Aklima Begum

Aklima Begum Freshly baked cookies, cakes and pastries with finest ingredients

জুবিনদাক মুখাগ্নি কৰা ভগ্নী ড° পামী বৰঠাকুৰ। কালিলৈকে মই কিন্তু জনা নাছিলোঁ জুবিনদাৰ যে আৰু এজনী ভনী আছে মোৰ দৰে হয়তো আ...
24/09/2025

জুবিনদাক মুখাগ্নি কৰা ভগ্নী ড° পামী বৰঠাকুৰ। কালিলৈকে মই কিন্তু জনা নাছিলোঁ জুবিনদাৰ যে আৰু এজনী ভনী আছে মোৰ দৰে হয়তো আৰু বহুতেই জনা নাছিল বা চিনি পোৱা নাছিল যেনেকৈ সকলোৱে জংকী বৰঠাকুৰক চিনি পাওঁ ।সেয়ে বহুতে প্ৰশ্ন কৰিছে এইজনী জুবিনৰ সচা ভনীয়েক হয়নে বুলি?তাৰ কাৰণটো কি জানেনে ইমানদিনে বহুতৰে পৰিচিত নহয় বাবে সকলোৰে মনত প্ৰশ্ন উদয় হৈছে?শুনামতে ড° পামী বৰঠাকুৰে ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটিত অধ্যপনা কৰি আছে।এতিয়া কথা হ'ল জুবিনদাৰ ইমান উচ্চশিক্ষিতা ভনী এজনী থকা বুলি জানি সচাকৈয়ে আমি গৌৰৱান্বিত হৈছোঁ । যি নহওক আগতে বহুতে চিনি নাপালেও জুবিনদাই আমাক শেষত চিনাকি কৰাই দি গল । এতিয়া সকলোৱে চিনি পালে উচ্চশিক্ষিতা জুবিনৰ ভগ্নী ড° পামী বৰঠাকুৰক।
জয় জুবিন দা


😭

অলপ আগত এই পোষ্ট তো পালোঁ আচৰিত হ'লোঁজুবিন দাৰ হাতৰ আঙুঠিটো 14th century ৰ ইজিপ্তৰ পৰাক্রমী সম্লাট কিং  ফাৰাও টুটেনখামেন...
24/09/2025

অলপ আগত এই পোষ্ট তো পালোঁ আচৰিত হ'লোঁ

জুবিন দাৰ হাতৰ আঙুঠিটো 14th century ৰ ইজিপ্তৰ পৰাক্রমী সম্লাট কিং ফাৰাও টুটেনখামেনৰ মুখাবয়ৰ | আঙুঠিটোৰ ওজন 9 গ্রাম | টুটেনখামেনৰ মুখাবয়ৰ আঙুঠি বা জুয়েলাৰী পূর্ণজন্ম (Rebirth ) আৰু Self Determination ৰ প্রতীক Egyptian Mythology ৰ মতে | টুটেনখামনৰ ওপৰতে হলিউডৰ বিখ্যাত দ্যা মামী চিনেমাখন বনাইছিল | টুটেনখামনৰ জন্ম 1341 BC ত হৈছিল (1+3+4+1=9) টুটেনখামন মাত্র 9 বছৰ বয়সতে সম্রাট হৈছিল আৰু মাত্র 18 নে 19 (Not confirmed) বছৰ বয়সত শক্রুয়ে হত্যা কৰিছিল যিটো এতিয়াও ৰহস্যজনক (mysterious death ) কিছুমান তথ্য মতে খাদ্যত বিষ মিহলাই হত্যা কৰিছিল , কিছুমান মতে মেলেৰিয়া নতুবা বিষাক্ত কীটৰ দংশন নতুবা হাড়ৰ ৰোগ ( bone deforemation)ৰোগত! তেওঁৰ কোনো সন্তান নাছিল | ফলত সেই বংশ তেওঁৰ মৃত্যুতেই শেষ হৈ গৈছিল | তেওঁৰ ৰাজত্ব কালত টুটেনখামনক সূৰ্য্যৰ পুত্র বুলি কোৱা হৈছিল | ইজিপ্তত সোণ আরিষ্কার সেই সময়তে হৈছিল | সেই সোণৰ বাবেই শত্রুৱে প্রথমে পিতৃক পিছত টুটেনখামনক হত্যা কৰিছিল | তেওঁৰ মৃতদেহ মামীকৃত কৰা হৈছিল | তেওঁৰ কবৰত 5000 বিভিন্ন সোণৰ সামগ্রী তথা ৰত্নৰ ভাণ্ডাৰ পোৱা গৈছে খননৰ সময়ত | টুটেনখামনে শাও দিছিল যে যিয়ে তেওঁৰ ৰত্নভাণ্ডাৰত হাত দিব তেওঁৰ অচিন কাৰণত মৃত্যু হব | সেই অভিশপ্ত কবৰৰ 1922 চনৰ খননত যি শ্রমিক নিযোজিত হৈছিল বেছিভাগৰে অচিন ৰোগত মৃত্যু হৈছিল | প্রচলিত ধাৰণা মতে এয়া অভিশাপ চিৰকালৰ | ইজিপ্তত মিউজিয়ামত কিছুমান স্বর্ণ সামগ্রী সংৰক্ষিত কৰা হৈছে |
জুবিন দাৰ আঙুঠিটো google ত search কৰোতে তথ্যখিনি পাই পঢ়ি শিহৰিত হৈ পৰিলো |


