08/07/2025
🔴 বুধবাৰে ভাৰত বন্ধত বেংকিং, বীমা, ডাক, খনি, নিৰ্মাণ আদি খণ্ডৰ ২৫ কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী সংস্থাসমূহৰ যৌথ মঞ্চই ঘোষণা কৰিছে যে চৰকাৰৰ ‘শ্ৰম বিৰোধী, কৃষক বিৰোধী নীতি’ৰ প্ৰতিবাদত এই ধৰ্মঘট অনুষ্ঠিত কৰা হ’ব। এক বিবৃতিত দহটা ইউনিয়নৰ যৌথ মঞ্চই দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰিবলৈ আহ্বান জনাইছে। বিবৃতিটোত কোৱা হৈছে যে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক/অসংগঠিত অৰ্থনীতিৰ সকলো খণ্ডৰ সংস্থাই সাধাৰণ ধৰ্মঘটৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ট্ৰেড ইউনিয়নসমূহে কি ঘোষণা কৰিছে?
‘নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ’ৰ অমৰজিৎ কৌৰৰ মতে কৃষক আৰু গ্ৰাম্য শ্ৰমিকেও এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব। ইয়াৰ ফলত সমগ্ৰ দেশতে ৰাজহুৱা সেৱাত ব্যাঘাত জন্মিব পাৰে। দহটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী মঞ্চই বুধবাৰে দেশজোৰা সাধাৰণ ধৰ্মঘট বা ভাৰত বন্ধৰ আহ্বান জনাইছে।
শ্ৰমিকসকলৰ কি দাবী?
- নিবনুৱা সমস্যাৰ সমাধান, অনুমোদিত পদত নিযুক্তি
- অধিক চাকৰিৰ সৃষ্টি
- এমএনৰেগা শ্ৰমিকৰ কৰ্মদিন আৰু পাৰিতোষিক বৃদ্ধি আৰু নগৰ অঞ্চলৰ বাবে অনুৰূপ আইন প্ৰণয়ন
ৰাজহুৱা সেৱাৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব?
এই ধৰ্মঘটৰ বাবে বেংকিং, ডাক, কয়লা খনন, কাৰখানা আৰু ৰাজ্যিক পৰিবহণ সেৱাত প্ৰভাৱ পৰিব বুলি ‘হিন্দ মজদুৰ সভা’ৰ হৰভজন সিং সিদ্ধুৱে প্ৰকাশ কৰিছে। অৱশ্যে, বেংকিং আৰু ৰে’লৱে’ ইউনিয়নে বেংক বন্ধ বা ৰে’ল সেৱাত ব্যাঘাত জন্মা সন্দৰ্ভত পৃথকে পৃথকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ট্ৰেড ইউনিয়নৰ তথ্য অনুসৰি- বুধবাৰে বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয় খোলা থকাৰ সম্ভাৱনা আছে।