14/07/2025
'শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ' (উৎস- শ্ৰীমদ্ভাগৱতৰ
একাদশ স্কন্ধ)
ব্ৰহ্মাসমে সকলো দেৱতা দ্বাৰকালৈ আহি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিলে, " হে প্ৰভূ
শ্ৰীকৃষ্ণ ৰূপেৰে অৱতাৰ গ্ৰহণ কৰি তুমি অনেক লীলা কৰি অনেক অসুৰ দৈত্যক বধ কৰি পৃথিৱীৰ ভাৰ হৰণ কৰিল।দীৰ্ঘ সময় অতিক্ৰম কৰিলে প্ৰভূ ।এতিয়া আপুনি নিজৰ ধামলৈ প্ৰস্থান কৰাৰ সময় আহিছে ।তদুপৰি আপোনাৰ পদধূলাৰে আমাৰ ব্ৰহ্মলোক আৰু স্বৰ্গলোকো পৱিত্ৰ কৰিব লাগে প্ৰভূ।"
তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ব্ৰহ্মাকে
প্ৰমূখ্য কৰি দেৱতাসকলক ক'লে , " মই অতি শীঘ্ৰেই বৈকুণ্ঠ ধামলৈ প্ৰত্যাগমণ কৰিম। কিন্তু তাৰ আগতে যদি মোৰ বংশৰ , পৰম গৰ্বী, অহংকাৰী ,
অত্যাচাৰী, নিৰ্ভীক যদুগণক সংহাৰ কৰি থৈ নাযাওঁ, তেনেহ'লে বসুন্ধৰী দুনাই তললৈ যাব । যদুগণক সংহাৰ কৰিয়েই মই নিজ নামলৈ উলটিম ।তোমালোকে এতিয়া নিজ নিজ নামলৈ উভতি যোৱা, তোমালোকৰ মনোবাঞ্ছা পূৰণ কৰিম।
কালৰ নিয়ন্ত্ৰক ভগৱন্ত শ্ৰীকৃষ্ণই মহান মুনিসকলক দ্বাৰকাত থকা পিণ্ডাৰলৈ তীৰ্থস্থান কৰিবলৈ নিমন্ত্ৰণ দিয়ালে ।সেই অনুক্ৰমে কশ্যপ, কপিল, কন্ঠ, বিশ্বামিত্ৰ, অসিত, অত্ৰি, অগস্ত্য , গৌতম,ভাণ্ডৰী ,ভাৰ্গৱ ,ভৃগু,সনক,সনন্দ,নন্দ ,দূৰ্বাসা, ,বশিষ্ঠ,দেৱল,নাৰদ, ইত্যাদি মহা মহা মুনিসকল উপস্থিত হ'ল। তেওঁলোক তীৰ্থত স্নান কৰি ভগৱন্তক ধ্যান কৰিলে।
কালৰ কুটিল গতি। ভগৱন্তৰ শ্ৰীকৃষ্ণৰ কৃপাৰ বলত অতদিনে শান্তিৰে বসবাস কৰি থকা দ্বাৰকাবাসীৰো বিপৰ্যয়ৰ সময় উপস্থিত হ'ল। ভগৱন্তৰ মায়াত মোহাছন্ন হৈ যাদৱ কুমাৰ সকলৰ মনত কুচিন্তাৰ উদয় হ'ল । তেওঁলোকে ঋষিসকলক জোকাই আমোদ ল'বলৈ মন কৰিলে। শ্ৰীকৃষ্ণৰ তৃতীয় মহিষী জাম্বৱতীৰ
পুত্ৰ শাম্ব কুমাৰক স্ত্ৰী সাজি দিব্য নেত শাৰী পিন্ধালে , উচ্চতৰ খোপা বন্ধাই পুস্প পৰিধান কৰালে।কৰ্মত কুণ্ডল, হাতত বলয়া শংখ, গলত সাতসৰী, কালত মেখেলা , বক্ষত উন্নত স্তনসাজি
