Monikut

Monikut অসমৰ কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ডুবিয়া আঞ্চলিকৰ প্ৰাক্তন সম্পাদক, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন মূলৰ সদস্য তথা ডুবিয়া আলিকোষ ...
15/06/2022

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ডুবিয়া আঞ্চলিকৰ প্ৰাক্তন সম্পাদক, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন মূলৰ সদস্য তথা ডুবিয়া আলিকোষ প্ৰাথমিকৰ প্ৰতিষ্ঠা কালৰে পৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰতিজন বাপ-আইৰ অতি শ্ৰদ্ধাৰ, সন্মানীয়, বিচক্ষণ আৰু তাত্বিক ব্যাখ্যাকাৰক, নামাচায্য তথা কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সোমেশ্বৰ গগৈ বাপ জনা বৈকুণ্ঠ প্ৰয়াণত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো। বাপজনাৰ শূণ্যতা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাপ সমস্তৰ লগতে অঞ্চলৰ ৰাইজে বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছে।

বাপজনাৰ আত্মাই বৈকুণ্ঠত ঠাই পাওক, মণিকূটৰ তৰফৰ পৰা প্ৰাৰ্থনা জনাঁলো।।
🙏 জয় গুৰু শঙ্কৰ 🙏

17/05/2022

গুৰু শঙ্কৰ - গুৰু মাধৱ

16/03/2022

নগাঁও জিলাৰ ৰহা নিকটৱৰ্তী মঠৰবড়ি গাঁৱৰ সাৰ্বজনীন মঠৰ থানত আয়োজিত ছয়দিনীয়া দৌল মহোৎসৱত হেঙুল হাইতাল নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিব অভিজিৎ ভট্টাচাৰ্যৰ সামাজিক নাট "ৰাধা এবাৰ হাঁহি দে"।

07/02/2022

ৰাজ্য চৰকাৰৰ নতুন S.O.P. :-

১৫ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই S.O.P.

এই S.O.P অনুসৰি নাথাকিব কোনোধৰণৰ নৈশ কাৰ্ফিউ।

খোলা হ'ব সকলো শিক্ষানুষ্ঠান।

১০০% দৰ্শক উপস্থিত থাকিব পাৰিব চিনেমা হলত।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে দুপালি ভেকচিন লোৱাটো বাধ্যতামূলক।

১৫ মাৰ্চৰ পূৰ্বে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীয়ে ভেকচিন ল'ব লাগিব।

নগাঁৱৰ পৰা সঞ্জীৱ সাগৰ চৌধুৰী :      নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাটৰ ক্ষেত্ৰীগাঁৱৰ ৰাজদ্বীপ শৰ্মা নামৰ ...
01/02/2022

নগাঁৱৰ পৰা সঞ্জীৱ সাগৰ চৌধুৰী :

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাটৰ ক্ষেত্ৰীগাঁৱৰ ৰাজদ্বীপ শৰ্মা নামৰ এজন ছাত্ৰ তিনিদিন ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈছে ৷ যোৱা ৩০ জানুৱাৰীৰ দুপৰীয়া বেবেজীয়া চাৰিআলিলৈ কিবা কামত যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে অমায়িক প্ৰকৃতিৰ ছাত্ৰজন ৷
কোনো সদাশয় ব্যক্তিয়ে যদি ছাত্ৰজনৰ কিবা সম্ভেদ পায় তেন্তে আৰক্ষী নাইবা পৰিয়ালৰ ৯৩৬৫০-৩৮৮৫৪ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে!

( এই প'ষ্টটো যিমান পাৰি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ)

16/11/2021

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

কিয় পালন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস?

-> ১৯৬৬ চনৰ ১৬ নৱেম্বৰ তাৰিখতেই আৰম্ভ হৈছিল সংবাদৰ মানদণ্ডৰ ওপৰত চকু দিয়াৰ এটি সংস্থা "ভাৰতীয় সংবাদ পৰিষদ (Press Council Of India), চমুকৈ PCI.

এই ১৬ নৱেম্বৰ তাৰিখটোৰ সন্মানাৰ্থে সৰ্ব ভাৰতবৰ্ষজুৰি পালন হৈ আহিছে "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" হিচাপে।

সমূহ সংবাদকৰ্মীক এইক্ষণত অভিনন্দন জনাইছোঁ। লগতে শ্ৰদ্ধাৰে সুঁৱৰিছো অসমৰ তীক্ষ্ণ কলম প্ৰয়াত পৰাগ দাস দেৱক।

