TIMES of Lakhimpur Axom

TIMES of Lakhimpur Axom সত্য,শুদ্ধ আৰু নিৰপেক্ষ খবৰৰ সন্ধানত আমাৰ এই যাত্ৰা...

24/08/2026

ৰঙানদী সমষ্টিৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত নিজৰ পৰিকল্পনাৰ বিষয়ে এনেদৰেই মন্তব্য কৰিলে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই

20/08/2026

#নাওবৈচাত এছএফইউআৰটিআই(SFURTI)আঁচনিৰ অধীনত ভাৰত চৰকাৰৰ এমএছএমই(MSME)মন্ত্ৰালয়ৰ সহযোগিতাত আৰু গুৱাহাটীৰ মহিলা উন্নয়ন কেন্দ্ৰৰ উদ্যোগত শিপিনীৰ মাজত অত্যাধুনিক হস্ততাঁত যন্ত্ৰ বিতৰণ।
#নাওবৈচাৰ গোসানীবাৰীস্থিত CFCত৪০৮ গৰাকী শিপিনীৰ মাজত এই যন্ত্ৰসমূহ বিতৰণ কৰা হয়।
#শিপিনীসকলৰ মাজত এই যন্ত্ৰসমূহ বিতৰণ কৰে নাওবৈচা সমষ্টিৰ বিধায়ক ড°জয়প্ৰকাশ দাসে।

19/08/2026

#মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ:শিক্ষক নবীন বৰুৱাৰ বিদায় সম্বৰ্ধনা সভা!
#অগ্ৰণী শিক্ষানুষ্ঠানখনৰ বিদায়ী সহ:শিক্ষকজনৰ বিদায় সম্বৰ্ধনা সভাখনি আয়ম্বৰপূৰ্ণভাৱে অনুস্থিত হয়!
#সকলো ক্ষেত্ৰতে আগৰণুৱা শিক্ষকজনৰ বিদায় বেলাত শোকত ভাঙি পৰিছে সহকৰ্মী সকল!
#এজন আদৰ্শ শিক্ষক হোৱাৰ লগতে নবীন বৰুৱা আছিল একাধাৰে চিত্ৰশিল্পী,বায়ন,সুঅভিনেতা আৰু এজন আদৰ্শ খেতিয়ক।
#অতি নিষ্ঠাৰে নিজৰ কৰ্মজীৱনৰ সামৰণি মৰা নবীন বৰুৱাক এতিয়া অৱসৰী জীৱনৰ শুভেচ্ছা জনাইছে অজস্ৰ শুভাকাংক্ষীয়ে।

15/08/2026

#ৰঙানদী সমষ্টি সম-জিলা হিচাপে ঘোষনা হোৱাৰ পাচত ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাৰ প্ৰতিক্ৰিয়া!

15/08/2026

#নাওবৈচাৰ ১নং শলমৰীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰয়াত কৃষ্ণ কলিতা সোঁৱৰণী স্মৃতি তোৰণ উন্মোচন!
#সমাজকৰ্মী প্ৰয়াত কৃষ্ণ কলিতাৰ সোঁৱৰণত এই তোৰণ ভাগ প্ৰদান কৰে তেওঁৰ পৰিয়ালবৰ্গৰ হৈ জ্যেষ্ঠ পুত্ৰ ড°জয়ন্ত কলিতাই।
#নিজ পিতৃৰ স্মৃতি যোগমীয়া কৰাৰ লগতে সমাজৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে ড°জয়ন্ত কলিতাই।
#১নং শলমৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত বৰাৰ নেতৃত্বত প্ৰাণ পায় উঠা স্মৃতি তোৰণ খনি শুভ উন্মোচন কৰে নাওবৈচা শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া ৰিয়াজুদ্দিন বৰভূঞাই।

10/08/2026

#নাওবৈচাত নিন্দনীয় ঘটনা!
#নাওবৈচাৰ লখিমীগাঁৱৰ যুৱক কৃষ্ণ কান্ত বৰুৱাৰ পুখুৰীত বিহ দি কোনো দুৃৰ্বৃত্তই হত্যা কৰিলে হাজাৰ হাজাৰ মাছ।
#কৃষ্ণ কান্ত বৰুৱা নামৰ যুৱকজন ভাৰতীয় সামৰিক বাহিনীত কৰ্মসুত্ৰ বাহিৰত থাকে।
#নিজৰ কষ্টোপাৰ্জিত ধনেৰে মস্যপালনৰ জৰিয়তে সমাজৰ কাৰনে আৰ্দশ হৈ পৰা যুৱকজনৰ পৰিয়াল এতিয়া মানসিক ভাৱে ভাগি পৰিছে ।
#এইক্ষেত্ৰত নাওবৈচা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে দূৰ্ভগীয়া পৰিয়ালটোৱে।

10/08/2026

#নাওবৈচাত ষষ্ঠ লখিমপুৰ জিলা কেৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত!
#জিলা খনৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা প্ৰতিযোগীতাখনে জিলাখনৰ ক্ৰিয়া প্ৰতিভা বিকশিত কৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি!
#লখিমপুৰ জিলা কেৰাটে এচ্‌চিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত জিলাখনৰ কেইবাজনো ক্ৰিয়া সংগঠকৰ লগতে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা,লখিমপুৰ বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ড°অৰূপ কুমাৰ দত্ত আৰু লখিমপুৰ জিলা কেৰাটে এচ্‌চিয়েছনৰ সাধাৰণ সম্পাদক মনোজ গগৈকে মূখ্য কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

08/08/2026

#নাওবৈচা শিক্ষা খণ্ডত সংঘটিত হৈছে ব্যাপক দূৰ্ণীতি আৰু অনিয়ম!
#নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত বৰপথাৰ প্ৰাৰ্থমিক বিদ্যালয়ত মধ্যাহ্ণ ভোজনৰ নামত ৰ্দীঘদিনে অনিয়ম হৈ অহাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈ আহিছে।
#কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে আৱন্তিত পুষ্টিকৰ খাদ্য দীৰ্ঘদিনে ছাত্ৰ ছাত্ৰীক নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে।
#এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া সময়ত লক্ষ্যনীয় হব!

03/08/2026

#নেপালীখুঁটিত শ্ৰমদান RSS ৰ এটি বৃহৎ দলৰ!
#বন্যাৰ্তক এইদৰেই সহায় আগবঢ়াইছে লখিমপুৰৰ পৰা অহা দলটোৱে!
#যোৱা কেইবাটাও দিন RSS ৰ দলটোৱে বন্যাৰ্তৰ ঘৰৰ বোকা-পলস চাফা কৰি দূৰ্গতসকলক সহায় আগবঢ়াই আহিছে।

Address

Lakhimpur
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when TIMES of Lakhimpur Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share