09/02/2026
#পৰীক্ষাৰ্থীলৈ_বিশেষ_বাৰ্তা
অহা সপ্তাহৰ পৰা আৰম্ভ হ'বলগীয়া হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত (HS) পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকললৈ অযুত শুভেচ্ছা যাচিলোঁ।
পৰীক্ষাৰ এই গুৰুত্বপূৰ্ণ সময়ত মোৰ শিক্ষকতা আৰু শিক্ষা জীৱনৰ সৰু-সুৰা অভিজ্ঞতাৰ পৰা পোৱা ৫০ টা দিহা-পৰামৰ্শ পৰীক্ষাৰ্থীলৈ বুলি আগবঢ়ালোঁ।
এইখিনি কোনো কোনো বিভাগীয় ধৰাবন্ধা নিয়ম নহয়, ব্যক্তিগত অনুভৱ হে। যদি কিবা প্ৰয়োজনীয় বুলি ভাবা,তেন্তে গ্ৰহণ কৰিব পাৰা।
১) কেৱল 'ৰিভিচন' (Revision): এতিয়া নতুনকৈ কোনো কঠিন বিষয় বা পাঠ আৰম্ভ কৰাৰ সময় নহয়। যিখিনি ইতিমধ্যে পঢ়িলা, সেইখিনিহে বাৰে বাৰে ৰিভিচন দিয়া।
২) উৰাবাতৰিত বিশ্বাস নকৰিবা: পৰীক্ষাৰ আগমুহূৰ্তত "এইবাৰ প্ৰশ্ন বৰ কঠিন হ’ব" বা "পেপাৰ ফাদিল হৈছে"— এনেধৰণৰ উৰাবাতৰিত একদম কাণ নিদিবা। যিকোনো বিষয়ৰ বাবে বিভাগীয় বা বিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশনাক গুৰুত্ব দিবা। কেৱল নিজৰ পঢ়াৰ ওপৰত বিশ্বাস ৰাখিবা।
৩) এডমিট কাৰ্ডৰ ফটোকপি: এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ ২ টা মান জেৰক্স কপি ঘৰত থৈ দিবা। যদি আচলখন কিবা কাৰণত হেৰাই যায় বা বেয়া হয়, তেন্তে ফটোকপিয়ে তৎক্ষণাৎ বিপদত সহায় কৰিব।
৪) সুৰক্ষিত এডমিট কাৰ্ড: নিজৰ এডমিট কাৰ্ডখন আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন নষ্ট নহ'বৰ বাবে লেমিনেশ্যন কৰি ল'ব পাৰা অথবা প্লাষ্টিকৰ কভাৰ বা ফাইলত সুৰক্ষিতকৈ ভৰাই ৰাখিবা।
৫) টোপনি খতি নকৰিবা: পৰীক্ষাৰ আগদিনা নিশা দেৰিলৈকে জাগি পঢ়ি নাথাকিবা। মগজুক জিৰণিৰ প্ৰয়োজন। কমেও ৬-৭ ঘণ্টা টোপনি মাৰিবা। টোপনি কম হ'লে পৰীক্ষাৰ হলত পঢ়া কথা মনত পেলাবলৈ (Recall) অসুবিধা হ'ব পাৰে।
৬)সাধাৰণ আহাৰ: পৰীক্ষা চলি থকা দিনকেইটাত বেছি তেল-মছলাযুক্ত আহাৰ নাখাবা। লঘু আৰু সহজপাচ্য আহাৰ গ্ৰহণ কৰিবা, যাতে শৰীৰ সুস্থ থাকে আৰু পৰীক্ষাৰ সময়ত এলেহুৱা ভাৱ নালাগে। পৰীক্ষাৰ দিনা পুৱা কেতিয়াও খালী পেটে বাবে কেৱল চাহ বিস্কুট জাতীয় খাদ্য খাই পৰীক্ষালৈ নাযাবা। ভোক গুচাই সাধাৰণ আহাৰ খাই যাব।
