
23/08/2025
শিক্ষক :- ঐ নগেন ,,,? ক'চোন জনক কেই প্ৰকাৰৰ আৰু কি কি ,,,? উদাহৰণ সহকাৰে বুজাই দিয়া ।
নগেন :- চাৰ ,,! জনক মূলতে দুই প্ৰকাৰৰ । যেনে "আমোদজনক" আৰু "প্ৰমোদজনক" ।
শিক্ষক :- গাধ ক'ৰবাৰ । আৰু এবিধ জনক আছে । সেয়া হ'ল - মই এতিয়া তোমাক বেতেৰে চেকুৰী মাৰিম আৰু সেয়া হ'বগৈ তোমাৰ বাবে - "বিপদজনক" ।
নগেন :- চাৰ ,,,! আৰু এবিধ জনক আছে । সেয়া হ'ল - এতিয়া নগেনে যদি ভয়ত বাহিৰলৈ বুলি লৰ মাৰি পলাই পত্ৰং দিয়ে তেন্তে নগেনৰ বাবে সেয়া হ'বগৈ - "সুবিধাজনক" ।
খগেন :- চাৰ ,,! আৰু এবিধ জনক আছে । সেয়া হ'ল - নগেনে যদি বাহিৰলৈ বুলি লৰ মাৰে আৰু আপুনি যদি তেওঁৰ পিছে পিছে দৌৰি গৈ তেওঁক ধৰি আনিব নোৱাৰে তেন্তে আপোনাৰ বাবে সেয়া হ'বগৈ - "লজ্জাজনক" ।
মালতী :- চাৰ ,,,! আৰু দুবিধ জনক আছে । সেয়া হ'ল - নগেন মোৰ বয়ফ্ৰেণ্ড । গতিকে আপুনি যদি নগেনক ধৰি আনি বেতেৰে চেকুৰী মাৰে তেন্তে নগেনৰ অৱস্থা হ'বগৈ - "পুতৌজনক" আৰু মোৰ বাবে হ'বগৈ - "আপত্তিজনক" ।
দীপালী :- চাৰ ,,,! আৰু এবিধ জনক আছে । সেয়া হ'ল - আপুনি নগেনৰ পিছে পিছে দৌৰি থকাটো কোনোবা বাহিৰা মানুহ প্ৰত্যক্ষ কৰিলে মানুহে ঘটনাটোক ক'ব - "ৰহস্যজনক" ।
হুছেইন :- চাৰ ,,! আৰু এবিধ জনক আছে । সেয়া হ'ল - আপুনি যে এই বৃদ্ধ বয়সত নগেনক ধৰি আনিব পাৰিব সেয়াও কিন্তু মোৰ বাবে - "সন্দেহজনক" ।
বৰ্ণালী :- চাৰ ,,,! আপুনি ভুলতেও নগেনৰ পিছে পিছে নদৌৰিব । কাৰণ ঈশ্বৰে নকৰক আপুনি যদি এই বৃদ্ধ বয়সত ক'ৰবাত উজুটি খাই লুটিবাগৰ খায় তেন্তে আপোনাৰ অৱস্থা হ'বগৈ - "সংকটজনক" ।
জোনালী :- চাৰ ,,,! আপুনি নগেনক ধৰি আনিব নোৱাৰিব । কাৰণ ইতিমধ্যেই আপোনাৰ অৱস্থা হৈছে - "আশংকাজনক" ।
চিন্টু :- চাৰ ,,,! সাধাৰণ এটা জনকক লৈ ইমান ডাঙৰ এটা ইচ্যু হোৱাটো বৰ - "আশ্চৰ্য্যজনক" ।
বন্ধু বান্ধৱী সকল ,,। ইমান ধুনীয়া কৌতুকটো পঢ়ি যদি আপোনালোকে কমেন্ট নকৰাকৈ কেৱল লাইক দি গুচি যায় তেন্তে সেয়া মোৰ বাবে হ'বগৈ - "অপমানজনক" । যদি লাইক কমেন্ট এটাও নকৰে, তেন্তে মোৰ বাবে সেয়া হ'বগৈ - "দুৰ্ভাগ্যজনক" । যদি লাইক কমেন্ট দুয়োটাই কৰে তেন্তে মোৰ বাবে সেয়া হ'বগৈ - "সন্তোষজনক" । যদি লাইক কমেন্ট দুয়োটাই কৰি নিজৰ নিজৰ টাইমলাইনত শ্বেয়াৰ কৰে তেন্তে মোৰ বাবে সেয়া হ'বগৈ - "সৌভাগ্যজনক" কাৰণ এনে কৰিলে মোৰ বাবে হ'বগৈ - "লাভজনক" । মোৰ এটা দৃঢ় বিশ্বাস - মোক আপোনালোকে কেতিয়াও নকৰিব - "হতাশাজনক"///////
ধন্যবাদ/////