আৰু পেট উফন্দাই গৰ্ভৱতী স্ত্ৰীৰ ৰূপ দি সেই স্ত্ৰীক
মাজত লৈ যদুকুমাৰ মুনিসকল সমবেত হোৱা ঠাইত উপস্থিত হ'ল ।
যেতিয়া ঋষি সকলৰ কাষ পালে স্ত্ৰীৰূপী
শাম্বই লয়লাস ভংগীৰে ঋষি সকলৰ ফালে চালে, তেওঁ এনেকুৱা ভাও কৰিলে যেন তেওঁ হালিবই নোৱাৰে, মুৰত ওৰণিৰে ধীৰ স্থিৰ খোজ , যেন লজ্জাৱতী নাৰী । হাত আৰু শীৰ অৱনত কৰি
মাটিত চাপৰি ঋষিসকলক প্ৰণাম কৰিলে। তাৰ পাছত তললৈ মূৰ কৰি চাই ৰ'ল ।লগত অহা যদুকুমাৰসকলে কপট নম্ৰভাৱ দেখুৱাই ক'লে , " হে ঋষিসৱ আপোনালোক মহান মুনি ।
আপোনাসৱে চাৰি বেদ চৈধ্য শাস্ত্ৰত পাৰদৰ্শী।
চাওঁকচোন আমাৰ লগত অহা নাৰী গৰাকীয়ে লাজতে সুধিব খুজিও আপোনাসৱক সুধিব পৰা নাই । আমাকহে সুধাইছে।
" সোধায়ে আমাৰ মুখে শুনিয়ো সম্প্ৰতি ।
পূৰ্ণ দশমাস ইটো নাৰী গৰ্ভৱতী।।
উপজিবে শিশু কিবা জিউ কহিউ বিচাৰি।
পুত্ৰ অভিলাষে তোমাসাত সোধে নাৰী।।"
হে ঋষিসৱ , এই স্ত্ৰীয়ে পুত্ৰ সন্তান
জন্ম দিবনে, কি জন্ম দিব আমাক গণনা কৰি
কওঁকচোন । যদুগণে সোধা এই উপলুঙাপূৰ্ণ
প্ৰশ্নত তেওঁলোকে চকু মুদি ঈশ্বৰক ধ্যান কৰি দেখিলে যে এইগৰাকী কোনো স্ত্ৰী নহয়, জাম্বৱতী দেৱীৰ পুত্ৰ শাম্বহে । যদুগণে তেওঁলোকৰ লগত উপলুঙা সূচক ধেমালি কৰা বুলি জানি তেওঁলোকৰ প্ৰচণ্ড খং উঠিল । যদুগণক তেওঁলোকে ব্ৰহ্মাশাপ প্ৰদান কৰিলে,
" হেৰ পাপীসৱ কালে গ্ৰাস কৰিলে মনুষ্যই
অগণিত হাত দিয়ে । শুন দুষ্টগণ এই স্ত্ৰীয়ে এটা লোৰ মুষল জন্ম দিব আৰু এই মুষলেই যদুকুল
ধ্বংসৰ কাৰণ হ'ব । আমাক আৰু যাতে কোনেও এইদৰে উপলুঙা কৰিবলৈ সাহস নকৰে ।"
ক্ৰোধান্বিত ঋষি সকলৰ পৰা এনে
কঠোৰ বাণী শুনি যদুকুমাৰ সকলৰ মুখৰ মাত হৰিল । গালৈ তেওঁলোকৰ তেতিয়াহে হুচ আহিল।
তেওঁলোকৰ মনবোৰ মলিন হৈ পৰিল। ঋষিৰ শাপত দ্বাৰকাৰ দশোদিশে হাঁহাকাৰ ৰোল শুনা গ'ল । বৃদ্ধ যাদৱসকল শোকত বিহ্বল হ'ল । যথা সময়ত কুমাৰ শাম্বই ব্ৰহ্ম শাপ অনুসাৰে সঁচাকৈয়ে এটা লোৰ মুষল জন্ম দিলে। সকলোৱে আশ্চৰ্য মানিলে। গতিকে তেওঁলোকে পোনে পোনে নি সেই মুষল নি যদুসকলৰ ৰজা উগ্ৰসেনকহে দিলেগৈ।নাশন কালত মানুহৰ বুদ্ধিভ্ৰষ্ট হয় । তেওঁলোক কোনেও শ্ৰীকৃষ্ণৰ ওচৰলৈ নগ'ল। আনকি উগ্ৰসেনেও কৃষ্ণক এনে বিপদৰ একো উপায় নুসুধিলে।
