News Wide Assam

News Wide Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Wide Assam, Media/News Company, Rangapara.
(2)

লংকাৰ ডাৱলং বিলপাৰৰ পৰা ১৫ টা ড্ৰাগছৰ কণ্টেইনাৰসহ দুজনক আটক অসম আৰক্ষীৰ ।আটকাধীন দুজনৰ নাম ক্ৰমে নুৰ আহমেদ আৰু মুচতাফা আ...
15/08/2026

লংকাৰ ডাৱলং বিলপাৰৰ পৰা ১৫ টা ড্ৰাগছৰ কণ্টেইনাৰসহ দুজনক আটক অসম আৰক্ষীৰ ।আটকাধীন দুজনৰ নাম ক্ৰমে নুৰ আহমেদ আৰু মুচতাফা আহমেদ । দুয়োৰে ঘৰ ইছলাম বস্তিত ।

মিছামাৰীত ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ।
14/08/2026

মিছামাৰীত ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ।

12/08/2026

বিশ্ব হস্তী দিৱস উপলক্ষে...

12/08/2026

চাৰিদুৱাৰৰ চতাই ৰিহাজুলিত টি এম পি কেৰ অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণঃ দোষীক উচিত শাস্তি প্ৰদান

শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি ইংৰাজী ১১/৮/২০২৬ তাৰিখে পি এমশ্ৰী কদমতল হাইস্কুলত হাতী-মানুহৰ সংঘাতৰ সজাগতা সভা অনুষ্ঠিত হয়।...
11/08/2026

শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি ইংৰাজী ১১/৮/২০২৬ তাৰিখে পি এমশ্ৰী কদমতল হাইস্কুলত হাতী-মানুহৰ সংঘাতৰ সজাগতা সভা অনুষ্ঠিত হয়। সভাত চেভ এলিফেণ্ট সংস্থাৰ সভাপতি পংকজ নাথ, সম্পাদক চাহিন আহমেদ, ৰঙাপৰা আমৰিবাৰী মধ্যম বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া চাবিনা ইয়াছবিন, পি এমশ্ৰী কদমতল হাইস্কুলৰ প্ৰধান শিক্ষক চন্দন চক্ৰৱৰ্তী, হাতীপুখুৰী গাঁৱৰ গাঁওপ্ৰধান তপন বড়ো, চেভ এলিফেণ্ট সংস্থাৰ উপদেষ্টা বলেন চক্ৰৱৰ্তী, বিপুল মেছ, অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটিৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। সভাত খাদ্যৰ সন্ধানত বন্যহস্তী জনাঞ্চললৈ ওলাই আহিলে আতংকিত আৰু হুলস্থূলীয়া পৰিৱেশ সৃষ্টি নকৰি নিৰাপদ স্থানত অৱস্থান কৰিবলৈ পৰামৰ্শ দিয়ে। বন্যহস্তী দেখাৰ লগে লগে বন বিভাগক অৱগত কৰাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। বন্যহস্তীক নিজাববীয়াকৈ খেদিবলৈ যোৱা, হাতীৰ ওচৰলৈ গৈ ফটো তুলিবলৈ চেষ্টা কৰা আদি কাৰ্য অত্যন্ত বিপদজনক বুলি সকলোৱে উল্লেখ কৰে।উল্লেখ্য যে ৰঙাপৰা অঞ্চলত হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ লক্ষ্যৰে চেভ এলিফেণ্ট সংস্থাই নিয়মীয়াকৈ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। উল্লেখ্য যে ৰঙাপৰা চেভ এলিফেণ্ট সংস্থাটো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গঠন হোৱাৰ পাছৰে পৰা স্থানীয় ৰাইজৰ মাজত বিনামূলীয়াকৈ টৰ্চ লাইট বিতৰণ কৰাৰ লগতে বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থাৰ সহযোগত বিভিন্ন জনসচেতনতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।


11/08/2026
মিছামাৰীৰ দীঘলজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীসহ এগৰাকী গৰ্ভৱতী মহিলাৰঃ গুৰুতৰভাৱে আহত বাইক আৰো...
11/08/2026

মিছামাৰীৰ দীঘলজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীসহ এগৰাকী গৰ্ভৱতী মহিলাৰঃ গুৰুতৰভাৱে আহত বাইক আৰোহীঃ চিকিৎসালয়ৰ জৰুৰীকালীন সেৱাক লৈ প্ৰশ্ন