৭) স্বচ্ছ জ্যামিতি বক্স: পেঞ্চিল, ৰাবাৰ, স্কেল, কম্পাছ আদি থকা জ্যামিতি বক্সটো আগদিনাই সাজু কৰি থ’বা। পৰীক্ষাৰ হলত কাৰো পৰা খুজি সময় নষ্ট নকৰিবা। ট্ৰেন্সপেৰেন্ট (স্বচ্ছ) বক্স ব্যৱহাৰ কৰিবা।
৮) জ্যামিতিৰ সঁজুলিৰ ত্ৰুটি: পৰীক্ষালৈ যোৱাৰ আগতে জ্যামিতি বক্সৰ কম্পাছ বা ডিভাইডাৰৰ স্ক্ৰু ঢিলা হৈ আছে নেকি চাই ল'বা। ঢিলা কম্পাছেৰে বৃত্ত বা জ্যামিতীয় চিত্ৰ আঁকিলে জোখ ভুল হোৱাৰ সম্ভাৱনা থাকে।পেঞ্চিলৰ জোঙটোও চোকা কৰি ল'বা আৰু পৰিষ্কাৰ ৰবৰ ব্যৱহাৰ কৰিবা।
৯) নতুন কলমৰ সতৰ্কবাৰ্তা: পৰীক্ষাৰ দিনা পেকেটৰ পৰা উলিওৱা একেবাৰে নতুন কলম ব্যৱহাৰ নকৰিবা। নতুন কলম কেতিয়াবা খহটা হয়। কলমটো আগদিনাই ঘৰত ২-৩ পৃষ্ঠা লিখি 'ফ্ৰী' (Smooth) কৰি ল'বা।
১০) আশীৰ্বাদ: পৰীক্ষালৈ যোৱাৰ আগতে ঘৰৰ পৰা ওলাওঁতে মা-দেউতা বা জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'বা।
ই অন্ধবিশ্বাস নহয়, ই এক 'Positive Psychology'।
ই তোমাৰ মনত সাহস যোগাব ।
১১) যান-জঁটৰ বাবে অতিৰিক্ত সময়: পৰীক্ষাৰ দিনবোৰত ৰাস্তাত স্বাভাৱিকতে ভিৰ বেছি হয়। সেয়েহে কমেও ৩০ মিনিট বা ততোধিক বেছি সময় হাতত লৈ ঘৰৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ ওলাবা।
১২) 'নেতিবাচক' সংগীৰ পৰা দূৰত্ব: পৰীক্ষা কেন্দ্ৰৰ বাহিৰত এনেকুৱা কিছুমান বন্ধু থাকে যিয়ে কয়— "মই একোৱেই পঢ়া নাই" বা "আজিৰ পেপাৰ বৰ টান হ'ব"। এনেকুৱা কথা পতা মানুহৰ পৰা পৰীক্ষাৰ আগমুহূৰ্তত দূৰত থাকিবা। তেওঁলোকৰ কথাই তোমাৰ আত্মবিশ্বাস কমাব পাৰে।
১৩) প্ৰথম দিনৰ সতৰ্কতা: পৰীক্ষাৰ প্ৰথম দিনা অলপ সোনকালে গৈ পৰীক্ষা কেন্দ্ৰত নিজৰ ছিটটো বিচাৰি ল’বা। ঘৰৰ পৰা ওলাওঁতে এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু জ্যামিতি বক্স লগত লৈছানে নাই, পুনৰ এবাৰ পৰীক্ষা কৰি ল’বা।
১৪) ডেস্ক বা বেঞ্চ পৰীক্ষা: পৰীক্ষা আৰম্ভ হোৱাৰ আগতে তুমি বহিবলগীয়া বেঞ্চ বা ডেস্কখন এবাৰ চাই ল'বা। যদি ডেস্কখনত গাঁত থাকে বা বৰকৈ লৰচৰ কৰি থাকে, তেন্তে লগে লগে নিৰীক্ষকক (Invigilator) জনাই সলাই ল'বা, নহলে লিখাত অসুবিধা হ'ব।
