07/08/2025
বনস্পতি বিজ্ঞানৰ মতে বাঁহ হ’ল এবিধ ঘাঁহ ৷পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ বিধেই হ’ল বাঁহ ৷ ইংৰাজীত বাঁহক Bamboo বোলে- কানাড়া ভাষাৰ শব্দৰ পৰা ইণ্ডোনেচিয়া আৰু মলয়সকলে ইংৰাজীলৈ এই শব্দ আমদানি কৰিলে বুলি জনা যায় ৷ বিশ্বত আটাইতকৈ ক্ষিপ্ৰতাৰে বঢ়া বনস্পতিবিধ হ’ল বাঁহ ৷ এডাল বাঁহ গছৰ সৰ্বোচ্চ উচ্চতা ১৫ৰ পৰা ৩৯ফুট ৷ বাঁহ গছ ২৪ঘন্টাত ২৷ ৪ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলৈকে বঢ়াৰ তথ্য বিজ্ঞানীসকলে লক্ষ্য কৰিছে ৷ বাঁহৰ অনেক প্ৰজাতিৰ ভিতৰত অসমত সাধাৰণতে জাতি বাঁহ আৰু ভলুকা বাঁহ এই দুবিধ বাঁহ সকলোৰে পৰিচিত৷ অসমত উপলব্ধ আন আন কেইটিমান বাঁহৰ প্ৰজাতি হ’ল কাক, বিজুলী, নল, কাঁটা আৰু মকাল ৷
আজিৰ পৰা ৪০০০বছৰ পূৰ্বৰ পৰাই মানুহে বাঁহ-গাজ ভক্ষণ কৰি আহিছে ৷ চীনদেশৰ টাং সাম্ৰাজ্যৰ সময়ত ( খৃষ্টাব্দ ৬১৮ৰ পৰা ৯০৭) বাঁহ-গাজৰ উপকাৰিতা পোন প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰা হৈছিল ৷ খৃষ্টাব্দ ১৩৬৮ৰ পৰা ১৬৪৪ চনলৈ চীনত মিং সাম্ৰাজ্য চলিছিল ৷ সেই সময়ৰ ৰচনাৱলীটো বাঁহ-গাজৰ ঔষধি গুণসমূহৰ বৰ্ণনা পোৱা যায় ৷ জাপানত অতীজৰ পৰা বাঁহ-গাজক ‘বনৰ পাচলিৰ ৰজা’ আখ্যা দি অহা হৈছে ৷বাঁহ গাজৰ তৰি-তৰকাৰিয়ে মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰে বুলি জাপানী সকলে বিশ্বাস কৰে আৰু সেয়ে প্ৰতি সাঁজ খাদ্যৰ লগত অন্ততঃ এটুকুৰা হ’লেও বাঁহগাজ তেওঁলোকৰ নিয়মীয়া খাদ্য তালিকাৰ অন্তৰ্ভুক্ত ৷
বাঁহ-গাজ স্বাস্থ্যৰ বাবে কিয় উপযোগী ?
মেদবহুলতা কমোৱাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷
ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :
বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷
কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা : গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷
শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক : বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷
পাকপ্ৰণালীৰ উপকাৰিতা : ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷
মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷
নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷
এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷
বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া – মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷
বৃশ্চিক আৰু সৰ্প দংশনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে ৷বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয় ৷
আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে ৷
চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী৷
কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