কল্যাণ মেধি,
সঞ্চালক, মণিকূট।

15/10/2021

মহাপুৰুষ শংকৰদেৱে যি ধৰ্মীয় অভ্যুত্থানৰ সূচনা কৰিলে সেই অভ্যুত্থানত তেওঁ নিজে এজন কবি, গীতিকাৰ, নাট্যকাৰ, চিত্ৰকৰ, ভাস্কৰ, স্থপিত,
আৱিষ্কাৰক, অভিযন্তা, বিজ্ঞানী, বাস্তুশাস্ত্ৰৰো প্ৰৱক্তা হৈ অসমৰ মৃতপ্ৰায় সমাজ-সংস্কৃতিক এটা নতুন জীৱন দান দিলে ৷
'চিহ্নযাত্ৰা 'কৰিবলৈ গৈ হেঙুল হাইতাল ৰঙেৰে বোলাই সাত বৈকুণ্ঠৰ চিত্ৰ আঁকোতা, মুখা প্ৰয়োগ কৰোতা, গুণমালা পুথি ভৰাই পঠোৱা ভুৰুকাত অঁকা চিত্ৰত ৰঙৰ বোল দিওঁতা শংকৰদেৱ প্ৰকৃতাৰ্থত এজন ৰঙৰ আৱিষ্কাৰক, বিজ্ঞানী, ৰসায়নবিদতকৈ কম আছিলনে?
নামঘৰ প্ৰতিষ্ঠা বেলিকা দিশ নিৰ্ণয়কে আদিকৰি খুটা চঁচা, কামি তৈয়াৰ কৰি নামঘৰ নিৰ্মাণ কৰালৈকে, টেম্বুৱনীৰ পানী বান্ধ মাৰি নিয়ন্ত্ৰণ কৰালৈকে যি অভিযান্ত্ৰিক আৰু কাৰিকৰী দক্ষতা, তাক আমি শিক্ষিত সমাজে কেৱল ঐশ্বৰিকত্বৰ পাঠ পঢ়ি এক বিশ্বজনীন দক্ষতাক ধৰ্মীয় সংকীৰ্ণতাৰ মেৰপাকত টানা আজোৰা কৰি থাকিলে হ'ব নে?
আমি তেখেতৰ কৃতিত্ব বিশ্লেষণ কৰিবলৈ গৈ তুলনা কৰো লিউনাৰ্দো দা ভিঞ্চিৰ লগত, মাৰ্তিন লুথাৰৰ লগত, মাইকেল এঞ্জেল'ৰ লগত৷ কিন্তু আমাৰ শংকৰদেৱ অতুলনীয়৷ এই বিশ্ব বিখ্যাত মনীষী সকলতকৈ সৰ্ব গুণে শ্ৰেষ্ঠ৷ আমাৰ মহাপুৰুষ জনাৰ কৃতিত্বক পুনৰীক্ষণ, বিশ্লষণ কৰিবলৈ হলে বেজবৰুৱা, জ্যোতিপ্ৰসাদ, বাণীকান্ত, বিষ্ণুপ্ৰসাদে আগবঢ়োৱা তাত্ত্বিক, শৈল্পীক, দাৰ্শনিক দিশবোৰৰ যথাৰ্থতা আৰু সাৰ্থকতাৰ সমূহীয়া উপলব্ধি আৰু বাস্তৱায়নৰ প্ৰয়োজন৷

▼ মহাপুৰুষ-মহামানৱ শ্ৰীমন্তশংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱত গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ...!

সেৱাৰে
গীতালি কেওট বৰা।

ৰহাৰ পৰা ৰাজেশ নন্দী (২৫/০৯/২০২১) :       আজি নগাঁও লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্রদ্যুৎ বৰদলৈ ডাঙৰীয়াই অকণিৰ কবিতা ঘৰৰ ...
25/09/2021

ৰহাৰ পৰা ৰাজেশ নন্দী (২৫/০৯/২০২১) :
আজি নগাঁও লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্রদ্যুৎ বৰদলৈ ডাঙৰীয়াই অকণিৰ কবিতা ঘৰৰ প্রধান পৰিচালক সকলোৰে শ্রদ্ধাৰ অৱনী কুমাৰ শইকীয়াক সৌজন্যমূলক সাক্ষাৎকাৰ কৰাৰ কিছু মুহূৰ্ত। অকণিৰ কাৰণে শইকীয়াদেৱে নিজৰ জীৱন উচৰ্গা কৰাৰ শলাগ লয় সাংসদ গৰাকীয়ে। আমি বিচাৰিম অকণিৰ প্ৰিয় শইকীয়াদেৱক যাতে সাংসদগৰাকীয়ে অনাগত দিনত সহায় কৰিবলৈ আগবাঢ়ি আহে।
মণিকূটৰ তৰফৰ পৰা শিশুপ্ৰেমী শইকীয়াদেৱৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

মণিকূট বিশেষ :         ভকত-বৈষ্ণৱৰে উদুলি মুদুলি পৰিৱেশ ৰহাত। ৰহা অংকুৰজ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰহাস্...
25/09/2021

মণিকূট বিশেষ :
ভকত-বৈষ্ণৱৰে উদুলি মুদুলি পৰিৱেশ ৰহাত। ৰহা অংকুৰজ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰহাস্থিত সাৰ্বজনীন শ্ৰীমন্ত শংকৰদেৱ নামঘৰত অসমৰ বিভিন্ন ঠাইৰ আমন্ত্ৰিত ভকত-বৈষ্ণৱসকলৰ দ্বাৰা ভাগৱত পাঠ আৰু ব্যাখ্যা।

ৰহাৰ পৰা জয়ন্ত দাস, সহ: সম্পাদক, মণিকূট।

Address

Nowgong

Telephone

+918638874829

Website

Alerts

Be the first to know and let us send you an email when Monikut posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share