উগ্ৰসেনে অনেক পাৰদৰ্শী শিক্ষিত কমাৰ
সকলক মাতি আনিলে । মুষলটো অশেষ প্ৰচেষ্টাৰ কমাৰসকলে বলত চূৰ্ণীকৃত কৰিলে । তাৰ গুড়িবোৰ সাগৰত নি ভহাই দিলেগৈ। কিন্তু অৱশিষ্ট লোহা অশেষ চেষ্টা কৰিও চূৰ্ণ কৰিব নোৱাৰি সেই ভাগেই জলত নি দলিয়াই দিলেগৈ। সেই অৱশিষ্ট লোক মাছে গিলিলে। মাছৰ পেটত জৰা ব্যাধে পাই তাক নিজৰ কাড়ত বিন্ধাই ল'লে। লোহাৰ গুড়িবোৰ সাগৰৰ ঢৌৰ আস্ফালনত সাগৰৰ তীৰ পালেহি আৰু মাদুৰি বন হৈ লহপহকৈ বাঢ়ি আহিল। লাহে লাহে অতি সুন্দৰ মনোমোহা দ্বাৰকা নগৰীলৈ কাল অমানিশা নামি আহিল। দ্বাৰকাত অনেক অমংগলে দেখা দিবলৈ ধৰিলে।বতাহ নবলাকৈয়ে ডাঙৰ বৃক্ষ উভালি পৰিল, ঘৰে ঘৰে ফেৰু চৰাইয়ে আটাহ
পাৰিবলৈ ধৰিলে। সোণগুই প্ৰজাৰ গৃহে গৃহে
ওলোৱা হ'ল।পশুৰ গৰ্ভত পক্ষীৰ জন্ম হ'ল ।
বান্দৰৰ গৰ্ভত মনুষ্যৰ জন্ম হ'ল ।অকালতে
নদ - নদীৰ পানী বাঢ়িল, দ্বাৰকাৰ আকাশত ধুমকেতু উৰিবলৈ ধৰিলে।
শ্ৰীকৃষ্ণই নিজৰ মহা প্ৰস্থানৰ কথা জনাবলৈ বান্ধৱ উদ্ধৱক মতাই আনিলে ।তেওঁ উদ্ধৱক ক'লে ,
" সখা মোৰ বৈকুন্ঠ প্ৰয়াণৰ সময় হ'ল। তুমি
দ্বাৰকা এৰি বদৰিকাশ্মলৈ যোৱাগৈ। মোৰ আজ্ঞা পালন কৰি তাতে মোৰ নাম গুণ গাই ফলমূল ভোজন কৰি ভক্তি ধৰ্ম প্ৰৱৰ্তাই থাকিবাগৈ । মই
দিয়া ভক্তি উপদেশ নিজেও মানিবা আনকো দিবা।
কলিযুগত ইয়ে হ'ব জীৱতৰণৰ একমাত্ৰ উপায় ।
উদ্ধৱে প্ৰভূ ভগৱন্তৰে বিচ্ছেদৰ দুখত অতন্ত্য
দুখী হ'ল। তেওঁ প্ৰভূৰ লগতে যাবলৈঅনুমতি বিচাৰিলে। তেতিয়া ভগৱন্ত কৃষ্ণই ক'লে, " তুমি আমি দুয়ো গুচি গ'লে মহা অনৰ্থ হ'ব। পৃথিৱী ভক্তি শূন্য হৈ পৰিব ।" প্ৰভূ কৃষ্ণই একপ্ৰকাৰ জোৰ কৰিয়েই উদ্ধৱক উত্তৰ দিশে প্ৰস্থান কৰিবলৈ
