News 100

News 100 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News 100, Media/News Company, Nagaon.

30/04/2026

কচুৱাৰ পমিলা জাৰনী গাঁৱৰ নিৱাসী আইনুল হকৰ পুত্ৰ খুছবু আলমৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাৰ ৫ টা বিষয়ত লেটাৰ সহ ৯১% শতাংশৰে মুঠ ৪৫১ নম্বৰ লাভ কৰি উজলিল মেধাৱী ছাত্ৰ খুছবু আলম।

অতি পিচপৰা অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ জনৰ সফলতাত পৰিয়াল বৰ্গই সন্তোষ অনুভৱ কৰিছে।

28/04/2026

কচুৱাৰ হাতিখুটিত পদ পথৰ গইনা লৈ দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা। দুয়ো পক্ষৰ পৃথকে পৃথকে থানাত গোচৰ।

28/04/2026

ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ কচুৱা জুনিয়ৰ কলেজত 99% ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চললৈ।বিদ্যালয় খনৰ দুগৰাকীয়ে 91% লাভ কৰাৰ বিপৰীতে 7 গৰাকীয়ে ডিচটিছন,30 গৰাকী ষ্টাৰ, প্ৰথম বিভাগত 117, দ্বিতীয় বিভাগত 113 আৰু তৃতীয় বিভাগত 13 গৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ লগতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে।

27/04/2026

নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন অঞ্চলৰ পৰা বহিৰাজ্যলৈ কৰ্মসূত্ৰে যাব বিচৰা সকলে আগতীয়াকৈ টিকট সংগ্ৰহ আৰু সবিশেষ জানিবৰ বাবে 9653316735 অথবা 8399927124 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে G K Brozz কৰ্তৃপক্ষই।

16/04/2026

নগাঁও জিলাৰ কচুৱাৰ ৰাঙলুবস্হিত নতুনকৈ সংযোজন কৰিছে ইছলামীক শিক্ষাৰ সমান্তৰালকৈ আধুনিক শিক্ষাৰ এখন শিক্ষানুষ্ঠান।জামিয়া নাহদাতিল উম্মাহ আল ইছলামীয়া ইকৰা একাডেমী নামেৰে এক মাংগলিক কাৰ্যসূচীৰে শুভ উদ্বোধন কৰা হয়।

12/04/2026

নিশা কচুৱা থানাৰ অন্তৰ্গত কামপুৰ-বৈঠালাংচু পথৰ সোনাৰুগুৰীত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়।

11/04/2026

আপুনি আপোনাৰ সন্তানক গুণগত শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে নেকি তেন্তে এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে।

কচুৱাৰ মাধৱপাৰাৰ এখন ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান মাধৱপাৰা জাতীয় বিদ্যালয়ে নতুনকৈ সংযোজন কৰিলে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম।

আজি আনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ লাই খুটা স্থাপন কৰি ক্ষীপ্ৰতাৰে কাম সম্পূৰ্ণ কৰাৰ বাবে পণ লৈছে বিদ্যালয় কৰ্তৃপক্ষই।

যদি আপোনাৰ সন্তানক গুণগত শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে তেন্তে 6003939322অথবা 9435956132 নম্বৰত আজিয়েই যোগাযোগ কৰক।

08/04/2026

কচুৱাৰ মাধৱপাৰাৰ এখন ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান হাজী আব্দুল ফাত্তাহ একাডেমীত নতুনকৈ সংযোজন কৰিছে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম। নামভৰ্তি কৰাৰ বাবে 7002911313 অথবা 9401502792 নম্বৰত যোগাযোগ কৰিব পাৰে।

01/04/2026

ৰহা সমষ্টিৰ কচুৱাৰ বিভিন্ন প্ৰান্তত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মুকুট দাসৰ নিৰ্বাচনী প্ৰচাৰ।কচুৱাৰ তিনিআলি বজাৰত এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী মুকুট দাসে।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when News 100 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share