25/08/2025
মুখ্যমন্ত্ৰী ডাঙৰীয়া,
অসমত মুছলিমৰ জনসংখ্যা ৪০% হলগৈ।তাকে লৈ ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই।ভাৰত বৰ্ষ এখন ধৰ্ম নিৰেপেক্ষ দেশ,ইয়াত মুছলিমৰ জনসংখ্যা বৃদ্ধি হৈছে,হিন্দু বিপদত পৰিছে এইবিলাক চিন্তা আৰু মন্তব্যৰ পৰা আপুনি আঁতৰি থাকি অসমত আৰু বহু সমস্যা আছে সেই বিলাকত বেছিকৈ গুৰুত্ব দি সমাধান কৰক তেতিয়া আপুনি আৰু দুই তিনিবাৰ মুখ্যমন্ত্ৰী হব পাৰিব।
● আপুনি কোৱাৰ দৰে বৰপেটাত বেছি সংখ্যক মুছলিম আছে।যদি বৰপেটাত মুছলিম জনসংখ্যা বৃদ্ধি হৈছে তেনেহলে সেই মুছলিম লোক সকলেইতো নিশ্চয় আপোনালোকৰ মিত্ৰদলৰ প্ৰাৰ্থী গৰাকীক ভোট দিয়াৰ বাবেহে প্ৰাৰ্থী গৰাকীয়ে জয়লাভ কৰিছে।
● আপুনি কোৱাৰ দৰে গুৱাহাটীত চলোৱা অলা উবেৰ চালকৰ ১০ গৰাকীৰ ভিতৰত ৯ গৰাকীয়ে বিশেষ সম্প্ৰদায়ৰ অৰ্থাৎ মুছলিম।সেই মুছলিম চালক সকলৰ পৰিয়ালত পিতৃ,মাতৃ,পত্নী,লৰা,ছোৱালী আছে।গাড়ী চলাই পৰিয়ালক পোহপাল নিদি কি চুৰি ডকাইতি কৰিব নেকি।সেই চালক সকলৰো মন যায় ইমান কষ্ট নকৰি ৰাজকীয় ভাবে থাকিবলৈ।কিন্তু পৰিস্থিতিয়ে সেই চালক সকলক বাধ্য কৰাইছে গাড়ী চলাবলৈ তাতে একো বেয়া কৰা নাই।কোনোবাই যেতিয়া কৰবাত যোৱাৰ উদ্দেশ্যে অলা উবেৰ বুক কৰে সেই সময়ত জানিব নিবিচাৰে যে চালক গৰাকী হিন্দু নে মুছলিম।
● বেছি আচৰিত লাগে অসমত থকা সেই ২৭-২৮ গৰাকী মুছলিম বিধায়কক যিয়ে আপোনাৰ এই বিলাক মন্তব্য শুনিও মৌন হৈ বহি থাকে। # Copy Dulu Ahmed AJP