20/08/2025
সৰ্বভাৰতীয় NEET পৰীক্ষাত উত্তীৰ্ণ হৈ কচুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গৌউছুল আজামে।
সৰ্বভাৰতীয় নেট পৰীক্ষাত ৪৯৮ নম্বৰেৰে উত্তীৰ্ণ হয় নগাঁও জিলাৰ কচুৱাৰ শিঙিমাৰীৰ গৌউছুল আজামে।
গৌউছুল আজামৰ পিতৃ আজিজুৰ ৰহমান এগৰাকী শিক্ষক।
সন্তানৰ সাফল্যত পিতৃ মাতৃৰ চকুত আনন্দৰ চকুলো।
গৌউছুল আজামে সৰ্বভাৰতীয় নেট পৰীক্ষাত উত্তীৰ্ণ হৈ ডিফু মেডিকেল কলেজত চিকিৎসকৰ আসনত অধ্যয়নৰ বাবে সুবিধা লাভ কৰে।
আজি গৌউছুল আজামৰ ঘৰত কেইবাগৰাকী বিশিষ্ট ব্যক্তি জালাল উদ্দিন,ৰমজান আলী, আব্দুল হাসেন,সাহাজ উদ্দিন,নজৰুল ইছলাম,আইজুল হক,উচমান আলী, জুৰিৰপাৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইমদাদুল আলমে উপস্থিত হৈ গৌউছুল আজাম আৰু তেওঁৰ পিতৃ মাতৃক ফুলাম গামোচা আৰু জাপিৰে বিপুল সম্বৰ্দ্ধনা জনাই।