১৫) বহী পূৰণ আৰু OMR-ৰ সতৰ্কতা: পৰীক্ষাৰ বহীখন পোৱাৰ লগে লগে ৰ’ল নম্বৰ আৰু অন্যান্য তথ্যবোৰ ধীৰ-স্থিৰভাৱে পূৰণ কৰিবা। OMR Sheet-ত এবাৰ ভুল হ'লে শুধৰাব নোৱাৰি, গতিকে খুব সাৱধান হ’বা। কোনো কাৰণতে OMR-ত বগা চিঞঁহী (Whitener) ব্যৱহাৰ নকৰিবা।
১৬) প্ৰশ্নকাকতৰ 'চেট' (Question Paper Set): তোমাৰ প্ৰশ্নকাকতখন কোনটো 'চেট'-ৰ (যেনে- Set A, B, C), সেয়া উত্তৰ বহীৰ নিৰ্দিষ্ট স্থানত শুদ্ধকৈ লিখিবলৈ নাপাহৰিবা। ভুল চেট লিখিলে গোটেই উত্তৰ ভুল বুলি গণ্য হ'ব পাৰে।
১৭) মাৰ্জিন (Margin): উত্তৰ বহীৰ বাওঁফালেতো মাৰ্জিন থাকেই, পাৰিলে সোঁফালেও পেঞ্চিলেৰে এটা সৰু মাৰ্জিন টানি ল'বা বা কাগজখন সামান্য ভাঁজ কৰি ল'বা। ই বহীখন দেখাত সুন্দৰ আৰু শৃংখলাবদ্ধ কৰে।
১৮) 'Brain Dump' টেকনিক: পৰীক্ষাৰ বহী পোৱাৰ লগে লগে, পাহৰি যোৱাৰ ভয় থকা টান সূত্ৰ যদি কিবা থাকে, তেন্তে বহীৰ শেষৰ পৃষ্ঠাত পেঞ্চিলেৰে সৰুকৈ লিখি থ’বা। তেতিয়া লিখাৰ সময়ত মগজুত চাপ নপৰে।
১৯) প্ৰশ্নকাকত পঢ়া: প্ৰশ্নকাকত পোৱাৰ পিছত ১০–১৫ মিনিট সময় লৈ আটাইকেইটা প্ৰশ্ন ভালকৈ পঢ়ি ল’বা। যিবোৰ প্ৰশ্ন ভালকৈ জানা, সেইবোৰ আগতে আৰম্ভ কৰিবা।
২০) প্ৰশ্নকাকতত লিখা নিষেধ: পৰীক্ষাৰ হলত প্ৰশ্নকাকতৰ (Question Paper) ওপৰত পেঞ্চিল বা কলমেৰে উত্তৰ বা অংক নকৰিবা।
২১) প্ৰশ্নকাকতখনক ভয় নকৰিবা: পৰীক্ষাৰ হলত তোমাৰ শত্ৰু হৈছে 'ভয়'। প্ৰশ্নকাকতখন যিমানেই টান নহওক, নিজকে ক'বা— "মই যিখিনি পঢ়িছোঁ, তাৰ পৰাই লিখিম আৰু মই পাৰিম।"
২২) সহজ প্ৰশ্নত অতি-উৎসাহী নহ'বা: কেতিয়াবা প্ৰশ্নকাকতখন বৰ সহজ যেন লাগিলে ছাত্ৰ-ছাত্ৰী আৱেগিক হৈ পৰে আৰু লৰালৰিকৈ লিখিবলৈ গৈ সৰু সৰু ভুল কৰে। প্ৰশ্ন সহজ হ’লেও শান্ত হৈ ধীৰ-স্থিৰভাৱে উত্তৰ লিখিবা।
২৩) অসুস্থ অনুভৱ কৰিলে: পৰীক্ষা দি থকা অৱস্থাত যদি হঠাৎ গা বেয়া লাগে, মূৰ ঘূৰায় বা বমি ভাব আহে, লাজ নকৰি লগে লগে নিৰীক্ষকক জনাবা। তেওঁলোকে তোমাক পানী দিয়াৰ বা প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰে।
২৪) 'অথবা' (OR) থকা প্ৰশ্নৰ বাছনি: যিবোৰ প্ৰশ্নত 'অথবা' (OR) থাকে, তাত লগে লগে উত্তৰ লিখিবলৈ আৰম্ভ নকৰিবা। দুয়োটা প্ৰশ্ন পঢ়ি চাবা। যিটো প্ৰশ্নৰ উত্তৰ তুমি ১০০% শুদ্ধকৈ আৰু কম সময়ত লিখিব পাৰিবা বুলি ভাবা, সেইটোহে বাছি ল'বা।
