29/08/2024
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত তথা চাউলধোৱা আঞ্চলিক সমিতিৰ সহযোগত ৮০সংখ্যক বলিদান দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰথমখন শ্বহীদ বেদী উন্মোচন কৰা হয়। লখিমপুৰত বসবাস কৰা গোৰ্খা লোকসকলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন জৈৱন দিয়া আমাৰ সংগঠনৰ জেষ্ঠ, বৰ্তমানৰ নেতৃত্বৰ লগতে আহি থকা প্ৰজন্মৰ বাবে এক সাক্ষী হৈ বৰ এই শ্বহীদ বেদী ভাগ। উক্ত শ্বহীদ বেদী ভাগ উন্মোচন কৰে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিলীপ গজুৰেল দেৱে। লগতে বলিদান দিৱস ও শ্বহীদ বেদী উন্মোচন অনুষ্ঠানটোৰ মুকলি সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নোমল চেত্ৰী, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, সভাপতি হৰ্ক বাহাদুৰ চেত্ৰী, নেপালী সাহিত্য সভা লখিমপুৰ জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ উপাধ্যায়, কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক সঞ্জীৱ চেত্ৰী, ভৰত চেত্ৰী, সহহ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া সকল। অতি সুন্দৰ ভাৱে আয়োজিত অনুষ্ঠানভাগ সফল কৰি তুলাৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়োৱা উদযাপন সমিতিৰ সভাপতি ৰাজেন ৰাই, সাধাৰণ সম্পাদক শিৱ দাহাল সহহ আন সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ চাউলধোৱা বাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানভাগ আয়োজন ও পৰিচালনা কৰাৰ ক্ষেত্ৰত হোৱা ভুল বোৰৰ বাবে ক্ষমা বিচাৰিছোঁ। আহি থাকিবলগীয়া দিনবোৰত সংগঠনৰ কাম কাজ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ পৰা এনেধৰণেই মৰম সহযোগীতা পাই থাকিম বুলি আশা ৰাখিছোঁ। আমাক অনুষ্ঠানভাগ সফল কৰি তুলাৰ ক্ষেত্ৰত আৰ্থিক, মানসিক আৰু গঠনমূলক পৰামৰ্শ প্ৰদান কৰি সহযোগীতা আগবঢ়োৱা প্ৰতিগৰাকী লৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ
Yubraj Katuwal
Raj Parajuli
Gorkha Raj Parajuli
Sunil Chhetri
Numal Chetry