16/08/2025
স্বাধীনতা দিৱসৰ দিনাই বামুণপুখুৰীৰ চাৰিআলি সমিপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি বামুণপুখুৰী কাড়চোৱা বলিমৰাত নিশা বৰচিলা দিশৰ পৰা নামতি অভিমুখে আহি থকা এখন চাৰি সুকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এটা বৈদ্যুতিক খুটাত প্ৰচণ্ড খুন্দা মৰাৰ ফলত বাহনত অহা এজন লোক গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। বৈদ্যুতিক খুটাত খুন্দা মৰাৰ ফলত বহু সময় ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। নিশাই ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ বাহন খন জব্দ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হৈছে এ,এচ০৪ ডি- ০০০৬ ।।
*নাজিৰাৰ পৰা হাফিজ আলী*,