আজ্ঞা কৰিলে। বাধ্য হৈ উদ্ধৱে লোতক পৰিপূৰ্ণ নয়নেৰে প্ৰভূৰ খৰমযোৰ শীৰত লৈ হিমালয় পৰ্বতৰ দিশে প্ৰস্থান কৰিলে।
উদ্ধৱক পঠাই শ্ৰীকৃষ্ণই সভাগৃহত বহিলেহি। সকলোকে উদ্দেশ্যি ক'লে , হে যদুবীৰ সকল দ্বাৰকাত এতিয়া অমংগলেই অমংগল ।
'আমি যদুবংশৰ বীৰসকলে প্ৰভাসলৈ(দ্বাৰকাৰ ওচৰৰ এখন তীৰ্থস্থান )যোৱা উচিত । বিধিৱত
ৰীতিমতে তীৰ্থস্থানত সকলোৱে স্নান কৰি, দেৱ ,দ্বিজসকলক দান দক্ষিণা দিওঁগৈ।
শাস্ত্ৰতো কোৱা হৈছে যে দানে দূৰ্গতি হৰে।
গতিকে ততালিকে প্ৰভাসলৈ ওলোৱা।বাকী শিশু
বৃদ্ধ, স্ত্ৰীসকল তেওঁলোক দ্বাৰকাতে ৰওঁক আমাৰ বাবে অপেক্ষা কৰি।
কৃষ্ণৰ উপদেশ মানি সকলো যদুবীৰ
প্ৰভাসলৈ যাবলৈ সাজু হ'ল ।দ্বাৰকাপুৰী উখল মাখল লাগিল ।ঠায়ে ঠায়ে তৱল আৰু বীৰঢাক
বাজিল । ঋষিৰ শাপৰ পৰা মুক্ত হ'ব পাৰিব যদুবীৰ সকল ।আনন্দ পূৰ্ণ হৈ পৰিল দ্বাৰকা নগৰী। দুৱাৰে দুৱাৰে সাধাৰণ প্ৰজা, স্ত্ৰী ,বৃদ্ধ, শিশুসকল ৰৈ গ'ল।ৰথ, হস্তী আদিত দানৰ সামগ্ৰী লৈ যদুবীৰসকলে প্ৰভাসলৈ যাত্ৰা আৰম্ভ কৰিলে।
তেওঁলোকে সৰ্বপ্ৰথমে প্ৰভাসৰ জলত স্নান কৰিলে।তাৰ পাছত পবিত্ৰ আৰু শ্ৰদ্ধা সহকাৰে
দ্বিজ, বিপ্ৰসকলক, বিধি পূৰ্ণ ৰত্নৰ অঞ্জলি প্ৰদানেৰে, বস্ত্ৰ, অলংকাৰ কৰি দান কাৰ্য সমাপন
কৰিলে। সাগৰৰ তীৰত প্ৰভাসত যদুবীৰ সকলৰ
সুন্দৰ, সুঠাম শৰীৰ, আকৰ্ষণীয় বাহু, বক্ষস্থল,
চন্দ্ৰসম উজ্জ্বলতাৰে শুৱনি হৈ জিলিকি উঠিল ।
পদুমৰ পাহিবোৰ সূৰ্যৰ পোহৰত জিলিকি উঠাৰ দৰে যদুগণৰ কীৰিটিসমূহ চিকমিক কৰি উঠিল ।
নুমাবৰ সময়ত এগছি প্ৰদীপ যিদৰে আৰু উজ্জ্বল হৈ জ্বলি উঠে , ঠিক সেইদৰে যদুবীৰসকলৰ ৰূপ সৌন্দৰ্য যেন আৰু অধিক
হৈ উঠিল।কিন্তু কাল আহি উপস্থিত হোৱাৰ বাবে
তেওঁলোকৰ জ্ঞান নষ্ট হ'ল । ইমান সুন্দৰকৈ মাংগলিক পৰ্ব সমাপনৰ পাছত তেওঁলোকে মধুময় সুৰা পান কৰিলে।সুৰা সেৱন কৰি তেওঁলোকৰ
গাত চেতন হেৰাল।এজনে আনজনক বিনা কাৰণতে খং কৰিবলৈ ধৰিলে ।দাঁত কামুৰি বাঘে গৰ্জন কৰাৰ দৰে আচৰণ কৰিবলৈ ধৰিলে ।এজনে আনজনক মহা ক্ৰোধত মাথা কাটিম বুলি