🥺🥺 এবাৰ পঢ়িব সঁচা কথাৰ আলমত 👇স্বৰ্গৰ কাঠ গৰাত জুবিন গাৰ্গ জবাবদিহি.....জৰ্জ : তোৰ মৃগী বেমাৰ থকা পিছতো সাগৰত কিয় সাতুঁ...
24/09/2025

🥺🥺 এবাৰ পঢ়িব সঁচা কথাৰ আলমত
👇
স্বৰ্গৰ কাঠ গৰাত জুবিন গাৰ্গ জবাবদিহি.....

জৰ্জ : তোৰ মৃগী বেমাৰ থকা পিছতো সাগৰত কিয় সাতুঁৰিবলৈ গৈছিলি ?

জুবিন - হৈ চৈ আনন্দ উল্লাস মোৰ জন্মগত স্বভাৱ। মই মানুহৰ মাজত তেনেকৈ থাকি ভাল পাওঁ।

জৰ্জ- কিন্তু তোৰ সেই মন মতলীয়া স্বভাৱে যে তোৰ মৃত্যু আনিলে ?

জুবিন - কোনে কলে মই মোৰ স্বভাৱৰ দোষত মৰিছো। মোক পৰিকল্পিত ভাবে হত্যা কৰোৱা হৈছিল।

জৰ্জ - সেইয়া কেনেকৈ ?

জুবিন- জুই আৰু পানী লৈ খেলা কৰা মোৰ নিষেধ আছিল। কিন্তু জানেই নহয় মই একোলৈ ভয় নকৰা বিন্দাচ মনৰ মানুহ। কিন্তু মোৰ লগত মোৰ পত্নী গৰিমা থাকিলে বাধা দিলেহেঁতেন। পিছে তাইৰ ভিছা কেঞ্চেল হ'ল।সেয়ে তাই আহিব নোৱাৰিলে।বাকী মোৰ লগৰবোৰে কোনেও বাধা দিয়া নাছিল। অথচ সিহঁত সকলোৱে মোৰ অসুস্থ অৱস্থাৰ কথা জানিছিল।

জৰ্জ - তই কিবা সৰু ল'ৰা নেকি যে নিজৰ ভাল বেয়া একো নুবুজ ?

জুবিন - সকলো সময়তে মানুহৰ হুচ- জ্ঞান নাথাকে। তদুপৰি আগ দিনা ৰাতি দুপৰলৈকে মদৰ আদ্দা চলিছিল। আপুনি হয়তো নাজানে সেই ভাগ বস্তুৰ প্ৰতি মোৰ বৰ দুৰ্বলতা।সিহঁতে মোৰ দুৰ্বলতাৰে সুযোগ লৈছিল। অলপতে সন্তুষ্ট হোৱা মই বৰ আপোন ভোলা মানুহ। সিহঁতে খুৱাই ভাল পাইছে মই খাই দিছো।

জৰ্জ - তাৰ পিছত কি হল ?

