DGCreates

DGCreates We love to travel...so does to share with you...
Come join us in this journey ❤️
Lots of LOVE

অনুৰোধ-৪🦠 পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে সচেতনতা 📢বন্ধুসকল, এই দৃশ্য আমাৰ সমাজত বাৰম্বাৰ দেখা যায়। মানুহে গুটখা বা পান খাই ৰ...
05/07/2025

অনুৰোধ-৪🦠 পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে সচেতনতা 📢

বন্ধুসকল, এই দৃশ্য আমাৰ সমাজত বাৰম্বাৰ দেখা যায়। মানুহে গুটখা বা পান খাই ৰাস্তাই ঘাটে পিকাই। যাৰ ফলত বিভিন্ন বেমাৰ বিয়পাৰ বাবে দলিচা পাৰি দিয়াৰ নিচিনা হয়। সেই থু-খেকাৰত থকা ভাইৰাছ সৰু ল’ৰা-ছোৱালীৰ খেলনাত লাগি, সিহতৰ বেমাৰ হোৱাৰ আশংকা বাঢ়ি যায়।

🙏 গতিকে অনুগ্ৰহ কৰি পথত, দেৱালত বা যিকোনো ৰাজহুৱা ঠাইত থু-খেকাৰ পেলাই পৰিবেশ বেয়া কৰাৰ পৰা আতৰত থাকক।

✅ ডাষ্টবিন ব্যৱহাৰ কৰক।
✅ পৰিষ্কাৰ ৰাখক।
✅ অসুখৰ সংক্ৰমণ ৰোধ কৰক।

পৰিষ্কাৰ সমাজ…সুস্থ সমাজ

আমি আটায়ে মিলি আইমাতৃক ভালকৈ ৰাখোঁ আহক।

বন্ধুসকল, আজিকালি আমি দেখোঁ বহু মানুহে ৰাস্তা, বজাৰ বা পথত জধে মধে আবর্জন পেলাই থোৱাটো এক স্বাভাৱিক অভ্যাস যেন কৰি লৈছে।...
04/07/2025

বন্ধুসকল, আজিকালি আমি দেখোঁ বহু মানুহে ৰাস্তা, বজাৰ বা পথত জধে মধে আবর্জন পেলাই থোৱাটো এক স্বাভাৱিক অভ্যাস যেন কৰি লৈছে। কিন্তু ভাবি চাওঁক, এই অভ্যাসে আমাৰ পৰিৱেশ, আমাৰ সন্তান-সন্ততিৰ স্বাস্থ্য কিমান বিপদত পেলায়!

এই ছবিখনত দেখুওৱাব চেষ্ঠা কৰিছোঁ কেনেদৰে সৰু ছোৱালীজনীয়ে নিজৰ মাক-দেউতাকক মানা কৰিছে…আমি ৰাস্তাত কিয় আবর্জনা পেলাওঁ? ই আমাৰ বাবে এক ডাঙৰ শিক্ষা। যদি শিশুৱেও এই কথাটো বুজে, আমি বয়স্ক হৈ কিয় নুবুজোঁ?

📚 ছবিখনৰ দ্বিতীয় অংশত দেখুওৱা হৈছে কেনেকৈ স্কুলত ছাত্ৰ-ছাত্ৰীক পৰিবেশৰ বিষয়ে শিকোৱা হয়, কিন্তু ঘৰত আমি ডাঙৰ বোৰে তাৰ বিপৰীত ছবি এখনহে দাঙি ধৰোঁ!

গতিকে মই ভাৱো এই শিক্ষা আমাৰ ঘৰতেই আৰম্ভ হ’ব লাগিব। শিশুক এদিন স্কুলত শিকালে কি হ’ব, যদিহে ঘৰত ব‍্যৱহাৰিকভাৱে ডাঙৰবোৰৰ পৰা শিকিব নোৱাৰে!
অনুৰোধ -৩
✅ সকলো আবর্জনা কেবল বিনত পেলাওক।
✅ পৰিষ্কাৰ অভিযানত অংশ লওঁক।
✅ পৰিয়ালক, বিশেষকৈ সৰু লৰা-ছোৱালীক এই কথা বুজাওক।
✅ নিজৰ ঘৰৰ চোপাশ চাফা ৰাখক।

শ্বেয়াৰ কৰক যাতে আমাৰ সমাজত সচেতনতা বাঢ়ে।
India

04/07/2025

দুয়োফালে স্তীয়ৰিং থকা অত‍্যাধুনীক জাৱৰ পেলোৱা গাড়ী। এনেকুৱা বাহন অষ্ট্ৰেলিয়াত জাৱৰ চাফা কৰাৰ বাবে ব‍্যৱহাৰ কৰা হয়। এওঁলোকৰ চৰকাৰে ৰাইজৰ টকাৰ সুব‍্যৱহাৰ কৰিছে আৰু লগতে নাগৰিকসকলেও নিজৰ দেশখনক চাফ-চিকুন কৰি ৰাখি বা দেশৰ কাৰণে সৰু বৰ সকলোঁ কথাৰ প্ৰতি চিন্তা কৰি প্ৰকৃত দেশপ্ৰেমৰ পৰিচয় দিছে। আমি ভাৰতবাসীয়েও নিজকে দেশপ্ৰেমী বুলি ভাৱো। সেয়েহে আমিও নিজৰ মাতৃভূমিক পৰিস্কাৰ ককি ৰাখিব লাগে। আহক লাহে লাহে আমাৰ মৰমৰ দেশখনৰ অলপ যত্ন লওঁ।