মহা অহংকাৰ কৰিবলৈ লাগিল।নিজৰ নিজৰ মাজতে এখন মহাসমৰ আৰম্ভণি হ'ল।
প্ৰভূ শ্ৰীকৃষ্ণৰ মায়াত বুদ্ধিভ্ৰষ্ট হৈ যদুবীৰসকল মহাসমৰত প্ৰবৃত্ত হ'ল । শাম আৰু
কামদেৱৰ মাজত, সাত্যকিৰ লগত সংগ্ৰামজিতৰ
দূৰ্ঘোৰ যুদ্ধ আৰম্ভ হ'ল।সুমিত্ৰ আৰু সুৰথে ৰঙেৰে
যুদ্ধ কৰিলে ।উল্মুক আৰু নিশঠে দূৰ্ঘোৰ কন্দলত লিপ্ত হ'ল ।কৃষ্ণৰ পুত্ৰগণে কৃষ্ণৰ অন্যান্য ভাতৃসকলৰ লগত বৰ আক্ৰোশত যুদ্ধ কৰিলে।সাৰণ আৰু সুষেণে শৰ বৰ্ষণেৰে ৰণত লিপ্ত হ'ল ।যিটো বংশত কন্দলৰ নামত কোনোদিনে কাৰো দাঁতে ওঠে লগা নাছিল , আজি সেই বংশৰ লোকসকলে নিজৰ নিজৰ মাজতে অকাৰণে কটা কটি কৰিবলৈ ধৰিলে।পিতৃক পুত্ৰই, শহুৰে জোৱায়েকক, ভাতৃয়ে ভাতৃক, খুলখালীয়েকক ভিনিহীয়েকে,আজোককাক
নাতিনীয়েকে, মিত্ৰই মিত্ৰক,ভাগিনে মাতুলক প্ৰহাৰ
কৰিবলৈ কুন্ঠাবোধ কৰা নাই। যুদ্ধ কৰি কৰি তেওঁলোকৰ ধনু ভাগিল, টোণত শৰ নাথাকিল, হানিবলৈ খুচিবলৈ একো অস্ত্ৰ নাথাকিল ।
তেওঁলোকে অস্ত্ৰ বিচাৰি বলিয়াৰ দৰে হৈ পৰিল ।
অৱশেষত সাগৰৰ তীৰত হাতৰ কাষতে পোৱা
মাদুৰি বন উঘালি লৈ ইজনে সিজনক আঘাত কৰিবলৈ ধৰিলে। উঘলা মাত্ৰতে সেই মাদুৰি বন এটা এটা লোৰ মুষল হৈ পৰিল । তাৰে ইজনে সিজনক পৰম আক্ৰোশত কোবাই অচেতন
কৰিলে। এজনৰ পাছত আনজনে লোৰ মুষলৰ
কোবত প্ৰাণ ত্যাগ কৰিবলৈ ধৰিলে।
কিছু নিলগৰ পৰা দেখি থকা নিজ কুলৰ বিপৰ্যয় সহিব নোৱাৰি, জেষ্ঠ ভাতৃ বলৰামে কৃষ্ণক ক'লে, " মোৰ হৃদয়ে এনে দৃশ্য সহিব পৰা নাই, ব'লা ভাই কৃষ্ণ কন্দল বন্ধ কৰোগৈ । কৃষ্ণ বলৰামে তেতিয়াও সমৰত প্ৰবৃত্ত হৈ থকা যদুবীৰ সকলক বাধা প্ৰদান কৰিলে গৈ। কিন্তু তেওঁলোকৰ বাধা নিষেধ , বুজনি শুনে কোনে? তেওঁলোককো প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাত তেতিয়া কৃষ্ণ আৰু বলৰামে সেই কেইজনক মাদুৰিত বন উঘালি আঘাত কৰিলে। সকলো শেষ । চকুৰ আগতে এইদৰে
আপোন বংশজ লোকসকল এজন এজনকৈ নিপাত হোৱা দৃশ্য সহিব নোৱাৰিলে। তেওঁ দুখতে
ক'বলৈ ধৰিলে, " হৰি কি বিধি আছিল কপালত
আপোন বংশৰ শেষ পৰিণতি দেখি কিদৰে জী