২৫) লিখাৰ গতিবেগ (Writing Speed): পৰীক্ষাৰ আৰম্ভণিতে খুব ধুনীয়াকৈ লাহে লাহে লিখা আৰু শেষৰ ফালে সময় নোহোৱাত খুব বেয়াকৈ খৰকৈ লিখা— এইটো নকৰিবা। প্ৰথমৰ পৰাই এটা মধ্যমীয়া গতি (Speed) বজাই ৰাখিবা।
২৬) ১ নম্বৰ বনাম ৫ নম্বৰ: ১ নম্বৰৰ প্ৰশ্ন এটাৰ বাবে আধা পৃষ্ঠা লিখি সময় নষ্ট নকৰিবা। যিমান বিচাৰিছে সিমানহে লিখিবা। বেছি লিখিলে বেছি নম্বৰ নাপায়, শুদ্ধ লিখিলেহে পায়।
২৭) উত্তৰৰ উপস্থাপন: পাৰ্থক্য লিখিবলৈ দিলে সদায় তালিকা (Table) বনাই লিখিবা। ৰচনা লিখোঁতে পেৰাগ্ৰাফ সলনি কৰিবা। বিজ্ঞানৰ উত্তৰবোৰত বুলেট পইণ্ট ব্যৱহাৰ কৰিলে পৰীক্ষকৰ চকুত পৰে।
২৮) চিত্ৰৰ গুৰুত্ব: বিজ্ঞান বা ভূগোলৰ দৰে বিষয়ত প্ৰশ্নত প্ৰত্যক্ষভাৱে উল্লেখ নাথাকিলেও, যদি প্ৰাসংগিক হয় তেন্তে পেঞ্চিলেৰে এটা পৰিষ্কাৰ চিত্ৰ আঁকি দিবা। চিত্ৰত অংশবোৰৰ নাম (Labeling) লিখিবলৈ নাপাহৰিবা।
২৯) উত্তৰৰ মাজত ফাঁক: এটা উত্তৰ শেষ হোৱাৰ পাছত আৰু আন এটা আৰম্ভ কৰাৰ আগতে কমেও ২ বা ৩ শাৰী খালী ঠাই এৰিবা। ই বহীখন পৰিষ্কাৰ কৰি ৰাখে।
৩০) পৰীক্ষকৰ বাবে সহজ কৰি দিয়া: পৰাপক্ষত উত্তৰবোৰ ক্ৰমান্বয়ে (Serial wise) লিখিবলৈ চেষ্টা কৰিবা। প্ৰশ্নৰ নম্বৰ স্পষ্টকৈ দিবা যাতে পৰীক্ষকৰ নিৰীক্ষণ কৰিবলৈ সুবিধা হয়।
৩১) কঠিন প্ৰশ্নত আৱদ্ধ হৈ নাথাকিবা: কোনোবা এটা প্ৰশ্নৰ উত্তৰ মনলৈ নাআহে বা কঠিন লাগে, তেন্তে তাত লাগি থাকি সময় নষ্ট নকৰিবা। অলপ ঠাই খালী এৰি পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যোৱা।
৩২) MCQ-ত 'Elimination Method': যদি MCQ-ত শুদ্ধ উত্তৰটো নাজানা, তেন্তে প্ৰথমে সেই উত্তৰবোৰ বাদ দিবা যিবোৰ হ'বই নোৱাৰে বুলি তুমি নিশ্চিত। তেনে কৰিলে শুদ্ধটো বাছনি কৰা সহজ হয়।
৩৩) ৰাফ (Rough) কামৰ সতৰ্কতা: অংক বা বিজ্ঞানৰ ৰাফ কামবোৰ য’তে-ত’তে নকৰিবা। উত্তৰ বহীৰ শেষৰ পৃষ্ঠা বা সোঁফালৰ এটা নিৰ্দিষ্ট অংশত পেঞ্চিলেৰে কৰি কাম শেষ হ’লে কাটি দিবা।
৩৪) 'Step Marking'-ৰ সুবিধা: বিশেষকৈ গণিত আৰু বিজ্ঞানৰ ক্ষেত্ৰত উত্তৰটো সম্পূৰ্ণ নহ'লেও বা শেষৰ উত্তৰটো ভুল হ'লেও কটা-কটি নকৰিবা। যিখিনি কৰিছা, তাৰ বাবেও নম্বৰ থাকে। মনত ৰাখিবা— "Something is better than nothing."