নিউজ ৱাইড অসম ডেক্স
ৰঙাপৰা, ১১ আগষ্টঃ শোণিতপুৰ জিলাৰ মিছামাৰীৰ দীঘলজুলিত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীসহ এগৰাকী গৰ্ভৱতী মহিলাৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু গভীৰ শোকৰ ছাঁ পেলাইছে। ঘটনাৰ বিৱৰণী অনুসৰি, নিশা প্ৰায় ৯–৩০ বজাত পৱিত্ৰ শাওন মাহ উপলক্ষে অন্য শিৱভক্তসকলৰ সৈতে তেজপুৰৰ গণেশঘাটস্থিত শিৱ মন্দিৰলৈ যোৱাৰ উদ্দেশ্যে গেৰুৱা বসন পৰিধান কৰি কঠালগুৰি-দীঘলজুলি সংযোগী পথৰ দাঁতিত বাহনৰ বাবে অপেক্ষা কৰি আছিল মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত জীয়াগাভৰু গাঁৱৰ গোবিন কুমাৰৰ তৃতীয় সন্তান তথা উত্তৰ মিছামাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিকিতা কুমাৰ (১৭) আৰু ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত চেঁচা চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ বাসিন্দা অভিষেক কৰ্মকাৰৰ পত্নী আশা কৰ্মকাৰ (১৯)। ঠিক সেই সময়তে গৰুবন্ধাৰ দিশে তীব্ৰবেগত গৈ থকা এ এছ ১২ এ পি ৯১৩২ নম্বৰৰ এখন পালছাৰ মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই দুয়োগৰাকীকে প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত দুয়োগৰাকী ভক্তই গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে মৃত্যুক সাৱটি লয়। ইফালে, দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজে আহতসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে মৃত্যুঞ্জয় ১০৮ সেৱাৰ সৈতে যোগাযোগৰ চেষ্টা কৰে যদিও সময়মতে সংযোগ স্থাপন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে।অৱশেষত বলবম যাত্ৰাৰ বাবে অহা এখন টাটা মেজিক মালবাহী বাহনেৰে আহতসকলক গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসকে দুয়োগৰাকীকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই মটৰ চাইকেলখন পথৰ কাষৰ খেতিপথাৰত বাগৰি পৰে। দুৰ্ঘটনাত মটৰ চাইকেলখনৰ আৰোহী গৰুবন্ধাৰ ৰমেন বড়ো গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, মৃত আশা কৰ্মকাৰ চেঁচা চাহ বাগিচালৈ বিয়া হৈ অহা আৰু প্ৰায় চাৰি মাহৰ গৰ্ভৱতী আছিল। শাওন মাহ উপলক্ষে তেওঁ মাতৃগৃহত থাকি ধৰ্মীয় নিয়ম পালন কৰি আছিল বুলি জানিব পৰা গৈছে। পথ দুৰ্ঘটনাটিৰ সন্দৰ্ভত মিছামাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত দুয়োটা পৰিয়ালক গতাই দিয়ে। গাঁৱৰ ৰাইজে এক শোকাকুল পৰিৱেশৰ মাজত ৰাজহুৱা শ্মশানত সৎকাৰ কাৰ্য সম্পন্ন কৰে।

চিকিৎসালয়ৰ জৰুৰীকালীন সেৱাক লৈ অভিযোগঃ এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা সেৱাক লৈও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, দুৰ্ঘটনাত আহত নিকিতা কুমাৰক গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পৰ্যাপ্ত চিকিৎসক, জৰুৰীকালীন চিকিৎসা ব্যৱস্থা আৰু এম্বুলেঞ্চ সেৱাৰ অভাৱত সময়মতে উন্নত চিকিৎসা লাভ নকৰাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি অভিযোগ তোলে ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ, গৰুবন্ধাৰ চিকিৎসালয়খন ‘মডেল হস্পিতাল’ হিচাপে পৰিচিত হ’লেও বাস্তৱ ক্ষেত্ৰত ইয়াত নিশাৰ ভাগত পৰ্যাপ্ত চিকিৎসক, জৰুৰীকালীন চিকিৎসা সেৱা আৰু এম্বুলেঞ্চৰ ব্যৱস্থা পৰ্যাপ্ত নহয়। বিশেষকৈ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰোগীক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত এনে অভাৱ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি ৰাইজে মত প্ৰকাশ কৰে। ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে— এখন চিকিৎসালয়ত যদি জৰুৰীকালীন অৱস্থাত আহত ৰোগীক সময়মতে চিকিৎসা প্ৰদান আৰু প্ৰয়োজন অনুসৰি উন্নত চিকিৎসালয়লৈ স্থানান্তৰৰ বাবে পৰ্যাপ্ত এম্বুলেঞ্চ তথা চিকিৎসা ব্যৱস্থা নাথাকে, তেন্তে ‘মডেল হস্পিতাল’ৰ মৰ্যাদা কিমান যুক্তিসংগত? স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ গৃহ জিলাতে চৰকাৰী চিকিৎসালয়ৰ জৰুৰীকালীন চিকিৎসা সেৱাক লৈ এনে অভিযোগ উত্থাপন হোৱাত বিষয়টোৱে বিশেষ তাৎপৰ্য লাভ কৰিছে। স্থানীয় ৰাইজে গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক নিযুক্তি, ২৪ ঘণ্টীয়া জৰুৰীকালীন চিকিৎসা সেৱা আৰু পৰ্যাপ্ত এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।
পংকজ নাথ, ৰঙাপৰা।

11/08/2026

*মিছামাৰীত স্প্ৰিংডেল ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ
*পথ দুৰ্ঘটনা ৰোধ আৰু নৱপ্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ

11/08/2026

মিছামাৰীৰ দীঘলজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা
থিতাতে নিহত নৱম শ্ৰেণীৰ ছাত্ৰীসহ গৰ্ভৱতী মহিলা
চিকিৎসা সেৱাৰ দুৰৱস্থাক লৈ ক্ষোভ

Address

Rangapara

Telephone

+917002505062

Website

Alerts

Be the first to know and let us send you an email when News Wide Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share