থাকিম এই পৃথিৱীত?অত্যন্ত মানসিক দুখ কষ্টত
বলৰাম সাগৰৰ তীৰতে পদ্মাসনত নাৰায়ণৰ ৰূপ ধ্যান কৰি সমাধিত বহিল।কিছু সময়ৰ পাছতে মুখেৰে অস্ফুট শব্দ কৰি দেহ ত্যাগ কৰিলে আৰু
শুক্ল সৰ্প ৰূপ লৈ বৈকুন্ঠলৈ গমণ কৰিলে।
সৃষ্টি, স্থিতি, প্ৰলয়ৰ গৰাকী ভগৱান শ্ৰীকৃষ্ণই ও যেন ক্ষন্তেক সময়ৰ বাবে মনুষ্যৰ
মায়া বন্ধনত আৱদ্ধ হৈ দুখ কৰিলে ,
" প্ৰাণসম জৈষ্ঠ ভাতৃৰ মিলিল বিঘাত ।
আৰু কাক দেখিয়া বঞ্চিবো দ্বাৰকাত।।
পিতৃৰ মাতৃৰ আশে কৈৱো কিবা কথা
যাইবে আৰু উলটি গৃহক কোন কাজে।।
ভাতৃ বলৰাম বৈকুন্ঠ প্ৰয়াণৰ পাছত
শ্ৰীকৃষ্ণই পৰম বৈৰাগ্য অনুভৱ কৰিলে মনুষ্য
জন্মৰ কি মায়া, পৰম পুৰুষেও যেন নিজৰ মায়াত নিজেও ক্ষন্তেকসময়ৰ বাবে মোহত আবদ্ধ হ'ল।
তেওঁ ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলেগৈ। এডাল শিশু
অশ্বত্থ( বৰগছৰ) ৰ তলত বহিল ।তেওঁ পাৰ হৈ অহা সময়বোৰ স্মৰণ কৰিলে, স্মৰণ কৰিলে
হয় গান্ধাৰীৰ অভিশাপ, তেওঁৰ পিতৃ মাতৃ সকলৰ
কথা। তেওঁৰ অবিহনে মাতৃ দৈৱকী আৰু যশোদাই
কেনেকৈ জীয়াই থাকিব ? পিতৃ বসুদেৱ আৰু পিতৃ নন্দক কোনে সান্তনা দি? সখা অৰ্জুন শোকত ভাগি পৰিব , তেওঁৰ প্ৰিয় বান্ধৱ উদ্ভৱ জীৱন্তে মৃতপ্ৰায়
হ'ব, তেওঁৰ মহিষী সকল , ব্ৰঞ্জৰ গোপীসকলৰো
একেই অৱস্থা হ'ব। তেওঁ শেষ কৰ্তব্যটোও পৃথিৱীত ইতিমধ্যে সমাপন কৰিলে।
সেই মূহুৰ্ততে তেওঁৰ সোঁ ভৰিত অলপ বিষ অনুভৱ কৰিলে। দেখিলে তেওঁৰ সোঁ ভৰিৰ তলুৱা ইতিমধ্যেই শৰবিদ্ধ হৈ পৰিছে। পদ্মসম ,অপৰূপ কোমল ভৰিৰ তলুৱাৰ পৰা তেজ বৈ আহিছে। হঠাতে জৰা নামৰ ব্যাধজনে আহি
তেওঁৰ চৰণ স্পৰ্শ কৰিলেহি , " প্ৰভূ মই নাজানি
মহাপাপ কৰিলো। হৰিণ বুলি ভাবি......ব্যাধে অপৰাধবোধত দহি কান্দোনত ভাগি পৰিল ।
তেতিয়া প্ৰভূ কৃষ্ণই ব্যাধক ওলোটাই সান্তনা দিলে,
"উঠ উঠ ব্যাধ ভয় নকৰ কিঞ্চিত ।
কৰিলি সাফল মোৰ মনৰ বাঞ্চিত।।
তোহোৰ ভক্তি দেখি তুষ্ট হৈলো বৰ ।
সশৰীৰে সত্বৰে স্বৰ্গত লাগি লৰ।।"
