20/08/2025
সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত শিশু সকলক বিজ্ঞানৰ চিন্তাচর্চা , হাটকামে বিজ্ঞানৰ লগত জড়িত কৰাৰ এক প্ৰয়াস জিলা পৰ্যায়ৰ হেকাথন প্ৰতিযোগিতাখনি আজি মুগকুছি মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনত এগৰাকী বিচাৰক হিচাপে অংশগ্ৰহণ কৰো। জিলাখনৰ কেবাগৰাকী কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ বিভিন্ন বিষয়ত প্ৰকল্প কৰি সুন্দৰ ভাবে উপস্থাপন কৰে। বিশেষকৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ নিজ প্ৰকল্পৰ বিষয়বস্তুৰ ওপৰত যি জ্ঞান , প্ৰশ্নোত্তৰ শিতানত প্ৰতিটো প্ৰশ্নৰ সাৱলীল উত্তৰে সকলোকে চমক খুৱাই। আটাইৰে উজ্জল ভৱিষ্যত কামনা কৰিলোঁ।।