16/02/2026
প্ৰসৱৰ পিছত যেতিয়া মই প্ৰথম বাৰৰ বাবে বাথৰুমলৈ বুলি গৈছিলো সেই দিনটো মই জীৱনত কেতিয়াওঁ পাহৰিব নোৱাৰা এটি দিন।
প্ৰত্যেক গৰাকী নাৰীৰ জীৱনৰ যেন আটাইতকৈ কঠিন খোজ এইটো।
চবাথৰুমলৈ যোৱাৰ চেষ্টা কৰাটো সঁচাকৈয়ে এক ভয়ংকৰ অভিজ্ঞতা।প্ৰথমবাৰ বাথৰুমলৈ যোৱাটো যে কিমান ভয়াৱহ হ’ব পাৰে, সেই কথা কোনেও নকয়।
গোটেই শৰীৰটো বিষেৰে হেঁচা মাৰি ধৰিছিল। থিয় হবলৈ সামান্য জোৰ কনো মোৰ শৰীৰত নাছিল ।উখহি থকা চিলাই বোৰেৰে মই প্ৰথম বাৰৰ বাবে যেন আকৌ খোজ কাঢ়িবলৈ শিকিছিলোঁ।।
শৰীৰটোৰ চিলাই বোৰে মোক যেন তিল তিলকৈ চেপি আহিছিল এফালৰ পৰা, যেন কেনেবাকৈহে জোৰা দি থোৱা হৈছে মোৰ সমস্ত শৰীৰৰ অংগ বোৰ।
শৌচাগাৰত ইমান সাৱধানে বহিবলৈ চেষ্টা কৰিছিলো যেন সেয়া এক ডাঙৰ প্ৰত্যাহ্বান। প্ৰতিটো মাংসপেশী কঁপিবলৈ ধৰে।মনতে ভাবি আছিলোঁ, একো যাতে এৰাই নাযায়, ফাটি নাযায় বা বিষাই নুঠে।
পেচাব কৰাটো কেতিয়াও এটা যুদ্ধৰ দৰে অনুভৱ হ’ব নালাগিছিল, কিন্তু আপুনি তাত উশাহ বন্ধ কৰি যুঁজি থাকিবলগীয়া হয়।
আপুনি এটা নতুন প্ৰাণ পৃথিৱীলৈ আনিছে।
তথাপিও বাথৰুম ব্যৱহাৰ কৰাটো এটা কঠিন খেলৰ দৰে অনুভৱ হয়।
মাতৃসকলে এইবোৰ নীৰৱে সহ্য কৰাৰ বাবে অধিক সন্মান পাব লাগে।
যিয়ে এই পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, তেওঁহে আচলতে জানে। লাগিলে সেইয়া নৰ্মেল অথবা চিজাৰিয়ান প্ৰসৱ হওঁক !!!
লিখনি Dristi Dutta Handique