জৰা ব্যাধক নিবলৈ দিব্যৰথ আহিল ।প্ৰভূ কৃষ্ণক তিনিবাৰ প্ৰদক্ষিণ কৰি প্ৰণাম জনাই
ভগৱন্তৰ কৃপাবশত: সূৰ্যসম জ্যোতিস্মান ৰথত
উঠি সোশৰীৰে স্বৰ্গ যাত্ৰা কৰিলে।
শ্ৰীকৃষ্ণক বিচাৰি সাৰথি দাৰুক আহি অশ্বথৰ
তলত পালেহি। প্ৰভূ কৃষ্ণই অশ্বথত আউজি বহি থকা দেখা পাই দুখত ভাগি পৰিল ।
" ব্ৰহ্মা আদি দেৱ পূজৈ যাহাৰ চৰণ।
সৰ্বদায়ে যাৰ গতি গৰুড় বাহন।।
ভগৱান কৃষ্ণৰো কমলনেত্ৰৰ পৰা নীৰ সৰি পৰিল । দাৰুকক দুখ কৰিবলৈ বাৰণ কৰি
কৃষ্ণই তেওঁক ক'লে , " তুমি দ্বাৰকালৈ যোৱা আৰু
পিতা বসুদেৱক ঘটি যোৱা সকলো ঘটনা বিৱৰি কবাগৈ। তাৰ পাছত তুৰন্তে তুমি হস্তিনাপুৰলৈ গৈ সংখ্যা অৰ্জুনক দ্বাৰকাৰ বিপৰ্যয়ৰ কথা কৈ দ্বাৰকাত থকা শিশু ,বৃদ্ধ আৰু স্ত্ৰী সকলক হস্তিনাপুৰলৈ নি তাতে থকাৰ ব্যৱস্থা কৰিবলৈ
দিবা। ক'বা মোৰ প্ৰয়াণৰ লগে লগেই দ্বাৰকা সমূদ্ৰত বিলীন হ'ব । মোৰ মাতা পিতাক চোৱা চিতাৰ দায়িত্ব সখা পাৰ্থৰ ওপৰতে এৰিলো । তুমি পাৰ্থক অতি শীঘ্ৰেই দ্বাৰকালৈ আহিবলৈ ক'বা ।তুমি দুখ নকৰিবা দাৰুক।তুমি ভাগৱত ধৰ্ম আচৰণ কৰি চলিবা।তুমি জ্ঞান নিষ্ঠ হৈ বিষয়ৰ বাসনা ত্যাগ কৰিব পাৰিবা। এই সকলোবোৰ মোৰ মায়া বুলি মানি চলিবা পাছত মোকেই লাভ কৰিবা ।"
প্ৰভূত কৃষ্ণৰ লগত এয়াই শেষ দেখা দেখি বুলি জানি গভীৰ দুখেৰে দাৰুকে প্ৰভূ কৃষ্ণক সাতবাৰ প্ৰদক্ষিণ কৰিলে আৰু মহাদুখে , সলোতকে সেই স্থান পৰিত্যাগ কৰিলে । দাৰুকৰ প্ৰস্থানৰ লগে লগে বৈকুন্ঠলৈ যাবলৈ বৈকুন্ঠপতি কৃষ্ণ সাজু হ'ল ।অতিশয় উজ্জ্বল পোহৰেৰে আলোকিত হৈ বৈকুন্ঠপতিয়ে প্ৰস্থান কৰিলে। শ্ৰীকৃষ্ণৰ উজ্জ্বল ৰশ্মি চাই থাকিব নোৱাৰি ব্ৰহ্মা আদি দেৱতাসকলে নিজৰ নিজৰ চকু মুদি দিলে আৰু হাত যোৰ কৰি প্ৰণাম জনালে। প্ৰভূশ্ৰীকৃষ্ণই বৈকুন্ঠত গৈ অনন্ত শৰ্য্যাত
বহিলেগৈ।প্ৰভূক দেখি ৰুক্মিণী দেৱীয়ে প্ৰণাম জনালেহি।বৈকুন্ঠত সকলোৱে জয় কৃষ্ণ ধ্বনি
দিবলৈ ধৰিলে।
*******
দীপ্তি বৰদলৈ
■ সদাই নতুন নতুন কাহিনী পাবলৈ পেজটো Follow কৰি লব, ধন্যবাদ 🌼
Copied