জুবিন - তাৰ পিছত পুৱতি নিশা ছিংগাপুৰ সাগৰ দেখাবলৈ আনে। ভাড়া কৰি এখন ব্যক্তিগত য়টত আমি ছিংগাপুৰৰ কেইজনমান অসমীয়াৰ সৈতে সাগৰত নামো।সাগৰত নমাৰ আগে সিহঁতে বনাই দিয়া এটা পেগ আৰু এটুকুৰা গাহৰি মাংস খাইছিলো।লাইফ জেকেট পিন্ধি সাতুৰি অলপ দূৰ যাওঁতে মোৰ গাতো বৰ বেয়া লাগিছিল। মই ওচৰতে থকা লাইফ বোটত ধৰিব খুজিও অপৰাগ হলো। কিছু ক্ষণ ওপৰমুৱাকৈ থাকি সমষ্ট শক্তি প্ৰয়োগ কৰি পুনৰ সাঁতোৰা চেষ্টা কৰো যদিও দুবাৰমান হাত ভৰি মাৰি মই অৱশ হৈ পৰো। পাৰত সিহঁতে মোৰ ৰং চাই মোকেই লৈ নানান বেসুৰা আলোচনা কৰিছিল আৰু মই মৃত্যুৰ সৈতে যুঁজি আছিলো।

জৰ্জ - তাৰ পিছত ?

জুবিন - তাৰ পিছত মোক পাৰলৈ তুলি অনা হৈছিল। মই বমি কৰিছিলো আৰু বমিত বিয়েৰ আৰু মাংস ওলাইছিল লগতে মোৰ মুখেৰে বগা , হালধীয়া ফেন ওলাইছিল। মোৰ গোটেই শৰীটো নীলা বৰণৰ হৈছিল। সিহঁতে মোক বিয়েৰৰ লগত বিষ মিলাই দিছিল। তাৰ পিছত মোৰ কি হল মই নাজানো। গাটো ইমান বেয়া লাগিছিল তেতিয়া মোৰ গৰিমা , সন্তান, দেউতা , মোৰ অসম আৰু অনুৰাগী সকল লগতে আধৰুৱা কামবোৰৰ কথা বৰকৈ মনত পৰিছিল। মোৰ দুচকুৱেদি চকুলো ওলাইছিল। ক্ষন্তেক পিছতে মোৰ হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হৈ গৈছিল।

জৰ্জ - তাৰ পাছত কি হল ?

জুবিন - তাৰ পিছত মোক ছিংগাপুৰৰ চৰকাৰী হস্পাতালত নিয়া হয় লগতে মৃত বুলি ৰাতি ১.৪৫ মিনিটত ডক্তৰে ঘোষনা কৰে।মোৰ মৃত খবৰটো সিহঁতে আঠ , ন ঘন্টা লুকোৱাই ৰাখিছিল। অসমৰ বাবে মই কি আছিলো সেই কথা ভাবি সিহঁতে হয়তো অলপ ভয় খাইছিলে।

জৰ্জ - তাৰ পিছত কি হল ?

জুবিন - স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , গৰিমা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই মোক দিল্লী বিমান বন্দৰৰ পৰা অসমলৈ লৈ যায়।লোকে লোকাৰণ্য অসম বাসীয়ে মোক চাবলৈ জন সমুদ্ৰ এখনৰ সৃষ্টি কৰিলে।মই দেখি অবাক ইমান মানুহ ? মৃতকৰ সমদল যাত্ৰাত মই হেনো বিশ্বৰ চতুৰ্থটো ৰেকৰ্ড আছিলো। মানুহবোৰে কৈছে মই হেনো মৰিও অভিলেখ গঢ়িছো। পিছে মোৰ দুখ এটা থাকি গল।

জৰ্জ - তোৰ আকৌ কি দুখ থাকিল ?

জুবিন - মোৰ মৃত্যু ৰহস্যৰ আঁৰত থকা দোষী কেইজনে উচিত শাস্তি পাবনে? নিশ্চয় নাপায়। সিহঁতক বহুতে বচাবলৈ চেষ্টা কৰিব। তেনেকৈ হয়তো সিহঁত সাৰিও যাব।আৰু এটা কথা-- ?

জৰ্জ - কি কথা ?