ৰাজহুৱা ঠাইত থু-খেকাৰ পেলাৱ নালাগে বুলি শৈশৱতেই পঢ়িছিলোঁ। ই এটা বহুতেই বেয়া অভ্যাস। ই ৰাস্তাঘাট আৱৰ্জনা কৰি দেখাত লেতে...
03/07/2025

ৰাজহুৱা ঠাইত থু-খেকাৰ পেলাৱ নালাগে বুলি শৈশৱতেই পঢ়িছিলোঁ। ই এটা বহুতেই বেয়া অভ্যাস। ই ৰাস্তাঘাট আৱৰ্জনা কৰি দেখাত লেতেৰা আৰু অসুৰক্ষিত কৰি তোলে। ইয়াৰ দ্বাৰা বৃদ্ধ মানুহবোৰৰ আৰু শিশুবোৰৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে আৰু ৰোগ বিয়পিব পাৰে। কোভিডৰ সময়ত আমি স্পষ্টকৈ দেখিলোঁ যে কেনেকৈ এই অভ্যাসে ৰোগৰ প্ৰসাৰ ঘটায়। সেয়ে আহক, আমি এই জঘন‍্য অভ‍্যাস ত‍্যাগ কৰোঁ। সকলোৰে বাবে ৰাজহুৱা ঠাই চাফা আৰু স্বাস্থ্যকৰ কৰি ৰাখোঁ।

অনুৰোধ -২ আজিৰ পৰা এটা সৰু অভ্যাস আৰম্ভ কৰোঁ আহক – ৰাস্তাত আবর্জনা নেপেলাই, তাক সঠিক ঠাইত পেলোৱা। মই অষ্ট্ৰেলিয়াত আহি এই...
02/07/2025

অনুৰোধ -২ আজিৰ পৰা এটা সৰু অভ্যাস আৰম্ভ কৰোঁ আহক – ৰাস্তাত আবর্জনা নেপেলাই, তাক সঠিক ঠাইত পেলোৱা। মই অষ্ট্ৰেলিয়াত আহি এই ভাল অভ‍্যাসটো শিকিলোঁ অজিসকলৰ পৰা। তেওঁলোকে নিজেটো বাহিৰত জাৱৰ নেপেলাইএ, যদি বাহিৰত পৰি থকা দেখে, সেইখিনিও উঠাই লৈ যায়। আমি তেওঁলোকতকৈ কোনো গুনে কম নহয়, গতিকে আমি কিয় নোৱাৰোঁ?
আপোনালোকেও চেষ্টা কৰক।
মহান ভাৰতক 🇮🇳 পুনৰ মহান কৰোঁ আহক আমাৰ আচৰণৰে। শুভৰাত্ৰি।

02/07/2025

আজিৰ সময়ত মৰেল পুলিচিং কৰা মানে এখন দুৰ্বল সমাজৰ চিনাকি…আইন নথকা দেশত অৱশ‍্যে বেলেগ কথা

অনুৰোধ-১ জাৱৰ সদায় দাষ্টবিনত পেলাওঁক… কেইদিনমান চেষ্ঠা কৰিলেই অভ‍্যাসত পৰিণত হব। যদি দাষ্টবিন নাথাকে, লগত লৈ আহি ঘৰত পেল...
02/07/2025

অনুৰোধ-১ জাৱৰ সদায় দাষ্টবিনত পেলাওঁক… কেইদিনমান চেষ্ঠা কৰিলেই অভ‍্যাসত পৰিণত হব। যদি দাষ্টবিন নাথাকে, লগত লৈ আহি ঘৰত পেলাই দিয়ক… অনুগ্ৰহ কৰি এবাৰ চেষ্ঠা কৰি চাওঁকচোন ❤️🙏❤️

02/07/2025

আজিৰে পৰা মই আমাৰ সকলোৰে মৰমৰ মহান দেশ ভাৰতভূমিক পুনৰ মহান বনাবলৈ নাগৰিক সচেতনতা (civic sense) বৃদ্ধি কৰাৰ প্ৰয়াসত কিছুমান চিন্তা-ধাৰণা বা মতামত মোৰ পেজখনত DGCreates শ্বেয়াৰ কৰিম। আপোনালোকৰ মতামত, পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছো। আহক, সকলো মিলি নাগৰিক ৰূপে দায়িত্ববান হৈ ভাৰতক আৰু মহান কৰোঁ 🇮🇳


সৰু সৰু কথাবোৰ… এখন সুখী সমাজৰ বাটচৰা …
27/06/2025

সৰু সৰু কথাবোৰ… এখন সুখী সমাজৰ বাটচৰা …

22/06/2025

🎥 VLOG 100 - AZDOME M550 DASH CAM REVIEW
Welcome to our 100th vlog! In this special episode, I review the Azdome M550 Dash Cam – one of the most talked-about dash cameras on the market. From triple channel recording to night vision and GPS tracking, find out why this dash cam could be the best investment for your car in 2025!

🔍 What’s Inside the Video?
✅ Unboxing the Azdome M550
✅ Key features
✅ Why you should consider buying it
✅ Pros & cons after hands-on experience

🚗 Whether you’re a rideshare driver, a road tripper, or just someone who values road safety – this dash cam might be exactly what you need!

👇 Watch the full review and decide for yourself!

বহুদিনৰ মূৰত ভিডিঅ’ এটা দিলুং… ইউটিউবত চাব পাৰিব
12/06/2025

বহুদিনৰ মূৰত ভিডিঅ’ এটা দিলুং… ইউটিউবত চাব পাৰিব

Address

Patacharkuchi

Alerts

Be the first to know and let us send you an email when DGCreates posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category