News Assam 24×7

News Assam 24×7 News Assam 24×7

Technical issue বাবে আমি বছৰ ধৰি বাতৰি দিব পৰা নাছিলো। কিন্তু এতিয়াৰ পৰা নিয়মিতভাৱে বাতৰি পাব। সকলোৰে সহযোগীতা কামনা ক...
30/08/2026

Technical issue বাবে আমি বছৰ ধৰি বাতৰি দিব পৰা নাছিলো। কিন্তু এতিয়াৰ পৰা নিয়মিতভাৱে বাতৰি পাব। সকলোৰে সহযোগীতা কামনা কৰিলো। ধন্যবাদ

আধৰুৱা হৈ ৰ'ল নতুন জীৱনৰ সপোন! মাত্ৰ এমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ভাৰতীয় সেনাৰ মেজৰ হামজা আৰিফ। কিন্তু তাৰ পিছতেই ...
02/08/2026

আধৰুৱা হৈ ৰ'ল নতুন জীৱনৰ সপোন! মাত্ৰ এমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ভাৰতীয় সেনাৰ মেজৰ হামজা আৰিফ। কিন্তু তাৰ পিছতেই কৰ্তব্য পালন কৰি সামৰিক শিবিৰলৈ উভতি অহাৰ পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়ি নিলে তেওঁৰ প্ৰাণ। ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু হয় মেজৰ হামজাৰ। আনহাতে তেওঁৰ সৈতে থকা দুগৰাকী লেফটেনেণ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বৃহস্পতিবাৰে নিশা প্ৰায় ১২:৩০ বজাত জয়ছালমেৰ জিলা সদৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰৰ থৈয়াত সামৰিক অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, দায়িত্ব সমাপ্ত কৰি সামৰিক শিবিৰলৈ উভতি আহি আছিল মেজৰ হামজা আৰিফ, লেফটেনেণ্ট অভিনৱ ৰাঠৌড় আৰু লেফটেনেণ্ট আয়ুষ্মান। সেনাৰ টাটা ছাফাৰীখন চলাই আছিল মেজৰ হামজাই। সেই সময়তে অন্ধকাৰৰ মাজত হঠাতে এটা উট পথলৈ ওলাই অহাত বাহনখন প্ৰচণ্ড জোৰে উটটোৰ সৈতে খুন্দা মাৰে।

সংঘৰ্ষৰ অভিঘাতত ছাফাৰীখন কেইবাবাৰো বাগৰি প্ৰায় ১০০ মিটাৰ দূৰলৈকে ৰাস্তাৰ ওপৰেৰে চোঁচৰি গৈ থমকি ৰয়। ঘটনাস্থলীতে মৃত্যু হয় মেজৰ হামজা আৰিফৰ। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োগৰাকী লেফটেনেণ্ট। দুৰ্ঘটনাটোত উটটোৰো মৃত্যু ঘটে।

Address

Nakachari
781123

Telephone

+918723098949

Website

Alerts

Be the first to know and let us send you an email when News Assam 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Assam 24×7:

Shortcuts

Share

l="false"> Add listing
  • Login
  • Subscribe

    We will notify you when anything happens in Nakachari.