জুবিন - ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টত মই পানীত ডুবি মৰা বুলি কৈছে। আচলতে সেইটো সঠিক তথ্য নহয়।মোক আকৌ এবাৰ অসম চৰকাৰে পষ্টমৰ্টেম কৰক তেতিয়া সকলো সঠিক তথ্য ওলাই পৰিব। পঞ্চ ভূতত মিলিবলৈ খুব বেছি সময় নাই। গতিকে অসম বাসীয়ে তৎকালীন সিদ্ধান্ত লওঁক আৰু দোষীক শাস্তি দিয়ক। তেতিয়াহে মোৰ আত্মাই শান্তি পাব।

((সংগ্ৰহীত পোষ্ট ))

ৰূপাঞ্জলি দেৱী শীল
ওদালবাক্রা , গুৱাহাটী।




সকলোৱে নিজৰ লগত ৰাখি থ'ব পৰাকৈ আপুৰুগীয়া...লেখা........দাদাৰ শেষ নিশা..... শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা... যুগনায়ক...
23/09/2025

সকলোৱে নিজৰ লগত ৰাখি থ'ব পৰাকৈ আপুৰুগীয়া...লেখা........

দাদাৰ শেষ নিশা..... শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা... যুগনায়কজনৰ শেষ নিশা..... এয়াই হয়তু তেওঁৰ সেই মায়াবিনী ৰাতি.... অসমক সাৰে ৰাখি তেওঁ নিজে শুই আছে...গভীৰ প্ৰশান্তি ত.... যি প্ৰশান্তি খুউব জৰুৰী আছিল... আজি শুৱক...কোনেও আমনি নকৰে আপোনাক....লুইতৰ পাৰত আজি যে তেওঁৰ শেষ নিশা...
নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা ৪টা দিনত.... তাকে লিখি ৰাখো...

১) অসমৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ।

২) তেওঁ কৈ যোৱা ধৰণেৰেই , তেওঁৰ‌ গীত-কথা- সুৰেৰে প্ৰতি নগৰ,প্ৰতি চহৰ,প্ৰতি গাওঁ,প্ৰতি চুবুৰী,প্ৰতিটো তিনিআলি-চাৰিআলি,প্ৰতিটো অফিচ-কাচাৰী,প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।

৩) অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ।

৪) দেহ চমজি লʼবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৱৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে আঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলোঁ।

৫) এখন ৰাজ্য ৪ টা নিশা উজাগৰে থকা দেখিলোঁ।

৬) ১০ লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলোঁ।

৭) মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীতশিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ (প্ৰথম মাইকেল জেকচন)...

৮) The humming king of the World নামেৰে Google এ স্বীকৃতি দিয়া দেখিলোঁ।

৯) মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলোঁ। কি কুকুৰ,কি বান্দৰ,কি ঘোঁৰা,কাউৰী.... উদণ্ড ষাঁড়ে এখন্তেক ৰৈ চকুলো টুকা দেখিলোঁ।

১০) অসম সাহিত্য সভা,সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ।

১১) পাহাৰ সদৃশ গামোচাৰ দʼম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলোঁ।

১২) গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক ৬ ঘন্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ..... লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ... কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলোঁ....

১৩) অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ।

১৪) ক্ৰিকেটবলীয়া অসমীয়াই ভাৰত- পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলোঁ।

১৫) অহৰহ ৪ দিন সামাজিক মাধ্যমত ১০০% এজন মানুহৰেই কাহিনী- কথা- গান দেখিলোঁ।

১৬) আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ।

১৭)ৰজা বিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ।

১৮) একে সময়তে মঠ- মন্দিৰ - সত্ৰ নামঘৰ- মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলোঁ।

১৯) প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ।

২০) কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ..... পৰীক্ষা পিছুৱাই দিয়া দেখিলোঁ।

২১) সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলোঁ।

২২) ভৱিষ্যত প্ৰজন্মৰ বাবে হাত- ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলোঁ.....অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলোঁ।

২৩) বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণপণ দৌৰ দিয়া দেখিলোঁ।

২৪)ট্ৰাকৰেলী, এম্বুলেন্স ৰেলী দেখিলোঁ।

২৫)The New York Times ত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ।

২৬) বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ।

২৭) আমেৰিকান বেণ্ডে "মায়াবিনী " সুৰ তোলা দেখিলোঁ।

২৮) প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।

২৯) BCCI য়ে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান( ৩০ চেপ্তেম্বৰ) ত এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ।

