
22/08/2025
*জাননী*
ইয়াৰ দ্বাৰা সমূহ হোজাইবাসী ৰাইজ তথা ব্যৱসায়ী, স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু চৰকাৰী কাৰ্য্যালয়ৰ কৰ্ম কৰ্তা সকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে "Plastic waste Management Rules 2016" অনুযায়ী একক প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে।
ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি প্লাষ্টিক প্রলিপ্ত প্লেট, কাপ, খাদ্য সামগ্রী মেৰোৱা প্লাষ্টিক, প্লাষ্টিকৰ চাহ-কাপ, প্লাষ্টিকৰ লগতে সকলো ধৰণৰ প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ মোনা (বেগ) আৰু একক ব্যৱহাৰ জাতীয় প্লাষ্টিক ক্রয়-বিক্রয় বা ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। লগতে উল্লেখ থাকে যে প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ বাবে হোজাই জিলা আযুক্ত মহোদয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ নং ধাৰা জাৰি কৰিছে।
গতিকে হোজাই পৌৰ এলেকাৰ সকলো ৰাইজ তথ্য ব্যৱসায়ী সকলক উক্ত বিধি আৰু ভাৰত চৰকাৰৰ নির্দেশ অনুযায়ী প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনোৱা হল। অন্যথাই আইন অনুসৰি Trade License বাতিল আদি কে ধৰি উচ্চহাৰত জৰিমনা কৰা হব।