axom updates

axom updates Breaking headlines & civic updates

দেশভক্তি দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে আয়োজন কৰিছে জ্ঞানৰ এক বৰ্ণাঢ্য কাৰ্যসূচী—দেশভক্তি কুইজ ২০২...
04/07/2025

দেশভক্তি দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে আয়োজন কৰিছে জ্ঞানৰ এক বৰ্ণাঢ্য কাৰ্যসূচী—দেশভক্তি কুইজ ২০২৫। এই অনন্য কুইজ প্ৰতিযোগিতা স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ কৃতিত্ব আৰু মাতৃভূমিৰ প্ৰতি তেখেতৰ অপৰিসীম শ্ৰদ্ধাক পুনৰ স্মৰণ আৰু সন্মান জনোৱাৰ এক প্ৰয়াস। তেখেত আছিল এজন যুক্তিবাদী চিন্তাশীল নেতা, অসাধাৰণ বক্তা আৰু স্বাধীনতা আন্দোলনৰ এক উজ্জ্বল দীপ্তমান শিখা।

এই কুইজ কেৱল এক প্ৰতিযোগিতাই নহয়—ই হৈছে ইতিহাসক স্মৰণ আৰু দেশভক্তিৰ বীজ পুনৰোপনৰ এক সুযোগ। প্ৰতিযোগিতাত এটা দলত তিনিজন সদস্য থাকিব লাগিব। ২৭ জুলাই ২০২৫ তাৰিখে পুৱা ১০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। উল্লেখ্য যে আকৰ্ষণীয় ১ লাখ টকাৰ নগদ পুৰষ্কাৰৰ লগতে প্ৰতিযোগী সকলৰ বৌদ্ধিক বিকাশৰ বহিঃপ্ৰকাশ ঘটিব।

ইচ্ছুক ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে আপোনালোকে এই প্ৰতিযোগিতাত সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ জুলাই ২০২৫।

আপোনাৰ মোবাইলত কিউ আৰ কোডটো স্কেন কৰক আৰু দেশপ্ৰেমৰ এই বৌদ্ধিক যাত্ৰাত অংশগ্ৰহণ কৰক।

🇮🇳 Deshbhakti Quiz 2025 🧠

25/06/2025

"Our campaign will continue to restore the lands of forests and reservoirs that are under encroachment and return them to the Assamese." CM himanta biswa sharma

Proud moment for India🇮🇳
25/06/2025

Proud moment for India🇮🇳

Address

Lakhimpur
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when axom updates posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share