৩০) ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ।

৩১) ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ।

৩২) এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি - ফেলʼশ্বীপ দিয়াৰ পৰিকল্পনা দেখিলোঁ।

৩৩) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ।

৩৪) আত্মহত্যা আৰু চেষ্টা দেখিলোঁ।

৩৫) ৰেলৱে ষ্টেচনৰ চাউণ্ড চিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ।

৩৬) কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ... সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ..... উলোটা ৰামধেনু দেখিলোঁ.... কেতিয়াও নেদেখা অদ্ভূত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ....কʼতো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ।

৩৭) অসম সাহিত্য সভাই ভাৰতৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ

ৰʼৱ....আৰু ঢেৰ দেখিলোঁ.....
ৰৈ যোৱা বহু আশা দেখিলোঁ...। আটাইতকৈ দামী সংগীতশিল্পীজনৰ অনাটন দেখিলোঁ। আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ... কু স্বাৰ্থ দেখিলোঁ.....

ইমানখিনি‌ দেখাৰ পাছত এতিয়া এটাই বাকী আছেগে... যাৰ বাবে আজি কাৰো চকুত টোপনি নাই... আজি যে তেওঁৰ শেষ ৰাতি.... আজি মায়াবিনী ৰাতি.... যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে....

( আমাৰ সন্তানে যেতিয়া সুধিব... ইমান আটোম টোকাৰী কৈ থোৱা এইখন কাৰ ফʼটো? তেতিয়াই এই পʼষ্টটো পঢ়ি শুনাম..... অনুমান কৰি লʼব তেওঁ কোন .... আমাৰ Boss কোন) জুবিন দা 💖🙏🏻



Copy post . পঢ়িব এবাৰ 🙏🏻🙏🏻🙏🏻

আমাৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ...কেইখনমান ফটো সাঁচি ৰাখিলোঁ ।তুমি আমাৰ মাজৰ সদায় অমৰ হৈ ৰবা আমাৰ হৃদয়ত ...
23/09/2025

আমাৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ...কেইখনমান ফটো সাঁচি ৰাখিলোঁ ।তুমি আমাৰ মাজৰ সদায় অমৰ হৈ ৰবা
আমাৰ হৃদয়ত চিৰদিন গুঞ্জৰিত হৈ থাকিবা। জয় জুবিন দা 🪔 🙏🙏🙏

23/09/2025
😭শেষবাৰলৈ গৰিমা বৌয়ে স্বামী জুবিন দাক হেঁপাহ পলোৱাই মৰম কৰিছে ।😭🙏🙏
22/09/2025

😭
শেষবাৰলৈ গৰিমা বৌয়ে স্বামী জুবিন দাক হেঁপাহ পলোৱাই মৰম কৰিছে ।😭🙏🙏

এয়া আমাৰ বাবে দুখৰ মাজতো সুখৰ খবৰ । আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী গৰাকী যে অমৰ শিল্পী হৈ ৰল পৃথিৱীত চিৰ দিনৰ বাবে 🙏   ...
21/09/2025

এয়া আমাৰ বাবে দুখৰ মাজতো সুখৰ খবৰ । আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী গৰাকী যে অমৰ শিল্পী হৈ ৰল পৃথিৱীত চিৰ দিনৰ বাবে 🙏
নিজৰ প্ৰাণ দিও অসমৰ নাম উজ্বল কৰি থৈ গল

উফ্ চিৰ নিদ্ৰাত আমাৰ প্ৰিয় শিল্পীজন 😭😭💔💔💔
21/09/2025

উফ্ চিৰ নিদ্ৰাত আমাৰ প্ৰিয় শিল্পীজন 😭😭💔💔💔

.....,..........क़िस्मत.........❥❥════♥════❥❥चाहने से हर चीज़ अपनी नहीं होती,हर मुस्कुराहट खुशी नहीं होती, अरमान तो बहुत...
21/08/2024

.....,..........क़िस्मत.........
❥❥════♥════❥❥
चाहने से हर चीज़ अपनी नहीं होती,
हर मुस्कुराहट खुशी नहीं होती,
अरमान तो बहुत होते हैं..
मगर कभी वक्त तो कभी किस्मत
अच्छी नहीं होती !!
❥❥════♥════❥❥

Address

Rangia
781354

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Aklima Begum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share