৩৫) একক (Units) লিখিবলৈ নাপাহৰিবা: গণিত আৰু বিজ্ঞানৰ ক্ষেত্ৰত উত্তৰৰ লগত একক (যেনে— ছে.মি., টকা) লিখাটো বাধ্যতামূলক। অংকটো শুদ্ধ হ'লেও একক নিলিখিলে নম্বৰ কটা যাব পাৰে।
৩৬) গণিতৰ ক্ষেত্ৰত 'Common Sense' প্ৰয়োগ: অংকৰ উত্তৰ ওলোৱাৰ পাছত এবাৰ ভাবিবা— উত্তৰটো বাস্তৱ সন্মত হৈছে নে নাই? উদাহৰণস্বৰূপে— মানুহৰ বয়স কেতিয়াও ঋণাত্মক (Negative) নহয়। যদি তেনেকুৱা ওলাইছে, তেন্তে ক'ৰবাত ভুল হৈছে বুলি লগে লগে ধৰিব পাৰিবা।
৩৭) উপপাদ্য লিখাৰ ধৰণ: জ্যামিতিৰ উপপাদ্য লিখোঁতে— 'দিয়া আছে', 'প্ৰমাণ কৰিব লাগে যে', 'অংকন' (যদি থাকে) আৰু 'প্ৰমাণ'— এই ধাপকেইটা স্পষ্টকৈ লিখিবা।
৩৮) ৰাসায়নিক সমীকৰণৰ সমতা: বিজ্ঞানত ৰাসায়নিক বিক্ৰিয়া লিখোঁতে সমীকৰণটো 'সন্তুলিত' (Balanced) কৰিবলৈ নাপাহৰিবা। লগতে পদাৰ্থৰ অৱস্থা (যেনে- s, l, g, aq) উল্লেখ কৰিলে উত্তৰটোৰ মানদণ্ড উন্নত হয়।
৩৯) ভাষাৰ বিষয়ত সতৰ্কতা: অসমীয়া, ইংৰাজী বা হিন্দীৰ দৰে বিষয়ত বানান (Spelling), যতি-চিন আৰু ব্যাকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিবা।
৪০) ভুল হ'লে কটাৰ নিয়ম: কিবা লিখোঁতে ভুল হ’লে বেয়াকৈ ঘঁহি-মাজি ক'লা নকৰিবা। ভুল হোৱা অংশৰ ওপৰেদি কলমেৰে মাত্ৰ এডাল আঁচ টানি কাটি দিবা।
৪১) সততা আৰু শৃংখলা: পৰীক্ষা হলত কেতিয়াও ইফালে-সিফালে চাবলৈ বা কথা পাতিবলৈ চেষ্টা নকৰিবা। আনকি মাটিত পৰি থকা কাগজৰ টুকুৰাও হাতত নুতুলিবা। তোমাৰ সৰু ভুল এটাই তোমাৰ পৰীক্ষা বাতিল কৰাব পাৰে।
৪২) আনক দেখি বিচলিত নহ'বা: পৰীক্ষা হলত তোমাৰ ওচৰৰ কোনোবাই লৰালৰিকৈ অতিৰিক্ত পৃষ্ঠা (Extra Sheet) ল'লে তুমি ভয় নাখাবা। 'বেছি লিখিলেহে বেছি নম্বৰ পায়'— এইটো এটা ভুল ধাৰণা। তুমি নিজৰ গতি আৰু উত্তৰৰ মানদণ্ডতহে গুৰুত্ব দিবা।
