04/09/2024
প্ৰতি,
ফেচবুকৰ হিন্দু মুছলমান সমীপেষু।
বিষয়: সাম্প্ৰদায়িকতা/অশ্লিল গালি গালাজ ।
মহাশয়/মহাশয়াসকল,
সীমিত জ্ঞানেৰে বহুদিন ধৰি উপলব্ধি কৰিব পাৰিছো যে আমাৰ মৰমৰ ফেচবুকৰ পথাৰত মানুহৰ সংখ্যা কমি গৈ আছে আৰু অমানুহৰ সংখ্যাৰ ভিৰ হ'বলৈ ধৰিছে।ভিৰ কৰিছে অশ্লিল গালি গালাজে।মানুহবোৰ নিজে নিজে ভাগ হৈ গৈ আছে নিজৰ আপোন মানুহবোৰৰ পৰা।হিন্দুই হিন্দুৰ পক্ষ আৰু মুছলমানে মুছলমানৰ পক্ষত থিয় দিছে সদলবলে(সকলোৱে নহয় কিন্তু)।
ফেচবুকৰ বাহিৰতো এখন সহজ সৰল পথাৰ আমি দেখিবলৈ পাই আছো।য'ত হিন্দু মুছলমান আজিৰ তাৰিখতো কান্ধত কান্ধ থৈ ভাতৃত্বৰ এনাজৰীৰে দৈনন্দিন জীৱন যাপন কৰি আছে।এজন আনজনৰ সহযোগী হৈছে।এখন কাহীত খাইছে।আদান প্ৰদান কৰিছে।এটা মুদ্ৰাৰ দুটি পিঠিৰ দৰে।গাৰ ছাৰ দৰে।আন্তৰিকতাৰে।
হে ফেচবুকৰ হিন্দু মুছলমান বন্ধুসকল।বন্ধ কৰক সাম্প্ৰদায়িক বিষবাষ্প।বন্ধ কৰক বোকা ছটিয়াছটি ৰাজনৈতিক নেতাৰ দৰে।বন্ধ কৰক হিংসা।ক্ষন্তেকীয়া এই জীৱনত ভগৱান বা আল্লাই আমাক পঞ্চ ঈন্দ্ৰীয়ৰ লগতে শৰীৰত কলিজা,কিডনি আদি বিভিন্ন অংগ দান কৰিছে।এটকাওঁ লোৱা নাই ইয়াৰ বাবে।অংগবোৰৰ মূল্য তেওঁহে জানে যাৰ দূৰ্ঘটনা বা বেমাৰ হয়।তাৰোপৰি নেদেখাজনে আমাক পৃথিৱীৰ উৎকৃষ্ট জীৱ হিচাপে সৃষ্টি কৰিছে।আমাক বিবেক দিছে।সেই বিবেক আমি কোন পৰ্যায়ত ব্যৱহাৰ কৰা উচিত অথচ আমি কোন পৰ্যায়ত ব্যৱহাৰ কৰি আছো।ভাবি চাবৰ হ'ল।হিন্দুওঁ বেয়া নহয়।মুছলমানো বেয়া নহয়।সকলোতে ভাল বেয়া থাকেই।ই সংসাৰৰ নিয়ম।
ভুলৰ মাৰ্জনা বিচাৰিছো।আহক আমি হিন্দু মুছলমান সকলোৱেই এজনে আনজনক সন্মান কৰি মিলিজুলি আমাৰ সমাজৰ উন্নতি সাধনত ব্ৰতী হওঁ।
ইতি,
আপোনালোকৰ বিশ্বাসী
আমিৰুল ইছলাম