22/09/2025
মই যদি তোমাক স্বর্গত দেখো
তুমি মোৰ নামটো ক'ব পাৰিবানে
মই যদি তোমাক স্বর্গত দেখো
সকলো একেই থাকিবনে?
Eric Clipton আৰু Will Jennings লিখা
Tears in Heaven গীতটোৱেই
ছিংগাপুৰত গাইছিল জুবিন গার্গে
মৃত্যুৰ আগদিনা স্বৰ্গত দেখা হোৱাৰ কথা থকা
গীত গাইছিল জুবিন গার্গে।
Eric Cliptonয়ে ৪ বছৰীয়া পুত্ৰৰ
মৃত্যুৰ পিছত এই কথা লিখিছিল।
আৰু জুবিন গাৰ্গে গোৱা এই গীতটো
কাকতলীয়ভাৱে মিলি গৈছে নেকি
কাকতলীয় যদিও গীতটোৱে
কোনো সংকেত আছিল নেকি?
আৰু এৰিক ক্লিপ্টনৰ গীতটোৰ শেষত আছে
দুৱাৰৰ সিপাৰে শান্তি আছে মই নিশ্চিত
আৰু মই জানো, স্বৰ্গত আৰু কোনো চকলো নাথাকে।🙏🙏😢😢