৪৩) শেষৰ ১৫ মিনিটৰ যাদু: পৰীক্ষা ২ ঘণ্টা ৪৫ মিনিটৰ বুলি ভাবিবা। শেষৰ ১৫ মিনিট সময় কেৱল 'Revision' বা পুনৰীক্ষণৰ বাবে ৰাখিবা। এই সময়ত সৰু-সুৰা ভুলবোৰ শুধৰাব পাৰিবা।
৪৪) অতিৰিক্ত পৃষ্ঠাৰ (Loose Sheet) ব্যৱস্থাপনা: অতিৰিক্ত পৃষ্ঠা বা 'লুজ্' কাগজ লোৱাৰ লগে লগে সেই পৃষ্ঠাৰ ওপৰত নিজৰ ৰ'ল নম্বৰ আৰু পৃষ্ঠা নম্বৰ (Page No 1, 2...) দি থ’বা। শেষত এইবোৰ বান্ধোতে সুবিধা হয়।
৪৫) উপস্থিতিৰ চহী: পৰীক্ষাৰ ব্যস্ততাৰ মাজত নিৰীক্ষকে অনা উপস্থিতিৰ কাগজত (Attendance Sheet) চহী কৰিবলৈ নাপাহৰিবা। চহী কৰাৰ সময়ত নিজৰ নাম আৰু ৰ’ল নম্বৰটো এবাৰ মিলাই ল’বা।
৪৬) 'দিছোঁ নে নাই' চেক লিষ্ট: বহী জমা দিয়াৰ ঠিক আগমুহূৰ্তত মনতে এবাৰ চেক কৰিবা— ৰ’ল নম্বৰ, ৰেজিস্ট্ৰেশ্যন নম্বৰ, মুঠ পৃষ্ঠা সংখ্যা, অতিৰিক্ত পৃষ্ঠা গাঁঠি দিছোঁনে নাই আৰু গ্ৰাফ বা মেপ সংলগ্ন কৰিছোঁ নে নাই।
৪৭) পৰীক্ষাৰ পাছত আলোচনা নকৰিবা: পৰীক্ষা হলৰ পৰা ওলাই অহাৰ পাছত লগৰ বন্ধু-বান্ধৱীৰ লগত উত্তৰ মিলাবলৈ নাযাবা। যি লিখিলা, সেয়া জমা দি আহিলা। সেইবোৰ আলোচনা কৰিলে কেতিয়াবা মনটো বেয়া হ’ব পাৰে, তাৰ সলনি "Next Exam"-ৰ বাবেহে চিন্তা কৰিবা।
৪৮) পৰীক্ষা শেষ হোৱা বিষয়ৰ কিতাপ: যিখন পেপাৰৰ পৰীক্ষা হৈ গ'ল, ঘৰলৈ আহি সেই বিষয়ৰ কিতাপ-বহী চকুৰ আগৰ পৰা আঁতৰাই পেলাবা।
৪৯) এডমিট কাৰ্ডত নিলিখিবা: এডমিট কাৰ্ডখনত পেঞ্চিল বা কলমেৰে কোনো ধৰণৰ অংক, ফোন নম্বৰ বা টোকা লিখি নাৰাখিবা। পৰীক্ষা কেন্দ্ৰত চেক কৰোঁতে ইয়াৰ বাবে তোমাক বাধা দিব পাৰে।
৫০) পৰীক্ষা কেন্দ্ৰ এৰাৰ আগতে: পৰীক্ষা শেষ হোৱাৰ পাছত কেন্দ্ৰৰ পৰা ওলাই অহাৰ আগতে এবাৰ নিজৰ ডেক্স বা বেঞ্চখন চাই ল'বা। ভুলতে জ্যামিতি বক্স, এডমিট কাৰ্ড তাত এৰি আহিছা নেকি নিশ্চিত হৈ ল'বা।
শেষত, সকলোলৈ পুনৰ এবাৰ শুভকামনা থাকিল। নিজৰ ওপৰত বিশ্বাস ৰাখিবা, ফলাফল নিশ্চয় ভাল হ'ব।
(সংগৃহীত বাৰ্তা)