যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।

১৫) দেহ শুদ্ধি কৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তীয়হ , এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰিব। এয়া উত্তম সুধিকাৰক।


১৬) মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।


১৭) দৈনিক এগিলাচ ডালিমৰ জূছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰিত্ৰাণ পাব।

১৮) যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিত খাওক ।

১৯) বতৰৰ তৰমুজ খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুত শক্তি পোৱা যায়।

২০) ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাচনতন্ত্ৰ মজবুত কৰি ৰাখিব।

এই বাৰ্তা আপোনাৰ প্ৰিয়জনলৈ #শ্বেয়াৰ কৰক ❤️

সংগ্ৰহ

Good morningHave a great, positive, beautiful day!
25/07/2025

Good morning
Have a great, positive, beautiful day!

22/07/2025

Address

Nagaon

Telephone

+916000070025

Website

Alerts

Be the first to know and let us send you an email when Krishani's Mom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Krishani's Mom:

Share